অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডেংগু জ্বৰ অযথা আতংকিত নহ’ব

ডেংগু জ্বৰ অযথা আতংকিত নহ’ব

শেহতীয়াভাৱে অসমৰ বিভিন্ন ঠাইত পুনৰবাৰ ডেংগু জ্বৰে আতংকৰ সৃষ্টি কৰিছে।ডেংগু জ্বৰ এবিধ ভাইৰাছ (ফ্লেবিভাইৰাছ-Flavivirus)ৰ দ্বাৰা হয়।বিশেষকৈ গ্ৰীষ্মকালি যেতিয়া মহৰ সংখ্যা বৃদ্ধি হয় তেতিয়া ইয়াৰ আক্ৰমণ অধিক হয়।এডিচ প্ৰজাতিৰ মহৰ দ্বাৰা ডেংগু জ্বৰ বিয়পে।অসমত এই প্ৰজাতিৰ মহ প্ৰচুৰ আছে।ভাৰতৰ জাতীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যসুচী (National Vector Born Disease Control Programme,NVBDCP)ৰ তথ্যমতে ২০১৬ বৰ্ষত দেশত ১,১১,৮৮০ গৰাকী লোকে ডেংগু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু তাৰে ভিতৰত ২২৭ গৰাকীয়ে মৃত্যুবৰণ কৰিছিল।

ভাইৰাছ কঢ়িওৱা এডিচ মহৰ কামোৰৰ দ্বাৰা শৰীৰত ভাইৰাছবিধ প্ৰৱেশ কৰাৰ ৫-৬ দিন পিছত অসুখৰ লক্ষণ লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰে।জ্বৰ উঠাৰ দুদিন আগৰ পৰা গা আৰু মুৰৰ বিষ হয়।সময়ত তীব্ৰ জ্বৰ উঠে আৰু পিঠি,মাংসপেশী,গাঁঠি আৰু মুৰৰ বিষ হয়।৩-৪ দিনৰ পিছত চতুৰ্থ বা পঞ্চম দিনা জ্বৰ কিছু শাম কাটি পুনৰ উঠে।সচৰাচৰ ৭-৮ দিনৰ মুৰত জ্বৰ এৰে।চকু ৰঙা পৰে আৰু বিষায়-চকুৰ ভিতৰত বা পিছফালে বিষোৱা যেন লাগে।চকুৰে পানী ওলাই থাকে।ভোক নলগা হয়,বমিভাৱ হয় তথা বমি হয়।ৰোগী মানসিকভাৱে দুৰ্বল আৰু হতাশ হৈ পৰে।বুকুৰ ধিপধিপনি কম হয়।ক্ৰমান্বয়ে শৰীৰত সৰু-ডাঙৰ ৰঙা-ৰঙা দাগ পৰে।আৰম্ভণীতে সেইবোৰ ঘামচি বা আই বুলি ভাৱ হ’ব পাৰে।ভৰি আৰু হাতৰ তলুৱাত আৰম্ভ হৈ ৰঙা দাগবোৰ ক্ৰমে গা-অংশলৈ বিয়পি পৰে।জটিলতাৰ সৃষ্টি নহ’লে আক্ৰান্ত ব্যক্তি লাহে লাহে আৰোগ্যৰ ফালে আগবাঢ়ে।

কিছুসংখ্যক আক্ৰান্ত ব্যক্তিৰ জ্বৰ উঠাৰ ৩-৪ দিনৰ পিছত ৰোগে জটিল ৰুপ ধৰিলে দাঁ তৰ গুৰি,নাক,মুখ আদিৰ পৰা নিজে নিজে তেজ ওলাবলৈ ধৰে।ৰক্তক্ষৰণ ৰোধ প্ৰক্ৰিয়াত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰা অনুচক্ৰিকা(Platelet) সমুহ ডেংগু ভাইৰাছে ধ্বংস কৰে বাবে এনে হয়।খাদ্যনলীৰ ভিতৰত হোৱা ৰক্তক্ষৰণৰ বাবে ক’লা বা মটীয়া শৌচ হ’ব পাৰে।মহিলাৰ জননেন্দ্ৰিয়ৰ ৰক্তক্ষৰণ হ’ব পাৰে।এনেধৰণৰ ৰক্তক্ষৰণে মুৰকত ৰক্তসঞ্চাৰণ ব্যৱস্থাৰ তাৎক্ষণিক বিকলতাৰ সৃষ্টি কৰিব পাৰে।ভাইৰাছৰ প্ৰতি উদ্ভুত উচ্চ-সংবেদনশীলতাৰ ফলত শৰীৰৰ কমপ্লিমেণ্ট (Complement)প্ৰণালী সক্ৰিয় হৈ ৰক্তবাহী নলীসমুহৰ বেৰৰ অনিষ্ট সাধিব পাৰে।প্ৰতিৰোধমুলকভাৱে তেজৰ গোট –মৰা প্ৰণালী সক্ৰিয় হ’বলৈ ধৰাৰ ফলত ৰক্তবাহী নলীসমুহৰ ভিতৰতে তেজ অ’ত-ত’ত গোট মাৰিবলৈ ধৰি (Disseminated Intravuscular Coagulation,DIC)জটিলতা অধিক বৃদ্ধি কৰিব পাৰে।ডেংগু জ্বৰৰ এইধৰণৰ জটিল স্তৰক ‘ৰক্তক্ষৰী ডেংগু জ্বৰ’(Dengue Haemorhagic Fever,DHF) বুলি কোৱা হয়।বৰ্তমান পাব পৰা উন্নত চিকিৎসাৰ পিছতো  DHF ত আক্ৰান্ত শতকৰা ১০ ভাগ ৰোগীৰ মৃত্যু হয়।

ডেংগু জ্বৰৰ চিকিৎসাৰ মুল প্ৰত্যাহ্বানটি হ’ল এই ফ্লেবিভাইৰাছ ধ্বংস কৰিব পৰা কোনো ঔষধ আজিৰ তাৰিখত উদ্ভাৱন হোৱা নাই।সেয়ে ভাইৰাছবিধ নিজে ধ্বংস হোৱালৈ বা শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতাই তাক ধ্বংস নকৰালৈকে আক্ৰান্ত ব্যক্তিগৰাকীক সবল ৰুপত ৰখাতেই ইয়াৰ চিকিৎসা সীমাবদ্ধ।

ডেংগুৰ আশংকা হ’লেই সেয়ে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি প্ৰয়োজনসাপেক্ষে তেজ পৰীক্ষা কৰাব লাগে।পৰীক্ষাত তেজত ডেংগু ভাইৰাছৰ অৱস্থিতি প্ৰমাণিত হ’লে চিকিৎসকৰ পৰামৰ্শমৰ্মে পিছৰ পৰ্যায়ৰ পৰীক্ষাসমুহ (যেনে-তেজত অনুচক্ৰিকাৰ পৰিমাণ গণনা,Platelet Count)কৰোৱাত পলম কৰিব নালাগে।অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমুহত বিনামুলীয়াকৈ ডেংগু জ্বৰৰ বাবে তেজ পৰীক্ষা কৰাব পৰা যায়।চিকিৎসকৰ পৰামৰ্শ অৱিহনে কোনো ঔষধ সেৱন কৰিব নালাগে।

যথোচিত পৰিচৰ্যা ডেংগু ভাইৰাছ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ মুলমন্ত্ৰ।বেছিভাগ ডেংগু-আক্ৰান্তৰে এইখিনি পৰিচৰ্যা ঘৰতে কৰিব পাৰি।কম সংখ্যকৰহে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন থাকে।এইখিনি কথা নুবুজা বাবে বা অযথা আতংকৰ বাবে বহুলোক অনাহকত খৰচান্ত হোৱা দেখা যায়।চিকিৎসকৰ পৰামৰ্শমতে ৰোগীক ঘৰত ৰাখি পৰিচৰ্যাৰ সময়ত অনবৰতে আঁঠুৱাৰ আৱৰি ৰখাটো ভাল,যাতে তেওঁক কামুৰি মহে ৰোগ অইনৰ গালৈ অধিক বিয়পাব নোৱাৰে।জিৰণিৰ একান্ত প্ৰয়োজন।খাবলৈ সহজে হজম হোৱা আহাৰ,ফল-মুল আৰু প্ৰচুৰ পৰিমাণে জুলীয়া খাদ্য তথা পানী দিব লাগে।অ’ আৰ এছ,নাৰিকলৰ পানী,খাদ্যপ্ৰাণ-‘চি’যুক্ত আহাৰ,যেনে-আমলখি,সুমথিৰা,নেমু আদি সৰহকৈ দিব লাগে।অমিতা গছৰ পাতৰ ৰস বা ফলৰ ডেংগু প্ৰতিৰোধী গুণ আছে বুলি কিছুসংখ্যকে মত পোষণ কৰিছে।চিকিৎসকৰ সৈতে সততে যোগাযোগ ৰক্ষা কৰিব লাগে আৰু পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট বিৰতিত তেজৰ অনুচক্ৰিকাৰ সংখ্যা গণনা পৰীক্ষা(Platelet Count) কৰাব লাগে।

লেখক:ডা: ৰমেন কুমাৰ কাকতি (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate