অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্ষাকালীন ৰোগ আৰু কিছু কথা

বৰ্ষাকালীন ৰোগ আৰু কিছু কথা

বর্ষাকালত সাধাৰণতে নানান ধৰণৰ ৰোগ-ব্যাধিয়ে দেখা দিয়ে। এনে সময়ত ভাইৰাছজনিত সংক্রমণ বাঢ়ি যায় আৰু ফলত জ্বৰ, চৰ্দি, কাহ, শ্বাসতন্ত্ৰৰ সমস্যা আদি সমস্যাই ব্যক্তিক পীড়িত কৰে। এনেক্ষেত্ৰত যদিহে ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভালে থাকে, তেওঁ এনে সমস্যাসমূহ প্ৰতিৰোধ কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে স্বাস্থ্যকৰ খাদ্য খোৱাটো অতি প্রয়োজনীয়। এনে কিছু খাদ্য আছে যিয়ে বর্ষাকালত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। জীৱনধাৰা বিষয়ক ৱেবছাইট ব’ল্ডস্কাই’ৰ স্বাস্থ্য শিতানে এই সন্দৰ্ভত প্রকাশিত কৰি উলিওৱা এক প্রতিবেদনত উল্লেখ কৰা এনে ৫ বিধ খাদ্যৰ বিষয়ে তলত উল্লেখ  কৰা হ’ল-

বাদাম

বিভিন্ন বাদাম, যেনে-কাঠ বাদাম, হেজলনাট, ৱালনাট, কেছ’নাট ইত্যাদিত প্ৰচুৰ পৰিমাণে পুষ্টিসন্মত খাদ্যপ্ৰাণ থাকে। এইসমূহ বায়’ফ্ল’ৰোণয়েড, ছেলেণিয়াম, জিংক, ভিটামিন 'চি' তথা ভিটামিন 'ই’ৰ গুৰুত্বপূৰ্ণ উৎস। এনে বাদাম দৈনিক খালে ব্যক্তিৰ ৰোগ প্রতিবোধ ক্ষমতা বৃদ্ধি পায়।

দৈ

দৈত থকা প্ৰ'বায়’টিক বেক্টেৰিয়াই খাদ্য ভালদৰে হজম কৰাত সহায় কৰে, যাৰ বাবে ব্যক্তিৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

কেঁচা শাক-পাচলি

বন্ধাকবি, ব্ৰকলি, পালেংশাক আদিত প্ৰচুৰ পৰিমাণে ভিটামিন 'ই', “চি” আৰু 'এ' পোৱা যায়। নিয়মিতভাৱে এনে শাক-পাচলি খালে ব্যক্তিৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পায়।

চুপ

গৰম চুপে বৰ্ষাৰ কালছোৱাত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। চুপত নানান উপাদান যেনে-মাংস, আদা, নহৰু, কণী, বিভিন্ন শাক-পাচলি ইত্যাদি প্ৰচুৰ পুষ্টিকৰ খাদ্য থাকে, যিয়ে ব্যক্তিৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে।

চাহ

শৰীৰক আৰ্দ্ৰ কৰি ৰখাত চাহে যথেষ্ট পৰিমাণে সহায় কৰে। বর্ষাকালত গ্ৰীন টি, আদা চাহ, নেমু চা আদি সেৱন কৰিব পাৰে। চাহে ঠাণ্ডা আৰু ডিঙিৰ বিষ প্ৰতিৰোধ কৰাত সহায় কৰে৷

উৎস: সাদিন ফিচাৰ্ছ।

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate