অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যায়াম কিয় জৰুৰী?

ব্যায়াম কিয় জৰুৰী?

বয়স বৃদ্ধিৰ লগে লগে মানুহৰ শৰীৰত মাংসপেশীসমূহ লাহে লাহে হ্ৰাস পাবলৈ ধৰে। এটা গৱেষণাত প্ৰকাশ পোৱা অনুসৰি ৩৫-৫০ বছৰ বয়সলৈকে কোনো পৰিশ্ৰম অবিহনে বা মাংসপেশী প্ৰয়োগ নকৰাকৈ শৰীৰত প্ৰায় ৭ পাউণ্ড মাংসপেশী হ্ৰাস হয়। তেনেহ’লে প্ৰতিদিনে আপুনি ১ পাউণ্ড মাংসপেশীৰ পৰা ৩৫-৫০ কেলৰি বাৰ্ন কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। যদিহে এনেদৰে ৫০ বছৰ বয়সলৈ আপুনি ৭ পাউণ্ড মাংসপেশী হ্ৰাস কৰে, তেন্তে সেই হিচাপত প্ৰতিদিনে ৩৫০ কেলৰি বাৰ্ন কৰা ক্ষমতা হেৰুৱাইছে। তাৰ ফলত শৰীৰত মেটাবলিজিমটো লাহে লাহে হ্ৰাস পাবলৈ ধৰে। সহজ অৰ্থত মেটাবলিজিম মানে হ’ল শৰীৰৰ কেলৰি বাৰ্ন কৰিব পৰা এক ক্ষমতা। ইফালে কিছুসংখ্যক লোকৰ শৰীৰত বিনা কাৰণত ওজন হ্ৰাস হয় আৰু কিছুমান লোকৰ দেহত ওজন বৃদ্ধি হয়। যেতিয়া আপুনি দেখিছে বিনা কাৰণত আপোনাৰ শৰীৰৰ ওজন হ্ৰাস পাবলৈ ধৰিছে, তাৰ অৰ্থ হ’ল আপোনাৰ দেহৰ পৰা মাংসপেশী হ্ৰাস পাই আছে। এনেক্ষেত্ৰত আপুনি সঠিক পুষ্টিকৰ খাদ্য খোৱাৰ লগতে শাৰিৰীক পৰিশ্ৰম অথবা ব্যায়াম কৰাটো প্ৰয়োজন। তৎসত্ত্বেও কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে প্ৰত্যাহ্বানস্বৰূপ। পূৰ্বে উল্লেখ কৰি অহা হৈছে আপোনাৰ ৩৫-৫০ বছৰ বয়স হোৱালৈকে মানুহৰ শৰীৰত প্ৰায় ৭ পাউণ্ড মাংসপেশী হ্ৰাস হোৱাৰ কাৰণে প্ৰতিদিনে ৩৫০ কেলৰি বাৰ্ন কৰাৰ ক্ষমতা হেৰুৱাইছে, সেই ৩৫০ কেলৰি মেদ হিচাপত আপোনাৰ শৰীৰত লাহে লাহে জমা হ’বলৈ ধৰে, তাৰ ফলত আপোনাৰ ওজন বৃদ্ধি হয়। এই ৩৫০ কেলৰি প্ৰতিদিনে এৰাই চলিব পাৰে তেতিয়াহে আপুনি আপোনাৰ শৰীৰত ওজন বৃদ্ধিৰ পৰা নিজক বচাব পাৰিব পাৰে। সহজ ভাষাত অতিৰিক্ত কেলৰি গ্ৰহণ কৰা মানে অতিৰিক্ত মেদ শৰীৰত সঞ্চিত হোৱা বুজা যায়। যিমানেই বঢ়াই ৰাখিব, সিমানেই কেলৰি বাৰ্ন কৰিব পৰা ক্ষমতাটো বৃদ্ধি পায়। এইক্ষেত্ৰত শাৰীৰিক ব্যায়াম আৰু সঠিক পুষ্টিকৰ খাদ্য খোৱাটো অতি দৰকাৰী। যদিহে আপুনি আপোনাৰ কাৰণে নিয়মিত ব্যায়াম কৰা ৰুটিনৰ কথা ভাবিছে। তেন্তে এই ক্ষেত্ৰত আপুনি কৰিব পৰা  আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যায়ামটো হ’ল “”। এই ব্যায়ামে আপোনাৰ শৰীৰৰ হাড়ৰ ঘনত্ব বৃদ্ধি কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰ শক্তিশালী কৰা, কলেষ্ট’ৰল লেভেল নিয়ন্ত্ৰণকে ধৰি বহু দিশৰ পৰা আপোনাৰ শৰীৰটোৰ উপকাৰ সাধন কৰে।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 7/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate