অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছ আৰু মাংসৰ ভেজালকৰন

মাছ আৰু মাংসৰ ভেজালকৰন

আমিষভোজীসকলে সুস্বাস্থ্যৰ বাবে মাছ,মাংস আৰু কণী প্ৰায়ে খাওঁ।কিন্ত আজিকালি বজাৰত কিনিবলৈ পোৱা মাছ মাংস আৰু কনীবোৰ বাৰু স্বাস্থ্যৰ বাবে কিমান সুৰক্ষিত?ফুড এডাল্টেৰেচন এক্ট ১৯৫৪ অনুসৰি মাছ,মাংস আৰু কনীত স্বাস্থ্যৰ ক্ষতিকাৰক অথবা ব্যৱহাৰৰ অনুপযুক্ত পদাৰ্থ থাকিলে সেইবোৰক ভেজাল মাছ,মাংস বুলি কোবা হয়।ব্যক্তিগত লাভৰ বাবে উৎপাদনকাৰী আৰু বিক্ৰেতাসকলে নানা ভাবে এইবোৰক ভেজালকৰন কৰি আহিছে আৰু এনেবোৰ ভেজাল মাছ,মাংস আৰু কনী খাই আমি আমাৰ স্বাস্থ্যৰ ক্ষতি কৰি আহিছে।

মাছ স্ংৰক্ষন কৰাৰ বাবে ফৰমেলডিহাইডৰ দৰে বিষাক্ত ৰাসায়নিক স্ংৰক্ষক দ্ৰব্য ব্যৱহাৰ কৰে।ই কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।সাধাৰনতে ফৰমেলডিহাইড দি স্ংৰক্ষন কৰা মাছৰ গোন্ধ পোৱা যায়।মাছৰ ওজন বঢ়াবলৈ পানী দিয়াৰ উপৰি গেলা মাছ সতেজ হিচাপে দেখাবলৈ অন্য সতেজ মাছ কাটি তেজ মিহলাই দিয়ে আৰু বৰফ দি ৰাখে।পচা নষ্ট মাছো ভাল মাছৰ সৈতে মিহলাই ভেজাল কৰি গ্ৰাহকক ঠগায়।এনে মাছ খালে বমি হোৱাৰ উপৰি পেটৰ নানাবিধ ৰোগ ডায়েৰীয়া আদি হয়।মাছৰ কানখন দাঙি চালেই গম পোবা যায় যদি শেতা হয় সি গেলা মাছ আৰু ৰঙচুবা হয় সি সতেজ মাছ।আজিকালি মাছবোৰ সোনকালে ডাঙৰ হবলৈ নানাবিধ হৰমন আৰু গ্ৰোথ ফেক্টৰ দিয়ে।এনে হৰমন ব্যৱহাৰ কৰাৰ ফলত সৰু সৰু পোনা মাছবোৰ দুদিনতে বজাৰত বেচিব পৰাকৈ ডাঙৰ হৈ পৰে।এইবোৰ মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক।

মাংস স্ংৰক্ষন কৰাৰ বাবেও ফৰমেলডিহাইডৰ দৰে বিষাক্ত ৰাসায়নিক স্ংৰক্ষন দ্ৰব্য ব্যৱহাৰ কৰে।মাংসৰ ওজন বঢ়াবলৈ মাংসত পানী বা বৰফ মিহলাই এইবোৰৰ ভেজালকৰন কৰে।পচা আৰু  বাহি মাংসৰ সৈতে সতেজ মাংস মিহলাই মাংসৰ ভেজালকৰন কৰে।এনে মাংস খালে পেটৰ অসুখ বমি ডায়েৰীয়া আদি হব পাৰে।মাইকী ছাগলীক মতা ছাগলীক আৰু ভেৰাক ছাগলী বুলি বিক্ৰি কৰি গ্ৰাহকক ঠগায়।মতা ছাগলীৰ অণ্ডকোষ মাইকী ছাগলীত কৃত্ৰিমভাবে লগাই গ্ৰাহকক ঠগায়।আমি মাংস হিচাপে খোৱা বহুতো জীৱ-জন্তৰ ওজন বৃদ্ধিৰ নিমিত্তে বিভিন্ন এন্টিবায়টিক প্ৰয়োগ কৰা দেখা যায়।নতুন দিল্লীস্থিত চেন্টাৰ ফৰ ছায়েন্স এণ্ড এনভাৰনমেণ্ট(চি এছ ই) গৱেষকৰ মতে আমি খোৱা ব্ৰয়লাৰ মূৰ্গীবোৰৰ ওজন অস্বাভাবিক ভাবে বৃদ্ধি কৰাৰ হেতু পল্ট্ৰী ফাৰ্মৰ গৰাকীয়ে মূৰ্গীবোৰক উধাই-মুধাই এন্টিবায়টিকৰ (বিশেষকৈ চিপ্ৰ্ফ্লক্সাচিন) খোৰাক দিয়ে।মূৰ্গীক যি এণ্টিবায়টিক খুওবা যায় সেয়া মাংসত অৱাশিষ্টৰুপে ৰৈ যায়।এনে জীৱ-জন্ত অথবা মূৰ্গীৰ মাংস খালে মাংসৰ লগতে লাহে লাহে এই বিশেষ এন্টিবায়টিকবোৰ মানুহৰ পেটলৈ যোৱাৰ ফলত পিছলৈ এই এন্টিবায়টিকৰ ফলপ্ৰসু প্ৰভাব মানুহৰ শৰীৰত পৰাটো লাহে লাহে হ্ৰাস পাবলৈ ধৰে।পিছলৈ মানুহৰ শৰীৰত এনে এন্টিবায়টিক ৰেজিষ্টেন্ট হয়।ফলত চিকিৎসকৰ পৰামৰ্শত বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এনে এন্টিবায়টিক গ্ৰহন কৰিলেও ফলপ্ৰসু নহয়।মানুহৰ শৰীৰত এন্টিবায়টিকৰ প্ৰভাব হ্ৰাস পোবাৰ আশ্ংকাতে ২০০৬ চনতে ইউৰোপীয় স্ংঘই জীৱ জন্তৰ ওজন বৃদ্ধিৰ নিমিত্তে এন্টিবায়টিক প্ৰয়োগত নিষেধাজ্ঞা আৰোপ কৰিছে।ফ্ৰজেন নাৰান্ধা,কেচাঁ মাংস আদিৰ দৰে ৰেডিয়েচন দিয়া খাদ্যসামগ্ৰী যদি উপযুক্ত নিয়ম মানি ৰেডিয়েচন দিয়া নহয় তেন্তে এনেবোৰ মাংস খালে নানাধৰনৰ পেটৰ অসুখ হব।টিনৰ পাত্ৰত ৰখা টিনফিছত পাত্ৰটোৰপৰা টিন মিহলি হব পাৰে আৰু এনে মাছ খাওতেঁ টিন আমাৰ দেহত প্ৰ্ৱেশ কৰি কৰ্কটৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে।কণীৰো ভেজাল হৈছে।অধিক কনী পাৰিবলৈ মূৰ্গী আৰু হাঁহবোৰক হৰমন দিয়া হয়।এই হৰমনবোৰৰ কনীত ওলায়।মানুহে এইবোৰ খালে শৰীৰৰ ক্ষতি হয়।।

ড: ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate