আমি যি ধৰণৰ আহাৰ প্ৰতিদিনে খাওঁ, তাৰ পোনপটীয়া প্ৰভাৱ আমাৰ শৰীৰটোৰ ওপৰত পৰে। যিখিনি খাওঁ, সেইখিনিৰ যোগেদি আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টিখিনি পায়নে।
ই এক চিন্তনীয় প্ৰশ্ন। আচলতে বয়সৰ হিচাপত শৰীৰলৈ অহা পৰিৱৰ্তন অনুসাৰে নিজৰ খাদ্যাভ্যাসলৈও পৰিৱৰ্তন আনিব লাগে। শৰীৰটো সক্ৰিয় আৰু সুস্থ ৰখাৰ বাবে বয়স অনুসাৰে আমাৰ খোৱা-বোৱা কেনে হোৱা উচিত, জানো আহক।
প্ৰায়ে জ্যেষ্ঠসকলে কোৱা শুনা যায়- যেনে খাদ্য তেনে হ’ব শাৰীৰিক অৱস্থা। সকলো বয়সতে শাৰীৰিক আৰু মানসিক বিকাশৰ অৰ্থে ভিন্ন ৰকমৰ খাদ্যৰ প্ৰয়োজন হয়। ৫০ বছৰ বয়সত ২৫ বছৰীয়াজনৰ নিচিনাকৈ খাদ্য গ্ৰহণ কৰিলে নহ’ব।
আমাৰ আহাৰত প্ৰ’টিন আৰু কাৰ্ব’হাইড্ৰেটৰ উপৰি পৰিপূৰক বিভিন্ন খাদ্যৰ মহত্ত্বপূৰ্ণ স্থান আছে। এনেস্থলত নিজৰ বয়সলৈ চাই খোৱা-বোৱাৰ অভ্যাসলৈও পৰিৱৰ্তন অনা দৰকাৰ। কেনে বয়সত কেনেকুৱা খাদ্যৰ প্ৰয়োজন- এই বিষয়ক কিছু কথা জানি থোৱা ভাল।
জন্মৰ পৰা পাঁচ বছৰলৈকে:
এইটো বয়সত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ খুব দ্ৰুততৰহয়। এই কাৰণত সিহঁতক কাৰ্ব’হাইড্ৰেট আৰু চৰ্বি জাতীয় খাদ্য সঠিক মাত্ৰাত দিয়া প্ৰয়োজন। লগতে মানসিক বিকাশৰ কাৰণে পুষ্টিসাধক অন্যান্য খাদ্যৰো দৰকাৰ।
যেনে-
হাড়ৰ সুস্থ বিকাশৰ বাবে কেলচিয়ামযুক্ত খাদ্য, উদাহৰণস্বৰূপে গাখীৰ, দৈ পনিৰ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ল’ৰা-ছোৱালীক বাহিৰৰ পেকেটত ৰখা খাদ্য খোৱত বাধা দিয়ক, নহ’লে সিহঁতৰ ভোক কমি আহিব। ফলত অন্যান্য দৰকাৰী বস্তু নাখাব।
ইয়াৰ বিপৰীতে সিহঁতক ঘৰতে ৰন্ধা মুগৰ দাইল, ছুপ, হালোৱা আদি খুৱাওক। আমিষ খাদ্য খায় যদি মাছ, মাংস, কণীও যথেষ্ট লাভদায়ক।
ছয়ৰ পৰা বিশ বছৰলৈ:
শৈশৱৰ ডেওনা পাৰ হৈ কৈশোৰত ভৰি দিয়াৰ মুহূৰ্তত শৰীৰত হৰম’নৰ পৰিৱৰ্তন হ’বলৈ ধৰে। এই বয়সত প্ৰ’টিনৰ প্ৰয়োজন সবাতোকৈ বেছি। সেয়ে দাইল, কণী, মাছ, মাংস আদিৰ সেৱন কৰা লাভদায়ক।
বিশেষকৈ কিশোৰীসকলৰ মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয় বাবে আয়ৰন, কেলচিয়াম আৰু ভিটামিন ‘ডি’ৰ আৱশ্যকতা বাঢ়ি যায়। স্কুললৈ আহ-যাহ কৰা শিশুসকলক শাৰীৰিকভাৱে অধিক সক্ৰিয় কৰি তোলাৰ বাবে কেলচিয়াম জাতীয় খাদ্যৰ অতি প্ৰয়োজন।
গাখীৰৰ পৰা তৈয়াৰী বস্তু, কল, বিবিধ ফল, তিলৰ তেল আদি ইয়াৰ ভাল স্ৰোত। লগতে বতৰৰ ফল।
যেনে-
একৈশ বছৰৰ পৰা পঁয়ত্ৰিশ বছৰলৈকে:
বয়স বাঢ়ি অহাৰ লগে লগে এফালেদি শাৰীৰিক বিকাশৰ প্ৰক্ৰিয়া মন্থৰ হৈ আহে। আনফালেদি শাৰীৰিক শ্ৰম কমি অহাৰ ফলত কাৰ্ব’হাইড্ৰেটৰ প্ৰয়োজনো কমি আহে। ইফালে, আকৌ গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলক অধিক কেলচিয়াম, আয়ৰন, ভিটামিন, বি১২ৰ আৱশ্যক হয়। এনে সময়ত-
এই বয়সৰ পৰা নিমখ, চেনি কম পৰিমাণে খোৱা উচিত।
ছয়ত্ৰিশৰ পৰা পঞ্চাশলৈ:
বাঢ়ি অহা বয়সৰ প্ৰভাৱ ছালখনত স্পষ্ট হৈ উঠে। ছাল কোঁচ খায়। ঢিলা হৈ পৰে। ইয়াৰ পৰা ৰেহাই পাবলৈ এন্টি অক্সিডেন্টক খাদ্যত অন্তৰ্ভুক্ত কৰক। নানাৰঙী ফল, শাক-পাচলি, গ্ৰীন টি আদিত এন্টি অক্সিডেন্ট প্ৰচুৰ মাত্ৰাত পোৱা যায়। এই বয়সত উচ্চ ৰক্তচাপ, মধুমেহ আৰু মেদবহুলতাৰ সমস্যা সাধাৰণতে হয়। এনেস্থলত চৰ্বিযুক্ত খাদ্যৰ ব্যৱহাৰ কমকৈ কৰিব লাগে। বিশেষকৈ মহিলাসকলৰ এই বয়সৰ ভিতৰত মেনোপ’জ আৰম্ভ হোৱাৰ হেতু কেলচিয়ামৰ পৰিমাণ কমি আহিবলৈ ধৰে। এই কাৰণতে কেলচিয়ামযুক্ত বস্তু অধিক মাত্ৰাত শৰীৰক যোগান ধৰিব লাগে।
একাৱনৰ পৰা সত্তৰলৈকে:
বয়োজ্যেষ্ঠসকলক সৰু ল’ৰা-ছোৱালীৰ সমানেই শক্তিৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণ হৈছে এই যে এইটো বয়স পোৱালৈকে ব্যক্তিৰ বহু কোষ নষ্ট হ’বলৈ ধৰে। এনেক্ষেত্ৰত প্ৰ’টিনযুক্ত আহাৰ অধিক মাত্ৰাত খাব লাগে। কফৰ পৰা ৰেহাই পাবলৈ আঁহযুক্ত খাদ্য খোৱা উচিত।
ইয়াৰ লগতে ভিটামিন ডি, বি১২ আৰু খনিজ পদাৰ্থ জাতীয় খাদ্যও অন্তৰ্ভুক্ত কৰক। কেঁচা বুট, মুগ, মাংস, কণী আৰু ফল আদি এই জাতীয় খাদ্য।
লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 3/5/2020