প্লামত কেলৰি কম থাকে (৪৬ কেলৰি প্ৰতি ১০০ গ্ৰামত)। ইয়াত ফেট কম থাকে। ইয়াত ভিটামিন আৰু মিনাৰেল থাকে। একেদৰে ‘চৰ বিটল’ আৰু ‘ইচাটিন’ নামৰ আঁহ থাকে, যি হজম প্ৰক্ৰিয়া সহজ কৰি তোলে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। ইয়াত ভিটামিন ‘চি’ পোৱা যায়। অলপ হালধীয়াবোৰত ‘এ’ ভিটামিনো পোৱা যায় যি চকুৰ ৰশ্মিৰ বাবে ভাল। প্লামত প্ৰচুৰ পৰিমাণৰ পটাছিয়াম আৰু আইৰণ পোৱা যায়, যি তেজৰ কোষ গঠনত সহায়ক হয়। পটাছিয়ামে হাৰ্ট আৰু ব্লাড প্ৰেছাৰ কণ্ট্ৰ’লত ৰাখে। ইয়াত ‘বি কমপ্লেক্স’ আৰু ভিটামিন ‘কে’ও পোৱা যায়।
লেখকঃ জিণ্টুমণি বৰা
উৎস:খবৰ
শেহতীয়া উন্নীতকৰণ: : 4/15/2020