অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দদ্ৰু বা খৰ ৰোগ আৰু ইয়াৰ আয়ুৰ্বেদিক উপচাৰ :

দদ্ৰু অথবা খৰ ৰোগ এবিধ ভেকুৰ জাতীয় আৰু খূৱ সহজে সংক্ৰমিত হব পৰা চৰ্মৰোগ। প্ৰতিজন ব্যাক্তিয়েই কম বেছি পৰিমাণে এই ৰোগত অাক্ৰান্ত হোৱা দেখা যায়। অৱহেলা কৰিলে কোনো সময়ত ই জটিল ৰূপ ধাৰণ কৰিব পাৰে। তদুপৰি ব্যক্তিৰ সৌন্দৰ্য তথা আত্মবিশ্বাস হ্ৰাস কৰিবলৈ সমৰ্থ। তৎস্বত্তেও অ'কমান চাফচিকুনতা অাৰু সাবধানতা অৱলম্বন কৰি এই ৰোগ বিধক আমি দূৰতে বিদূৰ কৰিব পাৰো। দদ্ৰু সাধৰণতে ৰঙচুৱা বা স্বেত বৰণৰ স্ফোত বা সেমেকা ঘা যি স্থান অনুসৰি ঘূৰণীয়া বা বিভিন্ন আকৃতি গ্ৰহণ কৰিব পাৰে। ই খূৱ খজুৱায় আৰু ক্ৰমান্নয়ে বাঢ়ি যায়। আয়ুৰ্বেদ অনুসৰি ক'ফ আৰু পিত্ত দোষৰ আধিক্য আৰু বৈষম্য এই ৰোগৰ মূল কাৰণ।

দদ্ৰুৰোগ বৃদ্ধিৰ কাৰক সমূহ :

  • পৰিপুষ্টিৰ অভাৱত ভোগা ব্যক্তিৰ দেহৰ 'সহজ বল' অথবা 'ৰোগ প্ৰতিৰোধ' ক্ষমতাৰ অভাৱ ঘটে বাবে এই ৰোগৰ প্ৰাদূৰ্ভাৱ সহজে হৱ পাৰে।
  • গৰমৰ দিনত দেহ ঘামাসক্ত হোৱা ফলত চাল সেমেকা হৈ থাকিলে ই ভেকুৰৰ বংশ বৃদ্ধিত অৰিহনা যোগায়।
  • পৰিস্কাৰ পৰিছন্নতা অথবা জীৱন ধাৰণৰ দূৰ্বল মানদণ্ড এই ৰোগৰ বৃদ্ধিৰ বাবে উপযুক্ত।
  • কোনো পূৰণি ৰোগে দেহ দূৰ্বল কৰি পেলালে।
  • মানসিক স্বাস্থ্যৰ অভাৱত দেহৰ উপযুক্ত প্ৰতিপালনৰ অভাৱ হ'লে।
  • ষ্টেৰইড বা এণ্টিবায়টিক জাতীয় ঔষধৰ অপপ্ৰয়োগ হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ হ্ৰাস হয় আৰু তদানুৰূপ ইয়াৰ বিৰূপ প্ৰভাৱ পৰিলক্ষিত হয়।
  • মধুমেহ বা ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰনত নাথাকিলে।
  • বিৰুদ্ধ আহাৰ-বিহাৰ
  • নিচাযুক্ত দ্ৰব্যৰ সঘন ব্যৱহাৰ।

দদ্ৰু ৰোগৰ ঘৰুৱা উপচাৰ -

১)১০ গ্ৰাম হালধিৰ গুৰি ১০০ মি:লি: নিম তেলত ভাল দৰে মিহলি কৰি সৰ্ব শৰীৰত গা ধুৱাৰ ৩০ মিনিট মান আগত লগাব।
২)তুলসীৰ ১০ টা কুমলীয়া পাতৰ ৰস নিম অথবা হালধিৰ গুৰিত মিহলায় ৰোগস্থলীত ১৫ দিন মান লগাব।
৩)দুফোটা নহৰু অলিভ তেলত মিহলায় মলম বনাব লাগে। তাৰ পিছৰ প্ৰায় ৩০ মিনিট লগায় পাতল কৈ লগায় ৰাখি নিৰ্মল পানীৰে চাফ কৰি দিব লাগে।
৪) নাৰিকলৰ তেলৰো ভেকুৰ প্ৰতিৰোধী গুণাগুণ আছে।

দদ্ৰুৰোগৰ আয়ুৰ্বেদিক উপচাৰ -

আয়ুৰ্বেদত যিহেতু কফ অাৰু পিত্ত দোষক এই ৰোগৰ প্ৰধান কাৰক হিচাপে গণ্য কৰা হয় এই দুবিধ প্ৰশমনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰোগৰ অৱস্থা অনুসৰি বমন, বিৰেচন আদি পঞ্চকৰ্ম পদ্ধতিৰ সহায়ত প্ৰদুষ্ট দোষ শৰীৰৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰা হয়।
তলত উল্লেখিত ঔষধি গছ-বন আৰু লতা এই ৰোগত উত্তম বিবেচনা কৰা হয়।

  • বাকুচি যৰ পৰা বাকুচি চূৰ্ণ তৈয়াৰ কৰা হয় ।
  • তুৱৰকৰ পৰা নিৰ্গত তেল ।
  • জাত্যাদি তেল ।
  • নিমৰ পৰা তৈয়াৰি চূৰ্ণ, বতী আৰু তেল ।
  • হালধিৰ পৰা তৈয়াৰি হৰীদ্ৰাখণ্ড ।
  • দালচিনি, খদিৰ, কৰঞ্জ, ধতুৰা ইতাদি ।

শাস্ত্ৰোক্ত ঔষধৰ ভিতৰত গন্ধক ৰসায়ন,আৰোগ্যবৰ্ধনী, ৰসমানিক্য, মহাতিক্ত কষায়, ত্ৰিফলা গুগ্গুলু, পঞ্চ তিক্ত ঘৃত গুগ্গুলু, কৈসোৰ গুগ্গলু, খদীৰাৰিষ্ট,সৰীৱাদ্যৰিষ্ট, গন্ধকাদি মলম ইত্যাদি উল্লেখযোগ্য।

পথ্য :- কুহুমীয়া পানী, তিক্ত-কেহা ৰস যুক্ত লঘু আহাৰ, যোগ প্ৰাণায়ম-ব্যায়াম, মাখন, নৰসিংহৰ জোল, দালচিনি ইত্যাদি।

অপথ্য :- তেলতীয়া, জাংক আৰু মচলাযুক্ত গধুৰ আহাৰ, চোদা,অতি শীতল জল। ধুলি-আৱৰ্জনা , ৰাতি সাৰে থকা, কোষ্ঠকাঠিন্য পৰিহাৰ কৰিব লাগে।

সাৱধানতা -

লিপিট খাই থকা কাপোৰ নিপিন্ধিব। পৰাপক্ষত অন্য ব্যক্তিৰ বস্তু পৰিহাৰ কৰিব। পুৰণি ফণি, ব্ৰাচ সলনি কৰিব। মোজা, ৰুমাল নিতৌ ধূই ব্যৱহাৰ কৰিব। কটন কাপোৰে দেহৰ ঘাম সুহি ল'য় বাবে শৰীৰৰ বাবে উত্তম। ভেকুৰ জাতীয় সংক্ৰামন খূৱ সহজে অন্যৰ পৰা আহিব পাৰে। অন্যহাতে এবাৰ ভাল হোৱাৰ পিছতো আকৌ পুনৰ উদ্ভৱ হ'ৱ পাৰে। সেইবাবে চিকিৎসা আধৰুৱা কৰা উচিত নহয়। সেমেকা পৰিবেশ আৰু এলাৰ্জি কৰিৰ পৰা দ্ৰৱ্যৰ পৰা পৰাপেক্ষত আতৰত থাকিব লাগে। চাফ চিকুনতাক সৰ্বাধিক গুৰুত্ব দিয়ে যেন। সৰ্বশেষত মন্তব্য এয়ে যে সঠিক উপায়ে স্বাস্থ্যৰ যত্ন ললে আৰু কিছু সাবধানতা অৱলম্বন কৰিলে নিশ্চয় এই ৰোগৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হয়।

লেখক :- ডা: কমল কৃষ্ণ নাথ

শেহতীয়া উন্নীতকৰণ: : 4/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate