অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁকালৰ বিষ

অসমীয়াত ফকৰা যোজনাতে হওক বা লিখিত সাহিত্যতে হওক কঁকালৰ উল্লেখ নানাধৰণেৰে পোৱা যায়৷ একঁকাল পানী, খামুচীয়া কঁকাল, কঁকাল পৰিল, কঁকাল ভাং, কঁকালত টঙালি বান্ধ, কঁকাল পোনাই ঠিয় হোৱা আদি অনেক৷ সেই কঁকালৰ বিষয়টো আজিৰ স্বাস্থ্য কথাৰ মাজলৈ আনিব খুজিছোঁ৷

কঁকাল গঠন হয় হাঁড় (Vertebra), হাঁডৰ মাজৰ কুশ্বন বা ডিস্ক, লিগামেন্ট, ৰাজহাঁড়ৰ মজ্জা (Spinal cord ), স্নায়ু ,মাংসপেশি আৰু পেটৰ ভিতৰৰ অংগসমূহেৰে৷এই সকলোবোৰক ছালে আৱৰি ৰাখে৷ গতিকে এই যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ ৬সপ্তাহলৈকে হোৱা কঁকালৰ বিষক একিউট বা হ্ৰস্বম্যাদী বুলি গণ্য কৰা হয়৷ সৰ্বাধিক ৩মাহলৈকে হোৱা বিষক চাব-একিউট বা মধ্যমীয়া আৰু তিনিমাহৰ ওপৰকালৰ কঁকালৰ বিষক ক্ৰনিক বা দীৰ্ঘম্যাদী বুলি ধৰা হয়৷ একিউটৰ তুলনাত ক্ৰনিক কঁকালৰ বিষ কমকৈ দেখা যায়৷ 'ফাইব্ৰমায়েলজিয়া' হ'ল এবিধ ক্ৰনিক কঁকালৰ বিষ য'ত মাংসপেশি আৰু গাঠিৰ বিষ হয়, টোপনিৰ ব্যাঘাত জন্মে,লগত সাধাৰণতে ইৰিটেবল বাৱেল চিনড্ৰমযুক্ত থাকে৷এই ৰোগত হাঁড়,গাঠি আদিত ক'তো ইনফ্লেমেচন দেখা নাযায়৷

মেডইণ্ডিয়াৰ ৱেবচাইটত প্ৰকাশিত তথ্যমতে ভাৰতবৰ্ষত প্ৰতি ৫জন প্ৰাপ্তবয়স্কৰ ভিতৰত ৪জনৰ এটা নহয় এটা সময়ত কঁকালৰ বিষ হয়৷ আমেৰিকাৰ মেয়' ক্লিনিকৰ তথ্য মতেও ৮০শতাংশ আমেৰিকানে জীৱনকালত এটা সময়ত কঁকালৰ বিষত ভোগে৷ পুৰুষ মহিলা উভয়ৰে কঁকালৰ বিষ হোৱা দেখা যায় ৷ পুৰুষৰ তুলনাত মহিলা ভুক্তভোগীৰ সংখ্যা অধিক৷ সংখ্যাগত দিশৰ পৰা পানীলগা অসুখৰ পিছতেই কঁকালৰ বিষৰ কথা উল্লেখ কৰিব পাৰি৷ সাধাৰণতে ৩৫ৰ পৰা ৫৫বছৰ বয়সৰ লোকৰ কঁকালৰ বিষ হোৱা পৰিলক্ষিত হয়৷

কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা কাৰ বেচি ?

মেদবহুলতাত ভোগা শকত লোক, ধূম্ৰপান কৰোতা, এলেহুৱা জীৱন কটোৱা লোক, শাৰীৰিকভাবে অসুস্থ-দুৰ্বল লোক, গৰ্ভাৱস্থা, ড্ৰাগছসেৱনকাৰী,শৰীৰৰ কম ইমিউনিটি থকা লোক আদিৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি থাকে৷ দীৰ্ঘকাল ষ্টেৰইড দৰব গ্ৰহণ কৰা লোকৰ হাঁড় দুৰ্বল হোৱা ফলত সহজে কঁকালৰ বিষ হয়৷ কিছুমান লোকৰ জেনেটিক কাৰণত হাঁড়ৰ ৰোগ (যেনে এনকাইলজিং স্পণ্ডাইলাইটিচ) হব পাৰে - তেনেলোকৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেচি৷ অতিমাত্ৰা কষ্টকৰ শ্ৰম কৰা লোক নাইবা ঠিয় হবলৈ সুযোগ নোপোৱা দীৰ্ঘকাল সময় চকীতে বহি কটোৱা চাকৰিও কঁকালৰ বিষৰ কাৰক হব পাৰে৷ আকৌ মানসিকভাবে দু:চিন্তা আৰু ডিপ্ৰেচনত ভোগা লোকৰ কঁকালৰ বিষ বেচি হোৱা দেখা যায়৷

কঁকালৰ বিষৰ কাৰণসমূহ

আগতে উল্লেখ কৰি অহা কঁকালৰ যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ কিন্তু কেতিয়াবা বিষৰ কাৰণ অনুসন্ধান কৰিলেও পোৱা নাযায়৷ আগদিনালৈকে ভালে থকা মানুহ এজনৰ পিছদিনা পুৱাই হঠাতে কঁকালৰ বিষ হব পাৰে৷ বিষৰ বাবে কামৰ ক্ষতি হব পাৰে৷ যিমানে বেচি বিষ হলেও বেচি ভাগ ক্ষেত্ৰতে কঁকালৰ বিষৰ গুৰুতৰ কাৰণ নোলায়৷ কাচিৎহে পেটৰ ভিতৰৰ অংগৰ বা ৰাজহাঁড়ৰ মজ্জাৰ টিউমাৰৰ লক্ষণ হিচাবে কঁকালৰ বিষ হব পাৰে৷ মনত ৰাখিব লাগিব কিডনিৰ পাথৰ, স্পাইনেল ষ্টেনচিচ, কউডা একিউনা চিনড্ৰম, মহিলাৰ পেলভিক ইনফ্লেমেটৰি ডিজিজ, এণ্ডোমেটৰিয়াচিচ, মূত্ৰাশয়ৰ সংক্ৰমণ আদিতো কঁকালৰ বিষ হব পাৰে৷ কঁকালৰ বিষৰ অন্যান্য সচৰাচৰ দেখা দিয়া কাৰণ সমূহ হ'ল - ষ্ট্ৰে'ন বা মোচোকা খোৱা, মাংসপেশি টান খোৱা, লিগামেন্ট টান খোৱা, গধূৰ ওজন বেসঠিকভাবে লৰচৰ কৰিবৰ প্ৰয়াস কৰা, যি কোনো দূৰ্ঘটনাৰ ফলত কঁকালত কোনো আঘাত পোৱা৷ কঁকালৰ হাঁড়ৰ মাজত থকা ডিস্কে 'শ্বক এবজৰভাৰ'ৰ দৰে আমাৰ ৰাজহাঁড়ক সুৰক্ষা দিয়ে৷ এই ডিস্কৰ নানাবিধ বিজুতি ঘটিলে কঁকালৰ বিষ হয়৷ ডিস্কৰ হাৰ্ণিয়া হৈ স্নায়ুত চেপা খালে কঁকালৰ পৰা টিকা হৈ ভৰিলৈকে তীব্ৰ বিষ হোৱা অৱস্থাক চিয়াটিকা (Sciatica) বোলে৷ হাঁড়ৰ ৰোগ অষ্টিঅ'আৰ্থাইটিচ হলেও কঁকালৰ বিষ হব৷ দীৰ্ঘকাল বিশ্ৰাম নোলোৱাকৈ গাড়ী চলাই গলে হোৱা কঁকালৰ বিষৰ অভিজ্ঞতা বহুতৰে হয়তো আছে৷ একেদৰে লেপটপ বা কম্পিউটাৰত বেহিচাবে ভাজ লগাকৈ বহিও বহুতে কঁকালৰ বিষ চপাই লয়৷ হাঁড়ৰ বিসংগতি যেনে স্কলিঅ'চিচ আৰু স্পণ্ডাইললিষ্টেচিচ কঁকালৰ বিষৰ কাৰক হব পাৰে৷

কঁকালৰ বিষৰ প্ৰধান লক্ষণসমূহ

জ্বৰ,বিশ্ৰাম ললেও নকমা বিষ, বিষোৱা অঞ্চল ফুলি উঠা, আঠু-ভৰি পৰ্য্যন্ত বিষ বিয়পা, শৌচ-প্ৰসাৱত কষ্ট পোৱা, টিকা-শৌচদ্বাৰ-জননেন্দ্ৰিয়ৰ আশেপাশে স্বাভাৱিক অনুভূতি কমি জঠৰতা অনুভৱ হোৱা, শৰীৰৰ ওজন হ্ৰাস হোৱা ইত্যাদি৷

কঁকালৰ বিষত কৰিবলগীয়া পৰীক্ষাসমূহ

এক্সৰে, চিটিস্কেন, এমআৰআই স্কেন, ব'ন স্কেন, ইলেক্ট্ৰমায়'গ্ৰাফি,তেজ-প্ৰসাৱৰ পৰীক্ষা আৰু প্ৰয়োজন সাপেক্ষে পেটৰ আলট্ৰাচাউণ্ড৷

চিকিৎসা

বিষৰ উপশমৰ বাবে নানাবিধ ঔষধ প্ৰয়োগ কৰা হয় - পেৰাচিটামল,এচপিৰিন,আইব্ৰুপ্ৰফেন, নেপ্ৰস্কেন, মেফেনেমিক এচিড, ইন্দোমিথাচিন, কিটপ্ৰফেন, ডাইক্লপ্ৰফেন আদি৷ মাংসপেশিৰ টান আতৰাবলৈ মাংসপেশি শিথিল কৰা দৰব৷ নানাবিধ বিষ কমোৱা মলম আৰু স্প্ৰে৷ কেতিয়াবা প্ৰয়োজন সাপেক্ষে ষ্টেৰইড বেজীও প্ৰয়োগ কৰা হয়৷ কিছুমান ৰোগীক ডায়েজেপাম আৰু এমিট্ৰিপ্টলিনজাতীয় ঔষধৰেও চিকিৎসা দিয়া হয়৷

ৰোগীৰ মনোবল বৃদ্ধিৰ বাবে কেতিয়াবা কাউঞ্চেলিংৰ প্ৰয়োজন হব পাৰে৷

একুপাংচাৰৰ দ্বাৰা চিকিৎসা কৰিলে শৰীৰত উৎপন্ন হোৱা এণ্ডৰফিনে বিষ উপশম হোৱাত সহায় কৰে৷

সাধাৰণতে ডিস্কৰ প্ৰলাপচ হলে নাইবা দুডাল হাঁড সংলগ্ন হৈ (স্পণ্ডাইল'লিষ্টেচিচ) বিষ উৎপন্ন কৰিলে অপাৰেচনৰ দ্বাৰা বিষৰ নিৰাময় কৰা হয়৷ অসতৰ্ক অপাৰেচনে পেৰালাইচিচজাতীয় স্নায়ুৰ দুৰ্বলতা সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়৷

সামৰণিত দুআষাৰ

  • সকলোধৰণৰ ব্যায়ামে কঁকালৰ মাংসপেশিক সবল কৰি কঁকালৰ বিষ প্ৰতিৰোধত সহায় কৰে৷
  • মেদবহুলতা কমাওক৷বি এম আই মতে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক৷
  • শৃঙ্খলিত জীৱন অতিবাহিত কৰক৷
  • ধুম্ৰপান আৰু ৰাগিয়াল দ্ৰব্য পৰিত্যাগ কৰক৷
  • চিন্তামুক্ত হৈ জীৱন যাপনৰ প্ৰয়াস কৰক৷
  • তীব্ৰ বিষত কামৰ সময়ত কঁকালৰ বেল্ট বান্ধিব পাৰে কিন্তু এবাৰত সাদিনৰ বেচি দিন ব্যৱহাৰ নকৰাই ভাল৷
  • কঁকালৰ বিষত টান বিচনাত শোৱা ভাল৷
  • কঁকালৰ বিষত হাইহিল জোতা অপকাৰী৷
  • উপযুক্ত পৰিমানৰ নিদ্ৰা (দিনে ৭-৮ ঘন্টা) শৰীৰৰ বাবে অতি আৱশ্যকীয়৷
  • গধুৰ বস্তু লৰচৰ কৰোতে মনত ৰাখিব নিজৰ ফালে টনাতকৈ বিপৰীত থেলাটো অধিক নিৰাপদ৷

কঁকালৰ বিষৰ ঘৰুৱা চিকিৎসা

  • গৰম পানীৰ বেগ আৰু বৰফৰ বেগেৰে সলনাসলনিকৈ কঁকালৰ বিষোৱা অঞ্চলত সেক দিলে বিষৰ উপশম ঘটে৷
  • কেইফুটামান নহৰু ঠেতালি মিঠাতেলত উতলাওক নাইবা অলপমান কৰ্পূৰ নাৰিকল তেলৰ সৈতে উতলাওক৷ যেই কোনো এবিধ কুহুমীয়া গৰম তেলেৰে দিনে দুবাৰকৈ কঁকালত মালিশ কৰক৷ বিষ-যন্ত্ৰণাৰ ভালেখিনি উপশম ঘটিব৷

(এই প্ৰাথমিক ঘৰুৱা চিকিৎসাৰ পিছতো কঁকালৰ বিষ ৰৈ গ'লে চিকিৎসকৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰাওক৷)

ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate