অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালমইনা আৰু উপশমৰ উপায় :

শালমইনা আৰু উপশমৰ উপায় :

মুখৰ শালমইনা এটা বিৰক্তিকৰ সমস্যা। ই ছালৰ সৌন্দৰ্য নষ্ট কৰাৰ লগতে উজ্জ্বলতাও হ্ৰাস কৰে। পুৰুষতকৈ মহিলাৰ এই সমস্যা বেছি। মুখত শালমইনা উঠিলে মহিলাসকলে নোহোৱা কৰিবৰ বাবে বহু যত্ন কৰে। শালমইনাৰ সমস্যা আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। শালমইনা হ’লে পাঁচটা আহাৰৰ পৰা আঁতৰত থকাটো বাঞ্চনীয়।

পাউৰুটী: প্ৰতিদিনে পুৱা পাউৰুটী বা ব্ৰেড জাতীয় আহাৰ গ্ৰহণ কৰা বহুতৰ অভ্যাস। মুখত শালমইনা হোৱাৰ অন্যতম কাৰণ হ’ল পাউৰুটীক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো। গ’লেটিন হ’ল একধৰণৰ প্ৰ’টিন- য’ত পোৱা যায় গোম, জৱ, ওটছ আদি। শৰীৰত গ’লেটিনৰ পৰিমাণ বেছি হ’লেও শালমইনা হ’ব পাৰে।

আলু চিপচ: চাহৰ লগত বা খালীকৈ চিপচ খোৱাটো বহুতৰ অভ্যাস। এই চিপচে মুখৰ শালমইনাৰ পৰিমাণ বৃদ্ধি কৰে। কিয়নো, ইয়াত অতিৰিক্ত শৰ্কৰা আছে। ই ব্ৰনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে যন্ত্ৰণাও বৃদ্ধি কৰে।

চকলেট: খাদ্য আৰু পৰিপুষ্টি বিভাগৰ শেহতীয়া গৱেষণা মতে শালমইনাৰ লগত চকলেটৰ এটা সম্পৰ্ক আছে। চকলেট কম-বেছি পৰিমাণে সকলোৱে পচন্দ কৰে। এই চকলেটত থাকে প্ৰচুৰ পৰিমাণে চেনি। যাৰ ফলত মুখত ব্ৰনৰ সমস্যা বৃদ্ধি পায়।সেয়ে পৰাপক্ষত চকলেটৰ পৰা দুৰত থকাই ভাল।

গাখীৰ: শৰীৰৰ কাৰণে গাখীৰ সুষম আহাৰ। সেয়ে বহুতে দৈনন্দিন খাদ্য তালিকাত এগিলাচ গাখীৰ খোৱাটো বাধ্যতামুলক কৰি লয়। যিসকলে শালমইনাৰ সমস্যাত ভুগি আছে তেওঁলোকে আহাৰৰ তালিকাৰ পৰা গাখীৰ বাদ দিয়াটো প্ৰয়োজন।

ছ’ডা: ছ’ডা মানুহে খায় যদিও ই ইমান পুষ্টিকৰ খাদ্য নহয়।বিশেষকৈ ছালৰ বাবে অতিকৈ বেয়া। ছ’ডাত ফ্ৰুক্টোজৰ মাত্ৰা বেছিকৈ থাকে বাবে শৰীৰত শালমইনা বৃদ্ধি কৰে।

  • চাফা পানীত দুচামুচ নেমুৰ ৰস মিলাই দিনটোত তিনিবাৰ মুখখন ধুব।
  • গা ধোঁৱাৰ আগতে মুখত ভাল মুলটানি মাটি আৰু চন্দন মিহলাই লেপন দি ১০ মিনিটৰ পিছত মুখখন ধুই দিব।
  • গৰু গাখীৰৰ লগত এচামুচ চন্দন, এচামুচ হালধি গুড়ি মিহলাই মুখত প্ৰলেপ লগাই লাহে লাহে মালিচ কৰি শুই থাকক। পুৱা ভালদৰে মুখখন ধুব।
  • যিসকলৰ মুখত শালমইনা পকি থাকে, তেনে লোকে পকা বিলাহীৰ ৰস শালমইনাৰ ওপৰত সানি থ’ব, লাহে লাহে শুকাই যাব।
  • শালমইনাৰ দাগ গুচাবলৈ কেঁচা হালধিৰ ৰস, তুলসীৰ ৰস আৰু মৌ একেলগে মিলাই দাগসমূহৰ ওপৰত লগালে দাগ নাইকিয়া হয়।
  • পকা অমিতাৰ ৰস মুখত সানিলে শালমইনাৰ দাগ নাইকিয়া হয় আৰু মুখৰ ৰং উজ্জ্বল হয়।
  • মহানিমৰ পাতৰ গুড়ি পানীত মিহলাই শালমইনা ধুলে শালমইনা বহি যায়।
  • ছালকুঁৱৰীৰ বীজ শালমইনাত সানিলে ভাল হয়।
  • খৰবুজৰ গুটি গৰুৰ গাখীৰৰ সৈতে বটি শৰীৰত লগালে শালমইনা(ব্ৰণ) নাইকিয়া হয়।
  • পদিনাৰ পাতৰ ৰস সেই ব্ৰণত লগালে ব্ৰণ শুকাই যায়।
  • এচামুচ মূলাৰ ৰস আৰু এচামুচ তিয়ঁহৰ ৰস মিহলাই শৰীৰৰ ব্ৰণ হোৱা ঠাইত প্ৰলেপ সানি দিব। এঘন্টাৰ পিছত ঠাণ্ডা পানীৰে ইয়াক পৰিষ্কাৰকৈ ধুই দিব। নিয়মিতভাৱে এইদৰে ব্যৱহাৰ কৰিলে ব্ৰণ পৰিষ্কাৰ হয়।
  • জামুৰ গুটি শুকুৱাই মিহিকৈ গুড়ি কৰি লওক। এতিয়া এই গুড়িৰ লগত পানী মিহলাই মিশ্ৰণ বনাই লওক। এই পেষ্ট ব্ৰণত লগালে ব্ৰণ শুকাই যায়।
  • নিমৰ বীজৰ বাকলি গুচাই ভালদৰে পিচি গুড়ি কৰি লওক। ইয়াত অলপ দৈ মিহলাই শৰীৰত লগাই দিয়ক। ই শালমন বা ব্ৰণ পৰিষ্কাৰ কৰাত সহায় কৰে।
  • এক লিটাৰ পানীত এচামুচ জিৰা দি উতলাই ল’ব। পানীখিনি ঠাণ্ডা হোৱাৰ পিছত, সেই পানীৰে শৰীৰটো ধুই দিব। এইদৰে নিয়মিতভাৱে ব্যৱহাৰ কৰিলে ব্ৰণ তথা বলিৰেখা নাইকিয়া হয়।
  • এচামুচ বেচন আৰু আধা চামুচ শুকান নিমৰ পাত গুড়ি কৰি কেঁচা গাখীৰৰ সৈতে মিহলাই মিশ্ৰণ এটা তৈয়াৰ কৰক। ইয়াক শৰীৰত লগাওক আৰু এঘন্টাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক।
  • আধা চামুচ নেমুৰ ৰসত আধা চামুচ অলিভ অইল মিহলাই পুৱা-গধূলি ব্ৰণত লগাব।
  • ব্ৰণ ওলোৱাৰ সময়ত অলপ সময়ৰ বাবে ব্ৰণৰ ওপৰত বৰফ ঘঁহি থাকিব। পিছত অলপমান লঙৰ তেল লগাই দিব। এনে কৰিলে ব্ৰণ ওলোৱা বন্ধ হয়।
  • গা-ধোৱাৰ পূৰ্বে প্ৰতিদিনে শৰীৰত ভাপ লগাব লাগে। ভাপ ল’লে নোমৰ গুৰি ভালদৰে মুকলি হয়।সূৰ্যোদয়ৰ কোমল ৰ’দ শৰীৰত পৰিবলৈ দিব। পুৱাৰ সময়ত
  • সূৰ্যৰ পৰা ওলোৱা ৰশ্মিয়ে ব্ৰণ দূৰ কৰে। তদুপৰি প্ৰতিদিনে অন্ততঃ ৭ৰ পৰা ৮ গিলাচ পানী খোৱা আৱশ্যক।
  • তেলত ভজা, জলাযুক্ত, মছলা দিয়া মিঠা আঞ্জা বা তৰকাৰী খোৱাৰ পৰা বিৰত থাকক। চাহ, কফি, কোলা, ছফট ড্ৰিংকছ, চকালেট, আইচক্ৰীম, ময়দাৰে প্ৰস্তুত কৰা খাদ্য, মিঠাই, আচাৰ, টেমাত পেকেট কৰা খাদ্য, বাহী আহাৰ আদি খোৱা বন্ধ কৰক।
  • তামোল, গুটখা, চাধা, মদ, চিগাৰেট আদি নিচাযুক্ত সামগ্ৰী খোৱা বন্ধ কৰক।
  • নিশা শোৱাৰ সময়ত মেকআপ আঁতৰাই পেলাব।
  • ব্ৰণত পিন, বেজী অথবা কাঁইট আদিৰে খুচিব নালাগে। ইয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে।
  • গৰম পানীত কাপোৰ তিয়াই ব্ৰণৰ ওপৰত সেক লগালে আৰাম পোৱা যায়।

কি খাব লাগে -.

  • ঠাণ্ডা পানী দিনটোত কমেও তিনি লিটাৰ খাব লাগে।
  • ফলৰ ৰস (সতেজ), শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে।
  • আমলখি নিতৌ খাব লাগে।
  • ৰাতি শোৱাৰ আগতে ত্ৰিফলা দুচামুচ এগিলাচ পানীত মিহলাই খাব লাগে।

কি খাব নালাগে -

  • তেল, ঘিউ, মাখন, মছলাজাতীয় খাদ্য পৰাপক্ষত খাব নালাগে।
  • চৰ্বিজাতীয় খাদ্য অধিক খাব নালাগে।
  • ছালত যিকোনো ক্ৰীমৰ প্ৰলেপ সানিব নালাগে ।
  • বেছি পৰিমাণৰ পাউদাৰ সানিব নালাগে।
  • চাহ, কফি, মাদক দ্ৰব্য গ্ৰহণ কৰিব নালাগে।
  • টোপনি ক্ষতি কৰিব নালাগে।

লেখক :- সৌৰভ গগৈ

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate