অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তা -

 

খাদ্য ভালদৰে চোবাই খাওক -

মেদ বহুলতাৰ সমস্যাৰপৰা অব্যাহতি পাবলৈ বিচৰাসকলে খোৱাবস্তু ভালদৰে চোবাই লাহে লাহে খাবলৈ চেষ্টা কৰাৰ জৰিয়তে সুফল পাব পাৰে। আমাৰ খাদ্য গ্ৰহণ কৰাৰ পদ্ধতি আৰু মেদবহুলতাৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে জাপানৰ কিউশ্বু ইউনিভাৰ্ছিটীৰ গৱেষকৰ এটি দলে কৰা শেহতীয়া এক অধ্যয়নৰ জৰিয়তে। ২০০৮ৰ পৰা ২০১৩ চনলৈ ৬০ হেজাৰ মধুমেহ ৰোগৰ আক্ৰান্ত ৰোগীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে গৱেষকগণে খোৱাৰ পদ্ধতি আৰু শকত হোৱাৰ মাজত যোগসূত্ৰ বিচাৰি পায়। অধ্যয়নৰ কালত গৱেষকগণে জানিব পাৰে যে লৰালৰিকৈ ভোজন কৰাসকলৰ সাধাৰণ গতিত ভোজন কৰাসকলৰ তুলনাত শকত হোৱাৰ আংশকা ২৯ শতাংশ পৰ্যন্ত বেছি হয়। আনহাতে, ভালদৰে চোবাই লাহে লাহে খোৱাসকলৰ আকৌ শকত হোৱাৰ সম্ভাৱনা ৪২ শতাংশ পৰ্যন্ত কম হয়। গৱেষণাৰপৰা প্ৰাপ্ত তথ্যৰ আধাৰত গৱেসকগণে এই কথা প্ৰকাশ কৰিছে যে খাদ্য ভালদৰে চোবাই লাহে-ধীৰে খোৱাৰ কিছু বেলি পিছত দেহটো বিচনাত সমৰ্পণ কৰাৰ জৰিয়তে মানুহে স্থুলকায়ৰ সমস্যাত পৰাৰপৰা ভালেখিনি হাত সাৰি থাকিব পাৰে।

ৰ’বটৰ জৰিয়তে কৰ্কটৰ চিকিৎসা -

সেই দিনটোলৈ হয়তো আৰু বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব, যিদিনাখন শৰীৰৰ ভাল কোষৰ ক্ষতি অবিহনে কৰ্কট কোষ ধ্বংস কৰিব পৰাটো সম্ভৱ হৈ উঠিব। অতি শেহতীয়াকৈ আমেৰিকাৰ এৰিজোনা ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষক ডাঃ হাঅ’ য়ান আৰু তেওঁৰ সহযোগীসকলে এটি নেন’ৰ’বটৰ বিকাশ সাধন সম্ভৱ কৰি তুলিছে, যাৰ সহায়ত সকলো ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসা সহজসাধ্য হৈ পৰিব। গৱেষক ডাঃ য়ানৰ মতে, চুলিতকৈ কেইবাগুণ সৰু এই নেন’ ৰ’বটটি শৰীৰত প্ৰৱেশ কৰোৱাৰ পিছত টিউমাৰলৈ ৰক্তপ্ৰবাহ বন্ধ কৰি দিয়ে। যাৰ ফলত কিছু সময়ৰ ভিতৰতে টিউমাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। মুখ্য গৱেষক ডাঃ য়ানৰ মতে, ৯০ নেন’মিটাৰ দীঘল আৰু ৬০ নেন’মিটাৰ বহল এই ক্ষুদ্ৰাকৃতিৰ নেন’ ৰ’বটত ৰক্তপ্ৰবাহ স্তব্ধ কৰা উৎসেচক থ্ৰাম্বিন সংযোগ কৰা হৈছে। থ্ৰম্বিনে টিউমাৰলৈ ৰক্তপ্ৰবাহত বাধা প্ৰদান কৰি টিউমাৰ সম্পূৰ্ণকৈ ধ্বংস কৰি পেলায়। নেন’ ৰ’বটৰ বিকাশৰ সৈতে জড়িত গৱেষকগণৰ মতে, ৰেডিয়েচন অথবা কেম’থেৰাপীৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসা কৰিলে বহু সময়ত ভাল কোষ নষ্ট হৈ যায়। এই কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখি নেন’ ৰ’বটটো এনেকৈ বিকশিত কৰি উলিওৱা হৈছে যাতে ই সুস্থ কোষৰ কোনো ক্ষতি নকৰে। ইতিমধ্যে এন্দুৰৰ শৰীৰত এই নেন’ ৰ’বটৰ সফল আৰু সুৰক্ষিত পৰীক্ষণ হোৱাৰ পিছত অচিৰেই মানুহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে মুখ্য গৱেষক ডাঃ হাঅ’ য়ানে।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate