ভাৰতত বয়ঃসন্ধিৰ স্বাস্থ্য অৱস্থা
জনসংখ্যাৰ ফালৰপৰা ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় স্থানত। বৰ্তমান ভাৰতৰ জনসংখ্যা ১০৮১ নিযুততকৈ অধিক। ইয়াৰ এটা বুজন অংশ (১০-১৯), প্ৰায় ২২.৫ শতাংশ (২২৫ নিযুত)। এইসকল যুৱ প্ৰজন্মই সমাজৰ বিভিন্ন স্তৰত, বিভিন্ন অৱস্থাত বাস কৰে আৰু এওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন প্ৰয়োজনীয়তা আছে। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ ১০-২৪ বছৰৰ কৈশোৰ আৰু যুৱ।
এই নব-যুৱসকল উৎসাহ, উদ্যম আৰু নতুন চিন্তা-ধাৰণাৰে পুষ্ট। এই সকল ভৱিষ্যতৰ বাবে এক ইতিবাচক শক্তি। সেয়েহে এওঁলোকৰ সু-স্বাস্থ্যও ৰাষ্ট্ৰৰ কাৰণে, বিশ্বৰ কাৰণে এক গুৰুত্বপূৰ্ণ কথা। এই বয়সত ল’ৰা-ছোৱালীৰ মৃত্যুৰ হাৰ কম। প্ৰকৃততে এনে বয়সত মৃত্যুৰ প্ৰশ্ন আহিবই নোৱাৰে। ইয়াৰ অৰ্থ এইটোৱেই যে, এওঁলোকৰো কিছু বিশেষ স্বাস্থ্য সমস্যা থাকে যিবোৰে এওঁলোকক ৰুগীয়া কৰি তোলে আৰু কিছুমানক মৃত্যুৰ মুখলৈও ঠেলি নিয়ে।
এইসকলৰ সু-স্বাস্থ্যৰ বাবে বা আন সমস্যাজনক পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে কাৰ্যব্যৱস্থা হাতত লোৱা প্ৰয়োজন। তেঁওলোকৰ স্বাস্থ্যজনিত সমস্যা, ব্যৱহাৰ পাতিৰ লগতে তেঁওলোকে দাঙি ধৰা যুক্তি, মন্তব্য আদিক গুৰুত্ব সহকাৰে বিবেচনাৰ স্থল থাকে। তথ্য, দক্ষতা, এটা সুস্থ সহায়ক পৰিৱেশ তেঁওলোকক দিয়াৰ লগতে স্বাস্থ্যসেৱা আৰু আন পৰামৰ্শ সেৱাৰ ব্যৱস্থা অতি প্ৰয়োজনীয়।
শৈশৱৰ শেষ ধাপ বা নৱ যৌৱনৰ প্ৰাকমূহূৰ্তত বহু ধৰণৰ মানসিক সমস্যাই দেখা দিয়ে। সামাজিক কাম-কাজ কৰাৰ দক্ষতা, সমস্যা সমাধানৰ দক্ষতা, আত্মবিশ্বাস আদিৰ বিকাশে মানসিক স্বাস্থ্য সমস্যা বহু গুণে কমোৱাত সহায় কৰে। এনে মানসিক সমস্যাবোৰ হৈছে, অসংলগ্ন ব্যৱহাৰ, উদ্ধেগ, হতাশ ভাৱ, খোৱা-বোৱাত অনিয়ম, যৌনবিষয়ক ব্যৱহাৰ, কথা কমকৈ কোৱা, উশৃংখলতা, উদণ্ডতা আদি। এই সকল কিশোৰ-কিশোৰীৰ সমস্যাবোৰ স্বাস্থ্যকৰ্মীসকলে বুজি পোৱাৰ দক্ষতা থকা উচিত। এইবোৰৰ কাৰণ আৰু ইয়াৰ উপযুক্ত চিকিৎসা সম্পৰ্কেও স্বাস্থ্যকৰ্মীসকলে জানিব লাগে। এইবোৰৰ চিকিৎসা মানে, পৰামৰ্শ প্ৰদান, পৰিস্থিতি সাপেক্ষে বুদ্ধিৰ ব্যৱহাৰ আৰু প্ৰয়োজন সাপেক্ষে ঔষধৰো ব্যৱহাৰ হ’ব পাৰে।
আইনগতভাৱে নিষিদ্ধ ৰাগিয়াল দ্ৰব্যৰ বাহিৰেও অন্যান্য মাদকদ্ৰব্য যেনে, মদ, চিগাৰেট, ধপাত আদিৰ ব্যৱহাৰ কমালেহে স্বাস্থ্যৱান সমাজ এখন পাব পৰা যাব। এই বয়সৰ ল’ৰা-ছোৱালীক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ ক্ষতিকাৰক দিশবোৰ ভালদৰে বুজাই দিয়া দৰ্কাৰ। এই ক্ষতিকাৰক দ্ৰব্যবোৰৰ ব্যৱহাৰে কিমান যে ক্ষতি কৰিব পাৰে বা, আনতকৈ দক্ষতা কমাই পেলোৱা, সমস্যা সমাধানত পিছ পৰি থকা আদি বিষয়বোৰৰ পটভূমিত আলোচনা কৰিলে এই সকলে নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি অহাৰ সম্ভৱনা বেছি
শাৰিৰীক আঘাট
এই বয়সত শাৰিৰীক আঘাট পোৱাৰ পৰা যুৱক-যুৱতীসকলক আঁতৰাই ৰাখিব লাগে। পথ দূৰ্ঘটনা আদি ৰোধ কৰাৰ বাবে গাড়ী মটৰৰ গতিবেগ সীমিত কৰা দৰকাৰ। এই বয়সৰ ল’ৰা-ছোৱালী কিবা দূৰ্ঘটনাত আঘাট পালে তেওঁলোকক বিশেষভাৱে যত্ন লৈ চিকিৎসা প্ৰদান কৰিব লাগে। এনে দূৰ্ঘটনাৰ লগত তেওঁলোকৰ মানসিক স্বাস্থ্যৰো সম্পৰ্ক থাকে।
দৌৰাত্ম্য এই বয়সৰ ল’ৰা-ছোৱালীৰ মাজত বহুলভাৱে দেখা যায়। এনে দৌৰাত্ম্য কমাবলৈ জীৱন ধাৰণৰ দক্ষতা আৰু সামাজিক উন্নয়নৰ বাবে বিশেষ কাৰ্য্যসূচীৰ দৰকাৰ। শিক্ষক আৰু পিতৃ-মাতৃসকলৰ সমস্যা সমাধানৰ দক্ষতা আৰু তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা নোলোৱাকৈ নিয়মানুৱৰ্তীতা শিকোৱাটোৱেও এই সকলৰ দৌৰাত্ম্য বা উদণ্ডতাৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়। এনেকুৱা দৌৰাত্ম্যকজনক ঘটনা ঘটিলে স্বাস্থ্যসেৱা পদ্ধতিটোক আৰু অধিক সংবেদনশীল কৰি তুলিব লাগে। স্বাস্থ্যকৰ্মীসকলে এই সময়ত তেওঁলোকৰ প্ৰতি সহমৰ্মীতামূলক আচৰণ কৰা দৰকাৰ। যিসকলৰ ওপৰত অত্যাচাৰ হৈছে (যৌন আতিশয্যকে ধৰি) তেওঁলোকে যাতে যথোপযুক্ত, সংবেদনশীল যত্ন আৰু চিকিৎসা লাভ কৰে তাৰ প্ৰতি চকু ৰখা দৰকাৰ। মানসিক আৰু সামাজিকভাৱে তেওঁলোকক সহায় আগবঢ়ালে তেওঁলোকে দীৰ্ঘম্যাদী মানসিক যন্ত্ৰনাৰ পৰা মুক্তি পোৱাত সহজ হয় আৰু তেওঁলোকৰ প্ৰতি আক্ৰমণ বা আন দৌৰাত্ম্যমূলক প্ৰৱণতা হ্ৰাস পায়।
জীৱনৰ আগছোঁৱাত বেছি সময় অপুষ্টিত ভুগিলে জীৱনৰ বাকীছোৱাত বুদ্ধিৰ বিকাশ, শাৰিৰীক গঠন, সামাজিক ক্ষেত্ৰত কুফলে দেখা দিয়ে। শৈশৱ কালতেই এনে অপুষ্টি ৰোধৰ চেষ্টা কৰিব লাগে। বয়ঃসন্ধিৰ সময়ত ল’ৰা-ছোৱালীক পুষ্টিকৰ আহাৰ খুৱালে এই অপুষ্টি ৰোধ হয়। যুৱতীসকলৰ মাজত দেখা দিয়া ৰক্তহীনতাও এই অপুষ্টিৰ ফলতে হয়। কম বয়সত মাতৃত্বৰ বোজা নল’লে বা সন্তান ধাৰণ কৰাৰ আগতে মহিলাৰ পুষ্টিগত অৱস্থাৰ উন্নতি হ’লে; মাক আৰু শিশুৰ মৃত্যুৰ হাৰ কমাব পৰা যায়। ইয়াৰ ফলত পিছৰ প্ৰজন্মলৈও অপুষ্টি কঢ়িয়াই নিব নোৱাৰিব। ইয়াৰ বাবে পুষ্টিকৰ আহাৰৰ সহজলভ্যতা, পুষ্টিকাৰক বিকল্প খাদ্যৰ সহজলভ্যতা আৰু সংক্ৰমণ প্ৰতিৰোধ কৰা ব্যৱস্থাবোৰ উন্নত কৰিব লাগে। যৌৱনত প্ৰাকমূহূৰ্তত পুষ্টিকৰ খাদ্য আৰু যথোপযুক্ত শাৰিৰীক ব্যায়ামে শাৰিৰীক আৰু মানসিক ক্ষেত্ৰত ভাল প্ৰভাৱ পেলায়। ই পূৰ্ণবয়স্ক অৱস্থাত অপুষ্টিজনিত ৰোগ হোৱাৰ পৰাও দূৰৈত ৰাখে। স্বাস্থ্যসন্মত জীৱনধাৰাই বৰ্তমানত বহুলভাৱে দেখা দিয়া মেদবহুলতা ৰোগকো বাধা প্ৰদান কৰে।
যিবোৰ কাৰ্যসূচীৰ দ্বাৰা কিশোৰ-কিশোৰীক যৌন আৰু প্ৰজনন বিষয়ক শিক্ষা দিয়াৰ ব্যৱস্থা আছে, তাৰ লগতে এক সুখী জীৱনধাৰাৰ বাবে এই শিক্ষা প্ৰয়োগৰ বাবে অনুপ্ৰাণিত কৰিব লাগে। লগতে এওঁলোকৰ প্ৰয়োজন সাপেক্ষে প্ৰতিৰোধক আৰু চিকিৎসাৰ বাবে দক্ষতা থকা আৰু সংবেদনশীল স্বাস্থ্যকৰ্মীৰো প্ৰয়োজন। যৌনবিষয়ক উশৃংখলতা আৰু যৌনকাৰ্য্যত বল প্ৰয়োগৰ দৰে কাৰ্য্য, সমাজৰ সকলো স্তৰতে কঠোৰভাৱে বাধা দিয়া উচিত। এনে যৌন অপৰাধৰ বাবে কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা আইনগত কৰিব লাগে আৰু ইয়াক কঠোৰভাৱে কাৰ্য্যকৰী কৰিব লাগে। এনে ধৰণৰ অপৰাধ কেতিয়াও ক্ষমাৰযোগ্য যে নহয়, তাৰ বাবে ৰাইজৰ মাজত প্ৰৱল জনমত গঠন কৰিব লাগে। শিক্ষানুষ্ঠান, কৰ্মস্থান আৰু আন আন সামাজিক অনুষ্ঠান আদিত ছোৱালী আৰু মহিলাসকলক যি কোনো ধৰণৰ যৌন অত্যাচাৰ আৰু উৎপীড়নৰ পৰা ৰক্ষা কৰিব লাগে।
কম বয়সতে যাতে মাতৃত্বৰ বোজা বহন কৰিব লগা নহয়, তাৰ বাবে আইনবোৰ কঠোৰভাৱে কাৰ্য্যকৰী কৰিব লাগে। ছোৱালী এগৰাকী, পত্নী বা মাক হোৱাৰ আগতে পূৰ্ণাংগ গাভৰু হ’বলৈ যে কিছু সময় দিব লাগে এই বিষয়ে প্ৰৱল জনমত গঠন কৰি সমাজক এই বিষয়ত সংগঠিত কৰিব লাগিব।
বয়স আৰু যৌন ক্ৰিয়াকলাপৰ বাবে যুৱ প্ৰজন্মৰ মাজত এইছআইভি সংক্ৰমণৰ সম্ভৱনা অধিক। এই বয়সত যৌন ক্ৰিয়াৰ পৰা বিৰত থকা বা কিছু পলমকৈ যৌন কাৰ্য্যকলাপ আৰম্ভ কৰাটোৱেই এই প্ৰজন্মক এইচআইভি ৰ সংক্ৰমণৰপৰা আঁতৰাই ৰখাৰ উপায়। যিসকলে যৌন কাৰ্য্যত লিপ্ত, তেওঁলোকে যৌন সংগীৰ সংখ্যা কমোৱা, সুৰক্ষা ব্যৱস্থাৰ সহজলভ্য কৰা, ইয়াৰ ব্যৱহাৰ সম্পৰ্কে সঠিক জ্ঞান দিয়া, কনডমৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব লাগিব। ইয়াৰ লগে লগে স্বাস্থ্যবিষয়ক অন্যান্য ভয়াৱহ দিশবোৰ যেনে, নিষিদ্ধ দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰা বা বাধা দিয়াতো গুৰুত্ব দিব লাগে। এই প্ৰজন্মৰ বাবে উপযুক্ত আৰু সহজলভ্য এইচআইভি পৰীক্ষাৰ সুবিধা থাকিব লাগে। এই বয়সত কোনো লোকৰ এইচআইভি সংক্ৰমণ থাকিলে, তেওঁক উপযুক্ত চিকিৎসা, যত্ন, সহায় আৰু নিশ্চিতভাৱে সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিব লাগে। এনে যুৱসকলক সকলো ধৰণৰ এইচআইভি সংক্ৰান্তিয় কৰ্মসূচীত পৰিকল্পনা স্তৰৰ পৰাই জড়িত কৰিব লাগে।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020
নাৰীৰ প্ৰজনন কালৰ স্বাস্থ্য সমস্যাৰ বিষয়ে লিখা হৈছ...