অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য সংবাদ :

 

প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে এপাক খোজকাঢ়ক:

আপুনি যদি দিনটো একেখন চকীতে বহি কাম কৰিব লগা হৈছে, তেনেহ’লে আপোনাৰ বহি বহি কাম কৰি থকাৰ অভ্যাসে স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰতিকুল প্ৰভাৱ পেলাব।

তেনেদৰে একেৰাহে বহি কাম কৰি থকা ব্যক্তিয়ে প্ৰতি ত্ৰিছ মিনিটৰ মূৰে মূৰে বহাৰ পৰা উঠি থিয় হৈ পাঁচ মিনিটৰ কাৰণে অলপ খোজ কাঢ়ি অহাৰ অভ্যাস কৰিলে আপোনাৰ স্থবিৰতাৰ প্ৰতিকূল প্ৰভাৱ বহু পৰিমাণে কমাব পাৰিব। এই কথা গৱেষকসকলে বিভিন্ন অধ্যয়নৰ যোগেদি প্ৰমাণ কৰিছে।

গৱেষকসকলে এইলানি অধ্যয়নত প্ৰমাণ পাইছে যে, যিবিলাক দেশত মানুহে প্ৰতিদিনে একেৰাহে ১২ ঘন্টাৰো বেছি সময় বহি কাম কৰে বা বহু সময় একেৰাহে বহি সময় কটায়, তেনে লোকৰ বিভিন্ন কাৰণত অকাল মৃত্যু হোৱাৰ আশংকা বৃদ্ধি পায়।

নিউয়ৰ্ক চিটিৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মেডিকেল চেন্টাৰৰ ড° কেইথ ডিয়াছ আৰু তেওঁৰ সহ গৱেষকসকলে ‘এনেলছ অব ইন্টাৰনেল মেডিচিন’ নামৰ জাৰ্ণেলখনত এই বিষয়ত লাভ কৰা ফলাফলবিলাক প্ৰকাশ কৰিছে।

দীৰ্ঘসময় ধৰি বহি থকাৰ ফলত স্বাস্থ্যৰ অৱনতিৰ আশংকা বৃদ্ধি পাই গৈ থাকে আৰু এই কথা এইলানি গৱেষণাৰ ফলাফলত পোৱা গৈছে যে বিশ্বৰ ৫৪ খন দেশত এনেদৰে দীৰ্ঘসময় ধৰি বহি বহি কাম কৰি থকা ৪,৩০,০০০ জন লোকৰ অকাল মৃত্যু ঘটিছে।

কেৱল সেয়াই নহয়, দীৰ্ঘসময় ধৰি বহি থকাৰ ফলত জ্যেষ্ঠসকলে খোজকঢ়াৰ সক্ষমতাও হেৰুওৱাৰ আশংকা থাকে।

দীৰ্ঘসময় ধৰি বহি থকা জ্যেষ্ঠ লোকসকলে খোজকাঢ়িবৰ বাবে ভৰি সঞ্চালনৰ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে আৰু তাৰ ফলত খোজনোৰত নিজৰ নিয়ন্ত্ৰণ হেৰুৱাবও পাৰে।

ড° ডিয়াজ আৰু তেওঁৰ সতীৰ্থসকলে স্থবিৰ হৈ বহি থকাৰ অভ্যাস আৰু অকালতে মৃত্যু হোৱাৰ আশংকাৰ মাজত কেনে ধৰণৰ যোগসূত্ৰ থাকিব পাৰে, সেই বিষয়ে আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰিছে।

এই গৱেষণাই সকলো শ্ৰেণীৰ লোকলৈ এটা পৰামৰ্শ দিব বিচাৰিছে যে আপুনি যদি স্বাস্থ্যবান হৈ থাকিব বিচাৰিছে, তেনেহ’লে আপোনাৰ একেৰাহে বহাৰ সময় ২১ মিনিটলৈ কমাই আনক।

 

চয়াবিনজাত খাদ্যই প্ৰোষ্টেট কেন্সাৰৰ আশংকা বঢ়ায় -

চয়াবিনৰ উপকাৰী গুণবিলাকৰ কাৰণে স্বাস্থ্য সচেতন লোকে এইবিধ খাদ্যৰ উচ্চ প্ৰ্শংসা কৰে। কিন্তু পুৰুষৰ কাৰণে চয়াবিনজাত খাদ্যৰ লগতে অন্য ‘আইছ’ফ্লেভনছ’ বেছি থকা খাদ্য বেছি উপকাৰী নহয়।

কাৰণ এনে ধৰণৰ খাদ্যই পুৰুষৰ প্ৰোষ্টেট কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। এনে ধৰণৰ খাদ্যই প্ৰোষ্টেট গ্ৰন্থিৰ পৰা শৰীৰৰ অন্য অংগলৈ কেন্সাৰ ৰোগ বিয়পোৱাৰো সম্ভাৱনা বৃদ্ধি কৰে।

কিন্তু প্ৰোষ্টেট গ্ৰন্থিৰ বাহিৰে অন্য অংগলৈ কেন্সাৰ বিয়পি নপৰা(Non-advanced Prostate Cancer) ৰোগৰ ক্ষেত্ৰত খাদ্যৰ ‘আইছ’ফ্লেভনছ’ কোনো উল্লেখযোগ্য প্ৰভাৱ দেখা পোৱা নেযায়।

‘ইন্টাৰনেচনেল জাৰ্ণেল অব কেন্সাৰ’ নামৰ জাৰ্ণেলখনত শেহতীয়াকৈ প্ৰকাশিত এটি অধ্যয়নৰ ফলাফলৰ পৰা এই তথ্য জানিব পৰা গৈছে।

পৃথিৱীৰ ভালেমান দেশত প্ৰোষ্টেট গ্ৰন্থিৰ কেন্সাৰত বছৰি বহু লোকৰ মৃত্যু ঘটে। বিশেষভাৱে উন্নত ৰাষ্ট্ৰবিলাকত পুৰুষসকলৰ মাজত এই ৰোগৰ প্ৰদুৰ্ভাৱ যথেষ্ট বেছি। এই ৰোগ সম্পৰ্কীয় গৱেষণাত এটা কথাৰ প্ৰমাণ পোৱা গৈছে যে প্ৰোষ্টেট কেন্সাৰৰ লগত খাদ্যৰ এক গভীৰ সম্পৰ্ক আছে।

‘মেডিকেক নিউজ টুডে’ নামৰ জাৰ্ণেল’ত যোৱা বছৰ প্ৰকাশিত এটি প্ৰতিবেদনত কোৱা হৈছে যে, নিয়মীয়াকৈ পূৰ্বপ্ৰস্তুত কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য খাই থকা লোকৰ প্ৰোষ্টেট কেন্সাৰ হোৱাৰ আশংকা বহুগুণে বৃদ্ধি পায়।

আন এটা গৱেষণাৰ মতে অত্যধিক চৰ্বিযুক্ত খাদ্যৰ সৈতে এই ৰোগৰ সম্পৰ্ক আছে। ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ ফেয়াৰবেংকছ স্কুল অব পাব্লিক হেলথৰ ডাঃ জিয়ানাজুন ঝাহ আৰু তেওঁৰ সহযোগী গৱেষকসকলে প্ৰকাশ কৰিছে যে, খাদ্যত আইছ’ফ্লেভনছ থাকিলে পুৰুষৰ প্ৰোষ্টেট কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়।

আইছ’ফ্লেভনছবিলাক একপ্ৰকাৰৰ ফাইট’-এষ্ট্ৰোজেন আৰু এইবিধ উপাদান উদ্ভিদজাত দ্ৰব্যত পোৱা যায়। এইবিধ উপাদানে শৰীৰত নাৰীৰ যৌন হৰমোন এষ্ট্ৰোজেনৰ দৰে প্ৰতিক্ৰিয়া কৰে।

চয়াবিন আৰু চয়াবিনৰ পৰা প্ৰস্তুত কৰা অন্য খাদ্য সামগ্ৰীবিলাকত আইছ’ফ্লেভন অতি উচ্চ মাত্ৰাত গাঢ় অৱস্থাত থাকে। মহিলাৰ ক্ষেত্ৰত এইবিধ উপাদানে স্তন কেন্সাৰ সৃষ্টি কৰিব পাৰে।

আন কিছুমান গৱেষকৰ মতে এইবিধ উপাদানে বহুতো মহিলাৰ স্তন কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে।

 

মৃত্যু হোৱা প্ৰতি ২০ জন লোকৰ ভিতৰত এজনৰ মৃত্যু সুৰা সেৱন জনিত: বিশ্ব স্বাস্থ্য সংস্থা -

বিশ্ব স্বাস্থ্য সংস্থাই(WHO) অলপতে প্ৰকাশ কৰিছে যে, কেৱল সুৰা সেৱনজনিত কাৰণত বিশ্বত ৩০ লাখ লোকৰ বছৰি মৃত্যু হয়।

এই পৰিসংখ্যা এইডছ, হিংসাত্মক আক্ৰমণ বা পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকতকৈ কেবাগুণো বেছি। বিশেষভাৱে পুৰুষৰ ক্ষেত্ৰত এনেধৰণৰ মৃত্যুৰ ঘটনা বেছি।

বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য এজেন্সিয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

এই প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বত প্ৰতি বছৰে মৃত্যু হোৱা মুঠ লোকৰ প্ৰতি ২০ জনৰ ভিতৰত এজনৰ মৃত্যু হয় সুৰাজনিত কাৰণত।

ইয়াৰ ভিতৰত আছে-

*সুৰা সেৱন কৰি গাড়ী চলোৱা,

*সুৰা সেৱন কৰি হিংসাত্মক কাৰ্যত ভাগ লোৱা,

*সুৰা সেৱনৰ ফলত ৰুগীয়া হৈ পৰা অথবা সুৰা সেৱনৰ সৈতে জড়িত অন্য কোনো বিকৃতিৰ ফলত হোৱা মৃত্যুৰ ঘটনা আছে।

প্ৰায় ৬০০ পৃষ্ঠা জোৰা এই প্ৰতিবেদনত কোৱা হৈছে যে, সুৰা সেৱনৰ বাবে মৃত্যু হোৱা লোকৰ ভিতৰত মুঠ চাৰি ভাগৰ তিনিভাগতকৈ বেছি লোক হৈছে পুৰুষ।

বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্ৰোছ এধানাম গেব্ৰেয়েছেচে কৈছে যে, সূৰাৰ হানকাৰক পৰিণামৰ প্ৰভাৱ সুৰাসেৱীজনৰ আত্মীয় আৰু সমাজৰ অন্য লোকৰ ওপৰত পৰে।

*হিংসাত্মক কাৰ্য,

*শাৰীৰিক আক্ৰমণজনিত আঘাত,

*মানসিক স্বাস্থ্যৰ ওপৰত পৰা কুপ্ৰভাৱ আদিৰ ফলত সুৰাপায়ীজনে সমাজৰ পৰা অনাদৰ আৰু অৱহেলাহে পাবলগীয়া হয়।

এনে ব্যৱহাৰৰ বাবে সুৰাপায়ীসকলে হীনমন্যতাত ভোগে আৰু তাৰ ফলত বিভিন্ন কাৰণত তেওঁলোকৰ অকাল মৃত্যু ঘটে।

 

মাল্টি ড্ৰাগ প্ৰতিৰোধী যক্ষ্মা ৰোগী ভাৰততে সৰ্বাধিক -

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনৰ মতে ২০১৭ চনত ভাৰতত মাল্টি ড্ৰাগ প্ৰতিৰোধী যক্ষ্মা(MDR-TB) ৰোগীৰ সংখ্যা সৰ্বাধিক। ভাৰতৰ মুঠ যক্ষ্মা ৰোগীৰ ২৪ শতাংশই এই শ্ৰেণীৰ।

ইয়াৰ পিছত আছে চীন আৰু ইয়াত এই শ্ৰেণীৰ ৰোগীৰ সংখ্যা ১৩ শতাংশ। ৰাছিয়াত এই শ্ৰেণীৰ ৰোগী আছে ১০ শতাংশ।

এই তিনিখন ৰাষ্ট্ৰতে বিশ্বৰ মুঠ মাল্টি ড্ৰাগ প্ৰতিৰোধী যক্ষ্মা ৰোগীৰ আধা ৰোগী পোৱা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ বিশ্ব জুৰি চলোৱা প্ৰতিৰোধ ব্যৱস্থাৰ ফলত ২০০০ চনৰ পিছত যক্ষ্মা ৰোগত আনুমানিক ৫.৪ কোটি লোকক মৃত্যুৰ গৰাহৰ পৰা বচাব পৰা গৈছে।

কিন্তু ইমানবোৰ প্ৰচেষ্টা লোৱাৰ পিছতো আজিও এই ৰোগ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰামক ৰোগৰূপে চিহ্নিত হৈ আছে।

বিশ্বৰ ভিতৰত সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী থকা ৩০ খন দেশৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। তালিকাৰ একেবাৰে শীৰ্ষত আছে ভাৰতৰ নাম।

যোৱা বছৰ যক্ষ্মাত আক্ৰান্ত এক কোটি লোকৰ ভিতৰত ২৭ শতাংশ ৰোগী ভাৰতীয় আছিল। প্ৰতিবেদনৰ মতে- যক্ষ্মা ৰোগীসকলে নিজৰ এই ৰোগ হোৱা বুলি চিকিৎসালয়ত খবৰ নিদিয়াটো বা যক্ষ্মা ৰোগীৰ উপযুক্ত পৰীক্ষা নোহোৱাটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰূপে দেখা দিছে।

২০১৭ চনত যক্ষ্মা ৰোগত ভোগা এক কোটি মানুহৰ ভিতৰত কেৱল মাত্ৰ ৬৪ লাখ জন লোকেহে পঞ্জীয়ন কৰাইছিল।

প্ৰৰিবেদনখনৰ মতে এই তালিকাখনত ভাৰত, ইণ্ডোনেছিয়া আৰু নাইজেৰিয়াৰ নাম শীৰ্ষ স্থানত আছে।

যোৱা বছৰটোত আনুমানিকভাৱে সমগ্ৰ বিশ্বত এক কোটি লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত তিনিভাগৰ দুই ভাগ লোক বিশ্বৰ মুঠ আঠখন দেশৰ-

 

১)

ভাৰত

২৭ শতাংশ

২)

চীন

৯ শতাংশ

৩)

ইণ্ডোনেছিয়া

৮ শতাংশ

৪)

ফিলিপাইনছ

৬ শতাংশ

৫)

আফ্ৰিকা

৫ শতাংশ

৬)

নাইজেৰিয়া

৪ শতাংশ

৭)

বাংলাদেশ

৪ শতাংশ

৮)

দক্ষিণ আফ্ৰিকা

৩ শতাংশ

 

এই প্ৰতিবেদনৰ মতে যক্ষ্মা ৰোগত আক্ৰান্ত ৬ শতাংশ লোক ইউৰোপ আৰু ৩ শতাংশ আমেৰিকাৰ।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate