অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুষিত আহাৰ :

দুষিত আহাৰ :

 

সুষম আহাৰ গ্ৰহণৰ যোগেদি একোজন ব্যক্তি যেনেকৈ সুস্বাস্থ্যৰ গৰাকী হ’ব পাৰে সেইদৰে দুষিত আহাৰ গ্ৰহণৰ পৰাও শৰীৰত নানাবিধ বেমাৰ-আজাৰ হ’ব পাৰে। বিভিন্ন উৎসৰ পৰা খোৱা খাদ্যত বিভিন্ন ৰোগ সংক্ৰমিত হ’ব পাৰে। যেনে-পানী, খোৱা খাদ্য ৰন্ধা বাচন-বৰ্তন খাদ্য পৰিৱেশন কৰা কাঁহী-বাটি, খাদ্য লেতেৰা হাতেৰে চোৱা-মেলা কৰি আদি।

জীৱ-জন্তু, ৰোগাক্ৰান্ত মানুহৰ মল-মুত্ৰৰ দ্বাৰা দুষিত হোৱা মাটিত উৎপাদিত হোৱা ফল-মুল ,শাক –পাচলি আদিত বিভিন্ন পৰাশ্ৰয়ী কীটাণুৰ দ্বাৰা সংক্ৰমণ হয়। এনে ঠাইত হোৱা শাক-পাচলি, ফল-মুল খালে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে। গতিকে বজাৰৰ পৰা অনা শাক-পাচলি, ফল-মুলভালকৈ পৰিষ্কাৰ পানীৰে ধুই, পাৰিলে কিছু সময় নিমখ-পানীত তিয়াই থৈ ভালকৈ ধুইহে ফ্ৰীজত ভৰাব লাগে।

গাখীৰ অতি সহজেই বিভিন্ন ক্ষুদ্ৰ কীটাণুৱে সংক্ৰমিত কৰে। এই বীজাণুমুক্ত গাখীৰ খোৱাৰ পৰাও ডিফথেৰিয়া, টাইফয়ড, পেৰা-টাইফয়ড, হাইজা, গ্ৰহণী আদি ৰোগৰ সংক্ৰমণ হ’ব পাৰে। গাখীৰৰ লগতে গুৱালে য’ৰে-ত’ৰে পানী মিহলি কৰিও গাখীৰ দুষিত কৰা দেখা যায়। সেই কাৰণে গাখীৰ ভালকৈ উতলাই ইয়াৰ বীজাণু ধ্বংস কৰি খোৱাৰ কাৰণে নিৰাপদ কৰি ল’ব লাগে।

পানীয়েই আমাৰ প্ৰাণ। এই পানীও ৰোগ সংক্ৰমণৰ প্ৰধান মাধ্যম। খোৱাপানী সুৰক্ষিত নহ’লে আমাৰ শৰীৰত বিভিন্ন ৰোগ বিয়পিব পাৰে। গতিকে খোৱা পানীখিনি যদি সুৰক্ষিত এলেকাৰ নহয়, তেনেহ’লে পানী ভালকৈ উতলাই ঠাণ্ডা কৰি অথবা ফিল্টাৰ কৰিহে খোৱাটো নিৰাপদ।

আহাৰ খাবলৈ ব্যৱহাৰ কৰা বাচন-বৰ্তন আৰু ৰন্ধাৰ কাৰণে ব্যৱহাৰ কৰা বাচন-বৰ্তনৰ যোগেদিও বিভিন্ন ৰোগ বিয়পাৰ সম্ভাৱনা থাকে। সেই কাৰণে খোৱা-বাচন, ৰন্ধা-বাচন, বাচন ধোৱা চাবোনেৰে পৰিষ্কাৰকৈ ধুই ৰ’দত শুকাইহে পুনৰ ব্যৱহাৰ কৰিব লাগে।

অস্বাস্থ্যকৰ পৰিৱেশত আহাৰ গ্ৰহণ কৰিলেও আহাৰ দুষিত হ’ব পাৰে। ৰান্ধনী আৰু আহাৰ পৰিৱেশনকাৰী পৰিষ্কাৰ-পৰিচ্ছন্ন নহ’লে তাৰ পৰাও বেমাৰৰ বীজাণু বিয়পিব পাৰে। খোৱাৰ কাৰণে প্ৰস্তুত কৰি ৰখা খাদ্যত মহ-মাখি আদি যাতে নপৰে তাৰ বাবে খোৱা খাদ্য ঢাকি ৰাখিব লাগে। পৰুৱা, মাখি আদি খোৱা বস্তুত পৰিলে সেই খাদ্যত বেমাৰৰ বীজাণু বিয়পিব পাৰে। খোৱা বস্তু কেতিয়াও হাতেৰে দিব নালাগে। প্ৰতিবিধ খাদ্যবস্তু পৰিৱেশন কৰোতে হেতা বা চামুচ ব্যৱহাৰ কৰিব লাগে।

ইয়াৰ বাহিৰেও আহাৰ খাওঁতাজনেও খোৱাৰ আগতে হাত ভালকৈ চাবোনেৰে ধুই চাফা কাপোৰেৰে বা গামোচাৰে হাত ভালকৈ মচি শুকাই আহাৰ গ্ৰহণ কৰিব লাগে। নখ চুটিকৈ কাটি নখৰ মাজত যাতে মলি সোমাই নাথাকে তালৈ লক্ষ্য ৰাখিব লাগে।

আহাৰ প্ৰস্তুতকৰ্তাজনেও হাতত কটা-ছিগা বা ঘা থাকিলে সেই হাতেৰে আহাৰ প্ৰস্তুত কৰিব নালাগে। আহাৰ প্ৰস্তুত কৰি থাকোতে নাক, চুলি আদি চোৱা-মেলা কৰি থাকিব নালাগে। অসৱাধানবশত: কেতিয়াবা কেতিয়াবা কাৰোবাৰ খাদ্যত চুলি ওলোৱা দেখা যায়। তেনে অৱস্থাত খোৱাৰ পৰিৱেশটোৱেই বিনষ্ট হৈ যায়। ৰন্ধ আহাৰ বা খাবলৈ প্ৰস্তুত কৰা যিকোনো আহাৰৰ ওপৰত হাঁহি বা কাহ মৰাটো অনুচিত।

এইবোৰ স্বাস্থ্যসন্মত নিয়ম মানি চলিলে আমাৰ খোৱা আহাৰ ৰোগ সংক্ৰমণৰ পৰা নিৰাপদ হ’ব।

লেখিকা: ৰেণু বৰা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate