অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰত পানীৰ পৰিমাণ কমি গʼলে দেখা দিয়া লক্ষণবিলাক :

শৰীৰত পানীৰ পৰিমাণ কমি গʼলে দেখা দিয়া লক্ষণবিলাক :

 

পথিৱীৰ সকলো প্ৰাণীকে পানীৰ দৰকাৰ হয়। কম-বেছি পৰিমাণে শাৰীৰিক অৱয়ব অনুযায়ী সকলো প্ৰাণীয়ে পানী খাব লগীয়া হয়। মানুহে দৈনিক গড়ে এক লিটাৰৰ পৰা ডেৰ লিটাৰ পানী খাব লাগে। খাদ্য যিমানেই নেখাওক লাগে মানুহে ২-৩ দিন পানী নোখোৱাকৈ থাকিলে মানুহজনৰ মৃত্যু হ’ব। মানুহে দিনটোত কেবাবাৰো পানী খাই থাকে, তথাপি মানুহৰ শৰীৰত পানীৰ অভাৱ থাকে আৰু পানীৰ অভাৱ অনুভৱ কৰে। দীৰ্ঘ সময় ধৰি পানী নেখালে মানুহৰ শৰীৰত কিছুমান লক্ষণ প্ৰকাশ পায়। এই লক্ষণবিলাক দেখা পালে জানিব আপোনাৰ শৰীৰত ডিহাইড্ৰেচন হৈছে। ডিহাইড্ৰেচন(নিৰ্জলা)হোৱাৰ প্ৰধান লক্ষণবিলাক এনেধৰণৰ-

*শৰীৰত পানীৰ অভৱ হ’লে, প্ৰথম লক্ষণ হিচাপে শৰীৰৰ ছালখন শুকাই যায় আৰু ছালৰ মসৃণতাও নাইকিয়া হৈ খহতা হৈ পৰে। ছালৰ উপৰিভাগ শোটোৰা পৰি একেবাৰে খৰখৰীয়া হৈ পৰে। এনে অৱস্থা দেখা পালেই প্ৰতিদিনহে পৰ্যাপ্ত মাত্ৰাত পানী বা পনীয়া দ্ৰব্য, যিকোনো ফলৰ ৰস, দাইলৰ পানী বা পাচলি সিজোৱা পানী খাই থাকিবলৈ দিব লাগে। বেছিকৈ শুকাই যোৱা ছালত সামান্য টান বস্তুৰ আচোৰ লাগিলেই দাগ পৰে আৰু একেৰাহে কিছুদিন শুকাই থাকিলে ছালখন পিছলৈ সামান্য হেঁচা পৰিলেই ফাটি যাব পাৰে।

*শৰীৰত পানীৰ অভাৱ হ’লে মুখৰ পৰা দুৰ্গন্ধ ওলায়। দিনটোত দুবাৰকৈ ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নেযায়। এনে অৱস্থা হ’লে দিনটোত সঘনাই পৰিষ্কাৰ ঠাণ্ডা পানী খাই থাকিব লাগে। পিয়াহ যিহেতু নেলাগিলেও ৰোগীয়ে দিনটোত অলপ অলপকৈ পানী খাবলৈ উৎসাহিত কৰিব লাগে।

*শৰীৰত পানীৰ অভাৱ হ’লে দেখা দিয়া আটাইতকৈ বেছি ভয়াৱহ সংকেতটো হ’ল- ৰোগীৰ যেতিয়াই তেতিয়াই মূৰ বিষাই থাকিব পাৰে। মূৰৰ বিষ অতি বিষ অতি তীব্ৰ ধৰণৰ হয় আৰু কেতিয়াবা গোটেই দিনটো এনে বিষ থাকিব পাৰে। এনে লক্ষণ দেখিলে লগে লগে ৰোগীক অলপ অলপকৈ দিনটোত চাৰি-পাঁচ গিলাচ পানী খুৱাব লাগে।

*শৰীৰত পানীৰ অভাৱ হ’লে বদহজম আৰু কোষ্ঠকাঠিন্যই দেখা দিব পাৰে। কোষ্ঠকাঠিন্যৰ অন্যতম কাৰণ হ’ল- শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ।

এনেধৰণৰ লক্ষণবোৰ দেখা পালে অকণো পলম নকৰি অবিলম্বে ৰোগীক যথেষ্ট পৰিমাণৰ পানী খাবলৈ দিব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate