অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থোৰতে হাৰ্টৰ কথা

থোৰতে হাৰ্টৰ কথা

 

আমাৰ দেহৰ অন্তৰ্ভাগত থকা হৃৎপিণ্ড অর্থাৎ হাৰ্টৰ কথা সকলোৱে জানে। অসুখ-বিসুখ হ’লেই আমি চিকিৎসকৰ ওচৰ চাপো আৰু চিকিৎসকেও হাতত টেপা মাৰি ধৰি অথবা ষ্টেথ'স্কোপৰ সহায়ত আমাৰ হৃৎস্পন্দৰ উমনি লয়। স্বাস্থ্যবিজ্ঞান মতে, প্রতি মিনিটত আমাৰ হৃৎস্পন্দন গড়ে ৭২ বাৰ হ’ব লাগে।

আমাৰ দেহত ধমনী, সিৰা-উপসিৰা আৰু কোশিকা (cappilla ries) ৯৬,০০০ কিলোমিটাৰকৈ অধিক ঠাই বিয়পি থাকে। চিকিৎসকৰ মতে, হার্টৰ কোনো যান্ত্রিক পাম্প নাই। কিন্তু আৱেগ বিহ্বল অৱস্থাত হার্টে ৰক্ত পাম্প কৰি খৰতকীয়া গতিৰে ৰক্ত সঞ্চালন কৰে। হার্টৰ পেশী আন পেশীতকৈ পৃথক। গতিকে ক্ষিপ্ৰ গতিৰে ৰক্ত সঞ্চালন কৰিলেও পেশীবোৰ ভাগৰি নপৰে। হৃদধমনীৰে (coronary arteries) ৰক্ত সঞ্চালন হৈ হাৰ্টত জমা হয়। কেতিয়াবা চর্বিজাতীয় পদার্থ জমা হৈ হৃদধমনীবোৰ ঠেক হৈ আহে। তেতিয়া ৰক্ত সঞ্চালনত বাধাপ্রাপ্ত হয়, তেজ গোট মাৰে আৰু বুকুত বিষ অনুভূত হয়। লগে লগে হাৰ্ট এটেক হয় আৰু মানুহৰ মৃত্যু ঘটে। অৱশ্যে বুকুৰ বিষ অনুভৱ হোৱাৰ লগে লগে যদি বাইপাছ ছাৰ্জাৰী (ৰোগীৰ ভৰিৰ সিৰাৰ অংশবিশেষ কাটি আনি সংযোজন কৰা) কৰিলে ৰোগী সুস্থ হৈ উঠে। কিন্তু সকলো সময়তে কৰাটো সম্ভৱৰ নহয়। গতিকে হার্ট এটেক হয়।

সাধাৰণতে শতকৰা ৫০ ভাগ হাৰ্ট এটেক শুই থকা অৱস্থাত বা জিৰণি লওঁতে সংঘটিত হয়।

হাৰ্ট এটেকৰ পৰা হাত সাৰি থাকিবলৈ ডাঃ পল ডাদলি হোৱাইটে মত প্রকাশ কৰে যে নিতৌ কঠিন কাম কৰি থাকিলে অথবা ব্যায়াম নিয়মিতভাৱে কৰি থাকিলে স্বাস্থ্যৱান লোকৰ হার্ট এটেক হ’ব নোৱাৰে। তেওঁৰ মতে, ‘চাইকেল চলোৱা এটা অতি উত্তম ব্যায়াম।” উল্লেখযোগ্য যে ডাঃ হোৱাইটে আশী বছৰ অতিক্ৰম কৰাৰ পাছতো সদায় চাইকেল চলাইছিল।

বহু চিকিৎসকৰ মতে, কম বয়সৰ পৰাই নিয়মিত ব্যায়াম অথবা খৰকৈ খোজ কঢ়া হার্ট সুৰক্ষাৰ প্ৰেছক্ৰিপচনৰ ভিতৰত পৰে। এনে অভ্যাস মানি চলিলে হার্ট এটেক আৰু হার্ট ষ্ট্রোকৰ পৰা বাচি থাকিব পাৰি। তদুপৰি দেহৰ ওজন কমাবলৈ কেলৰি দহনৰ সহায় কৰে একমাত্ৰ ব্যায়ামে।

সেয়ে সময় থাকোতে চিকিৎসকৰ দ্বাৰা নিজৰ দেহটো সম্পূর্ণ পৰীক্ষা-নিৰীক্ষা কৰি ব্যায়াম কৰক আৰু আপোনাৰ হার্টটো শক্তিশালী কৰক। তেতিয়া হাৰ্ট এটেকৰ বিপদৰ সম্ভাৱনা নিচেই ক্ষীণ।

লিখক: ড: পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।

 

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate