পৃথিৱীৰ অন্য এক মহামাৰী
বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু ভিয়েটনামে নিদ্ৰাহীনতাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশবোৰকো চেৰাই গৈছে। অৱশ্যে ভাৰতবৰ্ষ আৰু ইণ্ডোনেচিয়াত পশ্চিমৰ তুলনাত নিদ্ৰাহীনতাত ভোগা ব্যক্তিৰ সংখ্যা এতিয়াও কম হৈ আছে। আন এক গৱেষণাত পোৱা গৈছে যে, ধনৱান দেশবোৰত মহিলা আৰু বয়সস্থ উভয় মহিলা-পুৰুষেই নিদ্ৰাহীনতাত ভোগে।
বর্তমান উন্নয়নশীল দেশবোৰত নিদ্রাহীনতা এক উল্লেখযোগ্য সমস্যাত পৰিণত হৈছে। আপুনি জানেনে উন্নয়নশীল দেশবোৰত নিদ্ৰাহীনতাত ভোগা ব্যক্তিৰ সংখ্যা বর্তমান ১৫০ নিযুত হৈছেগৈ। বিশেষজ্ঞসকলৰ মতে উক্ত দেশবোৰত হ’ল নিদ্রাহীনতাৰ ঘাই কাৰণ। এই সংক্রান্তত বাৰউইক্ বিশ্ববিদ্যালয়ৰ অধীনত থকা বাৰউইক মেডিকেল স্কুলে আফ্ৰিকা আৰু এছিয়াৰ ওপৰত এক গৱেষণা চলাই গম পাইছিল যে, ইনচ’মনিয়া নিদ্রাহীনতাত ভোগা লোকৰ সংখ্যা বাঢ়ি গৈ ১৬.৬ শতাংশ হৈছেহি। এই হিচাপে কানাডা আৰ আমেৰিকাত ইতিমধ্যে বর্তমান বিশ শতাংশৰ ওচৰ চাপিছে। দক্ষিণ আফ্রিকাত থকা উইট্বাটাবশ্রেগু বিশ্ববিদ্যালয়ে নিদ্রাহীনতাৰ ওপৰত গৱেষণা চলাই এই সিদ্ধান্তত উপনীত হৈছে যে ঘানা, টাঞ্জনিয়া, দক্ষিণ আফ্রিকা, বাংলাদেশ, ভিয়েটনাম, ভাৰতবৰ্ষ, ইণ্ডোনেচিয়া, কেনিয়া আদি অঞ্চলত বাস কৰা ২৪,৪৩৪ গৰাকী মহিলা আৰু ১৯,৫০১ জন পুৰুষৰ টোপনিৰ গুণাগুণৰ বিষয়ে এক সমীক্ষা চলাইছিল। উক্ত পুৰুষ, মহিলা উভয়ৰে বয়স আছিল পঞ্চাশ বছৰ অথবা তাতোকৈ কিছু উৰ্ধৰ৷ গৱেষকসকলে জানিব খুজিছিল যে, টোপনিৰ সৈতে সামাজিক ৰীতি-নীতি, জীৱন ধাৰণৰ মান, শৰীৰৰ স্বাস্থ্য আৰু মানসিক সমস্যাবোৰৰ সৈতে এটাই সিদ্ধান্ত উপনীত হ’ল যে, উন্নয়নশীল দুশ্চিন্তাৰ সম্পর্ক অধিক। তদুপৰি আন এটা সমীক্ষাত পোৱা গ'ল যে— বাংলাদেশ, দক্ষিণ আফ্রিকা আৰু ভিয়েটনামে নিদ্রাহীনতাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশবোৰকো চেৰাই গৈছে। অৱশ্যে ভাৰতবৰ্ষ আৰু ইণ্ডোনেচিয়াত পশ্চিমৰ তুলনাত নিদ্রাহীনতাত ভোগা ব্যক্তিৰ সংখ্যা এতিয়াও কম হৈ আছে। আন এক গৱেষণাত পোৱা গৈছে যে, ধনৱান দেশবোৰত মহিলা আৰু বয়সস্থ উভয় মহিলা-পুৰুষেই নিদ্ৰাহীনতাত ভোগে। বাৰউইক মেডিকেল স্কুলৰ ড০ চাভেৰিঅ' ষ্ট্ৰেঞ্জেছ নামৰ মুখ্য গৱেষকজনে কয় যে, আমি পূৰ্বে কৰা ধাৰণাতকৈ উন্নয়নশীল দেশবোৰত নিদ্রাহীনতাত ভোগা লোকৰ সংখ্যা বহুত বেছি। তাৰ কাৰণ হৈছে নিম্ন আয়ৰ দেশৰ বাসিন্দাসকলে এইচআইভি (HIV) ৰোগৰ দৰে অতি সংক্রামক আৰ ভয়াৱহ ৰোগৰ উপৰিও তেওঁলোকৰ মাজত বৃদ্ধি পোৱা হৃদৰোগ, কেন্সাৰ আদি ৰোগৰ দৰে ব্যয়বহুল ৰোগবোৰৰ চিকিৎসাৰ বাবে প্রয়োজনীয় ধন যোগাৰ কৰাৰ অক্ষমতাত ভোগা, মানসিক চাপৰ কাৰণেও নিদ্রাহীনতাত ভুগিবলৈ ধৰিছে। আমাৰ এই সমীক্ষাত চহৰ অঞ্চলৰ বাসিন্দাসকলক বাদ দি গ্রামাঞ্চলৰ বাসিন্দাসকলহে অন্তৰ্ভূক্ত কৰা হৈছিল। আমি ভাবো যে, নগৰ অঞ্চলৰ বাসিন্দাসকলে গ্ৰামাঞ্চলৰ লোকসকলতকৈ অধিক নিদ্ৰাহীনতাত ভোগে।” উল্লেখনীয় যে, বাংলাদেশত ৪৩.৯ শতাংশ মহিলাই নিদ্রাহীনতাত ভোগে। এই হিচাপটো উন্নত দেশবোৰত ভোগা নিদ্রাহীন লোকৰ পৰিসংখ্যাৰ দুগুণ বেছি আৰু বাংলাদেশৰ পুৰুষসকলৰ তুলনাত ২৩.৬ শতাংশ অধিক। ভিয়েটনামত আকৌ ৩৭.৬ শতাংশ মহিলা আৰু ২৮.৫ শতাংশ পুৰুষে নিদ্ৰাহীনতাত ভুগি আছে।
আনহাতে, আফ্ৰিকাৰ দেশবোৰত যেনে- টাঞ্জানিয়া, কেনিয়া আৰু ঘানাত এই হিচাপটো হ’ল-মহিলাৰ ক্ষেত্ৰত ৮.৩ শতাংশ আৰু পুৰুষৰ ক্ষেত্ৰত ১২.৭ শতাংশ। দক্ষিণ আফ্ৰিকাত আন আফ্ৰিকান দেশবোৰৰ তুলনাত ইয়াৰ পৰিমাণ দুগুণ অধিক, মহিলাৰ ক্ষেত্ৰত ৩১.৩ শতাংশ আৰু পুৰুষৰ ক্ষেত্ৰত ২৭.২ শতাংশ।
উপযুক্ত সমীক্ষাবোৰত আফ্ৰিকা আৰু এছিয়া মহাদেশৰ আঠখন দেশৰ ৪০,০০০ পূৰ্ণবয়স্ক লোকসকলৰ ওপৰত চলোৱা হৈছে। এই সমীক্ষা চলোৱাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংঘ (WHO) আৰু নেচনেল ইনষ্টিটিউট অব হেলথ, আমেৰিকা আদি অনুষ্ঠানবোৰে আৰ্থিক অনুদান আগবঢ়াইছিল। ড° চেভেৰিঅ' ষ্ট্রেঞ্জেছৰ লগতে মার্গাৰেট থৰ’গুড়, উইলিয়াম টিগবে’ই, জিয়াংগা বাকুইন কাণ্ডালা আদি গৱেষকসকলে এক গোট হৈ সমীক্ষাটো পৰিচালনা কৰে।
নতুনকৈ কৰা গৱেষণাত দেখা গৈছে যে, নিদ্রাহীনতাৰ ফলত আমাৰ স্বাস্থ্যৰ বহুত ক্ষতি হয়। নিদ্ৰাহীনতাৰ বাবেই হৃদৰোগ, বহু মূত্ৰ ৰোগবোৰত মানুহ আক্রান্ত হয়। বর্তমান নিদ্রাহীনতা কেৱল উন্নত দেশবোৰৰ ক্ষেত্ৰতেই নহয় উন্নয়নশীল দেশবোৰৰ বাবে এক ডাঙৰ সমস্যাত পৰিণত হৈছে। ড° ষ্ট্ৰেঞ্জেছে কয় যে, উক্ত সমীক্ষাৰ পিচত গম পোৱা গ'ল যে, উন্নত আৰু উন্নয়নশীল উভয় দেশবোৰতে নিদ্ৰাহীনতাত ভোগা এইসকল লোকে আৰু মানসিক চাপৰ সমস্যাত ভোগে। তদুপৰি এইসকল লোকৰ ক্ষেত্ৰত শাৰিৰীক প্ৰতিৰোধ ব্যৱস্থাটোৰ ক্ষতিসাধন হয় বুলি ড০ ষ্ট্ৰেঞ্জেছে ঘোষণা কৰিছে। তেওঁৰ মতে মানুহে মানুহে কিছুমান আস্বাস্থ্যকৰ অভ্যাস যেনে— ধূমপান আৰু অপুষ্টিকৰ, দুর্বল আহাৰ গ্রহণ কৰাৰ দৰে অভ্যাসৰ বাবেও নিদ্রাহীনতাত ভুগিব পাৰে। তদুপৰি কিছুমান বয়সিয়াল লোকে দিনত ইমান বেছি শোৱে যে, তাৰ ফলতো সেইসকল সেইসকল লোকে নিশা নিদ্রাহীনতাত ভুগি থাকে। ড° ষ্ট্রেঞ্জেছে এইটোও ঘোষণা কৰিছে যে, আজিকালিৰ আধুনিক সমাজ ব্যৱস্থাৰ বাবেও মানুহে ২৪ ঘণ্টাই সাৰে থাকিবলৈ লৈছে। মানুহে নিশা বেছিভাগ সময় ইণ্টাৰনেটত কটায়।
ড° ষ্ট্রেঞ্জেছৰ মতে পশ্চিমীয়া দেশবোৰত হতাশা আৰু দুশ্চিন্তাবোৰৰ বাবে নিদ্রাহীনতা ৰোগৰ সৃষ্টি হৈছে যদিও মানুহে অত্যধিকভাৱে ইণ্টাৰনেটত ব্যস্ত থকাৰ কাৰণেও নিদ্রাহীনতাত ভুগিবলৈ লৈছে। তেওঁ আৰু কয় যে– বাংলাদেশ, দক্ষিণ আফ্রিকা, ভিয়েটনামৰ মহিলাসকলে সেইবোৰ দেশৰ পুৰুষসকলৰ তুলনাত নিদ্ৰাহীনতাত বেছিকৈ ভোগে। তদুপৰি এইবোৰ দেশৰ মাজৰে বাংলাদেশত মুঠ ৪০ শতাংশ লোকেই নিদ্রাহীনতাত ভুগি আছে। ড° ষ্ট্রেঞ্জেছে সকীয়াই দিছে যে, কিছুমান দেশত নিদ্রাহীনতাই সমুহ জনস্বাস্থ্যৰ ক্ষতিসাধন কৰিছে। কাৰণ, এনেবোৰ দেশৰেই বাসিন্দাসকলে সংক্রামক বেমাৰৰ বলি হয়, শৈশৱৰ পৰাই উচ্চহাৰত মৃত্যুবৰণ কৰে, মহিলাসকলে প্রসূতি ৰোগত মৃত্যুক সাবটি লয়। তেওঁ কয় যে, দৰিদ্ৰতাৰ লগত জড়িত হৈ থকা নিদ্ৰাহীনতাক দূৰ কৰাটো এক সাধাৰণ সমস্যা নহয়—ই এক জটিল সমস্যা। তেওঁৰ মতে ৰোগীসকলৰ স্বাস্থা আছে নে নাই, সেই সম্পর্কে ৰোগীসকলৰ সোধাপোচা কৰা উচিত। ৰোগীসকলৰ আনবোৰ ৰোগত দৰব বা ঔষধৰ বিধান দিয়াৰ সময়ত চিকিৎসকজনে ৰোগীজনৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰতো যথেষ্ট গুৰুত্ব প্রদান কৰিব লাগে।
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 5/20/2020
নিদ্ৰাহীনতাৰ বিষয়ে লিখা হৈছে