অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাসায়নিক সামগ্ৰীৰ পৰা সাৱধান :

ৰাসায়নিক সামগ্ৰীৰ পৰা সাৱধান :

 

আমি ছালত ব্যৱহাৰ কৰিবলৈ বজাৰত বিভিন্ন ধৰণৰ সামগ্রী পাওঁ। তদুপৰি বন্ধু-বান্ধৱসকলেও ব্যৱহাৰ কৰা সামগ্ৰীও ব্যৱহাৰ কৰিবলৈ কয়। কিন্তু ছালে জানো গ্রহণ কৰে ? কেতিয়াবা এনে ধৰণৰ বজাৰৰ সামগ্রী ব্যৱহাৰ কৰাৰ ফলত ছালৰ সমস্যাই দেখা দিয়ে। ফলত মনত হতাশা আহি যায়। আৰু আন সমস্যায়ো মনটো দুৰ্বল কৰে। এনে ক্ষেত্ৰত আপোনাৰ ছালৰ প্ৰকাৰৰ বিষয়ে জানি ল'ব। মুখখন ধুই দিয়াৰ ফলত যদি ছালখন শুকান আৰু টানি ধৰে, তেন্তে শুকান ছাল বুলিব পাৰি। মুখখন ধুই দিয়াৰ পাছতো যদি অতিৰিক্তভাৱে তেল নিৰ্গত হয়, তেন্তে অতি তেলেতীয়া বুলিব পাৰি।

সাধাৰণতে আমি পুৱাই গা ধুই আমাৰ ছালত টনাৰ ব্যৱহাৰ কৰিব লাগে। ৰ’দৰ প্ৰখৰ তাপত আমাৰ ছালৰ যথেষ্ট ক্ষতি হয়। সেইবাবে ছানস্কীন ব্যৱহাৰ কৰিব লাগে। কিন্তু ৰ’দৰ ইউ ভি-এ ৰেৰ দ্বাৰা ছালত ৰ’দে পোৰে, বয়স হয় আৰু বয়সৰ চাপ পৰে। ইউ ভি-বিৰ ৱেৰ দ্বাৰা ৰ’দে পোৰে আৰু কৰ্কট ৰোগ হয়।

ছানস্ক্ৰীন ক্রীমটো শুকান ছালৰ বাবে জিংক-অক্সাইড আৰু টিটেনিয়াম যুক্ত হ’ব লাগে। সচেতন ছালৰ বাবে টিটেনিয়াম ডাই-অক্সাইড, ছিনামেট যুক্ত হ’ব লাগে। তেলেতীয়া ছালৰ বাবে তেলমুক্ত, এভ’ বেনজন আৰম অক্সিবেন্‌জন যুক্ত হ’ব লাগে। এছ পি এফ ৩০ মিনাৰেল তেলবিহীন হ’লে বা মেট ফিনিছ হ’লে ভাল। কিন্তু শুকান ছালত এলক'হলযুক্ত হ’ব নালাগে। হাইড্রটিং যুক্ত হ’লে ভাল। গ্লিচাৰিণ আৰু এল' ভেৰাযুক্ত হ’লে ছালক মসৃণ আৰু সতেজ কৰি ৰাখে।

বয়সৰ ছাপ আঁতৰাবলৈ ব্যৱহাৰ কৰা সামগ্রীত জিনচেং থকা হ’লে ভাল। ই ছালৰ ক’লাজেনসমূহ সক্রিয় কৰি ৰাখে। বয়সৰ ছাপ আঁতৰায়। আদাৰ ৰস থাকিলে ছালৰ ইলাছটিচিটী বঢ়ায় আৰু এণ্টি অক্সিডেণ্ট হয়। প্র’টিনযুক্ত হ’লে বয়সৰ ছাপ কমাইক'লাজেনক সক্রিয় কৰে।

প্রতিদিনে ক্লিনিজাৰ কৰা সামগ্ৰীত হালধি, তুলসী আৰু থাইম (Thyme) থকা হ’লে ছালৰ পৰা লেতেৰা আঁতৰায়, এন্টিচেপ্টিক আৰু প্রতিদিনে ছালত অনিষ্ট কৰাৰ পৰা ৰক্ষা কৰে।

ছালখন বগা হোৱাৰ সামগ্ৰীত কেতিয়াও হাইড্র’কুইনান আৰু ষ্টেৰইড থকা হ’ব নালাগে। ই ছালক প্রথম অৱস্থাত খুব ধুনীয়া বগা, মিহি কৰে যদিও পাছলৈ ছালত ঘাঁ হৈ কৰ্কট ৰোগ সৃষ্টিৰ কাৰক হয়।

পেৰাফিনযুক্ত সামগ্ৰী সদায় এৰাই চলিব লাগে। ই ছালত কৰ্কট ৰোগ সৃষ্টি কৰে। বেছিভাগ ট’ক্সিন পেৰাফিনত থাকে। সাধাৰণতে পেৰাফিন মইশ্ব’ৰাইজাৰত থাকে। লিপ্‌ষ্টিকটো পেৰাফিন থাকে। ফলত কম দিন ব্যৱহাৰ কৰাৰ পাছতেই ওঁঠৰ ৰং ক’লা পৰি যায়।

আমি ব্যৱহাৰ কৰা সামগ্রী কেতিয়াও সুগন্ধি আৰু ৰং থকা হ’ব নালাগে।

বগা হোৱা ক্ৰীমত ষ্টেৰইড (Steroid),হাইড্ৰ’কুইনাইন আৰু ট্ৰিটিন’ইন (Treetinoin) থাকে। বেছিদিন ব্যৱহাৰ কৰিলে পিগমেন্টটেচন হয়। লিভাৰ নষ্ট হয়। ছাল পাতল হয়। ষ্টেৰইড থকা সামগ্ৰীয়ে ছালত শুহি লয় আৰু ছালৰ স্বাস্থ্যৰ ক্ষতি কৰে।

ৰ’দৰ পৰা আঁতৰত থকাই বগা হোৱাৰ মূল চাবি-কাঠী। ছাল বগা হোৱাৰ বাবে ব্লিচিং ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ব্যৱহাৰে ছালত ক'লা দাগ পেলায়, ছাল পাতল হয়, লিভাৰ নষ্ট হয় আৰু চকুত কেটেৰেক পৰে আৰু হাঁপানী হয়।

গতিকে বজাৰৰ পৰা ক্রীম কিনোতে সাৱধান হৈ কিনিব লাগে। কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ক্ৰীমত সেয়া চাইহে ব্যৱহাৰ কৰিব লাগে। ক্ৰীম, লোচন, মইশ্ব’ৰাইজাৰ কিনোতে সদায় মন কৰিব সুগন্ধি আৰু ৰংবিহীনতা। এইদৰেই নিজে সচেতন হ’লে এখন সুন্দৰ আৰু স্বাস্থ্যৱান ছালৰ অধিকাৰী হৈ থাকিব পাৰিব।

লেখিকা: ভানু শৰ্মা, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate