সৰুতে শ্বিলঙৰ পৰা বন্ধৰ দিনত গুৱাহাটীলৈ আহিলে পাণবজাৰৰ আইতাৰ ঘৰত থকা হৈছিল। আইতাৰ শিক্ষা কম আছিল, তাহানিৰ বাল্যবিবাহৰ দিনৰে। কিন্তু তেখেতৰ ব্যস্ততা, সৃষ্টিশীলতাই তেখেতক ৰোগৰ পৰা আঁতৰত ৰাখিছিল। কুৰূচাৰে বিছনা চাদৰ, শলাৰে উলৰ চুৱেটাৰ, টেটিঙেৰে টেবল ক্লথ, পৰ্দাত ফেব্রিক পেইণ্টিৰ ফুল আৰু ব্ৰাছ কৰি উজ্জ্বল কৰি ৰখা আচবাব। শুবলৈ পৰা বিছনা চাদৰত বেজীসূতাৰ ৰামধেনু ছবি! নেফথেলিন আৰু চাবোনৰ গোন্ধ (সুবাস?) আৰু আদৰ-আতিথ্য! ঘৰৰ সন্মুখৰ ফুলনিৰ ফুলৰ আটোমটোকাৰি তদাৰক। এবাৰ “ফুটবল লিলি’, ফুলাৰ সময়ত আমাক আগ্ৰহেৰে চাবলৈ মতাৰ লগতে পাণবজাৰৰ ষ্টুডিঅ’ৰ মানুহ মতাই আনি ফুলৰ ছবি তুলিছিল। সেই সময়ত জীৱন সহজ আছিল, সৰল আছিল। সৃষ্টিশীলতাই ৰোগৰ পৰা আঁতৰত ৰখা আইতাই মৃত্যুৰ সময়লৈ বয়সক সেউজ কৰি ৰাখিছিল ইতিবাচক সৃষ্টিৰে।
শিল্পসাধনা নেথাকিলেও যিকোনো শিল্পৰ প্ৰতি মন আকৃষ্ট কৰিব পাৰিলে মানসিক সন্তুষ্টি, উদ্বেগ নিয়ন্ত্রণ, হতাশা পাৰ কৰাৰ অৱকাশ আগবঢ়ায় আৰু আমাৰ পৰিপূৰ্ণ বয়সত আনন্দেৰে, সৃষ্টিশীলতাৰে, ইতিবাচক কৰ্মৰে জীৱন অতিবাহিত কৰিবলৈ সক্ষম হওঁ। বয়স বৃদ্ধি এক স্বাভাৱিক প্রক্রিয়া। বয়সৰ ধাৰাবাহিক বৃদ্ধিয়ে জীৱন সমৃদ্ধ কৰে। বয়স বৃদ্ধি সমস্যা নহয়, বয়স বৃদ্ধিক ইতিবাচক মনোভাৱেৰে উদযাপন কৰা উচিত। সকলো ব্যক্তিয়ে সহযোগিতাৰ দ্বাৰা তেওঁলোকৰ মাজত থকা ক্ষমতাৰ সদ্ ব্যৱহাৰ কৰাটো আদৰণীয়। প্রতিদিনেই আমাৰ অলপ অলপকৈ বয়সৰ বৃদ্ধি হয়। কোৱা হয়, কোনো কামৰ আৰম্ভণিৰ বাবে কোনো সময়েই পলম নহয়। জীৱনৰ যিকোনো বয়সতেই মানুহে যিকোনো কামৰ আৰম্ভণি কৰিব পাৰে। তাৰ বাবে
বয়স হৈছে মনৰ এক অৱস্থা আৰু যিমানখিনি বয়স আপোনাৰ হৈছে, তাতোকৈ কমকৈও নিজৰ বাবে ভাবিব পাৰে। বয়স হৈছে জ্ঞানৰ এক সময়, আত্ম উপলব্ধি আৰু আত্ম সন্তুষ্টিৰ এক সময়।
প্রকৃততে শিল্প থেৰাপি চিকিৎসাৰ বাহিৰৰ এক পৰিৱেশ, যিয়ে সবলীকৰণ আৰু নিৰাময়ৰ এক পথ দেখুৱায়। ই আত্ম সফলতা আৰু আত্মবিশ্বাস বঢ়ায়। মানসিক স্বাস্থ্য সঠিকভাৱে ৰখাত সহায়ক। ই ইতিবাচক, সমর্থক আৰু গ্রহণযোগ্য।
ছবি আঁকিব নোৱাৰিলেও ছবি চাই মানসিক সন্তুষ্টি, উদ্বেগ নিয়ন্ত্রণ, হতাশা নিয়ন্ত্ৰণ কৰিব পাৰি। অধ্যাপক চেমিৰ জেকিয়ে প্রকাশ কৰিছে যে— চবি এখনলৈ চালে সেইখনে আমাৰ মস্তিস্কক সক্ৰিয় কৰে, যিয়ে ৰাসায়নিক কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে (প্ৰেমত পৰিলে যেনে ধৰণৰ হয়)।
ইতিহাসে কয়, ছবিয়ে সৃষ্টকৰ্তা আৰু দৰ্শন কৰোতা দুয়োজনকে উপকৃত কৰে। বৰ্তমানৰ গানৰ থেৰাপি, শিল্প থেৰাপিয়ে নিশ্চিত কৰে যে ছবিয়ে ব্যক্তিৰ মনোবৈজ্ঞানিক আৰু শাৰিৰীক সমস্যাৰ পৰা মুক্তি পোৱাত ইতিবাচক দিশেৰে সহায় কৰে। আমাৰ সৃষ্টিশীল জীৱনৰ গুণ আৰু সমৃদ্ধিক পালিত কৰে। সাম্প্রতিক চিকিৎসা বিজ্ঞানৰ গৱেষণাই প্রমাণ কৰিছে যে সৃষ্টিশীল শিল্পকর্মই বহু বয়সস্থ লোকক জীৱনৰ অৰ্থ প্রদান কৰাৰ লগতে সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখিছে। ইতিবাচক মনে আনন্দ, শান্তি, সন্তুষ্টি দিয়ে। লগতে মানসিক উদ্বেগ আৰু চাপে নিয়ন্ত্রণ কৰে। গৱেষণাই পৰামর্শ দিছে যে— বয়সৰ বৃদ্ধি সৃষ্টিশীলতাৰ, সফলতাৰ বাধা নহয়। Voyage of life ৰ স্ৰষ্টা ক্লিন্ট ইষ্টউডে নিজৰ সংগীত বিষয়ক পৰিচালনা কৰিছিল তেখেতৰ ৮৪ বছৰ বয়সত।
লাউইচ বর্গে আইচ ফ্রান্সৰ পৰীক্ষামূলক ভাস্কৰ। যিগৰাকীয়ে ৮০ বছৰ বয়সতহে আটাইতকৈ বেছি সৃষ্টি কৰিছে। তেখেতৰ ভাষাত— মই এজন দূৰ দূৰত্বৰ দৌৰবিদ। মোক মই কৰা কামখিনিৰ বাবে বছৰৰ পাছত বছৰ লাগিছিল।”
যেতিয়া তেখেতক সোধা হৈছিল— ‘‘কম বয়সত তেখেত অধিক সৃষ্টিশীল হ’লহেঁতেন নেকি ?”
‘একেবাৰেই নহয়। মই তেতিয়া সুৰুচিপূর্ণ নাছিলো।’ সুন্দৰ উত্তৰ!
অৱশ্যেই ব্যক্তিৰ নিজস্ব মনোবিজ্ঞান অনুসৰি সৃষ্টি নিদ্ধাৰণ হয়।
২০১১ চনত নিজৰ গৃহভূমি কভিলহাত’ (“লাটা ৬৫’ৰ উদ্ভাৱন কৰোতা) এটি শিল্পৰ উৎসৱৰ আয়োজন কৰে স্থপতিবিদ লাৰা চেইক্স ৰডৰিগুৱে। দেৱাল অংকন অর্থাৎ graffiti, ৰ কর্মশালাৰ লেখিয়া। তেতিয়া ৰডৰিগুৱে দেখিছিল অধিকাংশ বয়সস্থ লোকে ইয়াত অংশগ্রহণ কৰিছে। তেওঁলোকে দিনে-ৰাতি শিল্পকৰ্মত ব্যস্ত। লিচবন বর্তমান পথ শিল্পৰ (দেৱাল অংকন) গোলকীয় কেন্দ্ৰ। আইনৰ দ্বাৰা অনুমোদিত দেৱালো শিল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
বৃদ্ধসকলে যেতিয়া হাতত ৰাবাৰৰ গ্লাভ্চ, মুখত মাক্স, হাতত ছিদ্ৰ থকা বিভিন্ন ধাতুৰ ফলক, ৰঙৰ টেমা লৈ যায়। তেওঁলোকৰ উৎসাহৰ সীমা নেথাকে। সর্ব কনিষ্ঠৰ বয়স ৫৯ বছৰ আৰু সর্বোচ্চ বয়স ৯০ বছৰ। জীৱনৰ বিভিন্ন বয়সত বিভিন্ন কর্মৰে সফল এইসকল বয়োজ্যেষ্ঠ “লাটা ৬৫ ৰ সদস্য। দেৱালত ঘোঁৰা, মাছ, ফুল, গছ ইত্যাদি আঁকি ইতিবাচক হৈ পৰে এইসকল। ৬৫ বছৰীয়া লুইচা কৰটেচাওঁ অৱসৰপ্রাপ্ত চিকিৎসক, তেখেতে কয়—মই যিমানেই আঁকো আৰু আঁকিবলৈ মন যায়৷ পূৰ্বতে মই ভাবিছিলো দেৱালত এনেদৰে অংকন কৰাটো শিশুসুলভ। এতিয়া মই ইয়াৰ ইতিহাস জানো আৰু চিন্তাধাৰাৰ প্ৰশংসা কৰো।”
১৯৬০ চনৰ পৰা আৰম্ভ হোৱা graffiti, পথ শিল্প ইউৰোপৰ পৰা যাত্রা আৰম্ভ কৰি পর্তুগাল পায়হি। লাটা ৬৫ৰ প্রতিদিনৰ কৰ্মশালাৰ সময় ৪ ঘণ্টা। প্ৰতিটো দলতে পোন্ধৰজনকৈ সদস্য থাকে। সকলোৰে বয়সজনিত শৰীৰৰ সমস্যা আছে। তেওঁলোকৰ শিল্পৰ গতি লেহেমীয়া। প্রথমদিনা কোঠাৰ ভিতৰত দেৱালত কি আঁকিব, কেনেকৈ আঁকিব তাৰে পৰিকল্পনা কৰা হয়। ধাতুৰ ফলক কাটি প্রস্তুত কৰা হয়। দ্বিতীয় দিনা দেৱাল অংকন।
২০১২ চনৰ কৰ্মশালাত লুইচা কৰটেচাওৱে প্রথমদিনা ধাতুৰ ফলক কটা নাছিল, কিন্তু শেষৰ দিনা যিডাল প্রস্তুত কৰি আনিলে সেই ফলক লাটা ৬৫” ৰ logo হয়গৈ।
লুইচাৰ ভাষাৰে—“মই যেতিয়া ইয়াত থাকো, মই মোৰ মৃত্যুলৈ বাকী থকা দিনবোৰৰ কথা চিন্তা নকৰো।” শিল্প সকলোৰে বাবে। সকলো বয়সৰ বাবে।
বয়স বৃদ্ধিৰ লগে লগে আপুনি ন ন দক্ষতাৰ শিক্ষণ গ্রহণ কৰক। মনট্ৰিলৰ মেকগিল বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ৩০ জনীয়া পুৰুষ-মহিলাৰ এটা দলক নাচৰ প্ৰশিক্ষণ দিছিল। দৈনিক। দহ সপ্তাহৰ পাছত দেখা গ’ল সেইসকল পুৰুষ-মহিলাৰ স্মৃতিশক্তি উন্নত হৈছে আৰু অন্যান্য কামত দক্ষ হৈছে। অর্থাৎ মস্তিষ্ক অধিক সক্রিয় হৈছে। শৰীৰৰ পেশীৰ দৰে মস্তিষ্কৰো ব্যায়ামৰ প্রয়োজন। ছানফ্ৰান্সিছকোত brain hg.com নামৰ এটা ৱেবছাইটটো মস্তিস্কৰ সুস্থতাৰ বাবে মুকলি কৰা হৈছে।
আমি আমাৰ বয়স গণিবলৈ চেষ্টা নকৰি আমাৰ আৱদ্ধ মনৰ পৰিৱর্তন আনিব লাগে। বয়সক স্বীকাৰ কৰি, নিজৰ সীমাৱদ্ধতাক গ্রহণ কৰি সৃষ্টি আৰু ইতিবাচক কৰ্মৰে নান্দনিক কৰি তোলাৰ প্ৰয়াস কৰিব লাগে। পৰিপূৰ্ণ বয়সৰ সৃষ্টি কেৱল সুন্দৰেই নহয় উপকাৰীও।
লেখিকা: কৰবী কাকতি।
শেহতীয়া উন্নীতকৰণ: : 5/23/2023