অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বিচিত্ৰা :

 

কৰ্কটৰ আশংকা হ্ৰাস কৰে চাহপাতে -

পুৱা একাপ চাহত চুমুক নিদিলে যেন দিনটো আধৰুৱা হৈ ৰয়। চাহৰো গুণ কেৱল পুৱা টোপনিৰ ভাব দূৰ কৰা নাইবা ক্লান্তি দূৰ কৰোতেই সীমাবদ্ধ নহয়, দুৰাৰোগ্য ৰোগ কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকাও হ্ৰাস কৰে চাহে। শেহতীয়া এক গৱেষণাত উপলব্ধ তথ্য মতে, চাহপাতে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে। যুক্তৰাষ্ট্ৰৰ এদল গৱেষকৰ মতে, চাহপাতত থকা এমিন’ এচিড, ভিটামিন, এন্টি অক্সিডেন্টসহ একাধিক উপাদানে ঠাণ্ডা লগা, কাহ, জ্বৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰে। চাহপাতৰ এই উপাদান ব্যৱহাৰ কৰি কৰ্কট প্ৰতিষেধক সৃষ্টি কৰা সম্ভৱ বুলি দাবী কৰিছে গৱেষকৰ দলটোৱে। তেওঁলোকৰ মতে, চাহপাতৰ পৰা উৎপন্ন ক্ষুদ্ৰ কণিকাবোৰে সক্ৰিয়াভাৱে কৰ্কট কোষবোৰ বাঢ়ি অহাত বাধা দিয়ে। এই প্ৰক্ৰিয়াত চাহপাতৰ নিৰ্যাসৰ সৈতে কেডমিয়াম ছালফেটসহ ছডিয়াম ছালফেট যোগ কৰিলে এটি উপাদান সৃষ্টি হয়। এই উপাদানৰ পৰা সৃষ্ট এক বিশেঅষ কণাই কৰ্কট কোষৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শীঘ্ৰে উপলব্ধ হ’ব এইচ আই ভি প্ৰতিষেধক -

এইচ আই ভি ভাইৰাছ নিষ্ক্ৰিয়কাৰী ভেকচিনক লৈ নিত্য নতুন গৱেষণা চলি আহিছে। ইতিমধ্যে এনে ভেকচিন আৱিষ্কাৰ কৰি এন্দুৰ, বান্দৰ আদিৰ শৰীৰত প্ৰয়োগ কৰি চোৱা হৈছে। কিন্তু অতি শেহতীয়াভাৱে আৱিষ্কৃত এবিধ এইচ আই ভি ভাইৰাছ ধ্বংসকাৰী ভেকচিন মানৱ শৰীৰত প্ৰয়োগ কৰা হ’ব। এন্দুৰ, গিনিপিগ আৰু বান্দৰৰ শৰীৰত এইচ আই ভি গৰঠ তন্ত্ৰৰ গুৰুত্বপূৰ্ণ অংশ নিষ্ক্ৰিয় কৰাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ভেকচিনৰ ফলাফল ইতিমধ্যে নেচাৰ মেডিচিন জাৰ্নেলত প্ৰকাশ হৈছে। ব্ৰিটেইনৰ নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচাচ ডিজিজেছ(এন আই এ আই ডি)ৰ বিজ্ঞানীসকলৰ গৱেষণাত উপলব্ধ ফলাফলৰ ভিত্তিতেই এইবাৰ মানৱ শৰীৰত এই ভেকচিন প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰ হৈছে।

জানিব পৰা গৈছে যে এই ভেকচিনবিধ মূলতঃ এপিটোকভিত্তিক। জীৱদেহৰ ক্ষতিকাৰক পদাৰ্থ অনুপ্ৰৱেৱশ ৰোধকাৰী এন্টিজেনৰ এক নিৰ্দিষ্ট অংশক এপিটোপ বোলা হয়। এই এন্টিজেনৰ সৈতে এবিধ এন্টিবডী সংযুক্ত হৈ থাকে আৰু এই এন্টিব’ডীযুক্ত হ’ব পৰাকৈ এইচ আই ভি ষ্ট্ৰেনৰ ওপৰত ভিত্তি কৰি এই ভেকচিনবিধ প্ৰ্স্তুত কৰা হৈছে। উল্লেখ্য যে এপিটোপটো দুবছৰ পূৰ্বে আৱিষ্কাৰ হৈছে। প্ৰথমতে বিজ্ঞানীসকলে শক্তিশালী এন্টিব’ডীবোৰ চিহ্নিত কৰে, যিয়ে এইচ আই ভি নিষ্ক্ৰিয় কৰাত সক্ষম। ইয়াৰ পিছত ভেকচিনৰ সহায়ত এই এন্টিব’ডীবোৰ বাদ দিয়াৰ চেষ্টা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত মানুহৰ শৰীৰত ভেকচিনবিধ প্ৰয়োগৰ গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হয়। আশা কৰা মতে ২০১৯ চনত এই পৰীক্ষা বাস্তৱায়িত হ’ব।

 

মস্তিষ্কৰ ক্ষতি কৰে আন্ধাৰত ম’বাইল ফোন ব্যৱহাৰৰ অভ্যাসে -

ম’বাইল ফোন অবিহনে বৰ্তমান সময়ত আমাৰ বহুতেই এক মুহূৰ্তৰ কথাও কল্পনা কৰিব নোৱাৰে। দিনৰ কথা বাদেই, নিশা দুপৰতো হাতত ম’বাইল ফোন নহ’লে যেন আমি চলিবই নোৱাৰোঁ। পৰিসংখ্যা অনুযায়ী ২৫-৩৫ বছৰ বয়সৰ প্ৰায় ৮০ শতাংশ লোকেই নিশা গাৰুৰ কাষত ম’বাইল ফোন ৰাখিহে শোৱে। আৰু টোপনি নহা পৰ্যন্ত ব্যৱহাৰ হৈয়ে থাকে ম’বাইল ফোনৰ। ম’বাইল ফোন ব্যৱহাৰৰ এই ধৰণৰ অভ্যাসে বিপদ মাতিব পাৰে আপোনাৰ।

নিশা ম’বাইল ফোন ব্যৱহাৰৰ ফলত টোপনিত ব্যাঘাত জন্মে। টোপনি ভাল নহলে মস্তিষ্কৰ কাম কৰাৰ ক্ষমতা হ্ৰাস হ’বলৈ ধৰে। ফলত হ্ৰাস পায় স্মৃতিশক্তি। কেৱল সেয়াই নহয়, মগজুত তেজ চলাচলৰ ক্ষেত্ৰত নানা বাধাৰ সৃষ্টি হয়। ফলত মস্তিষ্কৰ ৰোগত আক্ৰান্ত হোৱাৰ শংকা বৃদ্ধি পায়। ম’বাইল ফোনৰ পোহৰে বিভিন্ন ধৰণে শৰীৰৰ মেলাটনিন হৰম’নৰ ক্ষৰণ হ্ৰাস কৰে।

আনহাতে, অন্ধকাৰত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ নীলা পোহৰ চকুৰ ওপৰত চিধাচিধিকৈ পৰে, যিয়ে চকুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন এই অভ্যাস অব্যাহত থাকিলে এসময়ত দৃষ্টিশক্তিত মাৰাত্মক প্ৰভাৱ পৰিব পাৰে। একেদৰে অন্ধকাৰত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ নীলা ৰশ্মিয়ে ৰেটিনাৰ কাৰ্যক্ষমতা হ্ৰাস কৰিবলৈ ধৰে। এই নীলা পোহৰে কেৱল মেলাটেনিন হৰম’নেই নহয় আৰু বহু হৰম’নৰ ক্ষৰণত বাধা জন্মায়। ফলত শৰীৰত এন্টি অক্সিডেন্টসহ একাধিক গুৰুত্বপূৰ্ণ উপাদান ঘাটি হয়। যিয়ে কৰ্কট ৰোগ, বিশেষকৈ স্তন আৰু প্ৰষ্টেট কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়।

 

ছালৰ সমস্যা দূৰ কৰে মাশ্বৰুমে -

মাশ্বৰুমত আছে প্ৰচুৰ পৰিমাণৰ ভিটামিন। ভিটামিন ডি, বি১, বি৩, বি৫, বি৯ সমৃদ্ধ মাশ্বৰুম ছালৰ বাবে অতি উপকাৰী। এই ভিটামিন বিয়ে শৰীৰৰ ক্লান্তি দূৰ কৰাৰ লগতে মানসিক চাপ হ্ৰাস কৰাত যথেষ্ট সহায় কৰেফ। এলাৰ্জী আৰু আৰ্থাৰাইটিছৰ ক্ষেত্ৰতো মাশ্বৰুম সুফলদায়ক। মাশ্বৰুমত থকা ভিটামিন ডিয়ে ছালৰ নানা সমস্যা যেনে- শালমইনা, ক’লা দাগ, এলাৰ্জী আদি দূৰ কৰে। ছাল উজ্জ্বল কৰাৰ ক্ষেত্ৰতো মাশ্বৰুম যথেষ্ট উপকাৰী। মাশ্বৰুমত উপলব্ধ পলিছেকাৰাইডে ছালৰ উজ্জ্বলতা বৃদ্ধি, আৰ্দ্ৰতা, বৃদ্ধি, সতেজ কৰি ৰখা আৰু মসৃণ কৰি ৰখাত সহায় কৰে। একেদৰে ইয়াত থকা এন্টি অক্সিডেন্টে শালমইনাৰ সমস্যা নাইকিয়া কৰে, চকুৰ তলৰ ক’লা দাগ দূৰ কৰে।

 

দুই মিনিট খোজ কাঢ়ক-

মেদবহুলতা, বৃক্ক ৰোগ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভুগি থকাসকলে প্ৰতি ঘন্টাৰ মূৰে মূৰে মাত্ৰ দুই মিনিটকৈ খৰ খোজেৰে খোজ কাঢ়ক। এই ৰোগীসকলৰ বাবে ই এক মহৌষধ। এনে ৰোগীসকলৰ উপৰি দীঘলীয়া সময় চকীত বহি কাম কৰি থকাসকলৰ বাবেও মহৌষধ। মূল কথাটো হৈছে বহু মানুহেই একেলেথাৰিয়ে পঞ্চাশ মিনিট খোজ কাঢ়িবলৈ টান পায় বা সময় জোৰাব নোৱাৰে। তেনে লোকসকলে যদি গড় হিচাপে প্ৰতি এঘন্টাৰ মূৰে মূৰে ২ মিনিটকৈ খোজ কাঢ়ে, তেন্তে ২৪ ঘন্টাত ৪৮ মিনিট খোজ কঢ়া হ’ব।

অৱশ্যে যিহেতু নিশা শোৱা সময়খিনি প্ৰায় ৮ ঘন্টা খোজকঢ়া সম্ভৱ নহয়, সেয়ে মাজৰ কেইটামান ঘন্টাত ২ মিনিটৰ সলনি ৩ মিনিটকৈ খোজ কাঢ়িলেই ফল পাব। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত ‘ক্লিনিকেল জাৰ্নেল অৱ দ্য আমেৰিকান জাৰ্নেল অৱ নেফ্ৰোলজী’ৰ সমীক্ষাত এই কথা সদৰী হৈছেগ। ৩,৬২৬ গৰাকী লোকৰ ওপৰত প্ৰায় তিনি বছৰ ধৰি চলোৱা হৈছে এই সমীক্ষা।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate