অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্য্য চৰ্চা

 

চুলিৰ যতন-

 

ফাগুন মাহৰ বতৰত আমাৰ চুলি খুব শুকান হয়। চুলিৰ আগবোৰো বৰকৈ ফাটি যায়। এনে ক্ষেত্ৰত আমি কিছু যত্ন ল’ব লাগে। তাৰেই উপায় কেইটামান আগবঢ়ালো।

  • প্রতিবাৰ শ্বেম্পু কৰাৰ আগেয়ে অলিভ অইল, তিল তেল আৰু বাদামৰ তেল সমান পৰিমাণে মিহলাই চুলিত লগাব লাগে। প্রায় ৩০ মিনিটমান এইদৰে থকাৰ পাছত চালফেট ফ্রী শ্বেম্পুৰ দ্বাৰা শ্বেম্পু কৰিব লাগে, এই তেল লগাই শ্বাৱাৰ কেপ পিন্ধি থাকিব পাৰিলে ভাল।
  • এইকেইদিন শ্বেম্পু কৰাৰ পাছত অইলযুক্ত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে।
  • চুলিৰ গুৰিত বগা ভিনেগাৰ আৰু পানী সমান পৰিমাণে মিহলাই কপাহৰ সহায়ত লগাব লাগে।
  • কণীৰ কুহুম দুটা আৰু মেয়নিজ ৪ চামুচ মিহলাই চুলিত আধা ঘন্টাৰ বাবে লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পাছত শ্বেম্পু কৰি অইল মিৰাক'ল লগাব। এনেদৰে কৰিলে চুলি ক্রমান্বয়ে কোমল হ’ব।
  • স্মোথ চাইন’ট্ৰিটমেন্ট কৰিলে চুলি তৎক্ষণাত মিহি হয়। বিশেষকৈ যিসকলে চুলিত ৰং কৰে, তেওঁলোকৰ নিয়মিত এই ট্রিটমেন্ট কৰিলে চুলি মিহি হয়।
  • চুলিত যদি আমি কমলাৰ বাকলিৰ গুৰিৰ দ্বাৰা স্পা কৰো, তেন্তে চুলি মিহি হয়।
  • খুব বেছি শুকান চুলিৰ বাবে মৌ আৰু গাখীৰৰ ক্ৰীম সমানে মিহলাই ব্যৱহাৰ কৰিলে চুলিৰ শুকান আৰু অৱস্থা কমি যায়। মৌ, গাখীৰৰ ক্ৰীম আৰু ছালকুঁৱৰীৰ জুলীয়া অংশ ভালদৰে মিহলাই চুলিত লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পাছত ছালফেট ফ্রী শ্বেম্পুৰ দ্বাৰা শ্বেম্পু কৰি চুলিৰ মসৃণতা বঢ়াব পাৰে।
  • আমি বেছিভাগেই বহুতো কেমিকেলযুক্ত সামগ্ৰী, যেনে- শ্বেম্পু, কালাৰ, হেয়াৰ স্প্ৰে আদি ব্যৱহাৰ কৰো। কিন্তু ইয়াৰ পৰা কেতিয়াবা চুলিৰ অৱস্থা বৰ বেয়া হয়। খহটা চুলি ছিঙি যায়। সেইবাবে চুলিত আয়ুর্বেদিক ট্রিটমেন্ট কৰাব লাগে। সপ্তাহত তিনিবাৰকৈ কৰিলে চুলিৰ অৱস্থা ভাল হৈ আহে।
  • মার্চ মাহত চুলি ট্রীম কৰিব লাগে। এই সময়ত শুকান বতাহৰ বাবে আমাৰ চুলিৰ আগ খুব ফাটি যায়। সেই বাবে চুলিৰ আগবোৰ কাটি দিলে চুলি সোনকালে দীঘল হয়।
  • চুলিত আমি কৰ্দৈৰ ৰস আৰু মিথি পাউডাৰৰ গুড়ি ভালদৰে মিহলাই লগালে চুলিৰ গুৰি পৰিষ্কাৰ হয়। উফিও নাইকিয়া হয়। চুলিৰ গুৰিৰ মৃত কোষসমূহ পৰিষ্কাৰ কৰি দিয়াৰ ফলত চুলি সোনকালে দীঘল হয়।
  • চুলিৰ বাবে আমি নিয়মিত আসন কৰিলে চুলিৰ মসৃণতা বাঢ়ে। তদুপৰি মানসিক হেঁচা দূৰ হয়। চুলি সোনকালে দীঘল হয়।
  • সেউজীয়া শাক-পাচলি, অমিতাৰ ফুল, ঔটেঙা আদি নিয়মিত খালে চুলিৰ স্বাস্থ্য ভালে থাকে। গাজৰৰ ৰসো আতি উত্তম।

এইদৰেই মার্চ মাহত অর্থাৎ ফাগুনৰ বতৰত চুলিৰ যত্ন লৈ চুলিৰ স্বাস্থ্য ভালে ৰাখিব লাগে।

ৰ’দৰ পৰা ছালখনক বচাওক-


প্রখৰ ৰ’দত আমাৰ ছালখনত ক’লা চামনি পৰে। যাক আমি ‘ছান টেন’ বুলি কওঁ। এনে অৱস্থাত আমাৰ ছালখন ৰ’দে পোৰাত ক’লা পৰি যায়। সকলোৱেই বজাৰৰ পৰা বগা হোৱা

ক্ৰীম কিনি ব্যৱহাৰ কৰে। ফলত ছালৰ ৰং অসমান হৈ পৰে। গতিকে ৰ’দে পোৰা ছালত আমি

কেতিয়াও ৰাসায়নিক সামগ্রী ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে ছালখন ক্ষয় যায় আৰু পিগমেণ্টেচন হয়। পাছলৈ আঁতৰোৱাৰ বাবে অসুবিধা আহি পৰে। এটা ৰাসায়নিক সামগ্ৰীৰ দ্বাৰা ভাল নাপালে আন সামগ্ৰী ব্যৱহাৰ কৰো আৰ পাছলৈ ভাগৰি পৰো। সেই ক্ষেত্ৰত আমি প্রাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। আমাৰ ঘৰতে থকা দুপৰ টেঙা আৰু ছালকুঁৱৰীৰ ৰস মিহলাই লগালেও তৎক্ষণাত ছালৰ ৰং বগা হয়। দুপৰ টেঙাৰ লগত মিথি পাউডাৰ মিহলাই লগালেও ছালৰ ৰং বগা হয়। কমলাৰ বাকলিৰ গুড়িৰ লগত যদি দৈ মিহলাই লগাও, তেন্তে তৎক্ষণাৎ বগা হ’ব পাৰি। ইয়াৰ লগত অৱশ্যে অলিভ অইল মিহলাই লগাব লাগে। ই দাগবিহীন ছালত পৰিণত কৰে। বিদেশত ইটালিয়ানসকলে অলিভ অইলৰ লগত ৰঙা কমলাৰ ৰস মিহলাই লগায়। ফলত ইটালিয়ান মহিলাসকল বগা আৰু মিহি ছালৰ অধিকাৰী হ’ব পাৰে। তেওঁলোকে মিহি ছালৰ বাবে শীতল পানী ব্যৱহাৰ কৰে|

তেলেতীয়া ছালৰ মহিলাসকলে পকা অমিতা পিটিকি লৈ তাৰ লগত পদিনা আৰু নিম পাত বটি পেষ্ট কৰি নিতৌ দুবাৰকৈ মুখত আৰু ডিঙিত প্রলেপ লগাব। এনে কৰিলে ছালৰ পৰা অতিৰিক্ত তেলখিনি শুহি ল’ব আৰু ছালক দাগবিহীন কৰিব। আৰু অইল কণ্ট্ৰ’ল ক্লিনজাৰ ব্যৱহাৰ কৰিব। তেলেতীয়া ছালত সদায় টনাৰ ব্যৱহাৰ কৰিব।

গৰমত ৰ’দৰ বাবে পৰা ক’লা চামনিৰ বাবে ফেচিয়েল কৰাব লাগে। লেমন ফেচিয়েলৰ দ্বাৰা ছালত পৰা ক’লা দাগ একেবাৰে আতৰি যায়। ছালখনো মিহি হয়।

পকা আমত চাহ চামুচেৰে আধা চামুচ বেকিং চ’ডা মিহলাই মুখত, ডিঙিত আৰ হাতত প্রায় ২০ মিনিটৰ বাবে লগাব। এনে কৰিলে ছালৰ পৰা দাগ আঁতৰি যাব। আম আৰু নেমুৰ ফেচিয়েলো কৰিব পাৰে। ই ছালক সুৰক্ষা দি দাগবিহীন কৰে।

এমুঠি তিল, এটা গাজৰ আৰু এটা বিলাহী ভালদৰে ধুই মিক্সিত পেষ্ট কৰি মুখত, ডিঙিত আৰু হাতত প্রলেপ কৰি লগালে ছালৰ ৰং উজ্জ্বল কৰে। এই প্রলেপে ছালৰ মসৃণতাও আনে।

দৈৰ পানীত মাটিমাহ ধুই ৰাতিটো তিয়াই থ’ব। পাছত মিক্সিত পেষ্ট কৰোতে বিলাহী এটা, নিম পাত আৰু পদিনাৰ পাত পাঁচখিলামান দিব। এনেদৰে পেষ্ট তৈয়াৰ কৰাৰ পাছত দুই টোপালমান অলিভ অইল (ভাৰ্জিন) মিহলাই লগাব। এই প্রলেপে তৎক্ষণাত ছালৰ পৰা ৰ’দে পোৰা চামনি আঁতৰায় আৰু ছালৰ ৰং বগা কৰে। ৰ’দে পোৰা ছালৰ বাবে আমি সদায় ভিটামিন ‘এ’, ‘বি’ আৰু “চি”যুক্ত খাদ্য খাব লাগে। এনে খাদ্যই আমাৰ ৰ’দে পোৰাৰ পৰা ছালক সুৰক্ষা দিয়ে।

বীন, বাদাম, বিলাহী, দাইল, গাজৰ আদি খালে ৰ’দে পোৰাৰ পৰা ৰক্ষা পাব পাৰি। গ্ৰীণ-টিয়েও আমাৰ ছালক সুৰক্ষা দিয়ে। এই চাহ খোৱাৰ পাছত আমি এই পানীৰে গাটোও ধুই দিব লাগে। ই ছালৰ ৰং বগা কৰি ৰখাত সহায় কৰে।

ঘৰতে কৰা দৈ নিয়মিত খাব। ই ছালৰ ৰং বগা কৰে আৰু শৰীৰৰ বেক্টেৰিয়া নাশ কৰে।

গৰমত এণ্টি অক্সিডেণ্টযুক্ত ছানিস্ক্ৰীন ব্যৱহাৰ কৰিব। ই ছালক সুৰক্ষা দিয়ে।

প্ৰখৰ ৰ'দৰ বাবেই আমাৰ ছালত বয়সৰ ছাপ পৰে। সেইবাবে আমি সেউজীয়া আৰু হালধীয়া বৰণৰ খাদ্য- মানে পাচলি খাব লাগে। গাজৰ, পালেং শাক, লাই শাক, ৰঙালাও, বন্ধা কবি, স্কোৱাচ আদি খাব লাগে। ভিটামিন ‘এ’ৰ ভিতৰত বীট, ব্ৰ’কলি, মটৰ, ওটমিল, বিলাহী, আপেল আৰু নেমুৰ ৰস খাব লাগে।

আমাৰ বয়সৰ লগে লগে ব্যায়ামৰ অভাৱত শৰীৰত অক্সিজেনৰ মাত্রা কমি যায়। সেইবাবে ব্যায়াম কৰি ছালক সতেজ কৰি ৰাখিব লাগে। এইদৰে ৰ’দে পোৰা ছালৰ ৰং সলনি কৰাৰ বাবে প্রলেপ ব্যৱহাৰ কৰিব আৰু উক্ত খাদ্য খাই ছালৰ বৰণ বগা কৰি ৰাখিব। ইয়াৰ ব্যৱহাৰেৰে নিশ্চয় ভাল ফল পাব।

শালমইনাৰ যত্ন-


কম-বেছি পৰিমাণে আমাৰ বেছিভাগৰে শালমইনা হোৱা দেখা যায়। বিশেষকৈ বাৰিষাৰ সময়খিনিত বেছিকৈ শালমইনা হোৱা দেখা যায়। আজিৰ দিনত হৰম'নৰ তাৰতম্যৰ বাবে, জাংক ফুড খোৱাৰ বাবে শালমইনা বেছি হোৱা দেখা যায়। পেটৰ অসুবিধা, উফি, মানসিক হেচা, ছাল অপৰিস্কাৰ কৰি ৰখাৰ বাবে, সাত্ত্বিক আহাৰ গ্ৰহণ নকৰাৰ বাবেও শালমইনা হোৱা দেখা যায়। শালমইনাৰ নিৰাময়ৰ বাবে কেইটামান উপায় আগ বঢ়ালো।

ওটমিলৰ প্রলেপ ব্যৱহাৰ কৰিলে ছালৰ পৰা মৃত কোষসমূহ পৰিস্কাৰ হৈ যায়। খজুৱতি আৰু ৰঙা পৰাও কমি যায়। বাৰিষা কালত এই প্রলেপ অতি উপযুক্ত।

প্রথমে ছালখন ভালদৰে পৰিস্কাৰ কৰি ল’ব। এচামুচ ওটমিল দৈৰ লগত মিহলাব। এচামুচ মৌ আৰু এটা কণীৰ বগা অংশ মিহলাব। ব্যৱহাৰ কৰাৰ আগেয়ে ফ্রীজত মেৰিনেট হ’বলৈ থৈ দিব। মুখত ২৫ মিনিটমান লগাই পাছত ঘঁহি ঘঁহি ধুই দিব।

নিম পাতৰ ৰস উলিয়াই মৌৰ সৈতে মিহলাই দিনটোত দুবাৰকৈ লগাব। ছালত যদি বেক্টেৰিয়া থাকে, সেয়াও পৰিস্কাৰ কৰিব।

ছালৰ জলন নাশ কৰিব। ফলত শালমইনা কমি যাব।

অমিতা বিশেষকৈ পকা অমিতাৰ প্রলেপ লগাব পাৰে। কাৰণ অমিতাত ভিটামিন ‘এ’ আৰু “চি” থাকে। ইয়াত যিহেতু এনজাইম থাকে, গতিকে ছালৰ উজ্বলতা বাঢ়ে আৰু বগা হয়। পকা অমিতা কাটি ভালদৰে ধুই, পিটিকি ল'ব। এতিয়া ইয়াত মিথি পাউডাৰ মিহলাই লগাব। ১৫ মিনিটৰ পাছত ধুই গোলাপ জল লগাব।

চন্দনৰ প্রলেপ শালমইনাৰ বাবে উত্তম, ই ছালৰ পৰা অতিৰিক্ত তেল শুহি লয়। ছালত শালমইনাৰ দাগো নাথাকে। নিম আৰু পদিনাৰ পাতৰ ৰস উলিয়াই ল’ব । এই ৰসৰ দ্বাৰা চন্দন পিহনাত পিহি মুখত আৰু ডিঙিত লগাব। প্রায় ৩০ মিনিটমান সময় ৰখাৰ পাছত ঘঁহি ঘঁহি ধুই দিব। নিয়মিত এনেদৰে প্রায় ১৫-২০ দিনমান ব্যৱহাৰ কৰিলে শালমইনাৰ লগতে মুখৰ দাগো নাথাকিব।

শালমইনাৰ দাগ নাথাকিবৰ বাবে বিলাহীৰ ৰস আৰু আলুৰ ৰসৰ লগতে বুটৰ গুড়ি সমানে মিহলাই ১৫ মিনিটমান লগাই ধুই দিব। ১৫-২০ দিনমান কৰাৰ পাছত ভাল পাব।

কেৱল মুখত প্রলেপ লগাই থাকিলেও শালমইনা ভাল নহয়। কাৰণ শালমইনা আমাৰ খাদ্য অভ্যাসৰ বাবেও হোৱা দেখা যায়। সেই বাবে খাদ্যৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে। ফলৰ ৰস, পাচলিৰ ৰস বেছিকৈ খাব লাগে। ফলত শৰীৰৰ পৰা ট’স্কিন পৰিস্কাৰ হয়। বীটৰ ৰস, গাজৰৰ ৰস, ডালিম আদি খালে তেজ পৰিস্কাৰ হয়। সেউজীয়া শাক-পাচলিও বেছিকৈ খাব লাগে। শালমইনা হ’লে স্কাৱ কৰিব নালাগে। নন কমড'জেনিক, নন একনিজেনিক জাতীয় মইশ্ব’ৰাইজাৰ লগাব লাগে। ৰ’দত ওলাব নালাগে। মইশ্ব’ৰাইজাৰ সদায় জেল জাতীয় লগাব লাগে। সুগন্ধি নথকা আৰু ৰং নথকা মইশ্ব’ৰাইজৰ লগাব লাগে। শালমইনা নাশ কৰাৰ বাবে যোগাসন কৰিব লাগে। যাৰ ফলত মন স্থিৰ হৈ থাকিব অৰ্থাৎ শান্ত মন হ’ব। তেতিয়া হতাশা, হেঁচা আদি নাশ হয়। শৰীৰত তেজ চলাচল সঠিকভাৱে হয়। শালমইনা হ’লে প্রতিদিনে দুবাৰকৈ গা ধুব লাগে। ছাল আৰু চুলি পৰিস্কাৰকৈ ৰাখিব লাগে। গাখীৰ, বগা পাওৰুটি আৰু আলু খাব নালাগে।

এইদৰে ছালৰ যত্ন ল’ব পাৰিলে শালমইনা নহয় আৰু সুস্বাস্থ্যৱান ছালৰ অধিকাৰী হ’ব পাৰিব।

চল্লিশৰ ঊৰ্ধৰ ছালৰ যত্ন-


হৰম’ন সলনিৰ বাবেই আমাৰ ছাল খুব শুকান হয়। বিশেষকৈ চল্লিশ বছৰৰ পাছত। গতিকে ক’লাজেন গঠনৰ বাবে সক্রিয় কৰি ৰখাৰ বাবে কিছু যত্ন লোৱাৰ প্রয়োজন। বিশেষকৈ শীতৰ দিনত ছালক সতেজ কৰি ৰখাৰ বাবে মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। ৰাতি শোৱাৰ আগেয়ে ছালত ভিটামিনযুক্ত ক্ৰীম লগাব লাগে। পানী, কমলা, জলফাই আদি নিতৌ খাব লাগে।

সদায় ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। সপ্তাহত এবাৰকৈ স্ক্ৰাৱ কৰিব। খুব বেছিকৈ স্ক্ৰাৱ কৰিলেও ছাল শোটোৰা পৰে।

চকুৰ কাষত খুব সহজে বয়সৰ ছাপ পৰে। সেইবাবে ৰাতি শোৱাৰ আগেয়ে চকুৰ গুৰিত ক্রীম বিশেষকৈ চকুৰ ক্ৰীম ব্যৱহাৰ কৰিব লাগে।

ছালৰ বাবে চেৰাম অতি প্রয়োজন। বিশেষকৈ চল্লিশৰ পাছত সদায় চেৰাম ব্যৱহাৰ কৰিব লাগে। চেৰামত ভিটামিন 'চি' আৰু ‘ই’ থকাটো প্রয়োজন।

প্রতি বিশদিনৰ অন্তৰে অন্তৰে এবাৰকৈ ফেচিয়েল কৰাব লাগে। ফলত ছালৰ সতেজতা থাকে। মৃত কোষ পৰিষ্কাৰ হয়। মনকো সতেজ কৰি ৰাখে। শৰীৰ সক্রিয় হৈ থাকে।

চল্লিশৰ পাছত আমি আমাৰ দুয়োখন ভৰি আৰু হাতৰ যত্ন ল’ব লাগে। কাৰণ এই সময়খিনিত মেন’পজ হোৱাৰ সময়। গতিকে পেডিকিওৰ আৰু মেনিকিওৰ কৰি হাত, ভৰি দুয়োখনৰ মৃত কোষ পৰিষ্কাৰ কৰি সতেজ কৰি ৰাখিব লাগে। হাত, ভৰি যদি পৰিষ্কাৰ হৈ থাকে, তেন্তে বিভিন্ন বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি। অর্থাৎ মনটো ভালে থাকিলে বেমাৰ কাষ চাপিব নোৱাৰে। হাত, ভৰিত বয়সৰ ছাপ পৰে। মুখতো বয়সৰ ছাপ পৰা দেখা যায়।

এই সময়ত আমাৰ ছালখন নিস্তেজ হৈ পৰে। মাইক্ৰ’ ডাৰমাব্রেচন কৰি মুখৰ ছালক সতেজ কৰি ৰাখিব লাগে। ১৫ দিনৰ অন্তৰে অন্তৰে ৰেডিয়েন্ট ফেচিয়েল কৰিব লাগে। এই ফেচিয়েলৰ দ্বাৰা ছাল মিহি, কোমল আৰু উজ্জ্বল হয়।

শীতৰ দিনত সদায় চাবোনৰ সলনি ওটমিলৰ পাওদাৰ দুচামুচ কেঁচা হালধিৰ ৰস আৰু দৈৰ ক্ৰীম মিহলাই মুখত লগাব লাগে। ফলত ছালৰ মসৃণতা বাঢ়ে। চাবোন ব্যৱহাৰ নকৰাই ভাল। ই ছালক শুকান কৰি তোলে।

শীতৰ দিনত ছালৰ লগতে চুলিৰো যত্ন ল’ব লাগে। বিশেষকৈ শুকান হোৱাৰ পৰা ৰক্ষা পাবলৈ বাদামৰ মাখন, কণীৰ কুহুম মিহলাই চুলিত লগাব লাগে। প্রায় ৩০ মিনিটমান থকাৰ পাছত ছালফেট ফ্রী শ্বেম্পূৰ দ্বাৰা শ্বেম্পূ কৰি চুলিত স্প্ৰে কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে।

শীতৰ দিনত খোৱা-বোৱাৰ প্রতি সচেতন হ’ব লাগে। সেউজীয়া শাক-পাচলিত যথেষ্ট পৰিমাণে ভিটামিন থাকে। ই আমাৰ শৰীৰৰ বাবে উপকাৰী।

শুকান চুলিৰ যত্ন-


শীতৰ দিনত আমাৰ চুলিখিনি খুব শুকান হয়। ইয়াৰ উপৰি চুলি ফাটি যোৱাও দেখা যায়। এই সময়ত মইশ্ব’ৰাইজাৰৰ মাত্ৰা কমি যায়। ফলত চুলিৰ গ্লেণ্ডসমূহে কাম নকৰে। পানী, খাদ্যৰ অভাৱ, ৰ’দ-বতাহত বেছিকৈ থকাৰ ফলত, হিটাৰ আৰু শীততাপ নিয়ন্ত্রিত যন্ত্র থকা কোঠালিত বেছি সময় থকাৰ ফলতো চুলি শুকান হয়। থাইৰয়ড থাকিলেও চুলি শুকান হয়।

খুব বেছি শুকান চুলিৰ বাবে হাইড্রাটিং ট্রিটমেন্ট কৰাব পাৰে। ই অতি সহজ আৰু ক্লিনিকত কৰিব পাৰে। স্মুথিং ট্রিটমেন্টত শুকান আৰু দুমুখীয়া চুলিৰ বাবে উপযুক্ত চিকিৎসা। এবাৰ কৰাৰ পাছত আৰু চিন্তা নাই। কেৱল শ্বেম্পু আৰু কণ্ডিচনাৰ উপযুক্তভাৱে আৰু সময়মতে কৰিব লাগে।

ঘৰুৱাকৈ কৰিবলৈ ছালকুঁৱৰীৰ জুলীয়া অংশ অলিভ অইলৰ লগত মিহলাই লগাব লাগে। ৩০ মিনিটমান থকাৰ পাছত ধুই দিব লাগে।

শুকান চুলিৰ বাবে মইশ’ৰাইজযুক্ত শ্বেম্পু আৰু মাক্স ব্যৱহাৰ কৰিব লাগে।

যিসকলৰ চুলি খুব বেছি শুকান তেওঁলোকে ফাইবাৰযুক্ত শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত চুলি মিহি আৰু পোন হয়।

যিসকলৰ চুলি জট লাগে, তেওঁলোকে অইল মিৰাক'ল শ্বেম্পূ কণ্ডিচনাৰ ল’ব পাৰে। অইল মিৰাক'ল তেল শূন্য। সেইবাবে তেল লগোৱা যেন নালাগে। কঁকাললৈ পৰা চুলিত মাত্র তিনি টোপাল হাতৰ পটাত লৈ চুলিত লগাব লাগে।

খুব বেছি শুকান চুলিত মইশ্ব’ৰাইজৰ মাক্স চুলিত শ্বেম্পু কৰি ৫-১০ মিনিট ৰাখি ধুই দিব। নিজেই অনুভৱ কৰিব।

ঘৰুৱাকৈ মেওনিজ, গাখীৰৰ ক্ৰীম, কণীৰ কুহুম দুটা ভালদৰে মিহলাই চুলিত লগাব। ৪০ মিনিট মান ৰাখি পাছত ধুই দিব।

খুব শক্তিশালী হেয়াৰ কালাৰ লগালে সদায় ছালফাৰ ফ্ৰী শ্বেম্পূ  কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। সস্তীয়া ৰং চুলিত ব্যৱহাৰ কৰিলে চুলি ক্ষয় যায়। আৰু বেছি শুকান হয়।

হেনা যিমানেই কৰিব, সিমানেই চুলিখিনি শুকান হয় আৰু পকি যায়। তাৰ সলনি অ’ৰগেনিক (organic) ৰং ব্যৱহাৰ কৰিব। ই চুলিৰ স্বাস্থ্য ভালে ৰাখে।

এতিয়া যিহেতু নাৰিকলৰ দিন, গতিকে নাৰিকল লাড়ু বনাবলৈ ৰুকি লোৱাখিনি চেপি গাখীৰ উলিয়াই মেৰি লগত মিহলাই লগাব। প্রায় ২৫ মিনিট থকাৰ পাছত ধুই দিব।

চুলিৰ বাবে ছালকুঁৱৰীৰ ৰস বা কেপচুল সদায় দুটাকৈ খাব। চুলিৰ বাবে সদায় প্র’টিনযুক্ত আহাৰ খাব। যিসকলৰ চুলিৰ অসুবিধা আছে, তেওঁলোকে কেৱল ভিটামিন ‘বি’যুক্ত আহাৰ খাব। ই মস্তিস্কৰ হ’ৰমন আৰু ৰসায়নৰ নি:সৰণত সহযোগ কৰে। ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আৰু শক্তিও যোগায়। স্মৃতিশক্তিৰ সমস্যা নাইকিয়া কৰে। জিংকৰ টেবলেট খালেও চুলিৰ সমস্যা নাশ কৰে।

চুলিৰ স্বাস্থ্যৰ বাবে আমি কণী, গাখীৰ, বাদাম, মাহজাতীয় খাদ্য, সাগৰীয় মাছ আদি খাব লাগে। আটাৰ ব্রেড, ব্রুকলী, টিনৰ মাখন, কণীৰ কুহুম আদিও খাব লাগে।

এইদৰেই শীতৰ দিনবোৰত নিজৰ চুলিৰ যত্ন লৈ স্বাস্থ্যৱান চুলিৰ অধিকাৰী হৈ থাকিব

পাৰি। মনত ৰাখিব চুলিয়েই নাৰীৰ সৌন্দর্য।

 

 

লেখিকা: ভানু শৰ্মা, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate