অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অকলশৰীয়া নাৰী আৰু ব্যক্তিত্ব

অকলশৰীয়া নাৰীগৰাকী মিঠামুখীয়া আৰু হাঁহিমুখীয়া হ’লে সকলো ঠাইতে প্ৰশংসাৰ যোগ্য হয়। খিংখিঙীয়া বা অশান্ত মনেৰে থাকিলে সকলোৱে আপোনাৰ পৰা নিলগত থাকিব বিচাৰিব। সেয়ে কথা-বতৰা হোৱাৰ সময়ত সকলোৰে লগত সহজ-সৰল ভাষাৰে ভাব বিনিময় কৰিব।

সময় সলনি হোৱাৰ লগে লগে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনশৈলী তথা নীতি-পৰম্পৰাসমূহৰ মাজলৈও যথেষ্ট পৰিৱৰ্তন আহিল। নাৰীসকলে ইচ্ছানুসাৰে তথা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যিকোনো ক্ষেত্ৰত অকলশৰে থাকিব পৰা গ’ল। এনেস্থলত সমাজ আৰু পৰিয়াল উভয়ে সেই নাৰীসকলক খোজে প্ৰতি লক্ষ্য কৰা হ’ল। সি যি কি, আপুনি যদি অকলশৰীয়া, তেনেহ’লে আপোনাৰ ব্যক্তিত্ব এনে হোৱা উচিত, যাৰ দ্বাৰা আপুনি আত্ম সন্তুষ্টি লভে।

দৃষ্টিভংগী হওক ইতিবাচক

অকলশৰীয়া নাৰী নিসংগতাৰ চিকাৰ বৰ সোনকালে হয়। এই কাৰণত আপুনি যদি একেবাৰে অকলশৰীয়া, তেন্তে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখক। এনে হ’লে জীৱনে সঠিক পথেৰে গতি কৰিব। নিজক সকলো সমতে গঠনমূলক কামত ব্যস্ত ৰাখক। বহু এনে কাম, যিবোৰ আপোনাৰ ভাল লাগে আৰু যিবোৰ কৰিবলৈ পালে অন্তৰখনে শান্তি পায়, তেনেবোৰ কামত মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপুনি অকলশৰে থাকিও ব্যক্তি বিশেষৰ দৃষ্টিত নিজ ব্যক্তিত্বৰে প্ৰশংসনীয় হ’ব পাৰিব।

মিলা প্ৰীতি বঢ়াওক

অকলশৰে থকাৰ অৰ্থ এইটো নহয় যে আপুনি সকলোৰে পৰা পৃথক থাকিব। মিলাপ্ৰীতিৰে থকাটো এগৰাকী অকলশৰীয়া নাৰীৰ বাবে অতি দৰকাৰী কথা। আপুনি অকলে থাকে আৰু বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ’লে কাৰো সহায় নাপায় যদি জীৱন জীয়াবলৈ অতি কঠিন হয়। সেই গতিকে নিজৰ আপোন পৰিয়াল, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ সৈতে মিলিজুলি থাকক। যাতে প্ৰয়োজনৰ সময়ত আপুনি সহায় পায়। আপুনি যদি সেই সকলোৰে দুখত দুখী হ’ব পাৰে, তেওঁলোকেও আপোনালৈ সহায়ৰ হাত আগবঢ়াব। কেৱল সহায় পাবৰ বাবেই যে মিলাপ্ৰীতিৰ থাকিব লাগে, তেনে কথা নহয়, ইয়াক নিজৰ ব্যক্তিত্বৰ অন্য এক অংগ জ্ঞানো কৰক, যাতে নিজে সন্তুষ্টিৰে জীৱন নিৰ্বাহ কৰিব পাৰে।

মিঠামুখীয়া হওক

অকলশৰীয়া নাৰীগৰাকী মিঠামুখীয়া আৰু হাঁহিমুখীয়া হ’লে সকলো ঠাইতে প্ৰশংসাৰ যোগ্য হয়। খিংখিঙীয়া বা অশান্ত মনেৰে থাকিলে সকলোৱে আপোনাৰ পৰা নিলগত থাকিব বিচাৰিব। সেয়ে কথা-বতৰা হোৱাৰ সময়ত সকলোৰে লগত সহজ সৰল ভাষাৰে ভাব বিনিময় কৰিব। নিজৰ খং আনৰ ওপৰত উজাৰিব নিবিচাৰিব। অৱশ্যে মিঠামুখীয়া হোৱাৰ অৰ্থ এইটো নহয় যে কোনোৱে আপোনাৰ সৈতে অসৎ ব্যৱহাৰ কৰিলেও মিঠা ব্যৱহাৰেই কৰিব। এষাৰ কথা মনত ৰাখিব অকলে থাকিও আপুনি সকলো পৰিস্থিতিৰেই মুখামুখি হ’ব লাগিব। এই কাৰণত কঠোৰ শব্দৰ প্ৰয়োগ বিষম পৰিস্থিতিতহে কৰিব।

আত্মবিশ্বাসী হওক

কোনো প্ৰতিকূল পৰিস্থিত, কিম্বা স্ব-ইচ্ছাই অকলশৰে থাকিবলৈ লোৱাটো অপৰাধ নহয় আৰু এইটোও নহয় যে এই কাৰণত আপুনি নিজক সংকুচিত ৰাখিব লাগিব। সদায় আত্মবিশ্বাসেৰে জীৱনৰ সকলো ক্ষেত্ৰতে মুখামুখি হওক। কথা-বতৰা ঘূৰাই পকাই কোৱাৰ পৰিৱৰ্তে পোণপটিয়াকৈ কোৱাৰ সাহস কৰক। তাৰ পিছত দেখিব অকলে থকা সত্ত্বেও কোনেও আপোনাক আঙুলি ঢোৱাব নোৱাৰিব।

ব্যক্তিত্ব হৈছে আপোনাৰ আইনা। সেয়ে যদি আপুনি অকলে, তেন্তে আপুনি এনেভাৱে নিজৰ ব্যৱহাৰ প্ৰদৰ্শন কৰক; যাতে আনৰ দ্বাৰা প্ৰশংসিত হোৱাৰ উপৰি আপুনি নিজৰ জীৱনটোকে সুখী হ’ব পাৰে।

লেখিকা: ৰীণা দেৱী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate