“A stitch in time saves nine” অৰ্থাৎ “সময়ৰ শৰ সময়ত মাৰিবা” এই আপ্তবাক্য শাৰী বৃক্ক ৰোগৰ চিকিৎসাৰ ক্ষেত্রত এশ শতাংশই প্রয়োজ্য। ক্রণিক বৃক্ক ৰোগ (CKD) আৰোগ্য নহয়। শেষ পৰ্যায়ৰ বৃক্ক ৰোগ (ESKD)ৰ চিকিৎসাৰ ব্যয় অতি বেছি। এনে ভয়ংকৰ অৱস্থাৰ কোনো ব্যক্তিৰ কেতিয়াবা কোনো লক্ষণ ধৰা নিদিবও পাৰে। বৃক্কৰোগ প্রথম অৱস্থাত ধৰা পৰিলে দৰব-পাতি ব্যৱহাৰ কৰি সহজে আৰোগ্য লাভ কৰিব পৰা যায়।সেয়েহে যদি কোনো লোকৰ বৃক্কৰ কোনো সমস্যা হৈছেবুলি সন্দেহ জন্মে, তেন্তে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামর্শ লোৱা উচিত।
কোনবোৰ লোকে বৃক্কৰ পৰীক্ষা কৰিব লাগে ? আৰু কোনবোৰ লোক এই ৰোগৰ বাবে স্পর্শকাতৰ ?
যিকোনো মানুহৰ বৃক্কৰ সমস্যা হব পাৰে। কিন্তু, বিপদৰ আশংকা তেওঁলোকৰ বেছি হব যদিহে-
উপৰোক্ত কথাখিনিৰ প্রতি লক্ষ্য ৰাখি, এজন লোকৰ বৃক্ক ৰোগ প্রাথমিক অৱস্থাত ধৰা পেলাব পাৰি।
বৃক্কৰ সমস্যা চিনাক্ত কৰিবৰ বাবে চিকিৎসকে এজন লোকৰ বিষয়ে বহুল বাবে জনাটো দৰকাৰ।
(প্রাথমিক অৱস্থাত ক্ৰণিক বৃক্কৰোগীৰ সাধাৰণতে লক্ষণৰ পৰা গম পোৱা নাযায়। পৰীক্ষাগাৰৰ পৰীক্ষাৰ পৰাহে ইয়াক সঠিক ভাৱে নিৰূপন কৰিব পাৰি)
১) প্রস্ৰাৱ পৰীক্ষা
বেলেগে বেলেগে প্রস্ৰাৱ পৰীক্ষা কৰা বেলেগে বেলেগে বৃক্ক ৰোগৰ সন্ধান পোৱা যায়। সময় মতে কৰিবলগীয়া মূত্র পৰীক্ষা-
মাইক্ৰ'এলবুমিনুৰিয়া
মাইক্ৰ'এলবুমিনুৰিয়া মানে এইটোৱে বুজা যায় যে প্রস্ৰাৱত বহু কম পৰিমানৰ প্র’টিন আছে। এই পৰীক্ষাটো মধুমেহ ৰোগীৰ বৃক্কৰোগৰ প্রথম পৰীক্ষা । এই পৰীক্ষাৰ পৰাই মুধুমেহ ৰোগীৰ যে বৃক্কৰ ৰোগ আৰম্ভ হ’ব ধৰিছে তাৰ প্রাথমিক অৱস্থাৰ সন্ধান পোৱা যায়। এই অৱস্থাত চিকিৎসাৰ দ্বাৰা আৰোগ্য হ’ব পৰা যায়। এই অৱস্থাত নিয়মীয়াকৈ কৰা প্রস্ৰাৱ পৰীক্ষাত প্র’টিন (এলবুমিন) পোৱা নাযায়।
অন্যান্য মূত্ৰ পৰীক্ষা সমুহ
এলবুমিনৰ বাবে ২৪ ঘন্টাৰ প্ৰস্ৰাৱ পৰীক্ষা-যি ৰোগীৰ প্ৰস্ৰাৱত প্র’টিন থাকে, তেওঁলোকৰ ২৪ ঘন্টাত কিমান প্রটিন ক্ষয় হয় সেইটো নির্ণয় কৰিবলৈ এই পৰীক্ষাৰ প্রয়োজন। ৰোগটোৰ তীব্রতা জানিবলৈ আৰু ৰোগীৰ চিকিৎসাৰ প্ৰভাৱ জানিবলৈ এই পৰীক্ষা কৰা হয় ।
২) তেজ পৰীক্ষা
বৃক্ক ৰোগ চিনাক্ত কৰিবলৈ তলত উল্লেখ কৰা ধৰণৰ বিভিন্ন তেজ পৰীক্ষাৰ প্রয়োজন হয়।
• ত্রিয়েটিনাইন আৰু ইউৰীয়া
তেজত থকা ক্রিয়েটিনাইন আৰু ইউৰীয়াৰ পৰিমানৰ পৰা বৃক্কৰ কার্যকাৰিতাৰ বিষয়ে গম পোৱা যায়। ক্রিয়েটিনাইন আৰু ইউৰীয়া হৈছে দুটা অপ্রয়োজনীয় পদার্থ, যি দুবিধ উপাদান বৃক্কই তেজৰ পৰা আঁতৰ কৰে। এজন সুস্থ মানুহৰ তেজত থকা ক্রিয়েটিনাইনৰ পৰিমান ০.৯ – ১.৪ মি.গ্রাম/ প্রতি ডে.লিটাৰত আৰু ইউৰীয়াৰ পৰিমান ২০-৪০ মি.গ্রাম প্রতি ডে. লিটাৰত হ’ব লাগে। ইয়াতকৈ বেছি হ’লে বৃক্কৰ অসুস্থতাৰ ইংগিত দিয়ে। ইউৰীয়াতকৈও ক্রিয়েটিনাইনৰ পৰিমাণে বেছি স্পষ্টকৈ বৃক্কৰ অসুস্থতাক সূচায়।
এটা সুস্থ বৃক্কই লোহিত ৰক্ত কণিকা সৃষ্টিত সহায় কৰে আৰু তাত হিম'গ্লবিন থাকে। তেজত হিম'গ্লবিন কম থাকিলে এনিমিয়া বুলি কোৱা হয়। ক্রণিক বৃক্কৰোগৰ লগত এনিমিয়া জড়িত থকাতো এটা সচৰাচৰ দেখা পোৱা লক্ষণ।
চেৰাম ক্রিয়েটিনাইন এটা প্রয়োজনীয় তেজ পৰীক্ষা যিটো সময়মতে ৰিনেল বিফলতা চাবৰ বাবে কৰা হয় ।
যি কি নহওঁক অন্য অসুখতো সঘনাই এনিমিয়া হোৱা দেখা যায়। সেয়েহে এনিমিয়া বৃক্কৰোগৰ কাৰণে স্পষ্ট সংকেত নহয়।
অন্য ৰক্ত পৰীক্ষা সমূহ
তলত বৃক্কৰোগীৰ বাবে সঘনাই কৰা ৰক্ত পৰীক্ষা সমূহ হৈছে- তেজত শর্কৰাৰ পৰিমাণ (ব্লাড চুগাৰ), চেৰাম, প্ৰ’টিন, ক’লেষ্ট্ৰ’ল, ইলেকট্রলাইছিছ (ছডিয়াম, পটেছিয়াম আৰু ক্ল’ৰাইড)। কেলছিয়াম, ফছফৰাছ, বাই-কার্বোনেট, এ.এছ.অ’. টাইটাৰ, কম্পিপ্লমেন্ট আদি।
এজন মানুহক সম্পূৰ্ণ ৰূপে স্বাস্থ্য পৰীক্ষা কৰি, ৰক্তচাপ জুখি তথা পৰীক্ষা কৰাৰ পাছতহে চিকিৎসকে
উপদেশ দিয়ে। সময়ে সময়ে কৰি থাকিব লগীয়া আৰু অতি প্রয়োজনীয় পৰীক্ষা হৈছে- প্রস্ৰাৱ পৰীক্ষা, তেজ পৰীক্ষা, ৰেডিঅ’লোজিকেল পৰীক্ষা।
আলট্ৰাচাউণ্ড হৈছে এটা সৰল, প্রয়োজনীয় আৰু নিৰাপদ পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা বহু গুৰুত্বপূর্ণ তথ্য পোৱা যায়। যেনে – বৃক্কৰ আকাৰ, বৃক্কৰ চিষ্ট, পাত্থৰ আৰু টিউমাৰৰ উপস্থিতি গম পোৱা যায়।আলট্রাচাউণ্ডৰ দ্বাৰা প্রস্ৰাৱৰ সোঁতত বাধা হ’লে, এই বাধা বৃক্ক বা ব্লাডাৰ য’তেই নহওঁক কিয় ধৰা পৰি যায়। ক্রণিক বৃক্ক বিকলৰোগীৰ ক্ষেত্ৰত দুয়োটা বৃক্ক আকাৰত সৰু দেখা যায়।
মূত্র প্রণালীত থকা পাথৰ চিনাক্ত কৰিবৰ বাবে এই পৰীক্ষা কৰা হয়।
• ইন্ট্রাভেনাচ ইউৰ’গ্ৰাফী (আই.ভি.ইউ.)
আই.ভি.ইউ.(আই.ভি.পি -Intra Venus Pyelography বুলি জনা যায়) এটা বিশেষ এ X-Ray পৰীক্ষা। এই পৰীক্ষাৰ বাবে ৰেডিঅ’ অপেক আয়োডীন থকা ডাই নামৰ এবিধ জুলীয়া পদার্থ হাতৰ সিৰাত বেজীৰে ভৰাই দিয়া হয়। এই জুলীয়া পদার্থ বিধ বৃক্কৰ দ্বাৰা মুত্র হৈ বাহিৰ হৈ যায়। সেযেহে প্রস্ৰাৱখিনি ৰেডিঅ’ অপেক হৈ পৰে আৰু ইয়াৰ ফলত প্রস্ৰাৱবাহী পথটো স্পষ্ট কৰে বা দৃষ্টিত পৰা কৰি দিয়ে। অর্থাৎ বৃক্ক, ইউৰেটাৰ আৰু ব্লাডাৰ চকুত পৰা হৈ উঠে। বিশেষ বিশেষ সময়ৰ ব্যৱধানত কিছু সংখ্যক এই পৰীক্ষা কৰা হয়- তাৰ পৰা আমি দেহ বিজ্ঞান (এনাটমী) আৰু মূত্ৰ প্ৰণালীৰ বহু কথা জানিব পাৰো। আই.ভি.ইউ.ৰ পৰা গম পাব পৰা কথাবোৰ হৈছে- পাত্থৰৰ সমস্যা, প্ৰস্ৰাৱত বাধা, টিউমাৰ, বৃক্কৰ গঠন আৰু ইয়াৰ কাৰ্যকাৰিতা।
বৃক্ক বিকল হোৱা ৰোগীৰ বাবে আই.ভি.ইউ.ৰ পৰামৰ্শ দিয়া নহয়। কাৰণ ইয়াত ব্যৱহাৰ কৰা ডাইবিধে বৃক্কৰ কাৰ্যকাৰিতা ধ্বংস কৰিব পাৰে। বৃক্ক বিকল হোৱা ৰোগীৰ ক্ষেত্ৰত ডাইটো বেজীৰে শৰীৰত সুমুৱাই দিলেও বাহিৰ হোৱা মূত্ৰৰ পৰিমাণ বহু কম হোৱাৰ বাবে প্ৰস্ৰাৱবাহী পথটো স্পষ্ট কৰাৰ যি উদ্দেশ্য সি সফল নহয়। গৰ্ভধাৰণৰ ক্ষেত্ৰত এই পৰীক্ষাটোৰ পৰামৰ্শ দিয়া নহয়। চিটি স্কেন আৰু আল্ট্ৰাচাউণ্ড পৰীক্ষা দুটা সহজতে কৰিব পৰা বাবে আজিকালি এই পৰীক্ষাটো বৰকৈ কৰা নাযায়।
ভি.চি.ভি.জি. যিটো আগতে মিকটিউৰেটিং চিষ্ট’ইউৰেথ্ৰ’গ্ৰাম বুলি জনা গৈছিল, এই পৰীক্ষাটো সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ প্ৰস্ৰাৱবাহী পথৰ সংক্ৰমণ চিনাক্ত কৰিবলৈ কৰা হয়। এই বিশেষ X-Ray পৰীক্ষাটোৰে বিপৰীত মাধ্যমেৰে মূত্ৰাশয়টো, কেথেটাৰ যোগে পূৰ্ণ কৰি লোৱা হয়। মূত্ৰাশয় পূৰ্ণ হোৱাৰ পিছত কেথেটাৰ আঁতৰাই দিয়া হয় আৰু ৰোগীজনক প্ৰস্ৰাৱ কৰিবলৈ কোৱা হয়। বেলেগ বেলেগ সময়ৰ ব্যৱধানত X-Ray কৰা হয়। প্ৰস্ৰাৱৰ ওলোটা সোঁত অৰ্থাৎ ইউৰেটাৰৰ পৰা বৃক্কলৈ মূত্ৰাশয়ৰ গঠনৰ বিকৃতি থাকিলেও এই পৰীক্ষাৰ দ্বাৰা গম পোৱা যায়।
কিছুমান বৃক্কৰ সমস্যাৰ সঠিক ভাৱে নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা বিশেষ পৰীক্ষা হ’ল- বৃক্কৰ আৰু ইউৰিনেৰী ট্ৰেকৰ চিটি স্কেন, ৰিনেল ডোপ্লাৰ, ৰেডিঅ’ নিউক্লিয়াৰ ষ্টাডী, ৰেডিঅ’এনজিঅ’গ্ৰাফী, এণ্টিগ্ৰেড আৰু ৰিট্ৰোগ্ৰেড, পাইলোগ্ৰাফী আদি।
(বৃক্কৰ আলট্ৰাচাউণ্ড এটা অতি সৰল আৰু নিৰাপদ পৰীক্ষা, যিটো বৃক্কৰ আকাৰ, আকৃতি আৰু অৱস্থাৰ নিৰ্ণয় কৰে)
৪) অন্যান্য বিশেষ পৰীক্ষা
কিড্নী বায়োস্পি, চিষ্টোস্কপি আৰু ইউৰ’ডায়নোমিক্স আদি বৃক্কৰ কিছুমান বিশেষ সমস্যাৰ সঠিক নিৰ্ণয় কৰিবলৈ এটা দৰকাৰী পৰীক্ষা।
কিড্নী বায়োস্পি কি?
কিড্নী বায়োস্পিত বৃক্ক বা কিড্নীৰ কলা(টিচ্ছু)ৰ এটা সৰু অংশ আঁতৰাই আনি অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰা হয়। কিছুমান বিশেষ বৃক্কৰ ৰোগৰ সঠিক প্ৰকৃতি জানিবৰ বাবে এই পৰীক্ষা কৰা হয়।
কিড্নী বায়োস্পি কৰিবলৈ কেতিয়া উপদেশ দিয়া হয়?
কিছুমান বিশেষ বৃক্ক ৰোগৰ বিষয়ে তন্ন তন্নকৈ জানিবলৈ বাকীবোৰ পৰীক্ষা যথেষ্ট নহয়। এনে ৰোগীৰ বাবে এই পৰীক্ষাটোৱে প্ৰকৃত তথ্য জানিবলৈ একমাত্ৰ পৰীক্ষা।
কিড্নী বায়োস্পিয়ে কেনেকৈ সহায় কৰে?
কিছুমান বিশেষ গুপ্ত বৃক্কৰোগ ধৰা পেলাবলৈ কিড্নী বায়োস্পি সক্ষম হয়। এই তথ্যৰ আধাৰত নেফ্ৰ’লোজিষ্টে সক্ৰিয় চিকিৎসা আগবঢ়োৱাৰ উপৰিও ৰোগীক পথ প্ৰদৰ্শন কৰিব পাৰে আৰু তেওঁৰ পৰিয়ালক এই ৰোগৰ তীব্ৰতাৰ বিষয়ে অৱগত কৰাব পাৰে।
অতিকৈ সাধাৰণ পদ্ধতিটো হৈছে - পাৰকুটেনাছ নামৰ বেজিৰে বায়োম্পি, যিটো এটা ফোপোলা বেজি চালৰ যোগেদি কিড়নীলৈকে সুমুৱাই দিয়া হয় • আন এটা অতি কমকৈ ব্যৱহৃত পদ্ধতী হৈছে - মুক্ত বায়োস্পি য’ত অষ্ট্রোপচাৰ কৰা হয়।
কিড়নী বয়োম্পি কেনেকৈ কৰা হয় ?
ৰোগীজনক চিকিৎসালয়ত ভৰ্ত্তিকৰোৱা হয় আৰু তেওঁৰ অনুমতি লোৱা হয়।
(কিড়নী বায়োম্পি পৰীক্ষাটো কিছুমান বিশেষ বৃক্কৰোগৰ প্রকৃত লক্ষণ ধৰা পেলাৱলৈ কৰা হয়।)
(কিড়নী বায়োম্পি সাধাৰণতে খুব মিহি বেজীৰ দ্বাৰা সম্পূর্ণ জ্ঞান থকা অৱস্থাত কৰা হয়)
শেহতীয়া উন্নীতকৰণ: : 4/23/2020