থাইৰডৰ বিষয়ে জনা দৰকাৰ
থাইৰড এটা সৰু গ্ৰন্থি। ই দেখাত পখিলাৰ দৰে। ই ডিঙিৰ তল অংশৰ মাজভাগত থাকে। দেহৰ মেটাবলিজিম নিয়ন্ত্ৰণ কৰাটো এই গ্ৰন্থিৰ প্ৰাথমিক কাম। থাইৰডে হৰমন উত্পন্ন কৰে, যিয়ে কোষবিলাকক কিমান শক্তি ব্যৱহাৰ কৰিব লাগে সেইটো ঠিক কৰি দিয়ে।
সঠিকভাৱে কাম কৰি থকা থাইৰড গ্ৰন্থিয়ে দেহৰ মেটাবলিজিমৰ কাম-কাজ সঠিকভাৱে চলিবলৈ উপযুক্ত হাৰত হৰমন নিঃসৰিত কৰে। এই হৰমনবোৰ ব্যৱহাৰ হোৱাৰ লগে লগে থাইৰড গ্ৰন্থিয়ে পুনৰ হৰমন উত্পাদন কৰি দিয়ে। তেজত হৰমনৰ পৰিমাণৰ ওপৰত পিটুইটেৰী গ্ৰন্থিয়ে পৰ্য্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰে। লাওখোলাৰ ভিতৰত মগজুৰ ঠিক তলতে থকা পিটুইটেৰী গ্ৰন্থিয়ে তেজত থাইৰড হৰমনৰ পৰিমাণ কম বা অধিক থকাটো প্ৰত্যক্ষ কৰিলে ই নিজে এবিধ হৰমন নিঃসৰিত কৰি থাইৰড গ্ৰন্থিলৈ পঠায় আৰু কি কৰিব লাগিব তাৰ নিৰ্দেশ দিয়ে।
থাইৰড ৰোগ কি আৰু কাৰ এনে ৰোগ হব পাৰে?
প্ৰয়োজনতকৈ অধিক মাত্ৰাৰ হৰমন থাইৰডৰ পৰা নিঃসৰিত হ’লে শৰীৰে দ্ৰুত হাৰত শক্তি ব্যৱহাৰ কৰে। ইয়াক হাইপাৰথাইৰডিজিম বোলা হয়। প্ৰয়োজনতকৈ কম হৰমন নিঃসৰিত হ’লে- শৰীৰে অতি লেহেম গতিত শক্তিৰ ব্যৱহাৰ কৰে। ইয়াক হাইপ’থাইৰডিজিম বোলা হয়। যিকোনো লিংগ আৰু বয়সৰ মানুহৰে থাইৰড ৰোগ হব পাৰে। অৱশ্যে মহিলাসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা ৫ পৰা ৮ গুণ বেছি।
থাইৰড কিয় হয়?
থাইৰড ৰোগ হোৱাৰ বিভিন্ন কাৰণ আছে। তলত হাইপ’থাইৰডিজিম হোৱাৰ কেইটামান কাৰণ উল্লেখ কৰা হ’ল:
থাইৰড গ্ৰন্থিৰ এক ধৰণৰ প্ৰদাহ হ’ল থাইৰইডিটিছ। ইয়াৰ ফলত এই গ্ৰন্থিয়ে কম পৰিমাণৰ হৰমন উত্পাদন কৰে।
তলত উল্লেখ কৰা কাৰণবোৰৰ বাবে হাইপাৰ থাইৰডিজিম হয়:
হাইপ’থাইৰডিজিম আৰু হাইপাৰথাইৰ’ডিজিমৰ লক্ষণ কি?
হাইপ’থাইৰডিজিমৰ লক্ষণবোৰ হ’ল
হাইপাৰথাইৰ’ডিজিমৰ লক্ষণবোৰ হ’ল:
থাইৰড ৰোগ হোৱাৰ লগে লগেই ধৰা পৰিলে এনে লক্ষণ দেখাৰ দিয়াৰ আগতেই চিকিত্সা কৰি নিৰাময় বা নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই ৰোগ সম্পূৰ্ণ নিৰাময় কৰিব পৰা নাযায়। অৱশ্যে উপযুক্ত যত্ন আৰু ব্যৱস্থাপনাৰে এক সুস্থ আৰু স্বাভাৱিক জীৱন-যাপন কৰিব পাৰি।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
ইয়াত সাধাৰণতে হৈ থকা ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈছ...