অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যুগ্ম জীৱন :

প্ৰতিগৰাকী যুৱক-যুৱতীৰ মনত ‘বিয়া’ বা ‘বিবাহ’ শব্দটোৱে শিহৰণ সৃষ্টি কৰে। বিয়া এনেকুৱা এটা পদ্ধতি বা প্ৰথা, যাৰ দ্বাৰা দুজন অচিনাকি ব্যক্তিয়ে বা সামান্যভাৱে পৰিচিত ব্যক্তিয়ে বা সামান্যভাৱে পৰিচিত ব্যক্তিয়ে সামাজিকভাৱে বা আইনগতভাৱে একেলগে থকাৰ সিদ্ধান্ত লয়। পতি-পত্নীৰ সম্পৰ্কটো চাগে’ এনেকুৱা এটা সম্পৰ্ক, যিটোৱে জীৱনৰ অন্তিম মুহূৰ্তলৈকে দুজন ব্যক্তিক একলগ কৰি ৰাখে। যদিওবা জীৱনৰ এটা দীঘলীয়া যাত্ৰাত বিভিন্ন সময়ত বিভিন্ন মতানৈক্যৰ সৃষ্টি হয়, তথাপি পতি-পত্নীয়ে হৈছে সকলো সুখ-দুখৰ সমভাগী। গতিকে বিয়াৰ বন্ধনত বন্ধিত হোৱাৰ আগতে ইজনে সিজনৰ বিষয়ে জ্ঞাত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আমাৰ সমাজত বিয়া ঠিক কৰাৰ আগতে হ’বলগীয়া দৰা বা কইনাৰ কুণ্ডলী বা ৰাশি মিলাই চোৱা হয়। কিছুমান মানুহে জ্যোতিষীৰ সহায় লোৱাও দেখা যায়। কিন্তু ৰাশি বা গণ বা গোত্ৰ আদিতকৈ প্ৰয়োজনীয় হৈছে ইজনে সিজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়ে অৱগত হৈ থাকিলে অদূৰ ভৱিষ্যতে বহুত অনাকাংক্ষিত বিপদৰ পৰা আঁতৰি থাকিব পাৰি। গতিকে বিয়া পতাৰ আগতে আপোনাৰ হ’ব লগা জীৱনসংগীৰ বিষয়ে কিছু কথা জানি লোৱাটো আৰু কিছুমান পৰীক্ষা কৰি লোৱাটো বিজ্ঞানসন্মত।

স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা -

আনহাতে কিছুমান বেমাৰক যৌন সংক্ৰমিত বেমাৰ সংক্ৰমিত বেমাৰ বুলি কোৱা হয়, যেনে- এইডছ, হেপাটাইটিছ বি, গোনোৰিয়া ছিফিলিছ ইত্যাদি। এইবোৰ বেমাৰ এজনৰ গাত থাকিলে বিয়াৰ পিচত আনকি সংগীৰ গাত সংগীৰ গাত হোৱাটো প্ৰায় নিশ্চিত। আনকি তেওঁলোকৰ হ’বলগীয়া সন্তানৰ গালৈও এই বেমাৰ বিয়পিব পাৰে। গতিকে বিয়াৰ আগতে এইবিলাক বেমাৰৰ চিকিৎসা কৰাটো খুবেই প্ৰয়োজনীয়। আমাৰ দেশত বিয়াৰ আগতে যৌনতা বিষয়ৰ কোনো আলোচনা কৰাটো খুব বেয়া বুলি ভবা হয়। অথচ দুটি মনৰ সুস্থ মিলনৰ বাবে শাৰীৰিক মিলনো সমানে প্ৰয়োজনীয়। বহুত ক্ষেত্ৰত দেখা যায় যে বিয়াৰ পিচত ল’ৰা বা ছোৱালীজনীৰ শাৰীৰিক দুৰ্বলতা থাকে বা সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকে। তেনেক্ষেত্ৰত কিছুমান পৰীক্ষা আগতীয়াকৈ কৰাই ল’লে দুয়োৰে অসুবিধাবোৰ বুজি পোৱাত সুবিধা হয় আৰু তাৰ সঠিক চিকিৎসা প্ৰদানত সহজ হয়। ছোৱালীৰ ক্ষেত্ৰত টেষ্টেটেৰোন আৰু ছিমেন তেজৰ নমুনা পৰীক্ষা কৰা হয় আৰু ল’ৰাৰ ক্ষেত্ৰত টেষ্টেটেৰোন আৰু ছিমেন এনালাইছিছ কৰা হয়। তদুপৰি নানা ধৰণৰ পুৰণি বেমাৰ ল’ৰা বা ছোৱালী যিকোনো এজনৰ গাত থাকিব পাৰে। যেনে- ডায়েবেটিছ, উচ্চ ৰক্তচাপ, লিভাৰ বা কিডনীৰ বেমাৰ ইত্যাদি। বিয়াৰ আগতে এই বিষয়ত অৱগত হ’লে আপোনাৰ জীৱনসংগী শাৰীৰিক বা মানসিকভাৱে আপোনাৰ সেৱা-শুশ্ৰূষা কৰাৰ বাবে প্ৰস্তুত্য হ’ব পাৰে।

আৰ এইচ ফেক্টৰৰ প্ৰভাৱ -

কিছুমান বেমাৰ বংশগতভাৱে পৰৱৰ্তী প্ৰজন্মলৈ বিয়পিব পাৰে। যেনে- থেলাছেমিয়া বা তেজৰ অন্যান্য বিসংগতি, ডায়েবেটিছ, কিছুমান মানসিক বেমাৰ ইত্যাদি। গতিকে আপোনাৰ ভৱিষ্যৎ ল’ৰা-ছোৱালীৰ গালৈ এনেকুৱা বেমাৰ আহিব পাৰে নে নাই সেয়া আগতীয়াকৈ পৰীক্ষা কৰি আৰু তাৰ বাবে প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰি। বিয়া পতাৰ আগতো আমি তেজৰ গ্ৰুপৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। Rh পজিটিভ মানুহে Rh নিগোটিভ মানুহক বিয়া পাতিলে যদি গৰ্ভৱতী অৱস্থাত সন্তান আৰু মাকৰ ফেক্টৰ বেলেগ বেলেগ হয়, তেতিয়া নানা সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত আনকি মাক বা সন্তানৰ মৃত্যুও হ’ব পাৰে।

আৰ এইচ মানে কি -

আমাৰ তেজত থকা ল্কিছুমান এন্টিজেনৰ ওপৰত ভিত্তি কৰি তেজক বিভিন্ন গ্ৰুপত ভাগ কৰা হয়। যেনে- A, B, AB আৰু O। আমাৰ তেজত আকৌ আৰ এইচ(Rh) নামৰ এবিধ এন্টিজেন থাকে, যাৰ তেজত এন্টিজেফন থাকে তেওঁক Rh পজিটিভ আৰু যাৰ তেজত এইবিধ এন্টিজেন নাথাকে, তেওঁক Rh নিগেটিভ বুলি কোৱা হয়।

মানসিক সমস্যাৰ সমাধান -

সুস্থ শৰীৰৰ বাবে সুস্থ মন এটা অতিকৈ প্ৰয়োজনীয়। যিহেতু আমাৰ সমাজত বেছিভাগ বিয়াই মাত্ৰ এবাৰ বা দুবাৰ লগ পোৱাৰ পিচতেই ঠিক হৈ যায়, গতিকে ইজনে সিজনৰ মানসিক অৱস্থাৰ বিষয়ে জ্ঞাত হোৱাটো সম্ভৱ নহয়। কিন্তু বিয়াৰ পিচত পিচত প্ৰায়েই দেখা যায় যে কাৰোবাৰ জীৱনসংগীৰ ‘চিজোফ্ৰেনিয়া’, ‘মেনিয়া’, ‘ডিপ্ৰেছন’, ‘পাৰ্টোনেলিটি ডিছৰ্ডাৰ’ ইত্যাদি বেমাৰৰ আৱিৰ্ভাৱ হয়। কিন্তু বিয়াৰ আগতে খুব সাধাৰণ চাইকোমেট্ৰিক টেক্টৰ দ্বাৰা এইবোৰ বেমাৰ পৰা পেলাব পাৰি আৰু বিয়াৰ আগতে খুব সাধাৰণ চাইকোমেট্ৰিক টেষ্টৰ দ্বাৰা এইবোৰ বেমাৰ পৰা পেলাব পাৰি আৰু বিয়াৰ আগতে নিজৰ জীৱনসংগীৰ শাৰীৰিক বা মানসিক বিসংগতিৰ বিষয়ে জানি লোৱাৰ অৰ্থ এইটো নহয় যে বিয়াখন ভাগি যোৱা, বৰঞ্চ ইয়াৰ দ্বাৰা দুজনৰ মাজত বিশ্বাস বুদ্ধি হয় আৰু ভৱিষ্যতে হ’ব লগা বিপদৰ পৰা আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰা। ‘জন্ম’, ‘মৃত্যু’ আৰু ‘বিবাহ’ যদিওৱা ঈশ্বৰৰ হাততে থাকে, তথাপি মানুহ হিচাপে যিহেতু আমি জীয়াই থাকিব লাগিব। গতিকে বিবাহৰ বান্ধোনেৰে বান্ধিব হোৱাৰ আগতে বিজ্ঞানসন্মতভাৱে দুই-এটা কথা অনুসৰণ কৰিলে দাম্পত্য জীৱনত সুখী হোৱাৰ সম্ভাৱনা বেছি থাকে।

লেখক: ডাঃ বিপ্লৱ পল(সম্ভাৰ)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate