অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখখন বয়সৰ আচোঁৰ নপৰাকৈ ৰাখক

আপোনাৰ শৰীৰটোৰ মানফসপেশীবোৰ সবল আৰু সুদৌল কৰি ৰাখিবৰ কাৰণে হয়তো আপুনি নিয়মীয়াকৈ জিমলৈ যায় বা নিয়মীয়াকৈ ব্যায়াম আদিও কৰে। কিন্তু আপোনাৰ মুখমণ্ডলৰ মাংসপেশীবোৰৰ যত্ন আপুনি এনেবোৰ ব্যৱস্থাৰে লব নোৱাৰে। অন্য মানুহে কিন্তু আপোনাৰ জিমত গৈ সুন্দৰকৈ গঢ় দিয়া শৰীৰটোৰ আগতে আপোনাৰ মুখখনলৈহে চকু দিয়ে। আপোনাৰ মুখত বলিজ ৰেখা পৰিছে, দাঁতৰ আলু ওলমি পৰি মুখখন ক্ৰমে আপচু কৰি আনিছে বা চকুৰ তলত ফুলিথকা মোনা সদৃশ অংশ দুটাই আপোনাৰ দেহাটোৰ সৌন্দৰ্যক সম্পূৰ্ণ ঢাকি ৰাখিব পাৰে। সেয়ে শৰীৰৰ মাংসপেশীৰ যত্ন লোৱাৰ আগতে আপুনি প্ৰথমে আপোনাৰ মুখমণ্ডলৰ মাংসপেশীৰ যত্ন লওক। আপুনি যিমান কম বয়সৰ পৰা মুখমণ্ডলৰ সৌন্দৰ্য ৰক্ষাৰ প্ৰতি যত্ন ল’ব বা মুখৰ মাংসপেশী শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিব, সিমানে আপুনি বয়সৰ চপৰ পৰা মুখখন বচাই কম বয়সীয়া যেন হৈ থাকিব পাৰিব।

তলত তাৰে কেইটিমান দিহা দিয়া হ’ল-

এই ব্যায়াম বিলাক আইনাৰ সন্মুখত বহি বা থিয় হৈ লৈ কৰিব। আইনাত নিজৰ মুখখনৰ অভিব্যক্তিলৈ লক্ষ্য কৰি আপুনি নিজে গম পাব আপোনাৰ মুখৰ মাংসপেশীত কি হৈ আছে। প্ৰথমতে অপোনাৰ নিজৰ হাত দুখনৰ আঙুলিৰে মুখৰ দুয়োকাষৰ ওঁঠৰ দুয়োকোনৰ পৰা দুয়োদিশত লাহে লাহে মাংসপেশীত চাপ দি যাওক। প্ৰতিটো ব্যায়াম এবাৰকৈ কৰাৰ পিছত ক্ষন্তেক জিৰণি লওক আৰু দীঘলকৈ উশাহ-নিশাহ লওক আৰু পুনৰ পিছৰটো ব্যায়াম আৰম্ভ কৰক কিন্তু কোনো পৰিস্থিতিতে আপোনাৰ চকুৰ মাংসপেশীৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰিব। ব্যায়ামবোৰ  কৰোতে দাঁত দুপাৰি লগ লগাই ৰাখিব কিন্তু ওঁঠকেইটা সামান্য মেলি ৰাখিব।

প্ৰথম ব্যায়াম

দাঁতৰ আলুৰ মাংসপেশী টান কৰী ৰাখিবলৈ আৰু আলুবোৰ ওলমি নোযোৱাকৈ ৰখাৰ ব্যায়াম।

১) দুয়োখন হাতৰ মধ্যমা আঙুলি দুটা মুখৰ দুয়োকাষে ওঁঠৰ কোণৰ কাষত ৰাখক। আপোনাৰ আঙুলিৰ মূৰকেইটাই মুখৰ এই অংশৰ মাংসপেশীত সামান্য জোৰেৰে হেঁচা দি ধৰি থাকক। ওঁঠৰ দুই কোণৰ পৰা হহাঁৰ দৰে কৰি পেশীবোৰ বাহিৰলৈ যত্ন কৰক। মুঠ ৬ বাৰ লাহে লাহে এই অভ্যাস কৰক।

২) প্ৰতিবাৰ আঙুলিৰ সঞ্চালনৰ লগে লগে আপোনাৰ হাহিঁটো বহল হৈ যাব লাগে।

৩) আপুনি এই কামটৈ কৰি যাওঁতে আপোনাৰ তলৰ ওঁঠটো আৰু থুতুৰিটো বহলকৈ মেলি দিয়াত গুৰুত্ব দিব। ব্যয়ামটো কৰোঁতে আপুনী যেন ‘ঈ’ উচ্চাৰণটো কৰিছে-তেনে এটা ধাৰণা কৰি লওক।

৪) আঙুলিৰ সঞ্চালন মুঠ ৬ বাৰলৈ কৰক আৰু পুনৰ আৰম্ভণিৰ অৱস্থালৈ ৬ বাৰ মন্থৰ সঞ্চালনৰ পিছত ঘুৰি আহক। এই ব্যায়ামকেইটা, পিছৰটো ব্যায়াম আৰম্ভ কৰাৰ আগতে পুনৰ এবাৰলৈ কৰক।

দ্বিতীয় ব্যায়াম

আপোনাৰ গাল দুখন ওলমি যোৱাৰ পৰা বচাবলৈ, মুখৰ হাড়বোৰ শক্তিশালী কৰিবলৈ আৰু গাল সোমাই নাযাবলৈ এই ব্যায়াম উপকাৰী।

১) কপালৰ দুয়োকাষলৈ আঙুলি দুটাৰে সামান্যভাবে হেঁচি মাংসপেশীবোৰ ওপৰলৈ কোঁচাই ধৰক। এই সঞ্চালন ৬ বাৰ কৰক। প্ৰতিবাৰতে মাংসপেশীবোৰ ওপৰলৈ উঠি যোৱা যেন অনুভৱ কৰিব।

২) ওঁঠৰ দুয়োকাষে মধ্যমা আঙুলি দটাৰে ছয়লৈকে গণি হেঁচা মাৰি ধৰি থাকক আৰু ওপৰত দিয়া ব্যায়ামটো পুনৰ ৬ বাৰলৈ অনুশীলন কৰক। এই অনুশীলন কেইটা মুঠ দুবাৰ একেৰাহে কৰক।

৩) প্ৰতিটো ব্যয়ামৰ পিছত দীঘলীয়াকৈ উশাহ লোৱা আৰু কিছু সময় জিৰণি লবলৈ নাপাহাৰিব। দঁত দুপাৰি টানকৈও লগ লগাই নাৰাখিব।

তৃতীয় ব্যায়াম

হাহিঁলে জিলিকি পৰা নাকৰ দুয়োকাষে ৰেখা, চকুৰ তলৰ ফুলি থকা মোনা চিহ্ন নাইকিয়া কৰিবলৈ আৰু মুখখন ওলমি যোৱাটো বাধা দিবলৈ এই ব্যায়াম বৰ উপযোগী।

১) আপোনাৰ তৰ্জনী আঙুলি দুটা নাকৰ কাষৰ পৰা তললৈ নামি যোৱা মুখৰ দুয়োকাষৰ ৰেখা দুডালৰ ওপৰত ৰাখক। এতিয়া সেই ৰেখাৰ পৰা ওপৰলৈ কপালৰ দুয়োকাষলৈ মাংসপেশীক ওপৰলৈ উঠাওক। এই কামত আপোনাৰ আঙুলি ব্যৱহাৰ নকৰিব। আপোনাৰ মুখৰ মাংসপেশীবোৰৰ সহায়তহে এই কাম কৰক।

২) মুঠ ছবাৰ লাহে লাহে এই ব্যায়ামৰ অভ্যাস কৰক। তৰ্জনী আঙুলিকেইটা পুনৰ আগৰ স্থানত থৈ ছয়লৈকে গণক। পুনৰ আগৰ দৰে ছবাৰ লাহে লাহে মাংসপেশীবোৰ ওপৰলৈ তোলাৰ চেষ্টা কৰক। ওপৰৰ ওঠটো সামান্য ওপৰলৈ উঠাই (গেঙেৰি মৰাৰ দৰে) এই ব্যায়ামটো সহজতে কৰিব পাৰে।

৩) ব্যায়ামটো পুনৰ এবাৰলৈ অনুশীলন কৰক। ব্যায়ামটো অধিক ফলপ্ৰসূ কৰিবৰ কাৰণে প্ৰতিবাৰ মন্থৰ সঞ্চালনৰ মাজত ছয়লৈকে গণ্টি কৰক।

৪) আটাইকেইটা ব্যায়াম কৰাৰ পিছত আপোনাৰ মূৰ, ডিঙি আৰু সমস্ত শৰীৰটোক কিছুসময় অলস ভাবে ঢিলাই দি জিৰণি দিয়ক।

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate