অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাৰ্ট ফেইলৰ জানিবলগীয়া কিছু কথা:

 

হাৰ্ট ফেইলৰ মানে কি:

আমাৰ হৃদযন্ত্ৰই অবিৰতভাৱে কোনো জিৰণি নোলোৱাকৈ কাম কৰি থাকে আৰু ইয়ে শৰীৰৰ প্ৰতিটো কোষক জীয়াই থাকিবলৈ পুষ্টিকৰ উপাদান আৰু অক্সিজেন যোগান ধৰে। যেতিয়া হৃদযন্ত্ৰৰ কোনো বিসংগতিৰ বাবে, বিশেষকৈ পাম্পিং ক্ষমতা হ্ৰাস হোৱাৰ বাবে, ইয়ে সঠিক পৰিমাণে পুষ্টিকৰ আৰু অক্সিজেন যোগান ধৰিব নোৱাৰে, তেতিয়া মানুহজনৰ হাৰ্ট ফেইলৰ হোৱা বুলি কোৱা হয়।

হাৰ্ট ফেইলৰৰ কাৰণ:

নানা কাৰণত মানুহৰ হাৰ্ট ফেইলৰ হ’ব পাৰে। ইয়াৰ অন্যতম কাৰণ হৈছে- ‘কৰ’নাৰী আৰ্টেৰী ডিজিজ’ অৰ্থাৎ হৃদযন্ত্ৰৰ ধমনীত চৰ্বি জমা হোৱা, উচ্চ ৰক্তচাপ, ‘কাৰ্ডিঅ’মায়োপেথি’ অৰ্থাৎ হৃদযন্ত্ৰৰ ভালভ বা দৰ্জাৰ বেমাৰ বা মানুহৰ হাৰ্টত জন্মগতভাৱে ছিদ্ৰ বা ফুটা থাকিলেও হাৰ্ট ফেইলৰ হ’ব পাৰে। এনিমিয়া বা তেজ পাতল হৈ যোৱা, থাইৰয়ড গ্ৰন্থিৰ বিসংগতি বা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো মানুহৰ হাৰ্ট ফেইলৰ হোৱাৰ আশংকা থাকে। কেন্সাৰ বেমাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত দৰব বা ৰেডিয়েচন তথা বিকিৰণৰ ফলতো মানুহৰ হাৰ্ট ফেইলৰ হ’ব পাৰে।

কৰ’নাৰী ধমনীত ব্লকেজ থাকিলে হাৰ্ট ফেইলৰ হ’ব পাৰে নেকি:

কৰ’নাৰী ধমনীত কলেষ্টেৰল জমা হৈ সংকুচিত হৈ গ’লে বা ব্লকেজ হৈ গ’লে হৃদযন্ত্ৰৰ মাংসপেশীবোৰে প্ৰয়োজনতকৈ কম পৰিমাণে তেজ লাভ কৰে। ফলত মাংসপেশীবোৰ দুৰ্বল হৈ পৰে। তেনেক্ষেত্ৰত ‘এঞ্জিঅ’প্লাষ্টি’ বা বাইপাছ ছাৰ্জাৰী কৰি ব্লকেজ মুকলি কৰি দিব পাৰিলে মানুহজনৰ হৃদযন্ত্ৰৰ মাংসপেশী পুনৰ সতেজ হৈ পৰে আৰু হাৰ্ট ফেইলৰৰ পৰা নিৰাময় লাভ কৰে।

কাৰ্ডিঅ’মায়োপেথি কি:

হাৰ্টৰ মাংসপেশী দুৰ্বল হোৱাকে কাৰ্ডিঅ’মায়োপেথি বুলি কোৱা হয়। কেতিয়াবা আকৌ কিছুমান মানুহৰ হৃদযন্ত্ৰৰ বেৰবোৰ অত্যধিক ডাঠ হৈ যায়। যাৰ ফলত হৃদযন্ত্ৰৰ ভিতৰৰ চাপ অতি বেছি বৃদ্ধি হয়। তাক ‘হাইপাৰট্ৰফিক কাৰ্ডিঅ’মায়োপেথি’ বুলি কোৱা হয়। আনহাতে হৃদযন্ত্ৰৰ অলিন্দ বা নিলয়বোৰৰ আকৃতি ডাঙৰ হৈ গ’লে তাক ‘ডায়লেটেড কাৰ্ডিঅ’মায়োপেথি’ বুলি কোৱা হয়।

ভালভৰ বেমাৰ আৰু হাৰ্ট ফেইলৰৰ সম্পৰ্ক:

আমাৰ শৰীৰৰ হৃদযন্ত্ৰত চাৰিটা কোঠালি আৰু চাৰিটা ভালভ থাকে- মাইট্ৰেল, এওৰ’টিকা, পালম’নাৰী, ট্ৰাইকাচপিড ভালভ। ইয়াৰে ভিতৰত ‘মাইট্ৰেল আৰু এওৰ’টিকা’ ভালভৰ সমস্যা বেছি বিপজ্জনক। আমাৰ ভাৰতবৰ্ষত ৫ৰ পৰা ১৫ বছৰ বয়সত ষ্ট্ৰেপ্টাকোক্কাছ’ নামৰ এবিধ বেক্টেৰিয়াৰ ইনফেকচনৰ ফলত জীৱনৰ মধ্য বয়সৰ ‘ৰিউমেটিক হাৰ্ট ডিজিজ’ পাৰে। প্ৰথম অৱস্থাত ইয়াৰ সঠিক চিকিৎসা গ্ৰহণ নকৰিলে পিচলৈ গৈ হাৰ্ট ফেইলৰৰ কাৰণ হ’ব পাৰে।

হাৰ্ট ফেইলৰ ধৰা পেলোৱাৰ পৰীক্ষা:

প্ৰাৰম্ভিক অৱস্থাত বেমাৰীজনৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসকজনে ৰোগীজনক পৰীক্ষা কৰি চাব লাগে। যেনে- ভৰি ফুলি যোৱা বা অত্যধিক ওজন কমি যোৱা বা বাঢ়ি যোৱা, হৃদস্পন্দন কমি যোৱা, ৰক্তচাপ কমি বা বাঢ়ি যোৱা ইত্যাদি। বুকুৰ এক্স ৰে’ত হৃদযন্ত্ৰৰ আকাৰ বাঢ়ি গ’লে বা ই চি জিত বিসংগতিয়ে দেখা দিলে হাৰ্ট ফেইলৰ হোৱাৰ আশংকা থাকে। শেষত ‘ইকো কাৰ্ডিঅ’গ্ৰাফী’ পৰীক্ষা কৰি সঠিকভাৱে এই বেমাৰ ধৰা পেলাব পাৰি। সাধাৰণতে হৃদযন্ত্ৰত পাম্পিং ক্ষমতা ৫০ শতাংশৰ বেছি থাকিব লাগে। যদি পাম্পিং ক্ষমতা ৫০ শতাংশতকৈও কম হয়, তেন্তে তাক ‘ছিষ্টোলোক হাৰ্ট ফেইলৰ’ বুলি কোৱা হয়। কিছুসংখ্যক মানুহৰ আকৌ পাম্পিং ক্ষমতা ৫০ শতাংশতকৈ বেছি থাকিলেও হাৰ্ট ফেইলৰ হ’ব পাৰে। তাক ‘ডায়েষ্টোলিক হাৰ্ট ফেইলৰ’ বুলি কোৱা হয়। ইয়াৰ লগতে তেজৰ বিভিন্ন পৰীক্ষা কৰাই হাৰ্ট ফেইলৰ ধৰা পেলাব পাৰি।

লক্ষণ কি কি?

হাৰ্ট ফেইলৰৰ লক্ষণসমূহ হঠাতে আৱিৰ্ভাৱ হ’ব পাৰে বা লাহে লাহে দেখা দিব পাৰে। সাধাৰণ লক্ষণসমূহ হৈছে- খোজ কাঢ়িলে বা কাম-কাজ কৰিলে উশাহ লোৱাৰ অসুবিধা হোৱা বা অত্যধিক ভাগৰুৱা অনুভৱ কৰা বা হৃদস্পন্দন বৃদ্ধি হোৱা ইত্যাদি। প্ৰথম অৱস্থাত এই লক্ষণসমূহৰ প্ৰতি সজাগ নহ’লে পিচত গৈ সাংঘাটিক বিপদৰ সৃষ্টি হ’ব পাৰে আৰু জিৰণিত থকা অৱস্থাতো লক্ষণবোৰে দেখা দিব পাৰে। বহুত মানুহৰ আকৌ নিশা শুই থকাৰ পিচত হঠাতে সাৰ পাই উশাহ লোৱাত অসুবিধা হ’ব পাৰে। মানুহৰ ভৰি ফুলি যোৱা বা অত্যধিক ঘামি যোৱাটোও হাৰ্ট ফেইলৰৰ লক্ষণ হ’ব পাৰে।

চিকিৎসা:

হাৰ্ট ফেইলৰৰ বাবে উপযুক্ত সময়ত চিকিৎসা গ্ৰহণ কৰিলে মানুহ এজন সম্পূৰ্ণ সুস্থ আৰু সাধাৰণ জীৱন যাপন কৰিব পাৰে। সাধাৰণ কিছুমান দৰব ব্যৱহাৰ কৰিয়েই হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা বৃদ্ধি কৰিব পাৰি বা মানুহজনৰ লক্ষণসমূহো নিৰাময় কৰিব পাৰি। লগতে খোৱা খাদ্য, নিমখ বা পানীৰ পৰিমাণ ডাক্তৰৰ পৰামৰ্শ লৈহে সেৱন কৰিব লাগে। যিবিলাক ৰোগীয়ে দৰব ব্যৱহাৰ কৰা সত্ত্বেও নানা অসুবিধাত ভুগি থাকে, তেওঁলোকে এক বিশেষ ধৰণৰ পেচমেকাৰ যন্ত্ৰ, যাক ‘চি আৰ টি’ বুলি কোৱা হয়, যাক ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ উন্নতি হয়।

লেখক: ডাঃ বিপ্লৱ পল(সম্ভাৰ)

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate