অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধৱল কুষ্ঠ :

 

আগকথা -

‘ধৱল কুষ্ঠ’ বা ছালৰ বগা দাগ, যাক ইংৰাজীত লিউক’ ডাৰ্মা অথবা চিকিৎসা বিজ্ঞানৰ ভাষাত ‘Vitiligo’ বুলি কোৱা হয়, এটা জটিল চৰ্মৰোগ বুলি গণ্য কৰা হয়। ইয়াৰ সুচিকিৎসালৈ আজি চিকিৎসা গৱেষণা চলি আছে। প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰত ইয়াক জটিল চৰ্মজাৰি বুলি উল্লেখ আছে। প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰত ইয়াক জটিল চৰ্মজাৰি বুলি উল্লেখ আছে আৰু ইয়াৰ চিকিৎসা বিধান আছে। আধুনিক বিশেষজ্ঞৰ মতে আৰম্ভণিতে সুচিকিৎসা ল’লে ই সহজে আৰোগ্য হয়।

ধৱল কুষ্ঠ ৰোগ সম্পৰ্কত বহুতো মানুহৰ্মনত এতিয়াও ভ্ৰান্ত ধাৰণা বিদ্যামান। অৰ্থাৎ এই ৰোগত আক্ৰান্তজনে ধৰি লয় যে এয়া ঈশ্বৰৰ অভিশাপ, পূৰ্বজন্মৰ পাপৰ ফল, দুৰাৰোগ্য ৰোগ, সোঁচৰা ৰোগ ইত্যাদি। ধৱল কুষ্ঠ ৰোগাক্ৰান্ত বেছিসংখ্যক ৰোগী ভ্ৰান্ত ধাৰণাৰ চিকাৰ হয়। তেতিয়া ৰোগীৰ মন দুশ্চিন্তা আৰু উদ্বিগ্নতাৰে ভৰি পৰে। কিন্তু ৰোগীয়ে মনতে ভাবি লোৱা কথাবোৰ আৰু সমাজত খোপনি পুতি থকা ভ্ৰান্ত ধাৰণাবোৰ এটাও সত্য নহয়। অন্ধবিশ্বাস সমাজ জীৱনত প্ৰচলিত হৈ থকা বাবে ধৱল কুষ্ঠ ৰোগীয়ে ৰোগ নিৰাময়ৰ পথত উজুতি খায় আৰু ৰোগ নিৰাময়ত প্ৰতিবন্ধক হিচাপে দেখা যায়।

ধৱল কুষ্ঠ মানে কি?

ছাল হৈছে মানৱ দেহৰ এক বিশেষ অংগ। ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে। তাৰ ভিতৰত ধৱল কুষ্ঠ এটা অন্যতম ৰোগ। ধৱলৰ অৰ্থ শ্বেত বা বগা দাগ আৰু কুষ্ঠ মানে আয়ুৰ্বেদত বহু প্ৰকাৰৰ ছালৰ ৰোগৰ বৰ্ণনা কৰা হৈছে। সহজ অৰ্থত ছালৰ বগা দাগ বুলি ক’লেও হয়। মানুহৰ ছালখনেই সৌন্দৰ্যৰ বিশেষ অংগ।

গতিকে ছালত বগা দাগ পৰিলে মানুহৰ স্বাভাৱিক সৌন্দৰ্য হানি হয় বাবে এই ৰোগত আক্ৰান্ত হ’লে স্বাভাৱিকতে ৰোগীৰ মন উদ্বিগ্নতাৰে ভৰি পৰে। ছালৰ বগা দাগেই হৈছে ধৱল কুষ্ঠ ৰোগ।

ৰোগৰ লক্ষণ -

যিকোনো ব্যক্তি যিকোনো সময়ত ধৱল কুষ্ঠ ৰোগত আক্ৰান্ত হ’ব পাৰে। বিভিন্ন সূত্ৰে শৰীৰত দেখা দিব পাৰে। ধৰি লওক শৰীৰৰ যি ঠাইত বগা দাগ পৰিছে সেই ঠাইত হয়তো কিছুদিন আগতে কাটিছিল, পোৰা গৈছিল, ঘা হৈছিল বা যিকোনো আঘাত পাই ছাল গৈছিল। এটা সময়ত ছালৰ সেই কটা-ছিগা পঘা সকলো শুকাই গ’ল অথচ ছালৰ স্বাভাৱিক বৰণ ঘূৰি নাহিল আৰু সেই আঘাতপ্ৰাপ্ত ঠাইৰ বগা দাগ বগা হৈয়ে থাকিল। কেতিয়াবা শৰীৰৰ যিকোনো অংশৰ ছালৰ বৰণ হঠাৎ ৰঙচূৱা হোৱা দেখা যায়।

পৰৱৰ্তী সময়ত সেই ৰঙচুৱা ঠাই বগা হৈ উঠে আৰু ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। এটা সময়ত সৰ্বশৰীৰ বিয়পিবলৈ ধৰে। শৰীৰৰ যিকোনো অংশত এই ৰোগ হ’ব পাৰে যদিও সাধাৰণতে মূৰ, মূখমণ্ডল, কপাল, বুকু, পিঠি, হাত-ভৰি আৰু আঙুলি আদিত সহজে এই ৰোগে আক্ৰমণ কৰা দেখা যায়। কেতিয়াবা এটা তিলৰ সমান বগা দাগ শৰীৰৰ উক্ত ঠাইবোৰত পৰা দেখা যায় আৰু কিছুদিন পিছত শৰীৰ বিয়পি পৰে। ছালত বগা দাগ পৰিলে দৈহিক সৌন্দৰ্য হানি হয় যদিও এই ৰোগত প্ৰাণ নাশ নহয়। ৰোগৰ কাৰণসমূহ জানি, ৰোগৰ আৰম্ভণিতে চিকিৎসা ব্যৱস্থা হাতত ল’লে ৰোগ সম্পূৰ্ণ নিৰাময় হ’ব।

ৰোগৰ কাৰণ কি?

আধুনিক চিকিৎসা বিজ্ঞান, বিজ্ঞানী আৰু চিকিৎসকসকলৰ মতে কুষ্ঠ ৰোগৰ কাৰণ বহুতো আছে যদিও ধৱল কুষ্ঠ ৰোগ উৎপত্তিৰ কেইটামান কাৰক উদঘাটন কৰিছে। তাৰ ভিতৰত প্ৰধান কাৰককেইটা হ’ল-

  • বংশগত প্ৰভাৱ,
  • স্নায়ৱিক বা স্নায়ুজনিত কাৰক,
  • আনুসংগিক আন কিছুমান ৰোগৰ প্ৰভাৱ, যেনে- উদ্বিগ্নতাজনিত ৰোগ, বহুমূত্ৰ, থাইৰয়ড গ্ৰন্থিৰ ৰোগ আদি।
  • অজ্ঞতাবংশত ছালৰ ব্যৱহাৰ কৰা অনিষ্টকৰ ৰাসায়নিক পদাৰ্থ।

আজিৰ আধুনিক সমাজ ব্যৱস্থাত যিসকল এই ৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰ ভিতৰত বেছিসংখ্যকেই স্নায়ৱিক কাৰকৰপৰা হৈছে বুলি ধৰিব পাৰো। আধুনিক জীৱন যাত্ৰাত বহু লোকে মানসিক চাপৰ কবলত পৰে। এই অৱস্থাত শৰীৰত ৰোগ উৎপত্তি হ’লে মানসিক চাপ, প্ৰতিচাপৰ প্ৰভাৱত স্নায়ুবোৰৰ প্ৰান্ত ঠাইত এক প্ৰকাৰৰ অনিষ্টকৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। চিকিৎসা বিজ্ঞানত ইয়াৰ নাম হৈছে- কেটেকোলেমাইন(Catacholamine)। এই পদাৰ্থই ছালত বগা দাগ সৃষ্টিত যথেষ্ট অৰিহণা যোগায়। আনহাতে, ছালৰ ৰং প্ৰস্তুত কৰা পদাৰ্থৰ অভাৱত, আঘাতপ্ৰাপ্ত ছালৰ স্বাভাৱিক ৰং ঘূৰি নাহে। সাধাৰণতে ছালৰ ৰং উৎপাদন কৰে। ছালত নিহিত হৈ থকা ‘মেলানোছাইট’ নামত ৰং সৃষ্টি কৰা কোষবোৰে। যেতিয়ালৈকে ৰং উৎপন্ন কৰা কোষবোৰ আমাৰ দেহত সজীৱ হৈ থাকিব তেতিয়ালৈকে ছালৰ ৰং উৎপাদন কৰা ক্ষমতা অটুট থাকিব আৰু ছালৰ ৰং স্বাভাৱিক অৱস্থাত থাকিব। লগতে তেজত অম্লৰস বৃদ্ধি পালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু এই অম্লৰস শৰীৰত বৃদ্ধি পায় খাদ্যাভ্যাসৰ পৰা। গতিকে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সজাগ হোৱা দৰকাৰ। খাদ্য তালিকাখন চিকিৎসকৰ পৰামৰ্শত প্ৰস্তুত কৰি ল’ব পাৰিলে ভাল।

ফলপ্ৰসূ চিকিৎসা পদ্ধতি -

সমাজৰ সকলো মানুহে এটা কথা জনা দৰকাৰ যে ধৱল কুষ্ঠ বা ছালৰ বগা দাগ নিৰাময়ৰ বাবে ৰোগৰ আৰম্ভণিতেই চিকিৎসা গ্ৰহণ কৰা ব্যৱস্থাই হৈছে উৎকৃষ্ট চিকিৎসা। ছালৰ বগা দাগ ৰোগ বৰ্তমান এক সামাজিক সমস্যাৰূপে দেখা দিছে যদিও এচাম সুচিকিৎসক, যোগ বিশেষজ্ঞৰ যৌথ প্ৰচেষ্টাত এই সমস্যা সমাধানৰ পথত অগ্ৰসৰ হৈছে।

উল্লেখযোগ্য যে যোৱা কিছু বছৰ ধৰি সুপ্ৰসিদ্ধ চিকিৎসক, গৱেষক আৰু চৰ্মৰোগ বিশেষজ্ঞ ডাঃ বিষ্ণুৰাম বৈশ্যই কেইজনমান অভিজ্ঞ যোগ চিকিৎসা আৰু প্ৰশিক্ষকক লৈ ছালৰ বগা দাগ নিৰাময়ৰ বাবে নীৰৱে গৱেষণা আৰম্ভ কৰিছিল। ইতিমধ্যে এই গৱেষণাই সমাজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰাচীনতম যোগ চিকিৎসা পদ্ধতিৰ কেইটামান বিশেষ আসন মুদ্ৰা প্ৰাণায়াম, যৌগিক ক্ৰিয়া, ধ্যান অভ্যাস আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ কেইটামান বিশেষ ঔষধ ব্যৱহাৰ কৰিলে এই ৰোগ নিৰাময় হয় বুলি গৱেষণাত প্ৰমাণ পোৱা গৈছে। অতি কম খৰচত এই ৰোগ নিৰাময় কৰিব পৰা হৈছে।

এই চিকিৎসা পদ্ধতিত ৰোগ আৰোগ্যৰ বাবে প্ৰথম ঔষধপালি হিচাপে গণ্য কৰা হৈছে ৰোগীৰ দৃঢ় মনোবল। মনত ৰাখক, এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়। মনলৈ অহা দুশ্চিন্তা দূৰ কৰাৰ বাবে পুৱা আৰু গধূলি যিকোনো এটা ধ্যান আসনত ত্ৰিশ মিনিট সময় ধ্যান অভ্যাস কৰক। এই ব্যৱস্থাৰদ্বাৰা ৰোগীৰ মানসিক দুশ্চিন্তা বা মানসিক চাপ কমি যাব আৰু কেটেকোলেমাইন নিৰ্গত হোৱাত বাধা দিব। লগে লগে মনোবল বৃদ্ধি পাব আৰু শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা অটুট থাকিব। তাৰ লগে লগে তলত দিয়া ধৰণে নিয়মিত যোগাভ্যাস কৰিব আৰু খুব কম সময়ৰ ভিতৰতে ছালৰ ৰং প্ৰস্তুত কাৰক কোষবোৰ কৰ্মঠ হৈ উঠি ছালৰ বগা দাগ আঁতৰি যাব আৰু ছালত স্বাভাৱিক খ্ং অহাত সহায়ক হ’ব।

পুৱা দুই গিলাচ পানী খোৱাৰ পিছত:

  • ভ্ৰমণ প্ৰাণায়াম(মুকলি ঠাইত) ২৫/৩০ মিনিট।
  • প্ৰাথমিক ক্ৰিয়া বা থিতাতে দৌৰ দুই মিনিট।
  • শৱাসন এক মিনিট।
  • বিপৰীতকৰণী মুদ্ৰা তিনি মিনিট।
  • অগ্নিসাৰ ধৌতি নং ১- দহ বাৰ।
  • সহজ প্ৰাণায়াম নং ১, ৩, ৮ প্ৰত্যেকটো দুই মিনিটকৈ।
  • শৱাসন- দুই মিনিট।

গধূলি অলপ পানী খোৱাৰ পিছত:

  • সৰ্বাংগাসন- তিনি/পাঁচ মিনিট।
  • দুলাসন- তিনিবাৰ।
  • মৎসাসন- দুই মিনিট।
  • অৰ্দ্ধমৎস্যেন্দ্ৰাসন- ছয় বাৰ।

মনত ৰাখিব: আৰম্ভণিৰ চিকিৎসাই শ্ৰেষ্ঠ চিকিৎসা।

লেখক:যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate