অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধ্যান কৰক আনন্দত থাকক

ধ্যান কৰক আনন্দত থাকক

 

বৰ্তমান সময়ত ধ্যান অথবা মেডিটেনচন বুলি ক’লে হয়তো এই বিশেষ শব্দটো শুনি নোপোৱা ব্যক্তি খুবেই কম ওলাব । ধ্যান পতঞ্জলিৰ অষ্টাংগ যোগৰ সপ্তম অংগ । যাক আমি অন্তৰংগ যোগ বুলিও ক’ব পাৰো । এই ধ্যানে আপোনাৰ সুপ্ত প্ৰতিভা আৰু শক্তিক জগাই তুলিব পাৰে । আমাৰ মনলৈ অনবৰতে বিভিন্ন ধৰণৰ চিন্তাপ্ৰবাহ আহি থাকে । বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে দিনটোৰ ভিতৰত ৬০,০০০ ৰ ওপৰত চিন্তা আমাৰ মনৰ মাজেৰে পাৰ হৈ যায় । আৰু তাৰে বেছিভাগ চিন্তা নকৰাত্মক ধৰণৰ । বিজ্ঞানৰ গৱেষণাৰ অনুসৰি আমি আমাৰ মগজুৰ দুই শতাংশ শক্তিহে ব্যৱহাৰ হয় । ধ্যানৰ দ্বাৰা একপ্ৰকাৰ আমাৰ মনটো চিন্তাশুন্য কৰিব পাৰো আৰু মানসিক শক্তি তথা বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰিব পৰা যায় ।

ধ্যান এনে এক মাধ্যম –

যিয়ে মগজুৰ  Right hemisphere আৰু left hemisphere ৰ হৰম’নৰ নি:সৰণ সন্তুলিত কৰি মগজুৰ নিষ্ক্ৰিয় কোষ আৰু নিউৰনসমূহক সক্ৰিয় কৰিব পাৰে ।

ধ্যানে চঞ্চল মনক অন্য চিন্তাসমূহৰ পৰা আঁতৰাই আনি কোনো নিৰ্দিষ্ট বিন্দুত কেন্দ্ৰিত কৰিব পাৰে । এই বিন্দু যিকোনো ধৰণৰ হ’ব পাৰে । কাৰোবাৰ বাবে ঈশ্বৰ, কাৰোবাৰ বাবে ব্যৱসায়ীকেন্দ্ৰিক আৰু কাৰোবাৰ বাবে অধ্যয়নৰ বিষয়বস্তু হ’ব পাৰে ।

ধ্যান আমি কেনেকৈ কৰিম তাৰে কিছুমান সহজ পদ্ধতি তলত উল্লেখ কৰিলো-

১) দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনৰ মাজৰ পৰা অলপমান সময় উলিয়াই নিতৌ অন্তত: ১০-১৫ মিনিট অভ্যাস কৰিলেই আমি উপকৃত হ’ব  পাৰো ।

২) কোনো এক নিৰিবিলি পৰিৱেশত আৰামত বহি লঘু মিউজিকত উশাহ-নিশাহ গণিব লাগে । আৰম্ভণিতে ১০ মিনিটৰ পৰা অভ্যাস কৰি পিছলৈ ২০ মিনিটলৈকে সময় বঢ়াব লাগে ।

৩) আপোনাৰ ঘৰৰ দেৱালত এটি বিন্দু অংকন কৰি একেৰাহে ১০ মিনিটলৈকে চাওক, ইও এক ধ্যানৰ উত্তম পদ্ধতি ।

৪) যি কামেই আপুনি কৰি আছে তাক সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক । মন কৰি থাকক- আপোনাৰ মনত অপ্ৰয়োজনীয় চিন্তাই যাতে বাহ নলয় ।

৫) সহজ এক আসনত বহি শৰীৰৰ অংগসমূহৰ পৰা চাপমুক্ত কৰিবলৈ আৰম্ভ কৰক । আৰু মন কৰক শৰীৰ অন্ত্ৰিকা আৰু মনৰ চাপ আৰু বিষ নিশাহৰ লগতে বাহিৰলৈ ওলাই গৈছে । এনে সংকল্প ভাবনাই বা কল্পনাই আমাৰ নকৰাত্মক ভাবনাসমূহ সংযত কৰিব পাৰো তথা শৰীৰৰ পৰা অনেক বেমাৰ দূৰ কৰিব পাৰো । এনেধৰণে আমি যদি নিতৌ ধ্যান অভ্যাস কৰিবলৈ লওঁ, তেন্তে নিশ্চয় শাৰীৰিক সক্ষমতা বৃদ্ধি হোৱাৰ লগতে মানসিক শক্তিও বৃদ্ধি পাব । এককথাত ক’বলৈ গ’লে প্ৰত্যেকজন ব্যক্তিৰে মগজুত অসীম শক্তিৰ ভাণ্ডাৰ আছে । যাক আমি ধ্যানৰ জৰিয়তে বঢ়াই তুলিব পাৰো ।

মহান আধ্যাত্মিক গুৰু ওচোৰ মতে- যদিহে আপুনি জীৱন পূৰ্ণতাৰে জীয়াই থাকিব বিচাৰে, তেন্তে ধ্যান কৰক । এই ধ্যানে শৰীৰক অধিক তেজস্বী আৰু স্বাস্থ্যৱান কৰি তুলিব । আৰু সুন্দৰ স্বপ্নবিহীন টোপনি দি শিক্ষাৰ্থীসকলকো কম সময়ত পঢ়াৰ ওপৰত একাগ্ৰতাৰে মনোনিৱেশ কৰিব পাৰিব ।

লেখক :- ভাস্কৰ হাজৰিকা

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate