অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ড্ৰাই মাউথ :

 

শৰীৰৰ প্ৰয়োজনীয় অংগসমুহৰ ভিতৰত মুখগহ্বৰো অন্যতম।দাঁত,জিভা,তালু আৰু দাঁতৰ মাৰি বা আলুৰ সমাহাৰত মুখগহ্বৰে এক অন্যান্য মাত্ৰা পায়।খাদ্যবস্তু কামুৰি,চোবাই,গুড়ি কৰি খোৱাৰ সোৱাদ আৰু মজা লোৱাৰ উপৰি,দুপাৰি সুস্থ সমান,সুগঠিত বগা দাঁতৰ দন্তবিন্যাসে এজন ব্যক্তিৰ সৌন্দৰ্য আৰু ব্যক্তিত্বত যথেষ্ট প্ৰভাৱ পেলায়।খোৱাবস্তু চোবাই,গুড়ি কৰি খাই পাচনক্ৰিয়াত সহায় কৰাত দাঁত দুপাৰিৰ উপৰি আমাৰ মুখগহ্বৰত অনবৰতে নি:সৰিত হৈ থকা থু বা লেলাউটিয়েও এক বিশেষ ভুমিকা পালন কৰে।সাধাৰণ অৱস্থাত আমাৰ মুখগহ্বৰত প্ৰতি মিনিটত প্ৰায় ০.৩ মিলিলিটাৰ লেলাউটি নি:সৰিত হয়।এই থু বা লেলাউটিয়ে আমাৰ মুখগহ্বৰ অনবৰতে ধুই থাকে ফলত মুখগহ্বৰৰ প্ৰাকৃতিক প্ৰক্ষালণ হয় আৰু মুখগহ্বৰ পৰিষ্কাৰ হৈ থাকে।তদুপৰি লেলাউটিয়ে মুখগহ্বৰৰ তাপমান নিয়ন্ত্ৰণ কৰাৰ লগতে ইয়াত থকা বিভিন্ন ধৰণৰ এনজাইম আৰু ইমিউন’গ্লবুলিনে নানা ৰকমৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰি,শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলে যদিও মুখগহ্বৰত ব্যক্তিবিশেষে এক মানক পৰিমাণৰ লেলাউটি নি:সৰিত হৈ থকাটো এটা সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়া,কিন্তু বহুতো কাৰণত মুখত লেলাউটি ওলোৱাৰ পৰিমাণ কম-বেছি হ’ব পাৰে।মুখমণ্ডলত থকা ‘ছেলাইভাৰী গ্ৰেণ্ড’নামৰ এক বিশেষ লেলাউটি গ্ৰন্থিৰ পৰা মুখগহ্বৰত ‘ছেলাইভা’ বা লেলাউটি নি:সৰিত হয়।সেয়েহে লেলাউটিৰ পৰিমাণ কম-বেছি হোৱাৰ মান নিৰ্ভৰ কৰে লেলাৱটি গ্ৰন্থিৰ কাৰ্যক্ষমতা হ্ৰাস –বৃদ্ধি হোৱাৰ ওপৰত।আমাৰ শৰীৰত সঞ্চালিত হোৱা ৰক্তপ্ৰৱাহৰ পৰা এই গ্ৰন্থিবোৰে ৰস আহৰণ কৰি,তাৰ লগত ক্ৰিয়া-বিক্ৰিয়া ঘটায়,থু বা লেলাউটি উৎপাদন কৰে,কিবা কাৰণত যদি শৰীৰত ৰক্তপ্ৰৱাহত কিবা বেমেজালি ঘটে,লেলাউটি গ্ৰন্থি বাধাগ্ৰস্ত হয় আৰু লেলাউটি নি:সৰণ কৰা কাৰকৰ বিজুতি ঘটে,তেতিয়া গ্ৰন্থিৰ লেলাউটি উৎপাদন ক্ষমতা হ্ৰাস পায় আৰু মুখত লেলাউটি নি:সৰণৰ পৰিমাণ কমি যায়।

যি কাৰণতেই নহওক কিয় মুখগহ্বৰত সাধাৰণ অৱস্থাতকৈ লেলাউটিৰ পৰিমাণ কমি যোৱা বা লেলাউটিৰ নি:সৰণ বন্ধ হোৱা অৱস্থাটোক ড্ৰাইমাউথ বোলা হয়।চিকিৎসা –বিজ্ঞানত ‘ড্ৰাই মাউথ’ক Xerostoomia বোলে।

ড্ৰাই মাউথৰ কাৰণ -

জেৰোষ্ট’মিয়া বা ড্ৰাই মাউথ এটা সাধাৰণতে হোৱা অৱস্থা।এজন ব্যক্তি যিকোনো বয়সতে,যিকোনো সময়তে ড্ৰাই মাউথ অৱস্থাত ভুগিব পাৰে।বিভিন্ন বিজ্ঞানসন্মত পৰীক্ষা- নিৰীক্ষাৰ দ্বাৰা এইটো প্ৰমাণ হৈছে যে প্ৰতি চাৰিজন মানুহৰ মাজৰ এজন মানুহে ‘ড্ৰাই মাউথ ছিণ্ড্ৰম’ৰ বিষয়ে অভিযোগ কৰে।অৱশ্যে মুখগহ্বৰত লেলাউটি নি:সৰণ কম হোৱা প্ৰক্ৰিয়াটো সাময়িক বা ক্ষণস্থায়ী নতুবা স্থায়ী বা দীৰ্ঘকালীনো হ’ব পাৰে।সাধাৰণতে শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেচন হ’লে মুখত লেলাউটিৰ পৰিমাণ কমি যায়,মুখগহ্বৰ শুকান হৈ পৰে।কেতিয়াবা কিছুমান দ্ৰুত সংক্ৰমণ ,যেনে-মাম্পছ আদি হ’লেও সাময়িকভাৱে মুখগহ্বৰত লেলাউটিৰ পৰিমাণ  কমি যায়।

স্থায়ী বা দীৰ্ঘকালীন ড্ৰাই মাউথ হোৱাৰ মুখ্য কাৰণ হ’ল-লেলাউটি গ্ৰন্থিৰ বিজুতি।ছেলাইভাৰী গ্ৰেণ্ডৰ দীৰ্ঘদিনীয়া সংক্ৰমণ,গ্ৰেণ্ডৰ টিউমাৰ নতুবা কিবা কাৰণত যদি  অপাৰেচন কৰি ছেলাইভাৰী গ্ৰেণ্ড উঠাই পেলাবলগীয়া হয়,তেতিয়াহ’লে মুখগহ্বৰত লেলাউটিৰ নি:সৰণ সম্পুৰ্ণৰুপে বন্ধ হৈ পৰে।তদুপৰি মুখগহ্বৰৰ কেঞ্চাৰ ৰোগ আৰু তাৰ চিকিৎসা স্বৰুপে ব্যৱহাৰ কৰা ৰঞ্জন ৰশ্মিৰ প্ৰয়োগে লেলাউটি গ্ৰন্থিৰ কাৰ্যকাৰিতা প্ৰভুত বেমেজালি ঘটায়,ফলত মুখত লেলাউটি নি:সৰণ একেবাৰে কমি যায়।

শৰীৰৰ কিছুমান আভ্যন্তৰীণ তন্ত্ৰীয় ৰোগৰ বাবেও কেতিয়াবা দীৰ্ঘকালীন জেৰোষ্ট’মিয়া বা ড্ৰাই মাউথ হোৱা দেখা যায়।ৰিউমেটয়ড কণ্ডিচন,যেনে-‘ম’গ্ৰেন ছিণ্ড্ৰম’,এণ্ড’ক্ৰাইন বেমেজালি,যেনে-ডায়েবেটিছ মেলাইটাছত,স্নায়ুতন্ত্ৰৰ বেমাৰ যেনে-পাৰকিন্সন ডিভিজ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বেমেজালি হোৱা ইত্যাদি।

তদুপৰি কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও কেতিয়াবা ড্ৰাই মাউথ বা জেৰোষ্ট’মিয়া হোৱা দেখা যায়।পৰীক্ষামুলক অধ্যয়নে এইটো স্পষ্ট কৰিছে যে প্ৰায় চাৰিশতকৈও অধিক সততে ব্যৱহাৰ কৰা ঔষধৰ বাবে কেতিয়াবা লেলাউটি গ্ৰন্থিৰ কৰ্মদক্ষতা সাময়িকভাৱে বাধাগ্ৰস্ত হয় আৰু ড্ৰাই মাউথ ছিণ্ড্ৰ্মে দেখা দিয়ে।তাৰ ভিতৰত বিষ নিৰাময় ঔষধ বা এনালজেছিকছ,এণ্টিহিষ্টামিনছ,এণ্টি হাইপাৰটেনছিভ,এণ্টি ডিপ্ৰেছেণ্ট,এণ্টি এনজাইটী এজেণ্ট,ডাই ইউৰেটিকছ আৰু এপেটাইট ছাপ্ৰেছেণ্ট আদি ঔষধৰ পাৰ্শ্বক্ৰিয়া বিশেষভাৱে উল্লেখযোগ্য।

ড্ৰাই মাউথৰপৰা হোৱা জটিলতাসমুহ -

থু বা লেলাউটিয়ে মুখগহ্বৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষাৰ কাম কৰে।যেতিয়া মুখগহ্বৰত লেলাউটিৰ পৰিমাণ কমি যায়,তেতিয়া মুখৰ প্ৰাকৃতিক প্ৰক্ষালণ ভালদৰে নহয়।ফলত মুখগহ্বৰ লেতেৰা হৈ পৰে।অপৰিষ্কাৰ মুখগহ্বৰ দাঁত আৰু মুখৰ ৰোগৰ প্ৰধান কাৰক।সেয়েহে ড্ৰাই মাউথ হোৱা ৰোগীৰ দাঁতত দন্তক্ষয় ৰোগৰ হাৰ ,বিশেষকৈ ছাৰভিকেল,প্ৰক্সিমেল আৰু ৰুটৰ হাৰ অতি বেছি হয়,তদুপৰি ড্ৰাই মাউথত ভোগা ৰোগীয়ে খোৱা বস্তু চোবাই গিলি খোৱাত যথেষ্ট অসুবিধা পায়।লেলাউটিৰ পৰিমাণ কমি মুখগহ্বৰ শুকাই যোৱাৰ ফলত সঘনাই সংক্ৰমণ ঘটে আৰু মুখত ঘাঁ হোৱা দেখা যায়।ৰোগীয়ে অনবৰতে এক মানসিক অশান্তিত ভোগে আৰু সামাজিকভাৱে হেয়  অনুভৱ কৰে।কৃত্ৰিম দাঁত ব্যৱহাৰ কৰা ৰোগীয়ে ড্ৰাই মাউথৰ বাবে অসুবিধাৰ সন্মুখীন হয়।

কি কৰা উচিত -

চিকিৎসকৰ পৰামৰ্শ মতে,ড্ৰাই মাউথ হোৱাৰ প্ৰকৃত কাৰণটো চিনাক্ত কৰি সেইধৰণে প্ৰতিকাৰ বা চিকিৎসা কৰাব লাগে।লেলাউটি গ্ৰন্থিৰ কাৰ্যক্ষমতা হ্ৰাস হোৱাৰ বাবে যদি ড্ৰাই মাউথ হোৱা বুলি নিশ্চিত হোৱা যায়,তেতিয়াহ’লে ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ ছেলাইভা ষ্টিমুলেণ্ট ব্যৱহাৰ কৰা হয়।যদি কিবা কাৰণত লেলাউটি গ্ৰন্থিৰ কৰ্মদক্ষতা একেবাৰে লোপ পায়,লেলাউটি গ্ৰন্থি নাথাকে (কেঞ্চাৰৰ বাবে লেলাউটি গ্ৰন্থি উঠাই পেলাবলগীয়া হ’লে),তেতিয়া মুখত কৃত্ৰিম লেলাউটি বা ‘ছেলাইভা ছাবষ্টিটিউট’ব্যৱহাৰ কৰা হয়।তদুপৰি বিশেষজ্ঞ চিকিৎসকসকলে মুখগহ্বৰত লেলাউটিৰ পৰিমাণ বৃদ্ধি কৰাবলৈ কিছুমান বিশেষ ধৰণৰ চুইংগাম চোবাবলৈ পৰামৰ্শ দিয়ে।

‘ড্ৰাই মাউথ ছিণ্ড্ৰম’ত ভোগা ৰোগীসকলে যথেষ্ট পৰিমাণৰ পানী খোৱা উচিত।এইক্ষেত্ৰত ফলৰ ৰসো উপকাৰী।তদুপৰি ড্ৰাই মাউথ ছিণ্ড্ৰমত ভোগা ৰোগীসকলে অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা নিয়মিতভাৱে দাঁত আৰু মুখ পৰীক্ষা কৰোৱাব লাগে-যাতে ইয়াৰ পৰা উদ্ভৱ হোৱা জটিলতাসমুহৰ পৰা হাত সাৰি থাকিব পাৰে

লেখিকা: ডা: ৰুবী কটকী (দৈনিক অসম)

 

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate