অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিজিটেল দৃষ্টি অৱসাদ :

বিশ্বজুৰি আধুনিক যুগৰ এক আধুনিক ৰোগ ডিজিটেল দৃষ্টি অৱসাদ। আমি সকলোৱে কোৱা শুনো অথবা এজনে আনজনক কওঁ যে অধিক ডিজিটেল উপকৰণৰ ব্যৱহাৰৰ ফলত আমাৰ চকুযোৰ বেয়া হ’ব পাৰে।

চকুযোৰনো কি বেয়া হ’ব পাৰে বা তাৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কৰণীয় কি, তাৰ বিষয়ে আলোচনাৰ প্ৰয়োজন অনুভৱ কৰি লিখাৰ প্ৰয়াস কৰিলো।

গাঁও-নগৰ-চহৰ সকলোতে আজিকালি শৈশৱৰ খেল-ধেমালিৰ বিলুপ্তি ঘটিব ধৰিছে। সকলোবোৰ খেল-ধেমালি LCD, LED যুক্ত উপকৰণবোৰত সীমাৱদ্ধ হৈ পৰিছে। আজিকালি আমাৰ বেছিভাগৰে দৈনন্দিন জীৱন আৰম্ভ প্ৰায় সাত বজাত, মোবাইলফোনৰ এলাৰ্ম তথা ছ’চিয়েল মিডিয়া, ই-মেইল ইত্যাদিৰে হয়।

এইবিলাকৰ দ্বাৰা দিনটোৰ আৰম্ভণিতে চকু আৰু মগজুৰ পূৰ্ণ কচৰতো আৰম্ভ হয়। আকৌ দিনটো বিভিন্ন কাৰণত ডিজিটেল যন্ত্ৰ প্ৰয়োগৰ পিছত ৰাতি শোৱাৰ সময়তো এবাৰকৈ হ’লেও ইয়াক ব্যৱহাৰ কৰো।

বহুতো মাতৃয়ে সন্তানে তেওঁৰ লগত বেছিকৈ লাগি থকাৰ বাবে বহুত সৰুৰে পৰা হাতত তুলি দিয়ে এই ডিজিটেল যন্ত্ৰ।

শিশুৱে মনোৰঞ্জনৰ অন্যতম সাধন হিচাপে ইয়াক ব্যৱহাৰ কৰিবলৈ লয়। কৈশোৰত তথ্য জনাৰ বা উৎসুকতাৰ বাবে ইয়াৰ ব্যৱহাৰ অধিক হৈ পৰে। তাৰোপৰি যৌৱনত ই হৈ পৰে দৈনিক জীৱনৰ অভিন্ন অংগ।

বহুতৰে চাকৰি জীৱনতো ইয়াক চাকৰিৰ অংশ হিচাপে ব্যৱহাৰ কৰে। আনকি আজিকালি বাৰ্ধক্যতো মনোৰঞ্জনৰ মাজেৰে সময় অতিবাহিত কৰিবলৈ ডিজিটেল যন্ত্ৰই মূল সহায়ক হয়।

বয়স যিয়েই নহওক, চকুযোৰ সকলোৰে বাবে অতি লাগতীয়াল অংগ যদিও সাধাৰনতে চকুৰ প্ৰতি যতন লোৱা দেখা নাযায়। ফলত যেতিয়া দৃষ্টি শক্তি লোপ পাবলৈ ধৰে, তেতিয়াহে ততাতৈয়াকৈ গুৰুত্ব দিয়ে। এই আধুনিক যুগৰ আধুনিক যন্ত্ৰবোৰৰ অৰ্থাৎ ডিজিটেল উপকৰণবোৰৰ দ্বাৰা সৃষ্টি হোৱা এবিধ ৰোগ হ’ল ‘ডিজিটেল দৃষ্টি অৱসাদ’।

ডিজিটেল দৃষ্টি অৱসদেৰে প্ৰকৃততে চিকিৎসক বা স্বাস্থ্যকৰ্মীয়ে এস্থেনোপিয়া(Asthenopia) ৰোগকে বুজায়। ইয়াক আন আন নামেৰেও বহুলোকে বুজায়, যেনে- কম্পিউটাৰ ভিজন ছিন্দ্ৰম বা আইষ্টেইন আদি।

এইৰোগৰ লক্ষণবোৰ হ’ল -

  • চকুৰ শুষ্কতা,
  • ফ’কাচ কৰাত অসুবিধা,
  • চকুৰ খজুৱতি বা খচখচনি,
  • বিলম্বিত ফ’কাচ,
  • মূৰৰ বিষ,
  • চকুপানী ওলাই থকা,
  • ধূসৰ বা দুটাকৈ সংবেদনশীল,
  • ডিঙি, কান্ধ আৰু কঁকালৰ বিষ আৰু শাৰীৰিক পৰিশ্ৰম নকৰাকৈয়ে ভাগৰ লগা ইত্যাদি।

দৃষ্টি অৱসাদৰ প্ৰধান কাৰণবোৰ হ’ল -

  • স্মাৰ্টফোন,
  • কম্পিউটাৰ,
  • টিভি আদিৰ অধিক ব্যৱহাৰ,
  • অধিক উজ্জ্বল বস্তুলৈ এক দৃষ্টিৰে চাই থকা অধিক সময় ধৰি অধিক মনোযোগেৰে চাই থকা,
  • অতি কম পোহৰত চকুৰ ব্যৱহাৰ কৰা ইত্যাদি।

ডিজিটেল দৃষ্টি অৱসাদ চকুৰ আন আন ৰোগৰো কাৰক হ’ব পাৰে। চকুৰ স্নায়ুৰ দুৰ্বলতা, লেন্সৰ সমস্যা ইত্যাদি সঘনে হোৱা দেখা যায়। আজিকালি অতি কম বয়সতে চছমা পিন্ধা লোকৰ সংখ্যা বেছি উপকৰণৰ ব্যৱহাৰ।

যদিও আমি বিভিন্ন সময়ত ডিজিটেল উপকৰণৰ পাৰ্শ্বক্ৰিয়াৰ কথা আলোচনা কৰো, তথাপি ইয়াৰ ব্যৱহাৰক বৰ্তমানৰ জীৱনশৈলীত এৰাই চলাটো সম্ভৱ নহয়।

গতিকে ইয়াৰ প্ৰ্তি সজাগ হৈ প্ৰতিৰোধমূলক ব্যৱস্থাবোৰ পালন কৰিলে নিশ্চয়কৈ সুফল পোৱা যাব।

শাক-পাচলি, ফল-মূল আদি খোৱা, সেউজীয়া ঘাঁহনিত খালী ভৰিৰে খোজকঢ়া, অধিক পৰিমাণে পানী খোৱা আদি কামবোৰ চকুৰ স্বাস্থ্যৰ বাবে ভাল বুলি সৰুৰে পৰা শুনি আহিছো। কিন্তু আন কিছুমান বিজ্ঞান ভিত্তিক প্ৰতিৰোধমূলক ব্যৱস্থাৰ প্ৰতি লোকসকল সজাগ নহয়।

উদাহৰণস্বৰূপে শিশুকালৰ পৰাই চকুযুৰিৰ যতন ল’বলৈ বেছিভাগ পিতৃ-মাতৃয়ে নিশিকায়।

ডিজিটেল দৃষ্টি অৱসাদ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা উপায়সমূহৰ কিছুমান হ’ল -

১)২০-২০-২০ নিয়ম:

কম্পিউটাৰ, মোবাইলফোন আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰা লোকসকলে ডিজিটেল দৃষ্টি অৱসাদৰ পৰা পৰিত্ৰাণ পাবলৈ এই নিয়ম অনুসৰণ কৰাটো অতি প্ৰয়োজনীয়।

এই নিয়ম অনুযায়ী ডিজিটেল উপকৰণ ব্যৱহাৰ কৰোঁতে প্ৰতি ২০ মিনিট ব্যৱধানত ২০ ফুট দূৰত থকা যিকোনো বস্তুলৈ ২০ ছেকেণ্ডলৈ চাই পঠিয়াই নিৰন্তৰভাৱে মনিটৰলৈ চাই থকাৰ পৰা বিৰতি ল’ব লাগে।

২)ডিজিটেল আই ছিন্দ্ৰমৰ প্ৰতিৰোধৰ বাবে নিৰ্ডিষ্টি সময়ৰ ব্যৱধান্ত চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰাই থাকিব লাগে।

যিবিলাক মানুহে অনবৰত কম্পিউটাৰত কাম কৰি থাকে, তেওঁলোকে অতি কমেও বছৰত এবাৰকৈ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰোৱা উচিত।

৩)কাম কৰা কৰ্মৰত কোঠাৰ ভিতৰত বা ডিজিটেল উপকৰণ ব্যৱহাৰ কৰা কোঠাৰ ভিতৰত সঠিক মাত্ৰা পোহৰৰ প্ৰয়োজন। অধিক পোহৰ থকা উজ্জ্বল কোঠাৰ ভিতৰত ডিজিটেল যন্ত্ৰৰ ডিচাপ্লে প্ৰতিষ্ঠাৰ ফলত দৃষ্টি অৱসাদৰ আশংকা বাঢ়ে।

আনহাতে কম পোহৰেও চকুৰ ক্ষতি কৰে। কম্পিউটাৰ বা আন ডিজিটেল যন্ত্ৰবোৰৰ ডিচপ্লে’ৰ ওপৰৰ পৰা ফ্লোৰেচেন্স লাইটৰ ব্যৱহাৰৰ ফলতো দৃষ্টি অৱসাদ হ’ব পাৰে। গতিকে কোঠাৰ ভিতৰত পোহৰৰ পৰিমাণ আৰু দিশ নিয়ন্ত্ৰিত হোৱাটো অতি প্ৰয়োজনীয়।

৪)কম্পিউটাৰ ব্যৱহাৰ কৰা ৰূপত চমকনি, থকা বা পোহৰ প্ৰতিফলিত কৰিব পৰা ৰং ব্যৱহাৰ কৰাটো অনুচিত।

দেৱালত মেট ফিনিছত অলপ অনুজ্জ্বল ৰং প্ৰয়োগ কৰা উচিত, অথবা এন্টি ৰিফ্লেক্টিং ছচমা ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি খিৰিকীৰে প্ৰাকৃতিক উজ্জ্বল পোহৰৰ প্ৰৱেশো কোঠাটোত নিয়ন্ত্ৰিত হোৱা উচিত।

৫)অত্যধিক মনোযোগেৰে মনিটৰৰ ফালে চাই থাকিলে চকুৰ পতা বন্ধ কৰা নহয়। সঘনাই চকুৰ পতা বন্ধ নক্ৰিলে চকু শুকান হৈ পৰে। চকুৰ শুষ্কতাৰ ফলত চকু ৰঙা হোৱা তথা মূৰৰ বিষকে ধৰি আন চকুৰ ৰোগে দেখা দিয়ে।

এনেধৰণৰ লক্ষণে দেখা দিলে সঘনাই চকু জপোৱাৰ উপৰিও কৃত্ৰিম চকুপানী অথবা লুব্ৰিকেটিং আইড্ৰপ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।

৬)সঘনে লোৱা বিৰতিয়ে আপোনাৰ চকুযুৰিক ডিজিটেল দৃষ্টি অৱসাদৰ পৰা আঁতৰত ৰাখিব পাৰে।

এনেধৰণৰ সৰু অথচ অতি মূল্যৱান কথাবোৰ অনুকৰণ কৰি নিজক তথা পৰিয়ালৰ আন সদস্যসকলক সজাগ কৰি অমূল্য চকুযুৰি সময়ৰ আগতে ৰুগীয়া হোৱাৰ পৰা বচাব পাৰি।

অধিক পানী সেৱনৰ গুৰুত্ব যিদৰে শৰীৰৰ আন অংগবোৰৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়, ঠিক তেনেদৰে চকুৰ সুৰক্ষাৰ বাবে বা চকুৰ শুষ্কতা প্ৰতিৰোধৰ বাবে অধিক আধুনিক যুগৰ আধুনিক ৰোগ ডিজিটেল অৱসাদৰ পৰা আঁতৰি থাকিবলৈ আমি সকলোৱে সজাগ হওঁ আহক।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate