অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়:সন্ধিক্ষণত আপোনাৰ সন্তানৰ ওচৰত থিয় হওক

বয়:সন্ধিক্ষণত আপোনাৰ সন্তানৰ ওচৰত থিয় হওক

বয়:সন্ধিৰ ক্ষণত থিয় দিয়া আপোনাৰ সন্তানটিক লৈ আপুনি খুবেই চিন্তিত! অথচ নিৰুপায়! আপুনি নিজেও এটা সময়ত এই বয়স অতিক্ৰম কৰি আহি আজিৰ বয়স পাইছেহি। তথাপি আপুনি শংকিত, কিজানি পৰিৱৰ্তনশীল সময়ৰ ধামখুমীয়াত পৰি আপোনাৰ সন্তান বিপথে পৰিচালিত হয়। তাকে ভাবি আপোনাৰ সময়বোৰ যন্ত্ৰণাদায়ক হৈ উঠে। কিন্তু একো এটা নকৰি দুৰ্ভাৱনাকে সাৰথি কৰি থকাটোৱে আপোনাৰ শাৰিৰীক আৰু মানসিকভাৱে ক্ষতি কৰিব আৰু ইয়াৰ কু-প্ৰভাৱ পৰিব আপোনাৰ সন্তান তথা পৰিয়ালৰ ওপৰত। গতিকে আপুনি, আমি সকলোৱে বয়:সন্ধিক্ষণত উপনীত হোৱা আমাৰ ল’ৰা ছোৱালীৰ কাষত থিয় হওঁ আহক।

এই বয়সত উপনীত হোৱা ল’ৰা-ছোৱালীৰ দেহ-মনৰ যি পৰিৱৰ্তন তাক স্বাভাৱিক বুলি ধৰি লৈ সহজ হ’বলৈ যত্ন কৰো আহক। সন্তানৰ খিংখিঙিয়া স্বভাৱৰ বুজ লওক। আপোনাৰ শুনিবলৈ ইচ্ছা নাথাকিলেও সন্তানে ক’ব বিচৰা কথাবোৰ মনোযোগ দি ধৈৰ্য্যসহকাৰে শুনিবলৈ যত্ন কৰক। সন্তানৰ লগত এইটো বয়সত বন্ধুত্ব স্থাপন কৰাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ ফলত, নিজৰ মাক বা দেউতাকৰ মাজত বন্ধুভাৱাপন্ন মন এটা বিচাৰি পালে, সহজতে বেয়া সংগই এনে ল’ৰা-ছোৱালীক প্ৰভাৱিত কৰিব নোৱাৰে।

এইটো বয়সত ল’ৰা-ছোৱালীবোৰৰ বিভিন্ন ধৰণৰ বন্ধু-বান্ধৱী থাকে, আপুনি সিহঁতৰ বন্ধু-বান্ধৱীৰ লগত চিনাকি হৈ সিহঁতক আপোনাৰ ঘৰলৈ মাতি সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ কৰক। ইয়ে আপোনাৰ ল’ৰা-ছোৱালীৰ মনত আনন্দ দিব আৰু আপুনিও সুখী হ’ব পাৰিব। আপুনি ঘৰখনৰ মুৰব্বী, এতেকে আপোনাৰ ল’ৰা-ছোৱালীয়ে আপোনাক ভয় কৰাতকৈ ভাল পাওক, এনে পৰিৱেশ এটা অনবৰতে সৃষ্টি কৰিব ফলত ঘৰখনত কেতিয়াও গোমা পৰিৱেশ নাথাকিব। পাৰিলে সৰুৰে পৰাই ল’ৰা-ছোৱালীবোৰৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঠন কৰক; ইয়ে আপোনাৰ সন্তানক এখন সুন্দৰ মানসিক জগত দিব আৰু হয়তো সৃষ্টিশীল মন এটাৰো জন্ম দিব পাৰে।

আমি অভিভাৱকবোৰে সন্তানৰ বাবে কৰা এনেকুৱা কিছুমান ত্যাগ অথবা কৰ্তব্যই আমাৰ ল’ৰা-ছোৱালীক সমাজৰ মাজত উপযুক্ত মানুহ হিচাপে গঢ় দিব। ই আপোনাৰ, মোৰ ঘৰখনৰ লগতে সমাজৰো এটা সুস্থ বাতাৱৰণৰ সৃষ্টি কৰিব। আমি প্ৰতিজন ব্যক্তিয়েই সামাজিকভাৱে দায়বদ্ধ; গতিকে ল’ৰা-ছোৱালীক উপযুক্তভাৱে গঢ়ি সমাজলৈ আগবঢ়াই দিয়াটো আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব। ইয়াৰ ফলত বৰ্তমান সময়ত সঘনে আলোচিত হোৱা ‘যুৱ প্ৰজন্মৰ স্খলন হোৱা’ আদি কথাবোৰ হয়তো ক্ৰমান্বয়ে কমি আহিব বুলি আশা কৰিব পাৰি।

লেখিকা: উৎপলা দেৱী, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate