গৰ্ভ সঞ্চাৰৰ পৰা চাৰি মাহৰ ভিতৰত ভ্ৰূণসহ গৰ্ভস্থ পদাৰ্থ বাহিৰ হ’লে তাক গৰ্ভস্ৰাৱ বা Abortion বুলি কোৱা হয়। পঞ্চম মাহৰ পৰা সপ্তম মাহৰ ভিতৰত গৰ্ভস্থ ভ্ৰূণ যদি বাহিৰ হয় তাক গৰ্ভপাত বা Miscarriage বুলি কোৱা হয়। অষ্টম মাহত যদি এটা শিশুৰ জন্ম হয় তেতিয়া তাক অকাল প্ৰসৱ বুলি কোৱা হয়। সপ্তম মাহত জন্ম হোৱা শিশুও কেতিয়াবা সুস্থভাবে বাচি থকা দেখা যায়। গৰ্ভস্ৰাৱ বা গৰ্ভপাত এবাৰ হোৱাৰ পাছত পুনৰ হোৱাৰ আশংকা থাকে। গতিকে গৰ্ভসঞ্চাৰ হোৱাৰ পাছৰে পৰা বিশেষ সতৰ্কতা অৱলম্বন কৰাটো কৰ্তব্য।
গধূৰ বস্তু দঙা, পেটত আঘাত লগা, বেছি দৌৰাদৌৰি কৰা, যিকোনো কাৰণত পেটত চাপ পৰা, প্ৰমেহ, উপদংশ, জৰায়ুৰ টিউমাৰ, উত্তেজক দ্ৰব্য সেৱন, মানসিক উত্তেজনা, শাৰীৰিক দুৰ্বলতা, হৰমোনৰ গণ্ডগোল, উচ্চ বা নিম্ন ৰক্তচাপ, কৃমিৰ ঔষধ বা উচ্চ মাত্ৰাৰ ঔষধ খোৱা আদি কাৰণত গৰ্ভপাত বা গৰ্ভস্ৰাৱ হোৱা দেখা যায়।
গৰ্ভস্ৰাৱ বা গৰ্ভপাতৰ আশংকা দেখা দিলে বিপদমুক্ত নোহোৱালৈকে বা তাৰ পাছতো জিৰণিৰ অতি দৰকাৰ। গৰ্ভাৱস্থাত যাতে মানসিক উৎকণ্ঠা বৃদ্ধি নাপায়, তাৰবাবে সজাগ হৈ থাকিব লাগে। গতিকে গৰ্ভৱতী মাতৃৰ ঘৰত বেছি মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাটো বাঞ্ছনীয়। গাখীৰ আদি লঘু খাদ্য খাব লাগে। তাৰ পাছত লক্ষণ অনুযায়ী উপযুক্ত হোমিওপেথিক ঔষধ প্ৰয়োগ কৰিলে গৰ্ভস্ৰাৱ বা গৰ্ভপাত প্ৰতিৰোধ কৰিব পৰা যায়। সেই সময়ত প্ৰয়োগ কৰা হোমিও ঔষধত যদি কেতিয়াবা বিফলো হয় পৰৱৰ্তী গৰ্ভধাৰণত কোনো কুফল দেখা পোৱা নাযায়। অৰ্থাৎ সুপ্ৰসৱ সম্ভৱ।
গৰ্ভপাত আৰু গৰ্ভস্ৰাৱৰ কেইটামান প্ৰধান ঔষধৰ চমুকৈ লক্ষণ দিয়া হ’ল। সাধাৰণতে গৰ্ভস্ৰাৱ আৰু গৰ্ভপাত দুয়োটা অৱস্থা একেই অৰ্থত প্ৰযুক্ত হোৱাৰ বাবে ইয়াক গৰ্ভপাত বুলি উল্লেখ কৰা হ’ল।
Aconite Nap
ভয় বা ক্ৰোধৰ বাবে গৰ্ভপাতৰ আশংকা, অস্থিৰতা, মানসিক উদ্বেগ, যথেষ্ট পৰিমাণে ৰঙা ৰক্তস্ৰাৱ হোৱা আদি লক্ষণত উক্ত ঔষধ ব্যৱহাৰ কৰা হয়।
পালছেটিলা
প্ৰসৱ বেদনাৰ দৰে বেদনাসহ ক’লা ৰঙৰ ৰক্তস্ৰাৱ, গৰ্ভৱতী নাৰীয়ে গৰম বা বন্ধ কোঠাত থাকিব নোৱাৰে, অসহ্য বোধ কৰে, মুকলি বতাহত সুস্থ অনুভৱ কৰে।
ছেকেল ক’ৰ
অতিশয় দুৰ্বল আৰু ক্ষীণ মহিলাসকলৰ গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহৰ ভিতৰত গৰ্ভস্ৰাৱ আৰু দ্বিতীয় তিনি মাহৰ ভিতৰত গৰ্ভপাতৰ আশংকাই দেখা দিলে।হাত-ভৰি জিন্ জিন্ কৰা, মুক্ত বায়ুত থাকিব বিচৰা, গৰ্ভপাতৰ পাছত জৰায়ু সংকোচনৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হয়।
ছেবিনা
গৰ্ভধাৰণৰ প্ৰথম তিনি মাহৰ ভিতৰত বাৰে বাৰে গৰ্ভপাত হোৱাৰ আশংকা প্ৰতিৰোধৰ বাবে ক্ষমতাসম্পন্ন ঔষধ, অসহ্য বিষৰ লগতে পৰ্যাপ্ত পৰিমাণে উজ্জ্বল ৰঙা ৰক্তস্ৰাৱত Sabina বিশেষ ফলপ্ৰদ।
সিপিয়া
বিশেষকৈ পঞ্চমৰ পৰা সপ্তম মাহৰ ভিতৰত দেখা দিয়া গৰ্ভপাতৰ আশংকাত ভাল কাম কৰে। কোষ্ঠবদ্ধতা, যোনিদ্বাৰত খজুৱতি, মূৰ্চ্ছা হোৱা ভাৱ।
কলফেলাম
গৰ্ভপাত প্ৰতিৰোধ কৰিবৰ বাবে ই এটা মূল্যৱান ঔষধ। পিঠি আৰু পেটত তীব্ৰ বিষৰ লগতে হোৱা ৰক্তস্ৰাৱ।
চিমিচিফুগা
গৰ্ভপাত প্ৰতিৰোধৰ মহৌষধ। পেটৰ এফালৰ পৰা আনফালে হোৱা তীব্ৰ বিষত গৰ্ভৱতী মহিলাগৰাকী অস্থিৰ হৈ পৰা অৱস্থাত এই ঔষধৰ প্ৰয়োগে ভাল কাম দিয়ে।
আৰ্নিকা
আঘাত লগাৰ বাবে গৰ্ভপাত হোৱা, গৰ্ভৱতী মহিলাগৰাকী যদি পৰি যায় বা পেটত কিবা কাৰণত আঘাত পায় তেতিয়া Arnica ব্যৱহাৰ কৰিব লাগে।
বেলাডোনা
প্ৰচুৰ পৰিমাণে গৰম আৰু ৰঙা বৰণৰ ৰক্তস্ৰাৱসহ গৰ্ভপাত হোৱাৰ আশংকা থাকিলে, শৰীৰৰ সকলো যন্ত্ৰ যেন যোনিদ্বাৰেদি বাহিৰ হৈ যাব, এনেকুৱা অনুভূতি আৰু যন্ত্ৰণা থাকিলে চকু আৰু মুখ ৰঙা পৰিলে এই ঔষধ প্ৰয়োগ কৰিব লাগে।
কেমোমিল
প্ৰসৱ বেদনাৰ দৰে বেদনাসহ ক’লা বৰণৰ ৰক্তস্ৰাৱ হয়, খং আদি মানসিক উত্তেজনাৰ বাবে গৰ্ভপাতৰ আশংকা থাকিলে ইয়াৰ প্ৰয়োগ উপকাৰী।
ইগনাচিয়া
শোক দমন কৰি ৰখাৰ বাবে হোৱা গৰ্ভপাতৰ আশংকা, পাকস্থলীত শূন্যতা বোধ হোৱা আদি লক্ষণত উক্ত ঔষধ ব্যৱহাৰ কৰা হয়।
ইয়াৰোপৰি লক্ষণ অনুযায়ী ব্যৱহাৰ হোৱা আন কেইটামান ঔষধ হ’ল – হেলোনাস ডাইওকা, জিনকাম, ভাইবেৰনাম এপি ইত্যাদি। গৰ্ভপাতৰ পাছত ফুল নিৰ্গত হোৱাত পলম হ’লে ছেকেল ক’ৰ ৩০ বা পালছেটিলা ৩০ দিব লাগে। দীৰ্ঘসময়ৰ বাবে ৰক্তস্ৰাৱ হৈ থাকিলে ছিনা ব্যৱহাৰ কৰা হয়।
লিখক: ডা° হিতেশ্বৰ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
গৰ্ভাৱস্থাত ব্যৱহৃত ঔষধ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া সম্...