অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মগজু ভাগৰুৱা হৈ পৰিলে দুৰ্বল হয়

মগজু ভাগৰুৱা হৈ পৰিলে দুৰ্বল হয়

দীৰ্ঘ সময় ধৰি একেৰাহে মগজুৰ ওপৰত হেঁচা পৰি থাকিলে ব্যক্তিজনৰ দেহ আৰু মনৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ পৰে। তেনে অৱস্থা বেছি সময়লৈ থাকিলে মগজুৰ লগতে শৰীৰৰ পেশীবোৰো ভগৰুৱা হৈ পৰে আৰু শৰীৰলৈ অৱসাদ নামি আহে। শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে শৰীৰৰ সহনশীলতাৰ মাত্ৰা নিৰ্ধাৰণত মনটোৰ এক বিশেষ ভূমিকা আছে। গৱেষক বিজ্ঞানীসকলে মানুহৰ মগজুত এবিধ বিশেষ নিউৰোট্ৰেন্সমিটাৰ চিনাক্ত কৰিছে। এইবিলাকে মানুহজন কিমান ভাগৰুৱা হৈ আছে, সেই বিষয়ে স্নায়ুকোষলৈ অহা স্ংকেত বিশ্লেষণ কৰে আৰু ভাগৰৰ পৰিমাণ অনুযায়ী শৰীৰটোক জিৰণি ল’বলৈ নিৰ্দেশ দিয়ে। সেয়ে শাৰীৰিক পৰিশ্ৰম কৰিলে বা এণ্টি-ডিপ্ৰেছেণ্ট ঔষধ খালে স্নায়ুকোষবিলাকৰ মাজলৈ প্ৰেৰণ কৰা অৱসাদগ্ৰস্ততাৰ স্ংকেত নিউৰো ট্ৰেন্সমিটাৰ বিলাকে নিয়ন্ত্ৰণ কৰে। একেদৰে ব্যায়াম কৰাৰ সময়ত ছেৰোট’নিন হৰমোন নি:সৰনৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত মনটো ভাল লগাৰ ধাৰণা এটাৰ সৃষ্টি হয় আৰু মনস্তাত্বিক শক্তি এটা লাভ কৰে। তথাপি অধিক সময় ধৰি ব্যায়াম কৰি থাকিলে কোনো কোনো লোকৰ সমগ্ৰ দেহ পৰিশ্ৰান্ত হৈ  উঠিব পাৰে। কপেনহেগেন বিশ্ববিদ্যালয়ৰ গৱেষক প্ৰফেচাৰ জিন ফ্ৰেংকইছ পেৰীয়াৰে প্ৰমাণ পাইছে যে কঠোৰ ব্যায়াম কৰাৰ প্ৰথম অৱস্থাত ছেৰোট’নিন হৰমোনে ব্যায়ামৰ প্ৰতি উদ্যম বৃদ্ধি কৰে যদিও মগজুৰ ভিতৰত নিউৰোট্ৰেন্সমিটাৰত ইয়াৰ বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। শৰীৰৰ পেশীবোৰ সক্ৰিয় হৈ থাকিলেও সমগ্ৰ স্নায়ুতন্ত্ৰ কেন্দ্ৰীয়ভাৱে ভাগৰুৱা হৈ পৰিব পাৰে। বেছিকৈ শৰীৰত চাপ পৰিলে নিউৰোট্ৰেন্সমিটাৰে মগজুলৈ বিপৰীত বাৰ্তাহে কঢ়িয়াই নিয়ে, অৰ্থাৎ ছেৰোট’নিৰ কাম এক্সিলাৰেটৰৰ দৰে হ’লেও অতিমাত্ৰা চাপ পালে ই কাম ই কৰিব নোৱাৰা হয়।এই আৱিস্কাৰে ছেৰোট’নিন হৰমোনৰ কাৰ্যকলাপ সম্পৰ্কে আৰু এখোজ আগবঢ়াত সহায় কৰিব বুলি গৱেষক পেৰীয়ে মন্তব্য কৰিছে। উল্লেখ্য যে ছেৰোট’নিনে আমাৰ মনত ‘ফিল গুড’ ভাব আনি দিয়ে যদিও শাৰীৰিক আৰু মানসিক শ্ৰমৰ পৰিমাণ বৃদ্ধি পালে দৈহিক ক্লান্তি বহুগুণে বৃদ্ধি পায়। এই গৱেষণাৰ সবিশেষ প্ৰ্কাশ পাইছে ‘নেচনেল অকাডেমী অৱ চায়েন্স’ৰ কাৰ্যবিৱৰণীৰ প্ৰতিবেদনত।

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate