আপোনাৰ কনমানি সন্তানটিয়ে পথ পাৰ হ’বলৈ লওতেই আৱিষ্কাৰ কৰিলে যে তেওঁৰ চোলাৰ বুটাম এটি খোলা আছে। লগে লগে তেওঁ বুটাম মৰাত ব্যস্ত হৈয়ে সোঁৱে-বাঁৱে নোচোৱাকৈ পথ পাৰ হৈ গ’ল। অথবা আপোনাৰ কণমানিটিয়ে টিভিত প্ৰিয় কাৰ্টুন চেনেলটো চাই আছে। তাৰ পিছত আপুনি তেওঁক খাবলৈ কিম্বা পঢ়িবলৈ মাতিছেহে মাতিছে পিছে ল’ৰা-ছোৱালীৰ ভ্ৰক্ষেপেই নাই। এনে সময়ত নিশ্চয়কৈ খঙে গৈ আপোনাৰ চুলিৰ আগ পায়। পিছে খং কৰাটো একেবাৰে নিৰৰ্থক। কিয়নো ইয়াৰ আঁৰত এটি বৈজ্ঞানিক কাৰণহে আছে।এয়া সৰু-ল’ৰা ছোৱালীৰ মস্তিকৰ বিকাশৰ এটি অংগহে। গৱেষকৰ কথা যদি আপুনি বিশ্বাসত ল’ব পাৰে, তেন্তে এয়া শিশুৱে জানি বুজি কৰা কাম নহয়, দৰাচলতে তেওঁলোক উপেক্ষাত্মক দৃষ্টিবাধ্যতাৰ মাজেৰে দিন যাপন কৰা গুণেহে এনে হয়। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত ইউনাভাৰ্ছিটি কলেজ লণ্ডনৰ ইনষ্টিটিউট অব্ কগনিটিভ নিউৰ’ছায়েঞ্চৰ অধ্যাপক ডা: নীলি লেভীয়ে জানিব পাৰে যে চকুৰে দেখা আৰু দৃষ্টি নিবন্ধ কৰা, শুনা আৰু যি কৈছে তাত ধ্যানকেন্দ্ৰিক কৰাৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্যই হৈছে উপক্ষাত্মক দৃষ্টিবাধ্যতা।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020