আপুনি যদি প্রথমবাৰৰ বাবে সন্তানৰ মাতৃ হ’ব বিচাৰিছে তেতিয়াহ’লে আপুনি সাধাৰণ কিছু কথা জনাৰ প্রয়োজন। আপোনাৰ দৈহিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ দৰকাৰ। উচ্চতা, ওজন, ৰক্তচাপ, হৃদযন্ত্ৰৰ অৱস্থা, তেজৰ গ্রুপ, RH ফেক্টৰ, আপোনাৰ যৌন জীৱনৰ →সবিশেষ, লগতে স্বামীৰ যৌন সক্ষমতা আদি জনাটো প্রয়োজন হৈ পৰে। মাতৃ হ’ব খোজা মহিলাগৰাকীৰ বয়স ১৮ বছৰৰ বেছি হোৱা দৰকাৰ। মাতৃ হ’বৰ কাৰণে আপোনাৰ উপযুক্ত বয়স ২৩ বছৰ হ’লে ভাল। বুকুৰ এক্স-ৰে', ৰক্তত গ্লুক’জৰ পৰিমাণ, তেজৰ VDRL ৰ লগতে স্বামীৰো তেজৰ VDRL, ছিমেন এনালিছিছ ইত্যাদি পৰীক্ষা কৰাই ল’ব লাগে। যদি তেজৰ হিমোগ্ল'বিনৰ পৰিমাণ 108 cm% তকৈ কম হয় তেতিয়া আয়ৰন আৰু ফলিক এচিড টেবলেট দিনে এটাকৈ খাব লাগে। ধূমপান, মদ্যপান ইত্যাদি ত্যাগ কৰিব লাগে। ঋতুচক্ৰৰ দুটা চক্ৰ বন্ধ হোৱাৰ পিছৰ পৰা চিকিৎসকৰ ওচৰত প্রাথমিক পৰীক্ষা কৰাব লাগে। যৌনাংগৰ কোনো ত্ৰুটি থাকিলে স্ত্রী বিশেষজ্ঞৰ পৰামর্শ লোৱা নিতান্তই প্রয়োজন। প্রাথমিক পৰীক্ষাৰ পিছতে প্রতিষেধক বেজী লোৱা উচিত। সন্তান গৰ্ভত ধাৰণ কৰা দহ মাহ কাল ১০ বাৰ চিকিৎসকৰ দ্বাৰা মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে। সপ্তাহ হিচাপত ১৪ সপ্তাহত, ১৮ সপ্তাহত, ২৪ সপ্তাহত, ২৮ সপ্তাহত, ৩২ সপ্তাহত, ৩৬ সপ্তাহত, ৩৮ সপ্তাহত, ৩৯ সপ্তাহত আৰু ৪০ সপ্তাহত স্বাস্থ্য পৰীক্ষা কৰাই মাতৃৰ লগতে গৰ্ভত থকা সন্তানৰ হৃদযন্ত্ৰৰ অৱস্থা, অৱস্থান ইত্যাদি ঠাৱৰ কৰি উপযুক্ত ব্যৱস্থা ল’ব লাগে। প্রথম তিনি মাহত কোনো টান কাম কৰিব নালাগে। গধুৰ বস্তু দাঙিব নালাগে আৰু যথেষ্ট জিৰণি ল’ব লাগে।
গৰ্ভৱতী মাতৃয়ে প্রথম তিনি মাহ সময় স্বামীৰ লগত যৌন সম্ভোগ কৰিব নালাগে। তদুপৰি এই অৱস্থাত আপুনি ভয়, চিন্তা, মানসিক চাপ, কোনো উত্তেজক দৃশ্য, ভয় লগা দৃশ্য আদিৰ পৰা নিজকে বচাই চলিব লাগে। এই অবস্থাত আপুনি যিকোনো অধিক শক্তিসম্পন্ন দৰব নাখাব| উপযুক্ত প্রতিষেধক লোৱাটো অত্যন্ত জৰুৰী। গৰ্ভাৱস্থাৰ ১৮ সপ্তাহত এটা আৰু ২৪ সপ্তাহত এটাকৈ টিটেনাছ টক্সাইড বেজী ল’ব লাগে, আৰু ২০-৩৬ সপ্তাহৰ ভিতৰত বুষ্টাৰ ড'জ হিচাপে এটা টিটি বেজী লোৱা জৰুৰী। হেপাটাইটিছ ‘বি'ৰ প্ৰতিষেধক দুটা বেজীও ল’ব লাগে। গৰ্ভাৱস্থাৰ ৭ৰ পৰা ৮ মাহ আৰু সম্পূর্ণ ৪০ সপ্তাহৰ সময়ত শুই থাকিব নালাগে। পাতল কাম-বন কৰিব লাগে। নিয়মীয়াকৈ খোজকাঢ়িব লাগে। তেনে কৰিলে সন্তান প্রসৱ কৰাৰ সময়ত আপুনি কম কষ্ট অনুভৱ কৰিব আৰু সাধাৰণ প্রসৱ হোৱাৰ সম্ভাৱনা বেছি হয়।
লেখিকা: ডাঃ মৰমী বৰুৱা, গণ অধিকাৰ।
শেহতীয়া উন্নীতকৰণ: : 2/6/2023