অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলঝেইমাৰ

আলঝেইমাৰ

ৰোগীৰ যতন

আলঝেইমাৰ এক বয়সজনিত ৰোগ। ৰোগীৰ বয়স বাঢ়ি যোৱাৰ লগে লগে লাহে লাহে স্মৃতিশক্তি হেৰাই পিছলৈ একেবাৰে লোপ পায়। বিশ্বৰ প্ৰায় ২ শতাংশ ৬০ বয়সৰ ঊৰ্দ্ধৰ ব্যক্তি এই ৰোগত ভোগা দেখা যায়। আলঝেইমাৰ ৰোগ হোৱাৰ সঠিক কাৰণ জনা নাযায় যদিও জেনেটিক কাৰণো থাকিব পাৰে। কাৰণ যিসকল লোকৰ পৰিয়ালত কাৰোবাৰ আলঝেইমাৰ ৰোগ হোৱাৰ ইতিহাস আছে, তেওঁলোকৰ বা তেওঁলোকৰ পিছৰ প্ৰজন্মৰ কাৰোবাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়। সক্ৰিয় হৈ থাকি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে ইয়াৰ প্ৰভাৱ অলপ কমাব পাৰি। এনে ৰোগীয়ে প্ৰথম অৱস্থাত সদায় দেখি থকা বস্তুৰ, যেনে- কলম, পেপাৰ, চামুচ, টি.ভি. আদিৰ নাম পাহি যায়, কিছু সময় আগতে কোৱা কথাবোৰ আৰু কৰা কামবোৰ মনত নাথাকে। গা ধোৱা চাবোন, টুথব্ৰাছ আদি ক’ত ৰাখে পাহৰি যায়, আহাৰ খাই পাহৰি যায় আৰু পুনৰ খাব বিচাৰে, সদায় দেখি থাকিলেও সঠিকভাৱে মানুহৰ নাম, ঠাইৰ নাম, ৰাস্তা-পদূলি আদিৰ নাম পাহৰি চিনি নোপোৱা হৈ পৰে। ঘৰৰ পৰা ওলাই গ’লে ঘৰলৈ উভতি অহা ৰাস্তা পাহি অনাই-বনাই ঘূৰি ফুৰিব লগা অৱস্থা হয়। শোৱা কোঠা পাহৰি শোৱা কোঠা বুলি ভাবি বাথৰুম বা পাকঘৰত সোমায়, ৰোগীৰ মুড সঘনাই সলনি হৈ থাকে। কেতিয়াবা যদি খঙাল হৈ আক্ৰমণাত্মক হৈ উঠে, কেতিয়াবা আকৌ সৰু ল’ৰা-ছোৱালীৰ দৰে অঁকৰা বা আৱেগিক হৈ পৰে। টি.ভি., ৰেডিঅ’ আদি চলাব নোৱৰা হৈ পৰে। ফোনটোও ধৰিব নজনা হয়। সাধাৰণ খেলবোৰৰ (লুডু, কেৰম আদি) নিয়মবোৰ পাহৰি তাকো খেলিব নোৱৰা হৈ পৰে, ঘৰত পিন্ধি থকা পোছাকেৰে বাহিৰলৈ ওলাই যায়। লাহে লাহে ঘৰৰ মানুহকো চিনি নোপোৱা হৈ পৰে, ৰোগীৰ শৌচ-প্ৰস্ৰাৱৰ ওপৰতো নিয়ন্ত্ৰণ নথকা হৈ পৰে, ৰোগী সম্পূৰ্ণ এটা কেঁচুৱাৰ দৰে হৈ শয্যাশায়ী হৈ পৰে। এনে ৰোগী হঠাত্ পৰি শাৰীৰিক আঘাত পোৱা, মানসিক সমস্যাত ভোগা, চাফ-চিকুণতাৰ অভাৱত সঘনাই বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈ ৰোগত পৰা আৰু ৰোগী ডায়েবেটিছ বা উচ্চ ৰক্তচাপত ভুগিলে চিকিত্সা কৰা টান হৈ পৰে।

১৯৬৪ চনত আলঝেইমাৰ ৰোগীসকলক সহায় কৰাৰ অৰ্থে বিশ্ব আলঝেইমাৰ সংস্থাৰ জন্ম হয়। এই সংস্থাটোৰ তত্ত্বাৱধানতে ২০১১ চনৰ পৰা সমগ্ৰ বিশ্বতে আলঝেইমাৰ ৰোগ তথা ৰোগীৰ যত্নৰ বাবে সজাগতা অনাৰ বাবে প্ৰতিবছৰে ছেপ্তেম্বৰ মাহটো বিশ্ব আলঝেইমাৰ সজাগতা মাহ আৰু ২১ ছেপ্তেম্বৰত বিশ্ব আলঝেইমাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসত এটা নিৰ্দিষ্ট বিষয় বাছি লৈ সেউজীয়া ৰং উদযাপন কৰি এনে ৰোগী, ৰোগীৰ পৰিয়াল, চিকিত্সা কৰ্মী, সমাজকৰ্মী আৰু সমাজৰ বিভিন্ন ব্যক্তিক সজাগ কৰা হয়। এই বছৰ বাছি লোৱা বিষয় হ’ল- মোক মনত ৰাখিব। হয়, আজিৰ তাৰিখত আলঝেইমাৰ ৰোগত ভোগা আমাৰ পৰিয়াল আৰু সমাজৰ এই বয়সিয়াল লোকসকলে পিতৃ-মাতৃ, ককা-আইতা, খুৰা-খুৰী, মামা-মামী, দাদা-বৌ, পেহা-পেহী আৰু শিক্ষক হিচাপে আমাৰ হ’কে ডেকাকালত বহু কৰিছিল। তেওঁলোকে আজি নিজৰ কথা মনত ৰাখি নিজৰ যত্ন ল’ব নোৱৰা হৈ পৰিছে। সেয়েহে তেওঁলোকক আমি মনত ৰাখি পৰিয়ালৰ ডেকা লোকসকল আত্মীয় আৰু সমাজে তেওঁলোকৰ যত্ন লৈ বাচি থকা দিনকেইটা তেওঁলোকক অলপ সকাহ দিব লাগে।

বয়সজনিত কাৰণত এই সমস্যাই দেখা দিয়া বাবে কেৱল ঔষধৰ দ্বাৰাই আলঝেইমাৰ ৰোগীৰ স্মৃতিশক্তি ঘূৰাই অনা সম্ভৱ নহয়। ঔষধৰ সহায়ত ক্ৰমাগত অৱক্ষয় প্ৰতিৰোধ কৰিব পাৰি। ঔষধৰ লগতে ‘বিহেভিৰেল মেনেজমেণ্ট’ প্ৰয়োগ কৰি আৰু তলত দিয়া ধৰণে কিছু প্ৰয়োজনীয় সহায়-সহযোগ কৰিলে ৰোগীয়ে যিকোনো প্ৰতিকূল পৰিস্থিতি কিছু পৰিমাণে নিজেই নিয়ন্ত্ৰণ কৰিব পাৰে। ঘৰখনৰ লগতে নিজৰ কিছুমান কাম কৰি ৰোগীজনে যাতে মগজু অলপ হ’লেও খটাব পাৰে, তালৈ পৰিয়ালৰ সদস্যসকলে নজৰ দিব লাগে। ৰোগীক দৈনন্দিন কাম (যেনে- টি.ভি. চলোৱা, ব্ৰেকফাষ্ট বনোৱা আদি) কামবোৰ পৰিয়ালৰ লোকে নজৰত ৰাখিকৰি থাকিব দিব লাগে। ৰোগীজনে নিজে ভালপোৱা কাম, সামাজিক কাম-কাজ, ৰাজহুৱা সভা-সমিতিৰ সৈতে জড়িত হৈ থাকিব পাৰিলে ভাল। পৰিয়ালৰ কোনোবা লোকৰ তত্ত্বাৱধানত এনেবোৰ কামত ৰোগীক জড়িত কৰি ৰাখিব লাগে। কোনোৱে যদি কিতাপ পঢ়ি ভাল পায়, গৰতে তেওঁৰ পছন্দৰ কিতাপ আনি পঢ়াৰ সুবিধা কৰি দিয়াৰ লগতে তেওঁক কোনো পুথিভঁৰালৰ সদস্য হিচাপেও ভৰ্তি কৰাই দিব পাৰে। তাত গৈ কিতাপ পঢ়াৰ লগতে দুই-এজনৰ সৈতে কথা-বতৰা পাতিলে মানসিক চাপ কিছু পৰিমাণে পাতল হয় আৰু স্মৃতিশক্তিৰ অৱক্ষয়ো কমে। আলঝেইমাৰ ৰোগীয়ে পিন্ধা প্ৰতিটো চোলা বা পেণ্টৰ পকেটত সদায় তেওঁ যে আলঝেইমাৰ ৰোগী, পৰিয়ালৰ ঠিকনা, ফোন নম্বৰ, তেওঁ ভুগি তকা ৰোগবোৰৰ বৰ্ণনা (ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি) খোৱা দৰবৰ নাম আৰু দৰব খোৱাৰ সময় আদি লেখা কাগজ ৰাখি থ’ব লাগে। এনে কৰিলে ৰোগীজনে কেতিয়াবা ঘৰৰ পৰা ওলাই গৈ ঘৰলৈ উভতি অহা ৰাস্তা পাহৰি ঘূৰি ফুৰিলে আৰক্ষী অথবা আন ব্যক্তিয়ে ৰোগীজনক ঘৰত থৈ আহিব পাৰে আৰু কিবা কাৰণত চিকিত্সালয়ত ভৰ্তি কৰিব লগা হ’লেও ৰোগ আৰু খোৱা দৰবৰ কথা গম পোৱা যায়। পৰিয়ালৰ লোক আৰু বন্ধুবোৰে আগৰ কথা কৈ মানুহজনক সংগ দিব লাগে। যিমান পাৰি ৰোগীজনৰ মনটো স্ফূৰ্তিত ৰাখিব লাগে। তেনে ৰোগীৰ বাবে ভ্ৰমণৰ আৰু পৰিয়ালৰ আগৰ ছবিবোৰ এলবামত সজাই ৰাখি মাজে-সময়ে চাই থাকিব দিব লাগে। ৰোগীৰ নিয়মিত আহাৰ গ্ৰহণ, শোৱা, জিৰণি লোৱা আৰু চাফ-চিকুণতাৰ ওপৰত নজৰ ৰাখি উপযুক্ত ব্যৱস্থা ল’ব লাগে। শৌচ-প্ৰস্ৰাৱ কৰাত নজৰ দিব লাগে। এনেদৰে অলপ যত্ন লৈ আলঝেইমাৰ ৰোগীক বিভিন্ন কামত জড়িত কৰি ৰাখিব পাৰিলে তেওঁৰ স্মৃতিশক্তি অৱক্ষয় কিছু পৰিমাণে হ’লেও প্ৰতিৰোধ কৰি এক সাধাৰণ জীৱন-যাপন কৰাত সহায় কৰিব পাৰি।

লেখক-ডাঃ ধৰ্মকান্ত কুম্ভকাৰ, আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate