অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বিকাশ

কেঁচুৱাৰ এমাহত

কেঁচুৱাই এমাহতে তাৰ গালখনত চুলে হাতখনৰ ফালে মূৰটো ঘূৰাব পাৰিব লাগে। মাকৰ স্তন হাতেৰে চুই চুপিব পাৰিব লাগে। তাৰ দুয়োখন হাত মুখৰ ওচৰলৈ নিব পাৰিব লাগে। কেঁচুৱাটিয়ে চিনাকি শব্দ আৰু মাতটো বুজিব পৰা হ’ব লাগে।

কেঁচুৱাৰ জন্মৰ এঘন্টাৰ ভিতৰতে মাকৰ দেহৰ ছালত লগাকৈ কেঁচুৱাক ধৰি স্তনপান কৰোৱাৰ লাগে। কেঁচুৱাক সঘনাই মালিচ দিব লাগে আৰু সদায় সযতনে কোমলকৈ সাৱটি ধৰি থাকিব লাগে। মাক গৰাকীয়ে কেঁচুৱাক চাৰি ঘন্টাত এবাৰকৈ স্তনপান কৰোৱাই যিমান পাৰে কেঁচুৱাৰ সৈতে কথা পাতিব লাগে। গীত গাই শুনাব লাগে। কথা পতা আৰু গীত গাই শুনোৱাতো কেঁচুৱাৰ পিতৃ আৰু ধাইগৰাকীয়েও কৰিব পাৰে।

কেঁচুৱাটোৱে যদি হাত ধৰি কমকৈ লৰচৰ কৰে, স্তনপান কমকৈ কৰে, এনেয়ে বহু সময় ধৰি কান্দি থাকে, বমি বা ডায়েৰীয়া হ’লে কেঁচুৱাটোক স্বাস্থ্যকৰ্মীৰ ওচৰলৈ লৈ যাব লাগে।

কেঁচুৱাৰ ছমাহত

কেঁচুৱাৰ ছমাহ হওঁতে তলমুৱা হৈ মূৰ আৰু বুকু দাঙে, ওলমি থকা বস্তু চুব বিচাৰে। কেঁচুৱাই নিজৰ নামটো ক’লে আৰু চিনাকি মুখ দেখিলে সঁহাৰি জনায়। কেঁচুৱাই হাত আৰু মুখেৰে বস্তু পিটিকি-মুচৰি চোৱাৰ উপৰিও ওলমি থকা বস্তুও চুব বিচাৰে।

কেঁচুৱাৰ ছমাহত মাকে বা ঘৰৰ আন সদস্যই কেঁচুৱাৰ সৈতে যিমান পাৰে কথা পাতিব লাগে, কিতাপ পঢ়ি আৰু গীত গাই শুনাব লাগে।কেঁচুৱাই বাধা নোহোৱাকৈ লৰচৰ কৰা বা বস্তু খেপিয়াই চুবলৈ পোৱাৰ সুবিধাও কৰি দিয়া উচিত। কেঁচুৱাই বিচাৰিলেই স্তনপান কৰোৱা উচিত আৰু আন খাদ্যও দিব লাগে।

কেঁচুৱাই যদি হাত-ভৰি লৰচৰ নকৰে, একেৰাহে মূৰটো ইফাল-সিফাল কৰি থাকে, শব্দ, চিনাকি মুখ আৰু মাকৰ স্তনৰ প্ৰতি সঁহাৰি নিদিয়ে তেন্তে স্বাস্থ্যকৰ্মীৰ ওচৰলৈ লৈ যোৱা উচিত।

কেঁচুৱাৰ এবছৰত

এই সময়ত কেঁচুৱাই সহায় নোহোৱাকৈ বহিব লাগে। কেঁচুৱাই শব্দ আৰু কথা অনুকৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে সাধাৰণ অনুৰোধলৈ সঁহাৰি দিয়ে। য’ত-ত’ত ধৰি খোজকাঢ়ি কেঁচুৱাই হাত আৰু আঁঠুৰে বগাই গৈ থিয় হয়। বাৰ মাহত কেঁচুৱাই সহায় নোহোৱাকৈ বহিব পাৰে। কেঁচুৱাই খেলি আৰু হাত চাপৰি মাৰি আনন্দ পায়। আনৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে শব্দ আৰু অংগী-ভংগী একাধিকাৰ কৰে। কেঁচুৱাই চামুচ আৰু পিয়লা দাঙিবলৈ আৰম্ভ কৰে আৰু নিজে খাবলৈ চেষ্টা কৰে। বুঢ়া আঙুলি আৰু আন আন এটা আঙুলিৰে বস্তু উঠাবলৈকো চেষ্টা কৰে।

কেঁচুৱাৰ বাৰ মাহৰ সময়খিনিত মাক-দেউতাকে বিভিন্ন বস্তু আঙুলিয়াই সেইবোৰৰ নাম কৈ সিহঁতৰ লগত কথা পাতিব লাগে আৰু খেলিব লাগে।

মাকে কেঁচুৱাক স্তনপান কৰাই থাকিব লাগে আৰু আন খাদ্য খোৱাৰ ওপৰতো গুৰুত্ব দিব লাগে। কেঁচুৱাক একোটা ভংগীতে বেছি সময় ৰাখিব নালাগে আৰু চামুচ পিয়লা আদিৰে খোৱাৰ চেষ্টাত সহায় কৰিব লাগে। যদি কেঁচুৱাই আনে কৰা শব্দৰ প্ৰতি সঁহাৰি নিদিয়ে, খাবলৈ নিবিচাৰে আৰু লৰচৰ কৰা বস্তুলৈ নাচায় তেন্তে স্বাস্থ্যকৰ্মীৰ ওচৰলৈ পৰামৰ্শ লোৱা উচিত।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate