অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিকটি বন্ধ কৰাৰ ঘৰুৱা দিহা :

হিকটি বন্ধ কৰাৰ ঘৰুৱা দিহা :

 

কেতিয়াবা কিবা খাই থাকোতে বেছি জলা-মছলা পালে হঠাতে হিকটি আহিব পাৰে। এনে ধৰণৰ আকস্মিক ভাৱে অহা হিকটি এগিলাচ ঠাণ্ডা পানী খাই দিলেই নাইকিয়া হয়।

কিন্তু কেতিয়াবা কোনো স্পষ্ট কাৰণ নোহোৱাকৈ একেৰাহে হিকটি আহি থাকিব পাৰে আৰু এনে ধৰণৰ হিকটি কোনো উপায়েৰে বন্ধ কৰিব নোৱাৰি।

একেৰাহে এনেদৰে আহি থকা হিকটিয়ে এক অস্বস্তিদায়ক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

হিকটি আহি থাকিলে কোনো মানুহৰ লগতো কথা-বতৰাৰ আদান-প্ৰদান কৰিব নোৱাৰি আৰু তাৰ ফলত নিজকে প্ৰায় অকলশৰীয়াকৈ হিকটিয়ে ব্যক্তিজনক এই যন্ত্ৰণাত ভুগি থকা ৰোগীলৈ ৰূপান্তৰিত কৰে। এনে নিৰৱচ্ছিন্ন হিকটিৰ পৰা ৰক্ষা পোৱাৰ দুটিমান উপায় ইয়াত দিয়া হ’ল।

*বেছিকৈ আৰু সঘনাই হিকটি যদি আহি আছে, তেনেহ’লে এচামুচ চেনি মুখত লৈ থাকক। হিকটি তৎক্ষণাত বন্ধ হ’ব।

*হিকটি বন্ধ কৰাৰ বাবে আপোনাৰ মনটো অন্য কিবা বিষয়লৈ আঁতৰাই নিয়ক। মনটো অন্য কোনো চিন্তাত নিগম্ন হ’লেও হিকটি বন্ধ হয়।

এনে ধৰণে মনটোক কোনো অগতানুগতিক কামত ব্যস্ত ৰাখিবলৈ হ’লে আপুনি ১০০ ৰ পৰা ওলোটাকৈ ১ লৈকে মনতে আওৰাবলৈ চেষ্টা কৰক।

এইদৰে ওলোটাকৈ গণিবলৈ ল’লে মনোযোগ আনফালে আঁতৰি যাব আৰু হিকটিও বন্ধ হ’ব।

*একেৰাহে হিকটি আহি থাকিলে জিভাখন যিমান পাৰে বাহিৰলৈ মেলি দিবলৈ চেষ্টা কৰক। এনে কৰিবলৈ নাকৰ ফুটা দুটা ভোকেল কৰ্ডৰ(স্বৰযন্ত্ৰৰ কাষৰ দুডোখৰ পেশীৰ ভাঁজ) লগত সংলগ্ন অংশটো  খোল খাব। ইয়াৰ ফলত হিকটি অহাটো বন্ধ হ’ব।

*দীঘল দীঘলকৈ উশাহ লওক। শ্বাস কেইচেকেণ্ডমানৰ কাৰণে বন্ধ কৰি ৰখাৰ চেষ্টা কৰক। এই প্ৰক্ৰিয়াৰ ফলত হাওঁফাওঁ কাৰ্বন-ডাই-অক্সাইড গেচেৰে ভৰি যাব আৰু হাওঁফাওঁৰ আৱৰণে সেইবিলাক বাহিৰলৈ উলিয়াই দিবলৈ চেষ্টা কৰিব। ফলত হিকটি অহা বন্ধ হ’ব।

*যদি কাৰোবাৰ একেৰাহে হিকটি আহি আছে, তেনেহ’লে তেওঁক হঠাতে ভয় খুৱাই চাওক।

নহলেবা কিবা এটা নতুন কথা কৈ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰক। এনে উপায়েৰেও হিকটি বন্ধ কৰিব পাৰি।

*এচামুচ নেমুৰ ৰসৰ লগত এচামুচ মৌ মিহলাই খালেও হিকটি বন্ধ হয়।

*তিনিটা জালুক, আধা চামুচ চেনি বা মিচিৰিৰ সৈতে চোবাই খাওক। জালুক খালে যৎক্ষণাত হিকটি বন্ধ হয়।

*ভিনেগাৰৰ টেঙা সোৱাদে হিকটি বন্ধ কৰে। ইয়াৰ বাবে এচামুচ ভিনেগাৰেই যথেষ্ট। ভিনেগাৰৰ লগত অলপ পানী মিহলাই পাতল কৰি ল’ব।

*একাপ পানীত এচিকুট নিমখ মিহলাই খালেও হিকটি বন্ধ হ’ব।

*হিকটি আহি থাকিলে কাণ দুখনত কপাহৰ টুকুৰা ভৰাই বিছ মিনিটৰ কাৰণে বন্ধ কৰি ৰাখক। লগতে কাণৰ লতি সামান্যভাৱে হেঁচি ধৰি থাকক।

এনে কৰিলে কাণৰ ভিতৰৰ আৱৰণৰ লগত সংযুক্ত ভেগাছ নাৰ্ভলৈ সংকেত যাব আৰু হিকটি বন্ধ হৈ পৰিব।

*হাত দুখন টানকৈ মুঠি মাৰি দহ-পোন্ধৰ মিনিট থাকক। এনে কৰিলে মনোযোগ হিকটিৰ পৰা আঁতৰি যাব আৰু হিকটি বন্ধ হ’ব।

*বগৰীৰ কেঁচা পাত এমুঠি ভালদৰে ধুই ছাঁত শুকুৱাই লওক। এই পাত শুকান কেৰাহীত দি মুৰমুৰীয়াকৈ ভাজক। এতিয়া শুকান বগৰী পাতবোৰ হাতেৰে মোহাৰি মিহিকৈ গুড়ি কৰি লওক।

এই গুড়ি একাপ পানীত মিহলাই হিকটি অহা ৰোগীক খাবলৈ দিয়ক। কিছু সময়ত পিছত হিকটি বন্ধ হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate