অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গেষ্ট্ৰিক আলচাৰৰ পৰা সাৱধান :

গেষ্ট্ৰিক আলচাৰৰ নাম নজনা লোক বোধহয় খুব কমেই ওলাব। কিন্তু গেষ্ট্ৰিক আলচাৰ বা গেষ্ট্ৰিকজনিত ঘা বিধ শৰীৰৰ কোন স্থানত আৰু কিয় হয়, সেই বিষয়ে সৰ্বসাধাৰণ জ্ঞান নহয়। ই হ’ল আমাৰ পৰিপাক নলীৰ ভিতৰৰ শ্লৈষ্মিক আৱৰণত লগা এবিধ ঘা।

এই ঘা দুই ধৰণৰ- এবিধ ‘বিনাইন’ অৰ্থাৎ ‘নন কেঞ্চাৰ’ ঘা আৰু আনবিধ হ’ল কেঞ্চাৰ কোষযুক্ত ঘা। নানা কাৰণত গেষ্ট্ৰিক আলচাৰ হ’ব পাৰে যদিও ইয়াৰ মূল কাৰক হ’লে হেলিক’বেক্টাৰ বা এইচ পাইল’ৰী নামৰ এবিধ বেক্টেৰিয়া।

এইখিনিতে জানি থোৱা ভাল যে বিশ্বৰ ৫০ শতাংশতকৈও অধিক লোকৰ পাকস্থলীত এইবিধ বেক্টেৰিয়াই বাস কৰে। পাকস্থলীত এই বেক্টেৰিয়া কঢ়িয়াই ফুলা লোকৰ ১০-১৫ শতাংশৰ ক্ষেত্ৰতহে গেষ্ট্ৰিক আলচাৰ হোৱা দেখা যায়।

গেষ্ট্ৰিক আলচাৰৰ কেইটামান উল্লেখনীয় কাৰণ হ’ল -

  • দীৰ্ঘদিন ধৰি ষ্টেৰয়ড, পেৰাচিটামল, এছপিৰিনজাতীয় ঔষধ সেৱন। শৰীৰৰ কোষৰ পৰা উপশম পোৱাৰ উদ্দেশ্য গ্ৰহণ কৰা পেইন কিলাৰ অৰ্থাৎ বিষ উপশমকাৰী দৰববোৰো গেষ্ট্ৰিক আলচাৰৰ অন্যতম কাৰক।
  • পাকস্থলীত অত্যধিক এচিড সৃষ্টি
  • অটো ইমিউন ডিজিজ
  • ফাষ্ট ফুড, জাংক ফুড, অধিক মচলাযুক্ত খাদ্য, ধূমপান-মদ্যপান ইত্যাদি।

লক্ষণসমূহ:

  • পেটৰ বিষ,
  • খোৱাৰ পাছত বিষৰ প্ৰাবল্য বৃদ্ধি,
  • বুকুৰ জ্বলা-পোৰা,
  • অভোক,
  • টেঙা উগাৰ,
  • বমি,
  • বমিৰ ভাব,
  • পেট ফুলি থকা ইত্যাদি।

আনহাতে কাৰোবাৰ ক্ষেত্ৰত যদি এক বা একাধিক বিপদ সংকেতযুক্ত লক্ষণে দেখা দিয়ে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

বিপদ সংকেতযুক্ত কেইটামান লক্ষণ হ’ল -

  • ওজন হ্ৰাস,
  • গলত খাদ্য লাগি ধৰা,
  • তেজ বমি,
  • ক’লা শৌচ,
  • খাদ্যনলীৰ সংকোচন,
  • শৰীৰত তেজ কমি যোৱা ইত্যাদি।

এইখিনিতে অতিশয় গুৰুত্বপূৰ্ণ কথা হ’ল এই যে যাৰ পৰিয়ালত কেঞ্চাৰৰ ইতিহাস আছে আৰু বয়স ৫০ বছৰ অতিক্ৰম কৰিছে, তেওঁৰ ক্ষেত্ৰত উল্লিখিত বিপদ সংকেতযুক্ত লক্ষণে দেখা দিলে অৱহেলা নকৰে যেন। কাৰণ এই লক্ষণসমূহে কেঞ্চাৰৰ সম্ভাৱনা বহন ক্ৰে।

গেষ্ট্ৰিক আলচাৰ কাৰ হ’ব পাৰে -

  • ধঁপাত সেৱনকাৰী,
  • মদ্যপায়ী,
  • বয়সিয়াল লোক,
  • একেলগে কেইবাটাও ‘পেইন কিলাৰ’ টেবলেট খোৱাসকলৰ আলচাৰ হোৱাৰ সম্ভাৱনা আনতকৈ বেছি।

চিনাক্তকৰণ পদ্ধতি:

বাৰ্তালাপৰ জৰিয়তে চিকিৎসকে ৰোগীয়ে ভোগ কৰা শাৰীৰিক সমস্যাসমূহৰ খুঁটি-নাটিৰ বিষয়ে জানি লয়।

তাৰ পাছত এণ্ডোষ্ক’পী আৰু এইচ পাইল’ৰী বেক্টেৰিয়া পৰীক্ষা কৰি ৰোগ আৰু ৰোগৰ জটিলতা নিৰ্ণয় কৰে। প্ৰয়োজনত বায়’পসী পৰীক্ষা কৰাব লগা হ’ব পাৰে।

চিকিৎসা -

হেলিক’বেক্টাৰ পাইল’ৰীক ধ্বংস কৰাৰ লগতে এচিড উৎপন্ন বন্ধ কৰি ৰোগ নিৰাময়ৰ উদ্দেশ্যে ঔষধ-চিকিৎসা আগবঢ়োৱা হয়। আনহাতে জটিল ৰোগীৰ ক্ষেত্ৰত এণ্ডোষ্ক’পিক চিকিৎসাৰ প্ৰয়োজন হয়।

বিশেষকৈ কিছুমান ৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ চিকিৎসা পদ্ধতি প্ৰয়োগ কৰিব লগা হ’ব পাৰে।

তদুপৰি যিসকলৰ গেষ্ট্ৰিক আলচাৰ কেঞ্চাৰলৈ পৰ্যবসিত হৈছে, তেওঁলোকৰ বেলিকা আনুষংগিক চিকিৎসাৰ লগতে কেঞ্চাৰৰ চিকিৎসা আগবঢ়োৱা হয়।

প্ৰতিৰোধ ব্যৱস্থা -

এই কথা সৰ্বজনবিদিত যে ৰোগ নিৰাময়তকৈ প্ৰতিৰোধেই উত্তম ব্যৱস্থা। এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষৰ দৰব নাখাব।

ধূমপান-মদ্যপানৰ পৰা বিৰত থাকিব। জাংক ফুড, ফাষ্ট ফুড, চাহ-কফী আদি পাৰ্যমানে এৰাই চলিব।

জলা, অধিক মচলাযুক্ত খাদ্য, টেঙাজাতীয় খাদ্যৰ পৰা আঁতৰি থাকিব। খালী পেটে নাথাকিব আৰু কম কমকৈ দিনটোত কেইবাবাৰো আহাৰ গ্ৰহণ কৰিব। পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব।

লেখক: ডাঃ ছবুৰউদ্দিন আহমেদ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate