অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শুকুলা কেশৰ সমস্যা

শুকুলা কেশৰ সমস্যা

আচলতে চুলি পকা সমস্যাটো এটা সাধাৰণ সমস্যা| গুৰুত্বপুৰ্ণ কথাটো হ’ল যে ই কোনো ৰোগ নহয়| বৰঞ্চ ই চুলি বিকাশ হোৱাতহে অৰিহণা যোগায়| কাৰণ বয়স হ’লে চুলি পকাটো এক প্ৰাকৃতিক নিয়ম| ই ইমান চিন্তনীয় বিষয় নহয়| কিন্তু আজিকালি কম বয়সৰ ল’ৰা-ছোৱালীৰ চুলি পকা সমস্যাটো বৃদ্ধি পাইছে| দেখা যায় অতিপাত চুলি পকাৰ পিচত দেখাত চুলিলৈ দুইধৰণে পৰিৱৰ্তন আহি পৰে| চুলি দেখাত শুকান হোৱাৰ লগতে চুলিত শুষ্কতাৰ তাৰতম্য পৰিলক্ষিত হয়| এনে অৱস্থাত প্ৰাকৃতিক ষ্টাইল বা প্ৰাকৃতিক উপায়েৰে চুলিৰ যতন লোৱা দৰকাৰ| নিয়মিত চুলিত তেল লগোৱাৰ লগতে হেনা কৰা উচিত| তদুপৰি প্ৰাকৃতিক উপায়ৰ উপৰি ৰাসায়নিক পদ্ধতিৰে চুলি ৰং অথবা স্পা কৰিব পাৰে| বছৰ বছৰ ধৰি পকা চুলি যতনৰ ক্ষেত্ৰত সহজ উপায় হিচাপে মানুহে চুলিত ৰং কৰা পদ্ধতিয়ে ব্যৱহাৰ কৰি আহিছে| এইক্ষেত্ৰত আপুনি অভিজ্ঞ চুলি বিশেষজ্ঞৰ হতুৱাই পকা চুলিৰ যত্ন ল’লে অধিক ফলপ্ৰসু হ’ব| কাৰণ যিকোনো হেয়াৰ কালাৰে আপোনাৰ পকা চুলিৰ আৱৰণ কিছুদিনৰ বাবে ঢাকি ৰাখিব ঠিকেই কিন্তু এনে নিম্ন মানৰ হেয়াৰ কালাৰে চুলিৰ ক্ষতি কৰাৰ আশংকাই বেছি| চুলিৰ যতনৰ ক্ষেত্ৰত আজিকালি বহু আধুনিক পদ্ধতি ব্যৱহাৰ কৰিব পাৰে| মনত ৰাখিব চুলি পকাটো কোনো ৰোগ নহয়| পূৰ্বৰ দৰে আপোনাৰ চুলিকোছাক সুন্দৰ কৰি ৰাখিবলৈ একমাত্ৰ নিজৰ যত্নৰ প্ৰয়োজন|

চুলিত ৰঙৰ কলপ

কম বয়সতে চুলি পকিলে বা কেঁচা-পকা হ’লে দেখিবলৈ অশুৱনি লাগে| এইক্ষেত্ৰত চিকিৎসক বা চুলি বিশেষজ্ঞৰ সৈতে আলোচনা কৰি চুলি পকাৰ কাৰণ বিচাৰি উলিওৱাৰ লগতে ইয়াৰ কাৰণে প্ৰয়োজনীয় চিকিৎসা কৰি লোৱা হয়| চিকিৎসা কৰিও যদি সুফল পোৱা নাযায়, তেন্তে কৃত্ৰিম ৰং ব্যৱহাৰ কৰি চুলি ক’লা কৰি লোৱাৰ বাহিৰে অন্য উপায় নাথাকে| কিন্তু এই ক্ষেত্ৰত প্ৰধান সমস্যা হৈছে এবাৰ কৃত্ৰিম ৰং ব্যৱহাৰ কৰা আৰম্ভ কৰিলে তাক নিয়মিত ব্যৱহাৰ কৰাৰ বাহিৰে উপায় নাথাকে| সেইকাৰণে প্ৰথমতে চুলিৰ স্বাভাৱিক ৰং ঘুৰাই অনাৰ যত্নহে কৰিব লাগে| সকলো চেষ্টা বিফল ব্যৰ্থ হলেহে কলপ বা ডাই লগোৱাৰ সিদ্ধান্ত ল’ব লাগে| আপোনাৰ চুলিৰ লগত মিলা নামী উৎপাদকৰ কলপহে নিৰ্বাচন কৰিব আৰু নিৰ্দেশাৱলী ভালদৰে পঢ়ি লৈহে কলপ ব্যৱহাৰ কৰিব লাগে|

লেখক: জাৱেদ হাবিব

উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate