অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি পাতল হোৱাৰ সমস্যা :

চুলি পাতল হোৱাৰ সমস্যা :

 

বয়স বঢ়াৰ লগে লগে নাৰী আৰু পুৰুষ উভয়ৰে চুলি সৰিবলৈ আৰম্ভ কৰে । চুলি সৰাৰ ফলত পুৰুষৰ বিশেষ একো দুশ্চিন্তা নহয়, কাৰণ ধৰিয়েই লোৱা হয় যে বহুত পুৰুষ এসময়ত তপা হয় । পৃথিৱীৰ বেছিভাগ বিখ্যাত মানুহেই তপা । সাধাৰণ মানুহৰ দৃষ্টিত তপা মূৰ আৰু উৰ্বৰ মস্তিষ্ক প্ৰায় সমাৰ্থক । কিন্তু তিৰোতাৰ ক্ষেত্ৰত গোটেই সমস্যাটোৱেই এটা পৃথক ৰুপ ধাৰণ কৰে । তিৰোতাৰ জীৱনৰ এটা প্ৰধান গৌৰৱ শাৰীৰিক সৌন্দৰ্য । এনে কোনো তিৰোতা থাকিবই নোৱাৰে-যি নিজৰ শাৰীৰিক সৌন্দৰ্যৰে পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিব নোখোজে । তিৰোতাৰ সৌন্দৰ্যৰ এটা অবিচ্ছেদ্য উপাদান হ’ল তেওঁৰ চুলিকোছা । একোছা ঘন চুলিয়ে তিৰোতাক এটা বিশেষ সৌন্দৰ্য দিয়ে । যিকোনো কাৰণত চুলি পাতল হ’বলৈ আৰম্ভ কৰিলে তিৰোতাৰ দুশ্চিন্তাও আৰম্ভ হয় । কাৰণ ঘন চুলি আৰু পাতল চুলিৰ মাজত আকাশ-পাতল পাৰ্থক্য বুলি তেওঁ ভালকৈয়ে জানে । সেই কাৰণে বেছিভাগ তিৰোতাৰ গোপন মানসিক অশান্তিৰ এটা বিশেষ কাৰণ হ’ল পাতল চুলি ।

গড় হিচাপে প্ৰতিজন ব্যক্তিয়ে দিনে ১০০ ডাল চুলি হেৰুৱায় । কিন্তু গড় হিচাপে চুলি গজে এমাহত মাত্ৰা আধা ইঞ্চি । ফলত আপোনাৰ বয়স যিমানেই বাঢ়িব সিমানেই আপোনাৰ চুলি সৰাৰ পৰিমানো বাঢ়িব । চুলি সৰাৰ আন এটা কাৰণ হ’ল বংশগতি । যিটো বংশত পুৰুষসকল জীৱনৰ এটা বয়সত তপা হ’বলৈ আৰম্ভ কৰে, সেই বংশত তিৰোতাসকলৰো চুলি সৰাৰ প্ৰৱণতা দেখা যায় ।

চুলি সৰাটো আপুনি বন্ধ কৰিব নোৱাৰে । প্ৰকৃতিৰ নিয়ম মতেই চুলি সৰে । কাৰোবাৰ বেছিকৈ, কাৰোবাৰ কমকৈ । কিন্তু আপুনি এনে কেইটামান উপায় অৱলম্বন কৰিব পাৰে, যিকেইটা উপায়ৰ দ্বাৰাই আপুনি পাতল চুলিকো ঘন যেন দেখুৱাব পাৰে ।

প্ৰথমটো উপায় হ’ল চুলিত কলপ লগোৱা । কলপ লগালে প্ৰতিডাল চুলিকে অলপ শকত যেন দেখায় । আৰু এডাল চুলিৰ ওপৰত ইডাল বাগৰি নপৰি চুলিবোৰ ওচৰা-উচৰিকৈ পৰি থকাৰ কাৰণে চুলি পাতল হোৱা বুলি মানুহে ধৰিব নোৱাৰে । যদি চুলি খুব বেছি পাতল হয় তেতিয়া পাতল ৰঙৰ কলপ ব্যৱহাৰ কৰিলে চুলিবোৰক ঘন যেন দেখুওৱাত বেছি সহায় হয় ।

চুলি শুকান কৰিবলৈ এটা বিশেষ সঁজুলি ব্যৱহাৰ কৰা হয় । সেই সঁজুলিটো ব্যৱহাৰ কৰিলে প্ৰতিডাল চুলিকে তাৰ আচল আকৃতিতকৈ দুগুণ বা তিনিগুণ বেছি শকত দেখায় । পাতল ৰঙৰ কলপ ব্যৱহাৰ আৰু চুলি শুকুৱাবৰ কাৰণে ড্ৰায়াৰৰ ব্যৱহাৰৰ কাৰণে পাতল চুলিৰ সমস্যাটো মানুহৰ পৰা গোপন কৰি ৰাখে । কিন্তু ড্ৰায়াৰ ব্যৱহাৰ কৰিলে চুলিৰ পৰা তিনি ইঞ্চিমান দূৰত ড্ৰায়াৰটো ধৰিব লাগে । সঘনে ড্ৰায়াৰ ব্যৱহাৰ কৰা তিৰোতাসকলে উৎকৃষ্ট কণ্ডিশ্বনাৰ ব্যৱহাৰ কৰা উচিত ।

পাতল চুলিকো ঘন দেখাবলৈ প্ৰতিদিনে প্ৰ’টিন শ্বেম্পু ব্যৱহাৰ কৰিলে সুফল পোৱা যায় । তেলেতীয়া চুলিয়ে তালুখন সহজে উদঙাই দিয়ে । প্ৰতিদিনে শ্বেম্পু ব্যৱহাৰ কৰিলে চুলিৰ তেলেতীয়া ভাবটো নোহোৱা হয় । ফলত চুলিবোৰে তালুখন ঢাকি ৰাখিব পাৰে । উৎকৃষ্ট কণ্ডিশ্বনাৰ হিচাপে ৰন্ধাৰ কামত ব্যৱহাৰ কৰা বগা ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰি । এগিলাচ পানীত এক টেবুল চামুচ ভিনেগাৰ মিহলাই তাক কণ্ডিশ্বনাৰ হিচাপে ব্যৱহাৰ কৰিব । ভিনেগাৰে চুলিৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাই তাক শ কত যেন দেখাত সহায় কৰে । পাকঘৰত থকা আন এটা বস্তুৱেও চুলিক শকত যেন দেখুওৱাত সহায় কৰে । সেইটো হ’ল কণী । এটা কণী চিধাচিধি মূৰৰ তালুত ভাঙি দিয়ক । পাঁচ মিনিটমান সময় কণীটোৰে চুলিখিনি মালিচ কৰক, তাৰ পিছত চুলিখিনি শ্বেম্পু কৰি ধুই পেলাওক । এই আটাইকেইটা উপায়েৰে চুলিক শকত কৰাত সহায় নকৰে । কিন্তু সি নিশ্চয় সহায় কৰে চুলিক শকত যেন দেখুওৱাত ।

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate