অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বিকাশ কেনেদৰে হয়?

শিশুৰ বিকাশ কেনেদৰে হয়?

এমাহ হোৱালৈ এটা কেচুৱাই

  • তাৰ গালখন চুই দিলে সেই হাতখনৰ ফালে মূৰটো ঘুৰাব পাৰিব লাগে।
  • নিজৰ মুখৰ ওচৰলৈ দুয়োখন হাত নিব পাৰিব লাগে।
  • চিনাকি মাত আৰু শব্দৰ ফাললৈ ঘুৰিব পাৰিব লাগে।
  • মাকৰ স্তন চুপিব আৰু হাতেৰে স্তন স্পৰ্শ কৰিব পাৰিব লাগে।

মাক দেউতাক আৰু যত্ন লওঁতাৰ প্ৰ্তি পৰামৰ্শ

  • জন্মৰ এঘণ্টাৰ ভিতৰতে মাকৰ দেহৰ ছালত লগাকৈ কেঁচুৱাৰ সৈতে স্পৰ্শ কৰিব আৰু স্তনপান কৰিব।
  • থিয়কৈ লওঁতে কেঁচুৱাৰ মূৰটোৰ পিছফালে ধৰি থাকিব।
  • সঘনাই কেঁচুৱাক আলিংগন আৰু মালিচ কৰিব।
  • আপোনাৰ ভাগৰ বা আমনি লাগিলেও কেঁচুৱাক সদায় সযতনে কোমলকৈ ল’ব।
  • সঘনাই, কমকৈ চাৰি ঘণ্টাত এবাৰকৈ স্তন পান কৰাব।
  • যিমান সঘনাই পাৰে কেঁচুৱাৰ সৈতে কথা পাতিব, কিবা পঢ়ি শুনাব আৰু গীত গাই শুনাব।
  • জন্মৰ ছয়সপ্তাহৰ পাছত কেঁছুৱাটোক লৈ স্বাস্থ্য কৰ্মীৰ ওচৰলৈ যাব।

মনকৰিবলগীয়া বিপদ স্ংকেতসমূহ

  • কমকৈ স্তন চোপা বা চুপিবলৈ নিবিচৰা।
  • হাত-ভৰিৰ লৰচৰ কম হোৱা।
  • ডাঙৰ শব্দ বা বেছি পোহৰৰ প্ৰতি কম প্ৰতিক্ৰিয়া দেখুওৱা বা একেবাৰে প্ৰতিক্ৰিয়া নেদেখুওৱা।
  • কোনো বিশেষ কাৰণ নোহোৱাকৈ বেছিজ সময় কন্দা।
  • বমি বা ডায়েৰিয়া, য’ৰ পৰা দেহৰ পানী কমিব পাৰে।

ছমাহ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে

  • তলমুৱা হৈ থাকোতে মূৰ আৰু বুকু দাঙিব।
  • ওলমি থকা বস্তুহ চুব বিচাৰিব।
  • যিকোনো বস্তু হাতেৰে ধৰি জোকাৰিব।
  • দুয়োকাষে বাগৰিব।
  • সহায় লৈ বহিব।
  • হাত আৰু মুখেৰে বস্তুহ পিটিকি-মুচৰি চাব।
  • আনৰ মুখৰ শব্দ আৰু ভ্ংগিমা অনুকৰণ কৰিব।
  • নিজৰ নাম আৰু আনৰ চিনাকি মুখৰ প্ৰতি সঁহাৰি দিব।

মাক-দেউতাকৰ আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ

  • কেঁচুৱাই যাতে বাধা নোহোৱাকৈ লৰচৰ কৰিব পাৰে আৰু যিকোনো বস্তু খেপিয়াই চুবলৈ চেষ্টা কৰিব পাৰে, সেয়া সুবিধাজনক হ’বৰ বাবে এখন চফা, সমান, নিৰাপদ ঠাইত শুৱাব।
  • ওচৰত কি হৈছে চাব পৰাকৈ কেঁচুৱাক দাঙি ধৰিব। দিনতে হওক, নিশায়ে হওক, বিচাৰিলেই স্তনপান কৰাব, আৰু আন খাদ্য দিবলৈ আৰম্ভ্ কৰিব(৬-৮ মাহত নিতৌ দুবাৰ, ৮-১২ মাহত নিতৌ ৩-৪ বাৰ)।

মন কৰিবলগীয়া বিপদস্ংকেতসমূহ

  • হাত-ভৰিৰ জঠৰতা বা লৰচৰ কৰাত অসুবিধা। বিৰামহীনভাৱে মূৰটো ইফাল-সিফাল কৰি থকা(ই কাণৰ অসুখৰ ইংগিত, যাৰ পৰা কাণেৰে নুশুনা হ’বগৈ পাৰে)।
  • শব্দ, চিনাকি মুখ আৰু মাকৰ স্তনৰ প্ৰতি সঁহাৰি নিদিয়া। স্তনপান বা আন খাদ্য খাবলৈ অস্বীকাৰ কৰা।

বাৰ মাহ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে

  • সহায় নোহোৱাকৈ বহা।
  • হাত আৰু আঁঠুৰে বগাই গৈ থিয় হোৱা।
  • অ’ত ত’ত ধৰি খোজ কঢ়া।
  • শব্দ আৰু কথা অনুকৰণ কৰিবলৈ চেষ্টা কৰা আৰু সাধাৰণ অনুৰোধলৈ সঁহাৰি দিয়া।
  • খেলি আৰু হাত-চাপৰি মাৰি আনন্দ পোৱা।
  • মনোযোগ আকৰ্ষণৰ বাবে শব্দ আৰু অংগীভ্ংগী একাধিকবাৰ কৰা।
  • বুঢ়া আঙুলি আৰু আন এটা আঙুলিৰে বস্তু উঠোৱা।
  • চামুচ আৰু পিয়লা দাঙিবলৈ আৰম্ভ্ কৰি নিজে খাবলৈ চেষ্টা কৰা।

মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ

  • বিভিন্ন বস্তু আঙুলিয়াই দেখুৱাই নাম ক’ব, কেঁচুৱাৰ সৈতে সঘনাই কথা পাতিব আৰু খেলিব।
  • খোৱাৰ সময়ত পৰিয়ালৰ সকলোৰে সৈতে আন্ত: ক্ৰিয়া কৰিবলৈ উৎসাহ যোগাব।
  • যদি শিশুৰ বিকাশ লেহেমীয়া হৈছে বা তাৰ কিবা শাৰীৰিক প্ৰতিবন্ধকতা আছে, তেনেহ’লেক তাৰ পাৰদৰ্শিতাৰ ওপৰত বেছি জোৰ দিব আৰু অতিৰিক্ত উদ্দীপনা দিয়াৰ লগতে বেছিকৈ আনৰ সৈতে মিলা-মিচা কৰাব।
  • একেটা ভ্ংগীতে শিশুক কেইবাঘণ্টাও নথ’ব।
  • দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ হকে ঠাইডোখৰ যিমান পাৰি নিৰাপদ কৰি ৰাখিব।
  • স্তনপান কৰায়েই থাকিব আৰু শিশুৱে যাতে যথেষ্ট খাদ্য আৰু পৰিয়ালৰ আনে খোৱা বিভিন্ন খাদ্য খাবলৈ পায়, সেইটো নিশ্চিত কৰিব।
  • শিশুক পিয়লা, চামুচ আদিৰে খোৱাৰ চেষ্টাত সহায় কৰিব।
  • শিশুৱে যাতে সকলো প্ৰতিষেধক পায় সেইটো নিশ্চিত কৰিব।

মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ

  • আনে কৰা শব্দৰ প্ৰতি শব্দৰে সহাঁৰি নিদিয়ে।
  • লৰচৰ কৰা বস্তুলৈ নাচায়।
  • উদাসীন, আনক সঁহাৰি নিদিয়ে।
  • খোৱাৰ প্ৰতি ৰুচি নাই, খাব নোখোজে।

দুবছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে

  • খোজ কঢ়া, ওপৰলৈ বগোৱা
  • নাম ক’লেই আঙুলিয়াই দেখুৱাব(যেনে-চকু, নাক,,,,,,ইত্যাদি)।
  • (১৫ মাহ মানৰ পৰা) কেইবাটাও শব্দ একেলগে কোৱা।
  • সহজন নিৰ্দেশ বুজি পোৱা।
  • পেনচিল বা চকমাটি দিলে আঁকবাকঁ কৰা।
  • সাধাৰণ সাধু আৰু গান শুনি ফুৰ্তি পোৱা।
  • আনৰ আচাৰ-ব্যৱহাৰ অনুকৰণ কৰা।
  • নিজে গাবলৈ আৰম্ভ কৰা।

মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ

  • শিশুৰ সৈতে কিতাপ পঢ়িব, খেলিব, গীত গাব।
  • বিপদজনক বস্তু এৰাই চলিবলৈ শিকাব।
  • শিশুক স্বাভাৱিক ভাৱে কথা ক’ব। লেবালেবি/কেঁচুৱামি কৰি নহয়।
  • স্তনপান কৰাই থাকিব, শিশুৱে যাতে যথেষ্ট খাদ্য পায় আৰু পৰিয়ালৰ বিভিন্ন খাদ্য পায় সেইটো নিশ্চিত কৰিব।
  • খাবলৈ উৎসাহ দিব, জোৰ নিদিব।
  • সাধাৰণ নিয়ম শিকাব আৰু সাধাৰণ ভাৱে প্ৰত্যাশা/লক্ষ্য বান্ধি দিব।
  • সফলতাত শিশুক প্ৰশ্ংসা কৰিব।

মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ

  • আনৰ প্ৰতি সঁহাৰিৰ অভাৱ।
  • খোজ কাঢ়োতে ভাৰসাম্যৰ অভাৱ(ততালিকে স্বাস্থ্যকৰ্মীক দেখা কৰিব)।
  • সঘনাই আঘাত পোৱা আৰু আচাৰ-ব্যৱহাৰত অস্বাভাৱিক সালসলনি।
  • খোৱাৰ প্ৰতি অৰুচি।

তিনি বছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে

  • খোজ কঢ়া, দৌৰা, বগোৱা, গোৰ মৰা, জাপ মৰা।
  • আঙুলিয়াই সাধাৰণ বস্তুবোৰ চিনাক্ত কৰা।
  • দুই-তিনিটা শব্দৰ বাক্য ৰচনা কৰা।
  • নিজৰ নাম আৰু বয়স কোৱা।
  • ৰ্ং চিনাক্ত কৰা, ৰঙৰ নাম কোৱা।
  • স্ংখ্যা বুজি পোৱা।
  • খেলত মনেসজা সামগ্ৰী ব্যৱহাৰ কৰা।
  • নিজে খোৱা।
  • মৰম-চেনেহ প্ৰকাশ কৰা।

মাক-দেউতাক আৰু যত্ন লওঁতাৰ প্ৰতি পৰামৰ্শ

  • শিশুৰ সৈতে বহি কিতাপ চাব আৰু পঢ়িব আৰু তাত থকা ছবিৰ বিষয়ে কথা পাতিব।
  • শিশুক সাধুহ ক’ব, গীত-পদ্য শিকাব।
  • শিশুক নিজাকৈ থাল-বাটি দিব।
  • খোৱাৰ ক্ষেত্ৰত উৎসাহ দিব আৰু খাওঁতে যিমান সময় লাগে দিব।
  • কাপোৰ পিন্ধিবলৈ, হাত ধুবলৈ আৰু পায়খানা কৰি ধুবলৈ শিকাব।

মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ

  • খেলাত ৰাপ হেৰুওৱা।
  • সঘনাই পৰি দুখ পোৱা।
  • সৰু বস্তু পিটিকি চোৱাত অসুবিধা পোৱা।
  • কেইবাটাও একেলগে ব্যৱহাৰত অসুবিধা।
  • খাদ্যৰ প্ৰতি কম ৰাপ হোৱা বা স্কেবাৰে ৰাপ নোহোৱা।

পাঁচ বছৰ হোৱালৈ এটা কেঁচুৱাই এইকেইটা কৰিব পাৰিব লাগে

  • সুসমন্বিত ভাৱে চলাচল কৰা।
  • বহু শব্দ ব্যৱহাৰ কৰি বাক্যত কথা কোৱা।
  • বিপৰীত শব্দ বুজা(যেনে-শকত-ক্ষীণ, ওখ-চাপৰ)
  • আন শিশুৰ সৈতে খেলা।
  • আনৰ সহায় নলোৱাকৈ কাপোৰ পিন্ধা।
  • সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়া।
  • ৫-১০ টা বস্তু গন্তি কৰা।
  • নিজে হাত ধোৱা।

মন কৰিবলগীয়া বিপদ স্ংকেতসমূহ

  • খেলোতে সিহঁতে কি ভাও লয় মন কৰিব। শিশু যদি ভয়াতুৰ, খঙাল বা হিংসুক, তেন্তে এইবোৰ আবেগিক সমস্যা বা আনৰ দ্বাৰা অপ-ব্যৱহাৰৰ লক্ষণ।

স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate