মই সুদীৰ্ঘ ৮ বছৰ ধৰি সৃজনগ্ৰাম প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত L.H.V. পদত থাকি মই চাকৰি সূত্ৰে বিভিন্ন ঠাইত প্ৰায় ঘূৰি থাকিবলগীয়া হয়। এই যে প্ৰায়ে ঘূৰি ফুৰিবলগীয়া হয়, ইয়াৰ ফলত মোৰ বিভিন্ন অভিজ্ঞতাসমূহেৰে এটি চমু অভিজ্ঞতাৰ বিষয়ে ক’ব খুজিছো। বহুতো অভিজ্ঞতাৰ ভিতৰত সেইটোকে ক’ব খুজিছো এই কাৰণে যে অন্নত আমাৰ মেডিকেল ডিপাৰ্টমেন্টৰ সেইখিনি মানুহ নিশ্চিতভাৱে উপকৃত হ’ব যিসকলে পৰিয়াল পৰিকল্পনাৰ বাবে মানুহক কাউন্সিলিঙ কৰিব লগা হয়।
আমবাৰী এখন মুছলমান বসতিপূৰ্ণ গাঁও য’ত অতি কম সংখ্যক মানুহেহে মানসিক দিশত আগবঢ়া। গতিকে তেনে এটি অনুন্নত পৰিৱেশ, পৰিয়ালকে সাঙুৰি মোৰ এই বাস্তবিক কাহিনী। মই যেতিয়া তাত প্ৰথম গৈছিলো মানুহখিনিক কোনোমতে টিকাকৰণৰ কাৰণে উপস্বাস্থ্য কেন্দ্ৰলৈ অনাটোৱে বৰ ডাঙৰ প্ৰত্যাহবান আছিল। গতিকে তেনেকুৱা ঠাই এখনত পৰিয়াল পৰিকল্পনাৰ বিষয়ে কথা ক’বলৈ যোৱাটোৱে যেন অপৰাধ আছিল। তেতিয়া মই এই বিষয়টো সম্পূৰ্ণ গোপণীয়তাৰে বুজাম বুলি কেইটিমান পৰিয়াল বাছি লৈছিলো আৰু সিহঁতৰ লগত বিভিন্ন কথা বতৰা পাতি সিহঁতৰ সংস্পৰ্শত আহিবলৈ চেষ্টা কৰিছিলো। পিছত যেতিয়া মোৰ মনটোৱে উপলব্ধি কৰিলে যে এতিয়া সেই কেইটা পৰিয়ালৰ লগত পৰিয়াল পৰিকল্পনাৰ বিষয়ে কথা পাতিব পাৰিম। এদিনাখন মই সুযোগ বুজি দুই তিনিটা পৰিয়ালৰ মহিলাখিনিৰ লগত উক্ত বিষয়ে কথা পাতিলো। সিহঁতে ঘৰতে গিৰিয়েকহতকো কথাটো কৈছিল। দুই এজনে মনে মনে কথাটো সমৰ্থন কৰিলে যদিও এগৰাকীৰ গিৰিয়েকে এদিনাখন মোক বাটত আগভেটি ধৰিলে আৰু বিভিন্ন গালি গালাজো কৰিলে লগতে সিহঁতৰ ঘৰলৈ ভৱিষ্যতে যাবলৈও বাধ্য দিলে। এইদৰে কিছুদিন যোৱাৰ পিছত মই এদিন আকৌ সিহঁতৰ ঘৰত ওলালো লগতে আশা চুপাৰভাইজাৰ, আশা এ.এন.এম আছিল। সেইদিনাখন মানুহজন ঘৰতে আছিল আৰু আমি যোৱাত বিশেষ খং প্ৰকাশ নকৰাত সুযোগ বুজি আমি আটাইয়ে পৰিয়াল পৰিকল্পনাৰ বিষয়ে তেওঁক ভালদৰে বুজাবলৈ চেষ্টা কৰিলো। পৰিয়াল পৰিকল্পনা কি কেনেকুৱা কি কি লাভ হয় কিবা ক্ষতি হ’ব পাৰে নেকি ইত্যাদি বিষয়ে ভালদৰে বুজাই পৰাই গুছি আহিলোঁ।
কথাত কয় যে ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়, তেনেকৈয়ে এদিনাখন আমাক আচৰিত কৰি মানুহজন নিজৰ ঘৈণিয়েক বন্ধ্যাকৰণ কৰিবলৈ দিলে। তাৰ পিছত যেন এটি অধ্যায়ৰ সামৰণি পৰিল, তাইৰ বন্ধ্যাকৰণ ভালে ভালে হৈ যোৱাৰ পিছততেই আন মহিলাখিনিয়ো আগবাঢ়ি আহিল। এতিয়া আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ে যেন সকলো বুজি উঠিছে। স্থায়ী, অস্থায়ী পদ্ধতিৰ বিষয়ে সকলোৱে জানে আৰু ব্যৱস্থাও গ্ৰহণ কৰে।
এই লেখনিৰ জৰিয়তে মই এই খিনিয়ে ক’ব খুজিছো যে কোনোবাই বিচাৰে যে মানুহে পৰিয়াল পৰিকল্পনা কৰিব নুখুজে, তেন্তে মই কম সেয়া মিছা কথা। কাৰণ আজিৰ যুগত সকলো মানুহে নিজৰ উন্নতি হোৱাটো বিচাৰে। সেয়ে এখন ঠাইৰ উন্নতি হ’বলৈ হ’লে প্ৰত্যেকটো পৰিয়ালেই প্ৰথমতে উন্নত হ’ব লাগিব আৰু সেয়া হ’বলৈ হ’লে আমাৰ নিচিনা প্ৰত্যেকজন কৰ্মীৰে লাগিব অপ্ৰাণ চেষ্টা, ইচ্ছা আৰু লগতে লাগিব প্ৰবল ইচ্ছা শক্তিৰ।
লেখিকাৰ নাম: ইৰা সোণোৱাল
শেহতীয়া উন্নীতকৰণ: : 3/16/2020