১) মানসিক প্ৰশান্তিয়ে স্বাস্থ্য ৰক্ষাত আৰু স্বাস্থ্য গঠনত বহুত সহায় কৰে। প্ৰাৰ্থনাৰ অৰ্থ ঈশ্বৰ বা দেৱ-দেৱীৰ কিবা অনুগ্ৰহ বিচৰা নহয়। সেই কাৰণে আনকি নাস্তিকেও প্ৰাৰ্থনা কৰে আৰু সুফল পায়। প্ৰাৰ্থনাৰ উদ্দেশ্য হোৱা উচিত তিনিটা- নিজতকৈ এটা উচ্চতৰ শক্তি আছে বুলি ধৰি লৈ সেই শক্তিৰ লগত নিজৰ মনৰ সংযোগ স্থাপন কৰা, মানসিক প্ৰশান্তি লাভ কৰা, নিজৰ অন্তৰৰ শক্তিক জাগ্ৰত কৰি আত্মবিশ্বাস অৰ্জন কৰা। ১৯১২ চনত চিকিৎসা বিজ্ঞানৰ নোবেল প্ৰাইজ পোৱা ডা: এলেক্সিছ কেৰেলে লিখিছে যে প্ৰাৰ্থনাৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি। গভীৰ আৰু আন্তৰিক প্ৰাৰ্থনাই আমাৰ শৰীৰৰ ভিতৰত যিবোৰ পৰিৱৰ্তন সংঘটিত কৰে, সেইবোৰ পৰিৱৰ্তন বৈজ্ঞানিকভাৱে জুখিব পাৰি আৰু প্ৰমাণ কৰিব পাৰি। মুঠতে মই ভাবো যে এটা আন্তৰিক প্ৰাৰ্থনাৰে দিনটো আৰম্ভ কৰিলে মানুহৰ জীৱনটো ক্ৰমান্বয়ে সুস্থ আৰু সুন্দৰ হৈ থাকিব।
২) সুস্বাস্থ্যৰ কাৰণে যিকেইটা বস্তুৰ দৰকাৰ আটাইতকৈ বেছি, সেইবোৰৰ ভিতৰত এটা হ’ল নিয়মিত শাৰীৰিক অংগ সঞ্চালন তথা ব্যায়াম। মানুহে এই কথা মানি ল’ব লাগিব যে আমাৰ শৰীৰৰ কাৰণে আহাৰৰ যিমান প্ৰয়োজন, পানীৰ যিমান প্ৰয়োজন, বায়ুৰ যিমান প্ৰয়োজন, ঠিক সিমানেই প্ৰয়োজন ব্যায়ামৰ ।‘Lancet’ নামৰ বিশ্ববিখ্যাত বিজ্ঞান আলোচনীখনত অলপতে এই তথ্য প্ৰকাশ কৰা হৈছে যে সপ্তাহত মাত্ৰ আঢ়ৈ ঘণ্টা ব্যায়াম কৰিলেও প্ৰতি বাৰটা মৃত্যুৰ ভিতৰত এটা মৃত্যুক প্ৰতিহত বা বিলম্বিত কৰিব পাৰি। সৰ্বসাধাৰণ মানুহৰ কাৰণে দুটা ব্যায়ামৰ ওপৰত বেছি গুৰুত্ব দিব পাৰি- দৈনিক আধা ঘণ্টাকৈ সপ্তাহত পাঁচ দিন খোজ কঢ়া আৰু আধা ঘণ্টা যোগাসন কৰা। এই দুয়োটা ব্যায়াম সলনা-সলনি কৰি থাকিলেই সুস্বাস্থ্য নিশ্চিত বুলি ক’ব পাৰি। খোজ কাঢ়িবলৈ সুবিধা আৰু সময় নথকা মানুহে কেৱল যোগাসন কৰিয়েই ব্যায়ামৰ সকলোবোৰ সুফল লাভ কৰিব পাৰে। ডাক্তৰ লুণ্ডালড হফমেনে তেওঁৰ TIRID ALL THE TIME নামৰ বেষ্ট ছেলাৰ কিতাপত এই কথা লিখিছে যে নিয়মিতভাৱে যোগাসন কৰিয়েই ব্যায়ামৰ সকলো সুফল লাভ কৰিব পাৰি।
৩) সকলো মানুহেই আহাৰ খায়, কিন্তু সকলো মানুহে আহাৰ কেনেকৈ খাব লাগে সেই কথা নাজানে। শৰীৰৰ সকলো অংগৰ ভিতৰত পাকস্থলীটো এটা অতি স্পৰ্শকাতৰ অংগ। আনন্দ-বিষাদ, ক্লান্তি, উত্তেজনা এই সকলো কথাৰ প্ৰতি পাকস্থলীয়ে উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উদাহৰণস্বৰুপে আপোনাৰ খুব ভোক লাগিছে আৰু খাবলৈ বহিছে, ঠিক সেই মুহুৰ্ততে যদি আপুনি কিবা এটা বেয়া খবৰ পায়, তেতিয়া মুহুৰ্ততে আপোনাৰ ভোক নোহোৱা হৈ যায়। আহাৰ খাবৰ সময়ত মনটো প্ৰশান্ত হৈ থাকিব লাগে। সেই প্ৰশান্তি লাভ কৰাৰ এটা প্ৰধান উপায় হ’ল খাবলৈ আৰম্ভ কৰাৰ আগতে মাত্ৰ কেইমুহুৰ্তৰ কাৰণে হ’লেও গভীৰভাৱে প্ৰাৰ্থনা কৰা। কিছুদিন আগতে আমেৰিকাৰ এখন বাতৰিকাকতত এনে এটা বিজ্ঞাপন ওলাইছিল যে খোৱাৰ আগতে প্ৰাৰ্থনা কৰা মানুহক এটা বিশেষ পুৰষ্কাৰ দিয়া হ’ব। দ্বিতীয়, অৱশ্যে পালনীয় নিয়ম হ’ল খোৱাৰ আগতে বীজাণুনাশক চাবোনেৰে হাতখন ভালকৈ ধুই লোৱা, কেৱল এই ক্ষুদ্ৰ কামটো কৰিয়েই আপুনি বহুত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। তৃতীয় গুৰুত্বপুৰ্ণ কথাটো হ’ল আহাৰ ভালকৈ চোবাই খোৱা। আধা চোবোৱা আহাৰ পেটলৈ পঠিয়ালে সেই আহাৰ সহজে হজম কৰিব নোৱাৰি আৰু শৰীৰে তাৰ পৰা সম্পুৰ্ণ পুষ্টি আদায় কৰিব নোৱাৰে। আহাৰ খোৱা আটাইতকৈ সহজ নিয়মটো হ’ল এই যে আহাৰ চোবাই থাকোতে থাকোতে জিভাৰ পৰা ওলোৱা পাচক ৰসে তাক সম্পুৰ্ণ কোমল আৰু ৰসাল কৰি নেপেলোৱালৈকে সেই আহাৰ পেটলৈ পঠিয়াব নালাগে। ৯৭ বছৰ আয়ুস পোৱা আৰু গোটেই জীৱন সুস্বাস্থ্যৰ অধিকাৰী হৈ থকা মোৰাৰজী দেশায়ে কৈছিল যে মুখত থকা দুপাৰি দাঁতৰ দৰে পাকস্থলী আমাৰ দাঁত নাথাকে। সেই কাৰণে মানুহে হজমৰ কথাটো মুখতেই সমাপ্ত কৰিব লাগে।
৪) স্বাস্থ্যৰ কাৰণে যথেষ্ট পানী খোৱা প্ৰয়োজন। পানী খালে শৰীৰৰ ৰক্তপ্ৰবাহে আহাৰৰ পুষ্টিকৰ পৰমাণুবোৰে গোটেই শৰীৰলৈ কঢ়িয়াই লৈ যাবলৈ সহজ হয়। পানীয়ে কিডনী পৰিষ্কাৰ কৰি ৰাখি কিডনীৰ নানাবিধ ৰোগৰ পৰা মানুহক ৰক্ষা কৰে। বহুত খনিজ দ্ৰব্য থকা পানী নিজেই এটা পুষ্টিকৰ আহাৰ। পানীয়ে ছালখন আৰ্দ্ৰ আৰু নিমজ কৰি ৰাখে। পানী কিমান খাব লাগে সেই বিষয়ে মতভেদ আছে। কিন্তু বেছিভাগ চিকিৎসক ঐকমত্যত উপনীত হোৱা পৰিমাণটো হ’ল- দিনে ৬ গিলাচ তথা ডেৰ লিটাৰ পানী।
৫) শৰীৰ সুস্থ আৰু বলিষ্ঠ কৰি ৰাখিবলৈ হাঁওফাঁও ভৰি যোৱাকৈ দীঘল আৰু গভীৰ উশাহ ল’ব লাগে আৰু নিশাহ এৰিব লাগে। এই কথাটো যে স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু অপৰিহাৰ্য সেই কথা বেছিভাগ মানুহেই বুজিবলৈ চেষ্টা নকৰে। ধ্যানৰো এটা মুল কথা হ’ল- গভীৰ শ্বাস-প্ৰশ্বাস। মানুহে সচেতনভাৱে গভীৰ শ্বাস-প্ৰশ্বাস ল’বলৈ চেষ্টা কৰিব লাগে। তাৰ ফলত গোটেই দিনটো শৰীৰৰ ভিতৰলৈ অম্লজানৰ যোগান নিয়মিত হৈ থাকে আৰু সি শৰীৰৰ প্ৰতিটো কোষক শক্তি দি থাকে।
৬) ভাল টোপনি স্বাস্থ্যৰ কাৰণে যে কিমান দৰকাৰী সেই কথা খুব কম মানুহেহে উপলব্ধি কৰে। আপুনি কিমান ঘণ্টা শুইছে তাতকৈ বেছি গুৰুত্বপুৰ্ণ কথাটো –আপুনি কিমান গভীৰভাৱে টোপনি যাব পাৰিছে। জাপানী বিজ্ঞানীসকলে কৰা এটা সমীক্ষাৰ পৰা জনা গৈছে যে সমগ্ৰ পৃথিৱীতে মানুহৰ টোপনি ক্ৰমান্বয়ে কমি আহিছে। আধুনিক জীৱনৰ অতিশয় কৰ্মব্যস্ততা আৰু প্ৰতিযোগিতাৰ উত্তেজনা তাৰ এটা প্ৰধান কাৰণ। কিন্তু সুখী আৰু শান্তিময় জীৱন যাপন কৰিব খোজা মানুহে নিদ্ৰাক দিবলগীয়া গুৰুত্বখিনি দিবই লাগিব। তাৰ অবিহনে অৱসাদ হ’ব মানুহৰ জীৱনৰ চিৰ-লগৰীয়া। বহলাই নকৈ থোৰতে এই কথা কৈ থোৱা উচিত হ’ব যে গভীৰ সুনিদ্ৰাৰ এটা প্ৰধান চৰ্ত হ’ল নিৰ্মল বিবেক। যি মানুহে নিজে কৰা ভুল কামৰ বিবেকৰ দংশন অনুভৱ কৰি থাকে তেওঁ কেতিয়াও ভালকৈ টোপনি যাব নোৱাৰে। মুৰত দুশ্চিন্তা আৰু দায়িত্বৰ বোজা লৈ বিছনাত পৰিলে ভাল টোপনি কেতিয়াও সম্ভৱ নহয়। একেষাৰে ক’বলৈ গ’লে নিৰ্মল বিবেকেৰে বিছনাত পৰাটো হ’ল গভীৰ নিদ্ৰাৰ এটা প্ৰধান চৰ্ত।
৭) এটা বাক্যত ক’ব পৰা নিয়মটো হ’ল এই যে মাত্ৰ এটা দিনৰ কথা চিন্তা কৰিহে মানুহে জীৱনটো যাপন কৰিব লাগে। অৰ্থাৎ এটা দিনকেই সম্পুৰ্ণ জীৱন বুলি ধৰি ল’ব লাগে। আপুনি যদি প্ৰতিটো দিনে সুন্দৰভাৱে যাপন কৰে, তেন্তে জীৱনৰ প্ৰতিটো দিনেই কম-বেছি পৰিমাণে সুন্দৰ আৰু শান্তিময় হ’ব বুলি আশা কৰিব পাৰি। সুস্বাস্থ্যৰ কাৰণে জীৱনৰ প্ৰতিটো দিন সুকীয়া সুকীয়াকৈ যাপন কৰাটো অপৰিহাৰ্য প্ৰয়োজন বুলি ধৰা হয়।
উৎস: জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 1/18/2023