কিছুমান সৰু সৰু কথাই কেতিয়াবা মনত খোঁচা-বিন্ধা কৰি থাকে। সাধাৰণভাৱে দেখাত নগণ্য যেন লগা বদ অভ্যাসৰ বিষয়ে আজি আপোনালোকৰ আগত আলোচনা কৰিব খুজিছো। চিকিৎসা-বিজ্ঞানত বহুলভাৱে চৰ্চিত এই বিষয়টোক শৰীৰৰ বায় কেমিকেল সংমিশ্ৰণ হিচাপে বুজায়। অৰ্থাৎ জৈৱ-ৰাসায়নিক সংমিশ্ৰণ। অলপতে আমেৰিকান ফিজিকেল থেৰাপী এছ’চিয়েচনৰ এখন গ্ৰন্থত এই বিষয়ে সবিস্তাৰে আলোচনা কৰা হৈছে। সম্প্ৰতি চিকিৎসা-বিজ্ঞানত এদল চিকিৎসক বিশেষজ্ঞই নিৰন্তৰ গৱেষণা কৰিছে মানৱ শৰীৰত দেখা দিয়া ৰোগৰ ওপৰত। ইয়াৰ বিপৰীতে আন এদল চিকিৎসক, সমাজ-বিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট গৱেষকসকলে চিন্তা-চৰ্চা কৰিছে কেনেকৈ মানৱ শৰীৰ ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰি। তেনে গৱেষণাত উন্মোচিত হৈছে যে শুদ্ধ দেহভংগীৰ নিয়ম পালন কৰিলেও মানুহে বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰে। তেওঁলোকে দাবী কৰিছে যে অশুদ্ধ দেহভংগীৰ নিয়মে এজন ব্যক্তিক কেৱল শৰীৰৰ জোৰাৰ বিষতেই আক্ৰান্ত নকৰে, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃৎপিণ্ডৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগতে তেওঁৰ মস্তিষ্কৰ পৰিচালনা ক্ষমতাও বহুখিনি হ্ৰাস কৰে।
প্ৰকৃততে দেহভংগীনো কি, তাক প্ৰথমে জনা প্ৰয়োজন। সঠিকভাৱে বহা, খোজ-কঢ়া, চলা-ফুৰা কৰা আনকি শোৱাৰ ক্ষেত্ৰতো নিয়ম মানি চলা প্ৰয়োজন। সুস্থ শৰীৰৰ বাবে শুদ্ধ দেহভংগীৰ নিয়ম জনা অতি আৱশ্যক। সুস্থ-সবল শৰীৰৰ বাবে আমি যিদৰে সুষম আহাৰ গ্ৰহণ কৰো, ব্যায়াম কৰো, টোপনি যাওঁ তেনেদৰেই দেহভংগীৰ নিয়মবোৰো মানি চলা প্ৰয়োজন। অন্যথা দীৰ্ঘদিনৰ অশুদ্ধ অভ্যাসে আমাৰ শৰীৰৰ ক্ষতি কৰে। আমি সঠিকভাৱে থিয় হ’লে বা বহিলে আমাৰ ৰাজহাড়ত হেঁচা নপৰে, হাড়ৰ জোৰাত হেঁচা নপৰে, আনকি শৰীৰৰ পেশীবোৰেও আৰাম পায়। অন্যথা শৰীৰত বিভিন্ন বিষ হ’ব পাৰে। যিসকল লোকে সামান্য কুঁজা হৈ, অৰ্থাৎ ৰাজহাঁড় ভাঁজ কৰি বহে বা খোজ কাঢ়ে তেওঁলোকৰ পিঠিৰ বিষ, কঁকালৰ বিষ আদি হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি।
অশুদ্ধ দেহভংগীৰ নিয়মে প্ৰথমে প্ৰভাৱ পেলায় আঁঠু আৰু তপিনাত। এটা সাধাৰন কথা মন কৰিলে বিষয়টো স্পষ্ট হ’ব। দীৰ্ঘ সময় ধৰি আমি একে ঠাইতে একেথিৰে বহি বা থিয় হৈ থাকিলে শৰীৰ একেবাৰে টিছ্যুত বেছিকৈ হেঁচা পৰাৰ বাবে জিনজিননি আৰম্ভ হয়। সেয়ে মাজে মাজে শৰীৰৰ সামান্য ইফাল-সিফাল কৰি লৰাব লাগে, যাতে হেঁচা পৰা টিছ্যুবোৰে আৰাম পায়। একেদৰেই আমি যদি অশুদ্ধ দেহভংগীৰ নিয়ম দিনৰ পিছত দিন পালন কৰি থাকো, তেন্তে তাৰ প্ৰভাৱ শৰীৰত পৰাটো অনিবাৰ্য। আনকি কোনো মানুহে একে উচ্চতাৰ জোতা বা চেণ্ডেল সদায় পৰিধান কৰিব নালাগে। মহিলাসকলে ওখ হিলৰ চেণ্ডেল পৰিধান কৰাটোও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। পেশীয়ে শৰীৰত ভাৰসাম্য ৰাখিব নোৱাৰিলে আমি সহজতে ভাগৰি পৰো, ক্লান্তি অনুভৱ কৰো।
এইখিনিতে এটা প্ৰশ্ন হয় – আমি আমাৰ দেহভংগী শুদ্ধ হৈছে নে নাই কেনেকৈ জানিম? ইয়াৰ কাৰণে আইনাৰ সন্মুখত খোজ কাঢ়িব বা বহিব লাগে। কিন্তু এনে কৰোতে নিজৰ সন্মুখভাগ চোৱাৰ লগতে কাষৰ পৰাও আইনাত চাব লাগিব। অতি উত্তম হ’ব যদিহে অকণমান সময় বহি থকা বা খোজ কঢ়াৰ ভিডিঅ’ কৰিব পৰা যায়। আজিকালি প্ৰায় সকলো মানুহৰে হাতে হাতে ম’বাইল। সেই ম’বাইলত অতি সহজতে ভিডিঅ’ কৰিব পাৰি। তেনে কৰি নিজৰ ভুল সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব। অৱশ্যে বেছি ঢিলা পোছাক পিন্ধি এনে ফটো উঠাতকৈ গাত লাগি ধৰা পোছাক পিন্ধিলেহে শুদ্ধ দেহভংগী প্ৰত্যক্ষ হ’ব। ফটো উঠোতে সাধাৰণতে যেনেকৈ থাকে তেনেদৰে ফটো উঠিব।
দ্বিতীয়তে, ডিঙি আৰু মুৰ সঠিকভাৱে ৰাখিব লাগে। ডিঙি, বাহু, বুকু, পিঠি আৰু ভৰি শুদ্ধভাৱে থাকিলেহে উশাহ-নিশাহ সঠিকভাৱে ল’ব পাৰে। অন্যথা উশাহ-নিশহ লৈ থাকে যদিও এজন স্বাভাৱিক মানুহৰ তুলনাত অক্সিজেন শৰীৰত কমি আহে। তললৈ মুৰ কৰি খোজ কঢ়াৰ অভ্যাসে মানুহৰ ক্ষতি কৰে, যিদৰে কৰে বুকু ফিন্দাই খোজ কঢ়াৰ অভ্যাসে।
এতিয়া আমি জানিব লাগিব নিজৰ দেহভংগী কেনেদৰে শুদ্ধ কৰিব পাৰি। যেতিয়া এজন মানুহে তেওঁৰ দেহভংগীৰ আসোঁৱাহবোৰ দেখা পাব, তেতিয়া তেওঁৰ প্ৰথম কাম হ’ব সেইটো শুদ্ধ কৰা। প্ৰতিদিনে শুদ্ধ দেহভংগীৰে খোজ কঢ়া, বহাৰ অভ্যাস কৰি তাক অনুশীলন কৰিব লাগিব। অশুদ্ধ দেহভংগীৰ এজন ব্যক্তিৰ আঘাত লাগিলে ক্ষতি হোৱাৰ সম্ভাৱনা বেছি। কিয়নো, তেওঁ নিজে নজনাকৈয়ে শৰীৰৰ সমতা ৰক্ষা কৰা নাই। সেয়ে আঘাত পালে হাড় সহজতে ভাগিব। দেহভংগী শুদ্ধ কৰিবলৈ প্ৰত্যেক ব্যক্তিয়ে চেষ্টা কৰা প্ৰয়োজন। ধীৰে-সুস্থিৰে প্ৰতিদিনে অভ্যাস কৰিব লাগিব। খোজ কঢ়াৰ অভ্যাস কৰোতে হাতত সৰু ডাম্বেল লৈ অভ্যাস কৰিব লাগে। এনে কৰোতে দেহৰ ছাইড ভিউ (side view) চোৱা প্ৰয়োজন। সচেতন হ’ব যাতে বাহু দুটা সঠিকভাৱে থাকে। মনত ৰাখিব যে বিকৃত দেহভংগীয়ে শৰীৰৰ স্বাভাৱিক গঠনৰ বিকৃতি ঘটাব পাৰে।
বহি থাকোতে ভৰি জোকাৰি থকা, বেছিকৈ হাত মাৰি খোজ কঢ়া, কুঁজা হৈ বহি অথবা বেছিকৈ হাউলি পঢ়া-শুনাৰ কাম কৰাটোও ক্ষতিকাৰক।
এইখিনিতে প্ৰশ্ন হয়-শুদ্ধ দেহভংগীৰ অনুশীলন কেনেদৰে কৰিব? মুৰৰ পৰা ভৰিলৈকে ভিতৰে ভিতৰে এডাল ৰেখা অংকন কৰিব। সেই ৰেখা অনুসৰণ কৰি খোজ কাঢ়িবলৈ চেষ্টা কৰিব। কেতিয়াবা এনে বিষয় অনুসৰণ কৰোতে শৰীৰৰ সামান্য বিষ অনুভুত হয়। কিন্তু সামান্য ধৈৰ্য কৰি স্থিৰ মনেৰে এই অনুশীলন কৰিলে লাহে লাহে ভাল লগা হ’ব। শৰীৰৰ কাৰ্যক্ষমতাও বৃদ্ধি পাব। পোছাক পৰিধান কৰিলে আকৰ্ষনীয় দেখিব। শুদ্ধ দেহভংগীৰ অভ্যাসে ৰাজহাড়ৰ সমস্যা হ্ৰাস কৰে। শৰীৰৰ ৰক্ত সঞ্চালন উন্নত হোৱাৰ লগতে স্নায়ুতো প্ৰভাৱ পৰে। শৰীৰৰ হাড়ৰ জোৰাবোৰে শক্তি লাভ কৰে। আমি উশাহ-নিশাহ স্বাভাৱিকভাৱে লৈ থাকিলেও অশুদ্ধ দেহভংগীৰ সময়ত শৰীৰত পৰ্যাপ্ত অক্সিজেন লাভ নকৰে। কিন্তু শুদ্ধ দেহভ্ংগীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে কাৰ্ডিঅ’ পালম’নেৰীৰ ছিষ্টেমত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায়। ফলত স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ অন্যান্য টিছ্যুত যথেষ্ট অক্সিজেন বহন কৰিব পাৰে। শৰীৰৰ স্বাভাৱিক কাম-কাজত তাৰ সুফল পৰে।
শুদ্ধ দেহভংগীয়ে এজন ব্যক্তিৰ ব্যক্তিত্বতো প্ৰভাৱ পেলায়। তেওঁক দেখাত আকৰ্ষনীয় কৰি তোলে। মানুহ আত্মবিশ্বাসী হৈ নুঠে। মানসিক চাপ হ্ৰাস পায়, হজম ক্ষমতা বৃদ্ধি হয়। দীৰ্ঘসময় ধৰি গাড়ী চলাওঁতে বা টেবুলত বহি কাম কৰিব লগা হ’লে শুদ্ধ নিয়মেৰে বহা অতি প্ৰয়োজন।
শোৱাৰ সময়তো আমাৰ দেহভংগী শুদ্ধ হ’ব লাগে। তললৈ পেট পেলাই শোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ৰাজহাড় পোনকৈ ৰাখি চিৎ হৈ হোৱাটোৱেই স্বাস্থ্যসন্মত। ইয়াৰোপৰি দুই ভৰিৰ মাজত এটা পাতল গাৰু আঁঠুৰ ওচৰত ল’লে ভৰিৰ পেশী, জোৰাবোৰে আৰাম পায়। অন্যথা ৰক্তত হেঁচা পৰি ৰক্ত সঞ্চালনত সামান্য বাধা পৰে। এখন ভৰি পোনকৈ ৰাখি ওপৰৰ ভৰিখন সামান্য ভাঁজ কৰি ৰাখিবই পাৰে। তেনে কৰোতেও পাতল গাৰু এটাত ওপৰৰ ভৰিখন তুলি ৰাখিব লাগে। খোজ কাঢ়োতেও শুদ্ধ নিয়ম পালন কৰিব লাগে। আশা কৰো পাঠকসকলে শৰীৰৰ শুদ্ধ ভংগিমাৰ প্ৰতি সচেতন হ’ব আৰু অনাহুত কিছু ৰোগ প্ৰতিহত কৰিব।
লেখিকা: গীতিমালিকা নেওগ (জি এনআৰচি স্বাস্থ্য)
শেহতীয়া উন্নীতকৰণ: : 10/16/2023