অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ দেহত কৃত্ৰিম ৰক্ত

মানৱ দেহত কৃত্ৰিম ৰক্ত

গ্ৰেট ব্ৰিটেইনৰ গৱেষকসকলে ইতিহাসত প্ৰথমবাৰৰ বাবে মানৱ দেহত কৃত্ৰিম ৰক্ত প্ৰৱেশ কৰোৱাৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। মানৱ ষ্টেম চেলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে এই কৃত্ৰিম ৰক্ত। ২০১৬ চনৰ ভিতৰত বাণিজ্যিকভাৱে কৃত্ৰিম ৰক্ত তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিব বুলি গৱেষকসকল আশাবাদী। যিয়ে ৰোগীক ৰক্তদান কৰাৰ চাহিদা বহু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হ’ব। গৱেষকসকলে ইতিমধ্যে প্ৰথমবাৰৰ বাবে লোহিত ৰক্ত কণিকা তৈয়াৰ কৰাত সফল হৈছে। ইউনিভাৰ্ছিটী অৱ ইডেনবাৰ্গৰ পাঁচ নিযুত পাউণ্ডৰ এই প্ৰকল্পটোৰ নেতৃত্ব দিয়া মাৰ্ক টাৰ্ণাৰৰ মতে ইয়াৰ আগলৈকে বিশ্বত কৃত্ৰিমভাৱে লোহিত ৰক্ত কণিকা তৈয়াৰ কৰিবলৈ কোনো গৱেষকৰ দল সফল হোৱা নাছিল। এই কৃত্ৰিম ৰক্ত প্ৰথমতে থেলাছেমিয়া ৰোগীৰ দেহত পৰীক্ষা কৰা হ’ব।

উল্লেখ্য যে থেলাছেমিয়া হ’ল এনে এবিধ ৰোগ য’ত লোহিত ৰক্ত কণিকাৰ বিসংগতি ঘটে আৰু ৰোগীক নিয়মীয়াকৈ তেজ দিয়াৰ প্ৰয়োজন হয়। প্ৰথমতে প্ৰায় পাঁচ মিলিলিটাৰ ৰক্ত প্ৰৱেশ ঘটাই পৰীক্ষা কৰা হ’ব যে দেহত কোষবোৰে স্বাভাৱিকভাৱে কাম-কাজ কৰিছেনে নাই? টাৰ্ণাৰৰ মতে, এই পৰীক্ষাৰে তেওঁলোকে এনে এটা ইংগিত দিব বিচৰা নাই যে মানুহে ৰক্তদান কৰাটো বন্ধ কৰক। কিন্তু এই ধাৰণা কৰিছে যে ২০ বছৰৰ ভিতৰত কৃত্ৰিম ৰক্ত গ্ৰহণ কৰাটো এক স্বাভাৱিক ঘটনাত পৰিণত হ’ব।

ইনডিউচ্‌ড প্ল’ৰিপটেণ্ট ষ্টেম চেলৰ পৰা পৈণত লোহিত ৰক্ত কণিকা বিকশিত কৰিবলৈ টাৰ্ণাৰে কেইবাবছৰ ধৰি এক পৰিশোধিত কৌশল উদ্ভাৱনৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছিল। ইয়াৰ বাবে প্ৰাপ্তবয়স্ক ছাল বা ৰক্ত কোষক জেনেটিকভাৱে ৰিপ্ৰগ্ৰেমড্‌ কৰি ষ্টেম চেলসদৃশ কৰি তোলা হৈছিল। এই খবৰ প্ৰকাশ পাইছে ‘দ্য টাইম্‌ছ’ত। আই পি এছ কোষবোৰত জৈৱ-ৰসায়নিক অৱস্থাত কালচাৰ কৰা হৈছে। গৱেষকৰ দলটোৱে প্ৰাৰম্ভিক কোষক লোহিত ৰক্ত কণিকালৈ ৰূপান্তৰিত কৰি সম্প্ৰতি ৪০-৫০ শতাংশ কাৰ্যদক্ষতা লাভ কৰিছে আৰু এই প্ৰক্ৰিয়াত সময় লাগে প্ৰায় এমাহ।

অপৈণত ৰক্ত কোষ আৰু অৱশিষ্ট আই পি এছ কোষবোৰৰ পৰা পৰম্পৰাগত ৰক্ত পৃথকীকৰণ পদ্ধতিৰে ব্যৱহাৰ উপযোগী কোষবোৰত পৃথক কৰা হয়। অ’ গ্ৰুপ ৰক্তৰ ক্ষেত্ৰত এই পৰীক্ষা সম্পন্ন কৰা হৈছে। কিয়নো সাৰ্বজনীন দাতা গ্ৰুপ হিচাপে পৰিচিত অ’ গ্ৰুপৰ ৰক্ত আন প্ৰায় যি কোনো ৰোগীৰ দেহত প্ৰৱেশ ঘটাব পাৰি।

লিখকঃ অমৰজ্যোতি ভূঞা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate