ভাৰতবৰ্ষত, বিশেষকৈ অসমত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ আজিও কম বুলি ক’ব নোৱাৰি। অঞ্চলভেদে, কালভেদে ইয়াৰ প্ৰকোপ ভিন ভিন হয়। মেলেৰিয়া ৰোগৰ চিকিৎসাত তাহানিৰ সেই কুইনাইন দৰবৰ প্ৰচলন আজিও একেধৰণে আছে, যদিওবা নতুন নতুন গৱেষণাৰপৰা আধুনি চিকিৎসা বিজ্ঞানত অনেক ৰকমৰ মেলেৰিয়াৰ দৰৱ (বড়ি আৰু ইনজেক্চন) আৱিষ্কাৰ হৈছে। তদুপৰি আছে, চৰকাৰৰ অনেক প্ৰকাৰৰ মেলেৰিয়া প্ৰ্তিষেধক আঁচনি। তথাপি আমি ডাঠি ক’ব পৰা হোৱা নাই যে আমাৰ দেশত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নোহোৱা হৈছে। মানুহক মেলেৰিয়াই আক্ৰান্ত কৰিব পৰা চাৰিবিধ বীজাণু থাকে। এই বীজাণুসমূহ এনোফিলিছ নামৰ মাইকী মহৰ গাত থাকে। সকলো মহৰ গাত অৱশ্যে মেলেৰিয়াৰ বীজাণু নাথাকে। মেলেৰিয়া জন্মাব পৰা বীজাণুসমূহ হ’ল প্লাছম’ডিয়াম গোষ্ঠীৰ অন্তৰ্গত, ইয়াৰে আকৌ চাৰি প্ৰকাৰ শ্ৰেণী থাকে। নামবোৰ হ’ল- ভাইভেক্স, অ’ভেন, মেলেৰি আৰু ফেলচিপেৰাম। এক সমীক্ষাৰ হিচাপ মতে বিশ্বজুৰি একো একোটা সময়ত ৩০০ ৰপৰা ৫০০ নিযুত মানুহক মেলেৰিয়া ৰোগৰ বীজাণুৱে আক্ৰান্ত কৰে আৰু তাৰ ভিতৰত একৰপৰা তিনি নিযুত মানুহে মেলেৰিয়া ৰোগত মৃত্যুবৰণ কৰে। গৰ্ভাৱস্থাত আকৌ মেলেৰিয়া পেৰাছাইটসমূহৰ অদ্ভুত এক প্ৰবৃত্তি জাগে। ইহঁতে গৰ্ভস্থ জৰায়ুৰ ভিতৰৰ বেৰত গঠন হোৱা ডেচিডুবা নামৰ ৰক্ত সিৰৰ জালিকাখনৰ প্ৰতি সহকে আকৰ্ষিত হয় আৰু সমস্ত প্লেচেণ্টাটোকে আক্ৰান্ত কৰে। অথচ বিকশিত হৈ থকা ভ্ৰণটিক আক্ৰান্ত নকৰে। সেয়েহে নৱজাতক মেলেৰিয়াত নোভোগে।
গৰ্ভাৱস্থাক মেলেৰিয়া জীৱাণুৱে প্ৰত্যক্ষভাৱে একো অনিষ্ট কৰিব নোৱাৰিলেও তয়াময়া জ্বৰৰ প্ৰকোপত গৰ্ভপাত হ’ব পাৰে। নতুবা অকাল প্ৰসৱ বা গৰ্ভতে সন্তানৰ মৃত্যু হ’ব পাৰে। মেলেৰিয়া জীৱাণুৱে ৰক্ত কণিকা ধ্বংস কৰি হেমলাইটিক এনিমিয়া আৰু জণ্ডিচৰ সৃষ্টি কৰিব পাৰে। প্লাছম’ডিয়াম ফেলচিপেৰাম বীজাণুৰে আক্ৰান্ত হ’লে তেজৰ এই বিধ্বংসী অৱস্থা বেছিকৈ হোৱা দেখা যায়। মাতৃগৰাকীৰ গাত অৱশ্যে নিৰাপদ শক্তি থাকিলে পুনৰবাৰ গৰ্ভ হ’লেও এই বীজাণুৱে আক্ৰমণ কৰি ‘পেৰাছাইটেমিয়া’ৰ দৰে জটিল অৱস্থা এটা সৃষ্টি কৰিব নোৱাৰে, কিন্তু সন্তানৰ শ্ৰী বৃদ্ধিত আসোঁৱাহ লগাব পাৰে আৰু মাতৃগৰাকীক অলপ-অচৰপ জ্বৰ-বিষে আহুকাল দিব পাৰে।
যিবোৰ অঞ্চল বা ঠাই মেলেৰিয়াৰ বাবে খ্যাত, অৰ্থাৎ ইণ্ডেমিক বুলি জনা যায়, সেই অঞ্চলত থকা গৰ্ভৱতী মাতৃক মেলিগনেণ্ট মেলেৰিয়া বা চেৰিব্ৰেল মেলেৰিয়াত বেছিকৈ ভোগা পোৱা যায়। চেৰিব্ৰেল মেলেৰিয়াত ভোগা গৰ্ভৱতী মাতৃক সঘনাই ফিট হোৱা দেখা যায়, লগতে এক্লামচিয়াৰ হাৰো বেছি হয়। ৰক্তচাপ লাহে লাহে কমি আহে আৰু অলপ অলপকৈ প্ৰস্ৰাৱত এলবুমিন যাবলৈ লয় আৰু মাতৃগৰাকী লাহে লাহে অজ্ঞান হৈ পৰে। গৰ্ভাৱস্থাত যিহেতু নিৰাময় ক্ষমতা শৰীৰত কমি আহে, সেয়েহে গৰ্ভৱতী মাতৃয়ে তেনে অঞ্চলত থাকিলে গৰ্ভাৱস্থাৰ সময়ত মেলেৰিয়া প্ৰতিষেধক বড়ি খাই থাকিব লাগে, আনকি সন্তান জন্ম দিয়াৰ ছসপ্তাহ পিছলৈকে এই ধৰণৰ প্ৰতিষেধক বড়ি খাবলৈ এৰাটো উচিত নহয়। আকৌ প্লাছম’ডিয়াম ভাইভেক্স বীজাণুৱে আক্ৰান্ত কৰা বিনাইন টাৰচিয়ান মেলেৰিয়াৰ ক্ষেত্ৰত লগে লগেই যদি গৰ্ভৱতী মাতৃগৰাকীৰ চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে ই গৰ্ভাৱস্থাৰ কোনো ক্ষতি নকৰে। বৰঞ্চ জ্বৰৰ প্ৰ্কোপ কমি আহে মাতৃগৰাকী সোনকালে সুস্থ হয়। কিন্তু প্লাছম’ডিয়াম ফেলচিপেৰামৰ বীজাণু তেজত ধৰা পৰিলেই বুজিব লাগিব যে মানুহগৰাকী মেলিগনেণ্ট বা চেৰিব্ৰেল নামৰ ভয়ংকৰবিধ মেলেৰিয়াত আক্ৰান্ত হৈছে আৰু ইয়াৰ চিকিৎসালয়লৈ নি ছেলাইন আৰু মেলেৰিয়া প্ৰতিষেধক কুইনাইন বেজীৰে কৰাব লাগিব, নহ’লে মাতৃ আৰু পেটৰ সন্তান দুয়ো বিপদৰ সন্মুখীন হ’ব। সাধাৰণতে প্লাছম’ডিয়াম ফেলচিপেৰামৰ বাহিৰে বাকীকেইটা বীজাণুৰপৰা হোৱা মেলেৰিয়া ৰোগীয়ে ক্লৰ’কুইন বা এমোডিয়া কুইনৰ বড়ি উপযুক্তভাৱে পাঁচ দিন সেৱন কৰিলেই কম সময়ৰ ভিতৰত মেলেৰিয়া উপশম হয় আৰু কোনো ধৰণৰ জটিলতাৰ আশংকা নাথাকে, অৱশ্যে Relapse বা পুনৰ আক্ৰান্ত হোৱাৰ এক প্ৰৱণতা নোহোৱা নহয়। Relapse হোৱা মেলেৰিয়াৰ ক্ষেত্ৰত সেয়েহে আকৌ বেলেগ প্ৰাইমাকুইন জাতীয় দৰব দৈনিক ১৫ মিলিগ্ৰামকৈ ১৫ দিন খুৱাব লাগে।
মেলেৰিয়াৰ বিৰুদ্ধে কেম’থেৰাপী আৰম্ভ কৰাৰ পিছত সাধাৰণতে হোৱা জ্বৰ উপশম হয় আৰু লগে লগে তেজৰ মান উন্নত হয় অৰ্থাৎ মেলেৰিয়া বীজাণুৰপৰা দেহত দেখা দিয়া আনুষঙ্গিক উপসৰ্গবোৰ, যেনে- এনিমিয়া ইত্যাদি প্ৰতিৰোধ হয়। কিন্তু গৰ্ভাৱস্থাত মেলেৰিয়া ৰোগীক এনিমিয়াৰপৰা সম্পূৰ্ণভাৱে মুক্ত কৰিবলৈ হ’লে প্ৰথমৰপৰাই দহ মিঃ গ্ৰামকৈ নিতৌ মহিলাগৰাকীক ফলিক এচিডৰ বড়ি খুৱাব লাগে। যদিহে গৰ্ভাৱস্থাত শেষৰ পিনে মেলেৰিয়াই আক্ৰান্ত কৰে, তেনেহ’লে গৰ্ভাৱস্থাৰ পূৰ্ণতা প্ৰাপ্তিৰ আগতেই ৰক্ত সঞ্চাৰণ কৰোৱাৰ প্ৰয়োজন। আজিকালি শিক্ষাৰ্থী, দেশ ভ্ৰমনাৰ্থী, দেশ-বিদেশৰ পমুৱা বেপাৰীসকলক ইখন দেশৰপৰা সিখন দেশলৈ অহা যোৱা কৰাটো সঘনাই দেখা যায়। বিশেষকৈ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ বহু ৰাজ্যৰপৰা বহু ছাত্ৰ-ছাত্ৰী ভাৰতবৰ্ষলৈ প্ৰতি বছৰে আহে আৰু যায়। এই ধৰণে কোনো গৰ্ভৱতী মহিলা মেলেৰিয়াত ভূগিলে বুজিব লাগিব যে ৰোগীক আগতে আক্ৰান্ত কৰা বীজাণুবিধে পুনৰ আক্ৰান্ত কৰিছে। অৰ্থাৎ মেলেৰিয়া Relapsed হৈছে, গতিকে তাৰ চিকিৎসাও আগৰ ধৰণেই কৰিব লাগিব।
মানুহৰ মনৰ মাজত এই প্ৰশ্ন খুব সঘনাই ভুমুকি মৰা দেখা যায়। প্ৰকৃততে মেলেৰিয়াৰ বিৰূদ্ধে যিবোৰ দৰব সাধাৰণতে ব্যৱহাৰ কৰা হয় তাৰ কোনো বিঘিনি কাৰক প্ৰতিক্ৰিয়া গৰ্ভাৱস্থাত দেখা নাযায়। ক্লৰ’কুইন নামৰ দৰববিধ মেলেৰিয়াৰ চিকিৎসাত ব্যৱহাৰ কৰা এবিধ উত্ত্ম আৰু সকলো
চিকিৎসকৰ বাছকবনীয়া দৰব বুলি প্ৰতিষ্ঠা হৈছে। অৱশ্যে প্লাছম’ডিয়াম ফেলচিপেৰাম বীজাণুৱে আক্ৰান্ত কৰা মেলিগনেণ্ট না চেৰিব্ৰেল মেলেৰিয়াত এই দৰবে আৰোগ্য কৰিব নোৱাৰে। এইক্ষেত্ৰত কুইনাইন ইনজেক্চনৰ বেজীহে আই ভি ব্যৱহাৰ কৰিব লাগিব। তদুপৰি উৎকট ধৰণে ভোগা মেলেৰিয়া চিকিৎসাৰ বাবেও সাধাৰণতে কুইনাইন বড়ি বা কুইনাইনৰ বেজী ব্যৱহাৰ কৰা হয়। যিবিধ মেলেৰিয়া ৰোগীক ক্লৰ’কুইন দৰবে কাম নকৰে, তেনে ক্ষেত্ৰত মেফল’কুইন দৰবৰ বড়িৰে চিকিৎসা কৰা হয়। তদুপৰি মেলেৰিয়া ৰোগৰ লক্ষণসমূহৰ প্ৰকোপলৈ লক্ষ্য কৰি ৰোগীৰ সিৰেৰে ছেলাইনৰ লগত আই ভি কুইনাইন বেজী প্ৰয়োগ কৰা হয়। মাত্ৰ মনত ৰাখিব আসন্ন গৰ্ভপাতৰ আশংকা কৰি গৰ্ভাৱস্থাৰ আদি অৱস্থা, গৰ্ভৰ চাৰিমাহলৈকে কুইনাইন বড়ি বা বেজী কোনোবিধ দৰবেই চিকিৎসকক ব্যৱহাৰ কৰা দেখা নাযায়। ইয়াৰ মুখ্য কাৰণটো হ’ল যদিওবা এই দৰবসমূহে গৰ্ভাৱস্থাত বৰ্দ্ধিত ভ্ৰুণৰ ওপৰত ক্ৰিয়া কৰি ভ্ৰুণক বিকলাংগ কৰিব নোৱাৰে, ই কিন্তু জৰায়ু উত্তেজক হয় বাবেই আদিছোৱাত গৰ্ভপাত হোৱাৰ সম্ভাৱনা কিঞ্চিত হ;লেও থাকি যায়। এইখিনিতে এষাৰ কথা জনসাধাৰণে জানি থোৱাটো উচিত হ’ব যে যেতিয়াই মেলেৰিয়া ৰোগৰ প্ৰকোপত এগৰাকী মাতৃৰ জীৱনলৈ টনা-টনি হৈ পৰে, তেনেস্থলত কিন্তু ভ্ৰুণৰ ভৱিষ্যত বিকাশৰ কথা বিসৰ্জন দি হ’লেও চিকিৎসকে গৰ্ভৱতী মাতৃগৰাকীৰ জীৱন ৰক্ষাৰ হেতু এনে জাতীয় যিকোনো দৰবেই মেলেৰিয়াৰ বিৰূদ্ধে ব্যৱহাৰ কৰিব পাৰে বা কৰে আৰু তেনে ক্ষেত্ৰত কোনো আপত্তিজনক তৰ্ক-বিতৰ্ক হ’ব নালাগে।
লিখকঃ ডাঃ দীনেশ শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 6/20/2020