অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেজাল শাক-পাচলি আৰু ফল-মূল

ভেজাল শাক-পাচলি আৰু ফল-মূল

সুস্বাস্থ্যৰ বাবে সেউজীয়া শাক-পাচলি আৰু ফল-মূল অত্যন্ত প্ৰয়োজনীয়। এইবোৰে মানুহক শক্তি দিয়াৰ উপৰি কৰ্কট ৰোগকে ধৰি নানাবিধ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু, সম্প্ৰতি নিৰ্ভজাল আৰু সতেজ শাক-পাচলি আৰু ফল-মূল বজাৰত পোৱা দূৰুহ হৈ পৰিছে। ভেজাল শাক-পাচলি আৰু ফল-মূলে বজাৰ ছানি ধৰিছে আৰু এনে ভেজালবোৰকে খাই আমি প্ৰতিদিনে শৰীৰৰ ক্ষতি কৰি আহিছো।

উত্পদনকাৰী আৰু অসাধু ব্যৱসায়ীসকলে শাক-পাচলি আৰু ফল-মূলবোৰ ডাঙৰ কৰিবলৈ, সতেজ দেখাবলৈ আৰু আকৰ্ষণীয় কৰিবলৈ আজিকালি মানুহৰ শৰীৰৰ ক্ষতি কৰিব পৰা নানাবিধ বিষাক্ত পদাৰ্থ, ৰাসায়নিক সাৰ, গ্ৰোথ ফেক্টৰ, স্ত্ৰী হৰম’ন, কীটনশক দ্ৰৱ্য আৰু ৰাসয়নিক ৰং আদি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰাৰ উপৰি কেঁচা ফল-মূলবোৰ ৰাসায়নিক পদাৰ্থ দি কৃত্ৰিমভাৱে পকাই শাক-পাচলিবোৰ আৰু ফল-মূল আদিৰ ভেজালকৰণ কৰি আহিছে। সেইবোৰ ক্ষতি কৰিব পৰা বিষাক্ত পদাৰ্থ শাক-পাচলি আৰু ফল-মূলত ৰৈ যায় আৰু এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰোতে ই আমাৰ শৰীৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে।

ৰঙালাউ, পানী লাউ, কোমোৰা, কবি নানাবিধ ফল আদি সোনকালে ডাঙৰ কৰিবলৈ নানা স্ত্ৰী হৰম’ন, গ্ৰোথ ফেক্টৰ আদি বেজীৰে এইবোৰত দিয়া হয়। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক দ্ৰব্য আদি অতিৰিক্তভাৱে দিয়া হয়। ১৯৮৫ চনত ভাৰত চৰকাৰে ‘ফাৰ্টিলাইজাৰ কন্ট্ৰ’ল অৰ্ডাৰ আইন’ বলবৎ কৰি ৰাসায়নিক সাৰৰ গুণ, মান আদি নিৰ্দ্ধাৰণ কৰি শস্যৰ গুৰিত সাৰ প্ৰয়োগত কিছুমান নিয়ম পালন কৰাৰ নিৰ্দেশ দিছে। ২০১৩ চনত অলপ স্ংশোধন কৰিলেও, ব্যৱসায়িক ভিত্তিত খেতি কৰোতে এই নিয়ম পালন নকৰে। ব্যক্তিগত লাভালাভক অগ্ৰাধিকাৰ দি বজাৰত উপলব্ধ শস্যৰ গ্ৰোথ ৰেগুলেট আৰু গ্ৰোথ প্ৰমোট কৰিব কৰিব পৰা সাৰ অতিৰিক্ত ভাৱে প্ৰয়োগ কৰি আহিছে। ৰাসায়নিক সাৰৰ বেছিভাগত থাকে নাইট্ৰ’জেন, পটাছিয়াম আৰু ফছফৰাছৰ লগতে অন্য দ্ৰব্য। এইবোৰৰ পৰা বিভিন্ন ধৰনৰ এলাৰ্জিজনিত ৰোগ হোৱাৰ উপৰি পেটৰ অসুখ, অৰুচি আদি হ’ব পাৰে। ৰাসায়নিক কীটনাশক দ্ৰব্যবোৰ মানুহৰ দেহৰ বাবে ক্ষতিকাৰক। ই স্নায়ুৰ দুৰ্বলতা, মস্তিস্ক আৰু অস্থিৰ কৰ্কট ৰোগ পৰ্যন্ত কৰিব পাৰে। অতিৰিক্ত স্ত্ৰী হৰম’নে এণ্ডোক্ৰাইন গ্ৰন্থিৰ কাৰ্যবোৰত আউল লগোৱাৰ উপৰি পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰে। দীৰ্ঘদিন ধৰি এনে খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগৰ কাৰকো হ’ব পাৰে। বিলাহী, আম, তৰমুজ আদি ৰঙা দেখাবলৈ বেজীৰে ৰং ভৰাই দিয়া হয়। ৰঙা হ’লেও এনে বিলাহী, কল আদিৰ ভিতৰভাগ কিন্তু কেঁচা আৰু টান হৈ থাকে। বেঙেনা দেখাত চিক্‌চিকিয়া কৰিবলৈ ফুৰাডন নামৰ এবিধ দ্ৰব্য প্ৰয়োগ কৰে। কেতিয়াবা বেঙেনাবোৰক সতেজ দেখাবলৈ কাৰ্বফ্লৰিন দ্ৰব্যত ডুবাই দিয়া হয়। এনে বেঙেনাই পেটৰ অসুখত ভুগোৱাটো নিৰ্ঘাট। পেৰাফিনত তিতোৱা তুলাৰে বেঙেনাটো মচি দিলে ৰ্ংটো তুলাত লাগি আহে। আজিকালি গছত আম বা লিচু আদি কলি থকোতেই বজাৰত কৃত্ৰিমভাৱে ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল-মূল যথেষ্ট পোৱা যায়। সাধাৰণতে ফলবোৰ প্ৰাকৃতিকভাৱে পকিলে ইয়াৰ বহি:আৱৰণত থকা ক্লোৰ’প্লাষ্টিডৰ বৰণ সলনি হৈ ক্ৰোম’প্লাষ্টিডৰ বৰণ লয় আৰু প্ৰাকৃতিক হৰম’নে ফলবোৰৰ সাহ বোৰ ঢিলা কৰি তাত চেনিজাতীয় পদাৰ্থ জমাই মিঠা সোৱাদযুক্ত কৰি তোলে। কিন্তু কৃত্ৰিমভাৱে অবতৰত ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল-মূলবোৰ বাহিৰত পকা যেন লাগে যদিও ই ভিতৰত টান, কেঁচা থাকে। এনেবোৰ ফল খাবলৈও মুঠেও সোৱাদযুক্ত নহয়। কল, আম, অমিতা আদি কৃত্ৰিমভাৱে অকালতে পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ হ’ল-কেলচিয়াম কাৰ্বাইড, কাৰ্বাইড, এছিটিলিন, ইথিলিন, প্ৰপিলিন, ইথাৰেল আৰু ফছফৰিক এচিড আদি। এই ৰাসায়নিক দ্ৰব্যসমূহ মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। এইবোৰৰ ভিতৰত কেলচিয়াম কাৰ্বাইড নামৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কম মূল্যৰ ৰাসায়নিক দ্ৰব্যবিধকে বৰ্তমান সময়ত ব্যৱসায়ীসকলে বহুলভাৱে প্ৰয়োগ কৰা দেখা যায়। প্ৰিভেনচন অব্‌ ফুড এডাল্টাৰেচন এক্ট, ১৯৪৪ৰ ‘এ’ ৰুল অনুসৰি যদিও কেঁচা ফল-মূল পকাবলৈ’ কেলচিয়াম কাৰ্বাইড ব্যভাৰ নিষিদ্ধ কৰিছে আৰু দোষীক ছমাহ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা বিহাৰ বিধান আছে, তথাপি সস্তীয়া আৰু অতি কম সময়ৰ ভিতৰতে পকে বাবে ফল-মূল পকাবৰ বাবে দুষ্ট চক্ৰই সদায় ইয়াকে ব্যৱহাৰ কৰি অহিছে। মাত্ৰ ২০-৩০ টকাত পোৱা এক কিলোগ্ৰাম কেলচিয়াম কাৰ্বাইডেৰে প্ৰায় ১০ টন কল পকাব পাৰি। আৰ্দ্ৰ অৱস্থাত পানীৰ অণুৰ সৈতে কেলচিয়াম কাৰ্বাইডে ৰাসায়নিক বিক্ৰিয়া ঘটাই এছিটিলিন গেছ উত্পন্ন কৰে আৰু এই গেছে ফল-মূলবোৰ পকায় বাবে বহুতে ইয়াক গেছ দি পকোৱা ফল বুলিও কয়। ইয়াৰে পকোৱা ফল যথেষ্ট কমদিন (মাত্ৰ দুদিন) খোৱাৰ উপযুক্ত হৈ থাকে। কেলচিয়াম কাৰ্বাইড স্বাস্থ্যৰ বাবে তেনেই ক্ষতিকাৰক ই মূৰৰ বিষ, মূৰ ঘুৰোৱা, মতিভ্ৰম, দৃষ্টিশক্তি হ্ৰাস, বুদ্ধি হ্ৰাস, নানা এলাৰ্জিজনিত সমস্যা আৰু ছালৰ ৰোগ কৰে। হৃতপিণ্ড, বৃক্ক আৰু হাওফাওৰ সমস্যাৰো সৃষ্টি কৰে। এতিয়া প্ৰশ্ন হ’ল- প্ৰাকৃতিকভাৱে পকা ফল আৰু এনেদৰে কৃত্ৰিমভাৱে পকোৱা ফল আমি কেনেকৈ চিনাক্ত কৰিম? প্ৰাকৃতিকভাৱে পকা ফলৰ ৰ্ং ফলবিধৰ বাকলিৰ সকলোতে সমান নহয় আৰু ফলবিধ ভিতৰৰ পৰা বাহিৰলৈ পকি আহে, কিন্তু কৃত্ৰিমভাৱে পকোৱা ফলৰ ৰ্ং ফলবিধৰ বাকলিৰ সকলোতে সমান, দুই তিনিদিন পিছত ক’লা দাগ দেখা যায় আৰু ফলবিধ বাহিৰৰ পৰা ভিতৰলৈ পকে। সাধাৰণতে কৃত্ৰিমভাৱে ফল পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ আৰু ফলমূল অদি সোনকালে নষ্ট নহ’বৰ বাবে প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্য ফল-মূল আদিৰ গাত লাগি থাকে। সেয়েহে স্বাস্থ্য আৰু পৰিপুষ্টি বিভাগে আপেল, আম আদি খালে ভালদৰে ধুই, শুকাই বাকলি আৰু ভিতৰৰ গুটিবোৰ গুচাইহে খাব দিছে। কিন্তু এই ৰাসায়নিক দ্ৰব্যবোৰৰ কিছু অংশ বাকলিবোৰত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰেৰে ফলবোৰৰ সাহৰ ভিতৰলৈও সোমায় আৰু বাকলি গুচাই খালেও ই আমাৰ শৰীৰৰত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে এনেদৰে পকোৱা ফল-মূলবোৰ যিমান পাৰি পৰিত্যাগ কৰিব লাগে। শুকান ফলবোৰত চৰ্বি আৰু গ্লক’জ মিহলায় বাবে ই মানুহৰ ডায়েবেটিছ আৰু কলেষ্টৰেল বঢ়ায়। আনহাতে বজাৰত পেকেট আৰু প্লাষ্টিক বটলত উপলব্ধ ফলৰ ৰসত চেনি, ভিটামিন চি আদি দি ভেজাল কৰাৰ উপৰি বেছিদিন বেয়া নোহোৱাকৈ ৰাখিবলৈ কিছুমান কৃত্ৰিম ৰাসায়নিক স্ংৰক্ষক দিয়া হয়। মিহলোৱা পদাৰ্থই শৰীৰৰ ক্ষতি কৰিব পাৰে। আইন অনুযায়ী এই সকলোবোৰ খাদ্য সামগ্ৰীৰ ভেজালকৰণত পৰে। The federal food, Drugs and Cosmetic(FD&C) Act (1938) অনুসৰি খাদ্য সামগ্ৰীবিধ ৰখা পাত্ৰটো যদি আংশিক বা সম্পূৰ্ণভাৱে স্বাস্থ্যৰ অনিষ্ট কৰিব পৰা পদাৰ্থৰ দ্বাৰা তৈয়াৰী হয় আৰু ই ভিতৰত থকা খাদ্যত মিহলি হোৱাৰ আশ্ংকা থাকে তেন্তে তাক খাদ্য সামগ্ৰীৰ ভেজালকৰণ বুলি কোৱা হয়। সেই অনুসৰি ফলৰ ৰস ৰখা প্লাষ্টিকৰ বটলবোৰৰ তৈয়াৰী পদাৰ্থ চাব লাগে। এই বটলবোৰৰ তলপিনে এটা ত্ৰিভুজ থাকে আৰু তাত ১ ৰপৰা ৭ৰ ভিতৰত কিবা এটা নম্বৰ লিখা থাকে। এই স্ংখ্যাই প্লাষ্টিক বটলৰ মান নিৰ্ণয় কৰে। নিম্ন মানৰ প্লাষ্টিক বটলত কিছুমান ক্ষুদ্ৰ চিহ্ন থাকে। এইবোৰেৰে বিজাণু সোমাই ভিতৰৰ ফলৰ ৰসবোৰ দূষিত কৰে। এনে দূষিত ফলৰ ৰস খালে নানা ৰোগ হ’ব পাৰে। ১ সকলোতকৈ নিৰাপদ। ২,৩,৪,৫ নিৰাপদ। ৬ আৰু ৭ নিৰাপদ নহয়। বিশেষকৈ ৭ অন্তৰ্ভুক্ত প্লাষ্টিকত থকা বিছফেনল ‘এ’ নামৰ পদাৰ্থবিধে টাইপ ২ ডায়েবেটিছ আৰু কৰ্কট ৰোগ কৰিব পাৰে। ৰাষ্টাৰ কাষত বিক্ৰি কৰা ফলৰ ৰসবোৰত নানা বিজাণু (যেনে-ই কলাই, ভিব্ৰিও, চালমোনেলা আদি) মিহলি হৈ ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি ৰোগ কৰিব পাৰে। এনেদৰে স্বাস্থ্যৰ বাবে একান্ত প্ৰয়োজনীয় শাক-পাচলি আৰু ফল-মূল আদিক ভেজাল কৰি আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে। সেয়েহে আমি কেৱল বতৰত উপলব্ধ সতেজ ফল আৰু শাক-পাচলিহে খাব লাগে।

0 ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate