গৰ্ভৱতী মহিলাই ভোগা জণ্ডিচবোৰৰ ভিতৰত ৮৫ ৰ পৰা ৯০ শতাংশ মহিলাৰ ক্ষেত্ৰতেই ভাইৰেল হেপাটাইটিছ নামৰ ৰোগবিধেই হ’ল মূখ্য কাৰণ। বাকী অন্যান্য শ্ৰেণীৰ জণ্ডিচবোৰৰ ভিতৰত কোনোবা বিধ হয়তো খুবেই বিৰল, কোনোবা বিধ আকৌ আঙুলিৰ মূৰত লেখিব পৰা বিধৰ। ইয়াৰে কেইবিধমান জণ্ডিচ গৰ্ভাৱস্থাৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু দুবিধমান ঠিক ভাইৰেল হেপাটাইটিছ বিধৰ দৰেই; গৰ্ভাৱস্থাৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাথাকে।
গৰ্ভৱতী মহিলাৰ যকৃতত দেখা দিব পৰা এই প্ৰকাৰ আকস্মিক বিপদ খুবেই বিৰল। সাধাৰণতে গৰ্ভাৱস্থাৰ শেহৰ পিনে ৬ সপ্তাহমানৰ ভিতৰত হোৱা দেখা যায়। গৰ্ভাৱস্থাত হোৱা জণ্ডিচৰ কাৰণবোৰৰ ভিতৰত ই এক মাৰত্মক ব্যাধি, য’ত সাধাৰণতে সন্তান প্ৰসৱ কৰাৰ পিছতেই মাতৃ মৃত্যুমুখত পৰে। সাধাৰণতে প্ৰথমটো গৰ্ভাৱস্থাতে এনে হোৱা দেখা যায়। প্ৰথমাৱস্থাৰ পৰাই পেটৰ বিষ অত্যাধিক ধৰণৰ হয়, লগতে প্ৰচণ্ড বমি হয়, ৰোগীয়ে ভুল বকে। ছাল আৰু মুখৰ ভিতৰৰ আৱৰণৰ তলত তেজ বিৰিঙিবলৈ ধৰে। প্ৰসৱ বেদনা নিজে নিজে আৰম্ভ হয় যদিও মৃত সন্তান ভূমিষ্ঠ হৈ জৰায়ু খালী হৈ পৰাৰ লগে লগে মাতৄগৰাকীৰ তমোময় জ্বৰ উঠে আৰু লাহে লাহে যকৃতৰ কাৰ্য্যক্ষমতা কমি আহি দুই-চাৰি দিনৰ ভিতৰতে প্ৰসূতিগৰাকীয়ে কৰুণ মৃত্যুক সাবটি লয়। অত্যাধিক খাদ্যপ্ৰাণৰ অভাৱ হৈ নিশকতীয়া হৈ জীৱন ধাৰণ কৰা মহিলাৰ ক্ষেত্ৰত এনে ৰোগ বেছিকৈ হয়। ১০ বছৰৰ মেডিকেল ৰেকৰ্ডৰ এটা সমীক্ষাৰ পৰা দেখা গৈছে ৭২৫০ গৰাকী গৰ্ভৱতী মাতৃৰ ভিতৰত এগৰাকী মাতৃৰ আকস্মিক ফেটী লিভাৰৰ বাবে জণ্ডিচ হোৱা পোৱা গৈছিল। সেয়েহে ইয়াক এবিধ বিৰল আৰু ভয়ংকৰ শ্ৰেণীৰ জণ্ডিচ বুলি অভিহিত কৰা হয়। এই ৰোগৰ কাৰণ কি জনা নাযায়। আৰু তাৰ চিকিত্সাও সহজলভ্য নহয়। ভিন ভিন লেব’’ৰেটৰী সমীক্ষাসমূহৰ পৰা দেখা গৈছে যে এই ধৰণৰ ৰোগীৰ ক্ষেত্ৰত যকৃত ৰস আৰু এনজাইমবোৰৰ মাৰাত্মক ধৰণে বিঘিনি ঘটে, তেজ গোট মৰা উপাদানসমূহ ক্ষতিগ্ৰস্ত হয়। তেজত গ্লু’কজত আপোনা আপুনি কমি আহে, বৃক্ক বিকল হৈ যায়। আগতীয়াকৈ এইবিধ ৰোগ ধৰিব পৰা বিধৰ হ’লে আৰু আধুনিক বিজ্ঞানসন্মত উন্নতমানৰ চিকিৎসা কেন্দ্ৰলৈ ৰোগীক লৈ যাব পাৰিলে হয়তো অগ্ৰিমভাৱে গৰ্ভপাত কৰোৱা যাব পাৰে। বিশুদ্ধ ফ্ৰজেন প্লাজমা ৰোগীৰ সিৰেৰে দিব পাৰিলে নিশ্চয় এনে ধৰণৰ আকস্মিক ফেটী লিভাৰৰ দৰে মাৰাত্মক অৱস্থা এটাৰপৰাও গৰ্ভৱতী মহিলাই পৰিত্ৰাণ পাব পাৰে; নহ’লে সাধাৰণ চিকিৎসা কেন্দ্ৰত মাতৃ আৰু গৰ্ভজাত সন্তান কোনোৱেই মৃত্যুৰ হাত সাৰিব নোৱাৰে। সেয়েহে গৰ্ভাৱস্থাত আকস্মিক ফেটী লিভাৰ নামৰ অৱ্স্থাটোক প্ৰসূতি বিজ্ঞানে মাতৃ সমাজৰ বাবে এক ভয়ংকৰ অভিশাপ বুলি গণ্য কৰে।
ই গৰ্ভাৱস্থাৰ প্ৰতিবাৰতে পুনঃ পুনঃ দেখা দিয়া এক প্ৰকাৰৰ জণ্ডিচ। এইক্ষেত্ৰত ৰোগীৰ তেজত বিলিৰুবিন সাধাৰণ মাত্ৰাত বাঢ়ে, কাচিতহে ৫ মিলিগ্ৰামতকৈ বেছি হয়। তেজক সংক্ৰমিত কৰিব পৰাকৈ কোনো প্ৰকাৰৰ বীজাণু ইয়াৰ বাবে দায়ী নহয়। দৈহিকভাৱেও মানুহগৰাকীৰ দেহা ভাগি নপৰে আৰু গৰ্ভাৱস্থাৰো ক্ষতি নকৰে। সন্তান প্ৰসৱ কৰাৰ দু-চাৰিদিনৰ ভিতৰতে ৰোগী আকৌ স্বাভাৱিক ৰূপলৈ ঘূৰি আহে। ভূমিষ্ঠ হোৱা সন্তানৰ ওজন স্বাভাৱিক ওজনতকৈ কিছু কম হোৱা দেখা যায়। গৰ্ভৱতীৰ যকৃতৰ কোষবোৰ কিছু পৰিমাণে ফুলে আৰু ফুলা কোষবোৰৰ চেপাত ভিতৰৰ পিত্তবাহী নলীবোৰৰ মাজেদি পিত্তৰসে চাল-চলনাত কিছু বাধাৰ সন্মুখীন হয়। যাৰ বাবেই এই অৱস্থাটোক আভ্যন্তৰীণ যকৄত কোষ প্ৰতিবন্ধকতা বা ইনট্ৰা হেপাটিক ক’লেচটাচিছ বুলি উল্লেখ কৰা হয়। উল্লেখযোগ্য যে, ৪০/৫০ শতাংশ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই প্ৰকাৰ জণ্ডিচে পুনঃ পুনঃ ভুমূকি মাৰে বাবে ইয়াক প্ৰসূতি শাস্ত্ৰত ‘ৰিকাৰেন্ট জণ্ডিচ’ নামেৰে উল্লেখ কৰা হৈছে।
গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহৰ কালছোৱাত সাধাৰণতে আৰম্ভ হোৱা বমি বা কেতিয়া অদম্য বমি প্ৰতিৰোধৰ বাবে ‘প্ৰমিথাজিন’ নামৰ গ্ৰুপৰ কেইবিধমান দৰব এটা সময়ত খুবেই ব্যৱহৃত হৈছিল। এই গ্ৰুপৰ দৰববোৰৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে প্ৰথম তিনি সপ্তাহৰ ভিতৰতে গৰ্ভৱতীৰ শৰীৰত জণ্ডিচৰ লক্ষণে দেখা দিছিল। অৱশ্যে এনে দৰবসমূহে যকৃত কোষবোৰৰ কোনো স্থায়ী পৰিৱৰ্তন নঘটাইছিল আৰু দৰব সেৱন বন্ধ কৰাৰ লগে লগে জণ্ডিচৰ লক্ষণসমূহো শৰীৰৰ পৰা আতৰি গৈছিল। আৰু কেইবিধমান দৰব, যেনে-পেৰাএমাইন’ চেলিচাইলিক এচিড, মিথাইলডোপা নাই ট্ৰফুৰাইনটিন, থায়’ইউৰেচিল, এৰিথ্ৰোমাইচিন জাতীয় দৰব আদিৰ পৰাও একে ধৰণৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হোৱাটো সম্ভৱ হ’ব পাৰে। এই তথ্য প্ৰমাণিত হোৱাৰ পিছত আৰু বহু উন্নত মানৰ বিকল্প দৰব ওলোৱাৰ লগে লগে এই দৰবসমূহ পাৰ্য্যমানে গৰ্ভাৱস্থাত চিকিৎসকে ব্যৱহাৰ কৰা দেখা নাযায়।
কেতিয়া গৰ্ভাৱস্থাত আগৰেপৰাই থকা হওক বা গৰ্ভাৱস্থাৰ মাজতে হওক মহিলাগৰাকীৰ পিত্তকোষ বা গলব্লাডাৰত পাত্থৰৰ সৃষ্টি হৈ এক প্ৰকাৰ প্ৰতিবন্ধকী শ্ৰেণীৰ জণ্ডিচে দেখা দিয়ে। এই ধৰণৰ পাত্থৰে কিন্তু সাধাৰণতে গৰ্ভাৱস্থাত পেটৰ বিষ-বেদনা সৃষ্টি নকৰে; কিন্তু সন্তান ভূমিষ্ঠ হৈ যোৱাৰ ২/৩ মাহমানৰ ভিতৰতেই বিষ –বেদনা আদিৰ লক্ষণে দেখা দিয়ে আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। কাচিত কেতিয়াবা গৰ্ভ চলি থকাৰ মাজতে যদি উতকট বিষৰ লক্ষণে মাতৃগৰাকীক জুৰুলা কৰে, তেনেহ’লে গৰ্ভস্থ সন্তান আৰু গৰ্ভ ফুলৰ কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ অস্ত্ৰোপচাৰৰ দ্বাৰা পাত্থৰ উলিয়াই পেলাবলগীয়া হ’ব পাৰে।
প্ৰসূতি চিকিৎসকৰ দ্বাৰা উপযুক্তভাৱে চিকিৎসা নকৰালে (১) হাইপাৰ ইমেচিচ গ্ৰেভিডুৰাম বা গৰ্ভাৱস্থাত অদম্য বমি আৰু (২)গৰ্ভাৱস্থাত এক্লামচিয়া বা বাঘিনী প্ৰসূতা-এই দুয়োবিধ অস্বাভাৱিক গৰ্ভাৱস্থাত ভোগা মহিলাৰ ক্ষেত্ৰত বিশেষ ধৰণৰ এই জণ্ডিচৰ উপসৰ্গই জুৰুলা কৰি অৱশেষত মাতৃক মৃত্যুৰ মুখত পেলাব পাৰে। এই দুই প্ৰকাৰ অস্বাভাৱিক গৰ্ভাৱস্থা আৰু তাৰ চিকিৎসা সম্পৰ্কে কেতিয়াবাই আলোচনা কৰা হৈছে।
গৰ্ভাৱস্থাত মাতৃৰ তেজৰ ৰক্তকণিকা বিনষ্ট হৈ এইকেইপ্ৰকাৰৰ জণ্ডিচে দেখা দিব পাৰে যদিহে-(১) গৰ্ভাৱস্থাত ক্লষ্ট্ৰেডিয়াম ওৱলচি নামৰ জীৱাণুৰ দ্বাৰা সংক্ৰমণ ঘটে। (২)গৰ্ভৱতী মাতৃৰ গাত জন্মগতভাৱে ৰক্ত গাথনিৰ খেলিমেলি থাকে আৰু(৩)গৰ্ভৱতী মাতৃৰ প্ৰয়োজনত যদিহে নিজ গ্ৰুপৰ লগত অমিল বা খাপ নোখোৱা অন্য গ্ৰুপৰ তেজ দিয়া হয়, তেনেহ’লে তেজৰ ৰক্ত কণিকা ধ্বংস হৈ কেৱল জণ্ডিচেই নহয় আৰু আন বহু ৰকমৰ উপসৰ্গই মাতৃক জুৰুলা কৰি মৃত্যুৰ গৰাহলৈ ঠেলি পঠিয়াব পাৰে।
লেখকৰ পৰিচয় ডাঃ দীনেশ শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 4/22/2020