কিছুমান চৰ্মৰোগৰ লক্ষণ আৰু বিস্তাৰৰ সাল-সলনি ঘটে
গৰ্ভাৱস্থাত তেজত ইষ্ট্ৰ’জেন হৰ’ম’নৰ পৰিমাণ বৃদ্ধি আৰু কোষীয় প্ৰতিৰক্ষী ক্ষমতা কমি যোৱা বাবে কিছুসংখ্যক ৰোগৰ তীব্ৰতা বৃদ্ধি পায়, যেনে-
ছালৰ ৰং
গৰ্ভাৱস্থাত প্ৰায় ৯০ শতাংশ মহিলাৰ ছালৰ ৰং ক’লা পৰিব পাৰে। ই গোটেই গাতে হ’ব পাৰে নাইবা যিবোৰ অংগ আগৰে পৰাই ক’লা, যেনে-স্তন, যৌনাংগ, কাষলতি, শৌচদ্বাৰা, কৰঙনৰ চুক আদি বেছি ক’লা পৰে। পেটৰ সোঁমাজত নাভিৰ তলৰ পৰা ক’লা ৰেখা পৰে। গৰ্ভাৱস্থাৰ প্ৰথমৰ পৰা শেষলৈকে এই পৰিৱৰ্তন চলি থাকে আৰু প্ৰসৱৰ পিচৰ পৰা লাহে লাহে কিছু পৰিমাণে কমি আহে। এই অৱস্থাত গালৰ দুয়োফালে, কপালত, নাক আদিত ক’লা চোম পৰে আৰু ৰ’দৰ পোহৰত ই আৰু বেছি উজ্জ্বল হয়। ইয়াৰ বাবে ৰ’দৰ পৰা সুৰক্ষা আৰু যিকোনো ধৰণৰ বজাৰত উপলব্ধ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰা আদি ব্যৱস্থা ল’লে বহুতো সকাহ পোৱা যায়। যদি প্ৰসৱৰ পিছত এই দাগবোৰ কমি নাযায়, তেন্তে বিভিন্ন দাগ যোৱা ঔষধ চিকিৎসকৰ পৰামৰ্শমতেহে গ্ৰহণ কৰিব লাগে।
চুলি
গৰ্ভাৱস্থাৰ মাজভাগৰ পৰা প্ৰসৱৰ প্ৰায় ছমাহ পিচলৈকে চুলিৰ নিয়মীয়া পৰিৱৰ্তনৰ কিছু সালসলনি ঘটে আৰু চুলি সৰা বৃদ্ধি পায়। ইয়াক’টেল’জেন ইফ্লাভিয়াম’ বুলি কোৱা হয়। এইটো এক সাধাৰণ প্ৰতিক্ৰিয়া আৰু শাৰিৰীক আৰু মানসিক কষ্টৰ কম-বেছিৰ লগত সম্বন্ধ থাকে।
নখৰ সমস্যা
গৰ্ভাৱস্থাত নখ সোনকালে ভাগি যোৱা, পাতল হোৱা, পথালি ৰেখাৰ সৃষ্টি হোৱা, নখৰ তলৰ ছাল ডাঠ হোৱা আদি নানা সমস্যাই দেখা দিব পাৰে।
অন্যান্য
চকুৰ চাৰিও ফালে ক’লা পৰা, মুখমণ্ডলৰ ঈষৎ হালধীয়া চামনি পৰা, ছালৰ ঠিক তলতে থকা ৰক্তবাহী নলিকাৰ প্ৰবাহ বৃদ্ধিৰ বাবে কিছুমান সৰু সৰু ৰঙা আঁচ পৰা, হাত আৰু ভৰিৰ তলুৱা ৰঙা পৰা আদি পৰিৱৰ্তন দেখা যায়। কিছু মহিলাৰ ক্ষেত্ৰত কাষলতিৰ তল, ডিঙি, বুকু আদিত সৰু সৰু টেমুনা ওলোৱা দেখা যায়। গৰ্ভাৱস্থাত শৰীৰৰ উত্তাপ বৃদ্ধি পোৱা বাবে আৰু পিন্ধা কাপোৰৰ ঘঁহনিৰ ফলত ছালত বিজবিজনীৰ সৃষ্টি হয় আৰু সৰু সৰু শালমইনাৰ দৰে গুটি ওলাব পাৰে। এই সময়ত গাৰ ছাল শুকান, ৰুক্ষ হয়, ঘামচিৰ দৰে ওলায় আৰু ছাল শোটোৰা-শোটোৰ পৰা দেখা যায়।
প্ৰায় তিনিৰ পৰা চৈধ্য শতাংশ মহিলাই এই সময়ছোৱাত বিভিন্ন ধৰণৰ খজুৱতি ৰোগত ভোগে। কিছুক্ষেত্ৰত এই খজুৱতি ছালৰ আন আন বেমাৰৰ বাবেও বৃদ্ধি পাব পাৰে, যেনে- স্কেবিছ, আৰ্টিকেৰিয়া, ওকণী, ঔষধৰ পাৰ্শ্বক্ৰিয়া, এট’পিক ডাৰ্মাইটিছ, মধুমেহ ৰোগ, বৃক্কৰ ৰোগ, লৌহ পদাৰ্থৰ অভাৱত হোৱা ৰক্তাল্পতা আদি। কিছুমান খজুৱতি আকৌ অকল গৰ্ভাৱস্থাৰ লগতহে বিশেষভাৱে জড়িত হৈ থাকে।
ই এবিধ অস্বাভাৱিক স্ব-অনাক্ৰম্য প্ৰতিক্ৰিয়া। গৰ্ভাৱস্থাৰ দ্বিতীয় বা তৃতীয় মাহত হোৱা দেখা যায়। বংশগত কিছুমান কাৰক এই সমস্যাৰ লগত জড়িত হৈ থাকে। গোটেই শৰীৰৰ ছালত খজুৱাই ফুলি চকলা চকল হোৱা আৰু পিছত তাৰ ওপৰত পানীজোলা বন্ধা আদি উপসৰ্গসমূহ এই ৰোগৰ বিশেষ লক্ষণ। ইয়াৰ ফলত গৰ্ভস্থ সন্তানৰ ওপৰত প্ৰভাৱ পৰি তাৰ শৰীৰত আৰ্টিকেৰিয়া, পানীজোলাসদৃশ ৰোগ হ’ব পাৰে বা আগতীয়া প্ৰসৱ আৰু কম ওজনৰ সন্তান প্ৰসৱ আদি সমস্যা হ’ব পাৰে। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শমতে নিৰ্দিষ্ট চিকিৎসা গ্ৰহণ কৰিব লাগে।
সাধাৰণতে প্ৰথমবাৰৰ গৰ্ভৱৰ্তী হোৱা মহিলাৰ শেষৰ তিনি মাহত এই সমস্যাই দেখা দিয়ে। পিচৰ গৰ্ভাৱস্থা কালসমুহত এই সমস্যা পুনৰ সাধাৰণতে নহয় আৰু হ’লেও খুব কম পৰিমাণে হ’ব পাৰে। ভাৰতীয় সমীক্ষামতে প্ৰায় ৫০০ গৰাকীৰ মাজত এগৰাকী মহিলা এই সমস্যাত ভোগে। এই ৰোগৰ সঠিক কাৰক নিৰ্ণীত হোৱা নাই যদিও অত্যাধিক ওজন বৃদ্ধি, বংশগত কাৰণ আৰু ফাইব্ৰ’ব্লাষ্ট প্ৰলিফাৰেটিং ফেক্টৰ বুলি এবিধ কাৰক ইয়াৰ বাবে দায়ী বুলি ভবা হৈছে। সাধাৰণতে পেটত নাভিৰ চাৰিওফালে (একেবাৰে ওচৰত নহয়) দীঘল পটি বা ফাট মেলাৰ সমান্তৰালকৈ বা তাৰ কাষত আৰু ওপৰত সৰু সৰু ৰঙচুৱা গুটিৰ নিচিনা খজুৱতিৰ সৃষ্টি হয় আৰু লাহে লাহে এইবোৰ লগ লাগি বিভিন্ন আকৃতি লয়।
পৃথিৱীৰ প্ৰায় সকলো দেশতে এই ৰোগ দেখা যায় আৰু প্ৰায় ০.০২ শতাংশ-২৯ শতাংশ মহিলা আক্ৰান্ত হয়। ভাৰতত চলোৱা সমীক্ষামতে প্ৰায় .৮ শতাংশ-১.২ শতাংশ গৰ্ভৱৰ্তী মহিলা এই সমস্যাত ভোগে। যকৃতৰ পৰা পিত্ত বা বাইল ৰস নি:সৰণত ব্যাঘাত জন্মি যকৃতৰ ভিতৰত পিত্ত বা (বাইল এচিড) জমা হৈ তেজত বাইল এচিডৰ পৰিমাণ ১০-১০০ ভাগ বৃদ্ধি পায় আৰু ইয়েই এই ৰোগৰ প্ৰধান কাৰণ। সাধাৰণতে গৰ্ভাৱস্থাত তৃতীয় মাহৰ পৰা শেষলৈকে এই সমস্যাই দেখা দিয়ে। এই ক্ষেত্ৰত মহিলাগৰাকী অত্যাধিক খজুৱতিত ভোগে আৰু সাধাৰণতে ই পেট, গা, পিঠি আৰু হাত-ভৰিত বেছি হয়। মহিলাগৰাকী নিদ্ৰাহীনতা, আভোক, খিংখিঙীয়া হোৱা, পেটৰ বিষ আৰু জণ্ডিচ ৰোগত ভোগে। প্ৰতিবাৰ গৰ্ভাৱস্থাত এই সমস্যাৰ সৃষ্টি হ’ব পাৰে।
সাধাৰণতে প্ৰতি তিনিশগৰাকীৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলা এই সমস্যাত ভোগে। গৰ্ভাৱস্থাৰ ২৫-৩০ সপ্তাহৰ ভিতৰত ইয়াক দেখা যায়। বিভিন্ন জোখৰ সৰু-ডাঙৰ গুটি বা টেমুনাৰ দৰে খজুৱতিসমূহ সাধাৰণতে হাত-ভৰিৰ উপৰিভাগত ওলোৱা দেখা যায়। মাতৃ আৰু গৰ্ভস্থ সন্তানৰ ওপৰত এই সমস্যাই কোনো প্ৰভাৱ নেপেলায়।
লেখিকা: ডা: অৰুণা দেৱী, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020